পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
স্বৰ্গীয় সত্যনাথ বৰাৰ


ভীম কল খাই স্কুল কৰিছিল। ছাত্ৰবৃত্তি স্কুলত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ গৱৰ্ণমেন্ট হাইস্কুলত নাম লগালে। এই হাইস্কুলখন আসামৰ আটাইবোৰ হাইস্কুলতকৈ প্ৰাচীন। ১৮৩৬ খৃঃ ভাবতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিঙ্কৰ আদেশ অনুসৰি গোটেই ভাৰতত বহুত স্কুল স্থাপিত হয়। সেই সময়তে অসমতো এইখন স্কুল স্থাপন কৰা হয়। ইয়াৰ প্ৰথম হেড্মা‌ষ্টৰ ডব্লিউ ৰবিনচন নামে এজন সজ প্ৰকৃতিৰ পাদুৰি চাহাব আছিল। তেতিয়াৰ দিনত মাষ্টৰ সকলে আহি অভিভাৱক সকলক লৰা স্কুলত দিবলৈ বুজনি দিছিল। পঢ়োতা লৰাবিলাকে মাচুলটো দিব নেলাগিছিলেই তদুপৰি কিতাপ, কাগজ, কলম আদিও স্কুলৰপৰা দিয়া হৈছিল। ১৮৫৭ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে এই স্কুলখনো বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূত হয় আৰু এণ্ট্ৰেঞ্চ, পৰীক্ষা এই স্কুলৰপৰা দিব পৰাৰ ক্ষমতা প্ৰাপ্ত হয়। ১৮৬৬ খৃষ্টাব্দৰ মেই মাহত এই স্কুলৰ লগত এফ-এ ক্লাছো খোলা হয় আৰু ১৮৭০ খৃষ্টাব্দত এখন ল ক্লাছো ইয়াৰ লগতে দিয়া হয়। কিন্তু ছাত্ৰৰ অভাৱত ১৮৭৬ খৃষ্টাব্দত এফ-এ ক্লাছ আৰু ল ক্লাছ বন্ধ কৰি দি কেৱল এণ্ট্ৰেঞ্চ স্কুল কৰিয়ে ৰখা হয়। বৰ্ত্তমান যি ঠাইত গুৱাহাটী কলেজিয়েট স্কুল আছে আগেয়েও সেই ঠাইতে আছিল। কিন্তু আজিৰ স্কুল ঘৰটো আগৰ সেই ঘৰ নহয়। ইং ১৮৯৭ খৃষ্টাব্দত হোৱা ভাঙৰ ভূমিকম্পৰ পিছত সজা। ৺ বাবু শ্ৰীনাথ সেন, ক্ষেত্ৰমোহন সেন,