পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
স্বগীয় সত্যনাথ বৰাৰ

ওঠৰ কুৰি টেমুনা ওলোৱা, ধোন্দোলা গছো ধুনীয়া হয়। সেইদৰে গাভৰু কলাত কুঁজা, কুঁজী, ফেঁচা, ফেঁচী, অন্ধলা, আন্ধলী, ধেন্দেলা, ধেন্দেলী, শেঙুনটেপা, শেঙুনটেপী, পেটুৱা, পেটুলী, খৰেখোৱা, ফাঁপৰে ধৰা ইত্যাদি নৰনাৰী সকলোৱে ন ৰূপ ধৰি চিলচিলীয়া হয়। তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱজন্তু সকলো আনন্দত উথলি উঠে। যৌবনতো সেইদৰে মানুহ আনন্দত বিভোল হয়। বসন্ত উকলি গলে জীৱনত হেমন্তকাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, বন, পৰ্ব্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ন এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ শক্তিৰ বঢ়া টুটা নাই, সকলো থিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্তকালেই জীৱনৰ প্ৰধান কাল। বসন্তৰ উদ্ধতালিৰ পাচত হেমন্তৰ গহিনালি উপস্থিত হয়। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগাচোৰোকা ৰদ আৰু বৰষুণ হৈ বতৰ ঘণেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেইদৰে হেমন্ত কালত কোনোৰূপ পৰিবৰ্ত্তন নহয়। টপটপীয়া কালি লেৰেলা, এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম বৰ্ষাতহে দেখা যায়। হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীত শৰৎ শুকনিৰ কাল। শৰীৰৰ শৰতো