নিয়মপ্ৰণালী ডেকা-সভাৰ নিচিনা নহয়। তাঁত মেজ
মাচিয়া বা বেঞ্চ নাই। সভ্য ডাঙ্গৰীয়া সকল মাটিৰ ওপৰত
ঢাৰিপটি পাৰি লেপেটা কাঢ়ি বহে। ওচৰত পিকদান ধোৱাঁ
খোৱা আদি লাগতিয়াল সকলো সামগ্ৰী যতোৱা থাকে।
মুহূৰ্ত্তে মুহূৰ্ত্তে চাকৰে তামোল ধপাতৰ যোগান ধৰে। বয়সত
৫০ বছৰ বা তাৰ উৰ্দ্ধ নহলে কাকো কেন্দ্ৰ সভাৰ সভ্য পতা
নহয়। ইংৰাজী শিক্ষাৰ পোহৰ পোৱা বিশ্ববিদ্যালয়ৰ দীক্ষা
পোৱা নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা
কৰে যে, অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা
ভাষাৰ ফালে অলপো চকু মেলি নাচায়। সিবিলাকে
“পোৱাবাৰ” মাৰি দিন নিয়ায়, এইবোৰ অসহনি কথা শুনি
কেইজনমান প্ৰাচীন ডাঙ্গৰীয়াই দেশী লোকৰ অৱস্থা উন্নত
কৰিবলৈ ককালত টঙ্গালি বান্ধি কেন্দ্ৰ-সভা স্থাপন কৰিছে।
তেতিয়াৰ দিনত কোনো সভা গঠিত হোৱা নাছিল। সেই
সময়ত অসমীয়া সমাজৰ নবোৱাৰী, স্ত্ৰীশিক্ষা সম্পৰ্কে চলিত
দোষবোৰক কাল্পনিক কেন্দ্ৰ-সভা পাতি, সভাত বক্তা নিযুক্ত
কৰি, বক্তাৰ মুখেৰে, নানা ৰহণ সানি শ্ৰোতাসকলক দোষৰ
প্ৰতিকাৰৰ উপায়বোৰ প্ৰকাশ কৰাইছিল। সমাজৰ দোষ-
বোৰ আঁতৰাই অসমীয়া সমাজক যেনে গঢ় গতি দিবলৈ ইচ্ছা
কৰিছিল, সেই ভাবে বক্তাৰ মুখে কথাবোৰ প্ৰকাশ পাইছিল।
ইয়াত বক্তাই বক্তৃতা কৰাৰ আগেয়ে থিয় হৈ দুবাৰ
খেকাৰি লয়, এবাৰ মুখ মুচি লয়, চাৰিওফালৰ মানুহক চাই
পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
জীৱন-চৰিত।