উত্তম ভোজন খক, উত্তম পিন্ধন গপ, দান-দক্ষিণা অপব্যয়।
কিম্বা এক শ্ৰেণীৰ কৃপণে নিজে মঠা চাউলৰ ভাত খায়, ঢৰিয়া
সুতাৰ কাপোৰ পিন্ধি লোকৰ ঘৰত পাচখন আঞ্জা
বিচাৰে বা অহঙ্কাৰ দেখুৱায়।” এই বিধ কৃপণলৈ তেওঁৰ ঘৃণা
আছিল। তেওঁ আয় অনুসৰি খৰচ কৰিছিল। আয়ৰ জোখেই
খৰচৰ জোখ কৰি লৈছিল। অৰ্থ ভগনত তেওঁ এই নিয়ম
মানি চলিছিল বুলি অনুমান হয়; “যি মানুহে ধনৰ নাটনি
এৰাব খোজে সি তাৰ আয়ৰ পৰা চাৰি ভাগৰ এভাগ সাঁচি
ৰখা উচিত। কিন্তু যি ধনৱন্ত হব খোজে, সি আয়ৰ পুৰা
আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে, উৎপন্নৰ আধা
সাঁচিলে মানুহ ধনী হব পাবে, আৰু তেহাই সাঁচিলে নিধৰুৱা
হৈ সুখেৰে খাই লৈ থাকিব পাৰে।”
সত্যনাথৰ বৈবাহিক জীৱনৰ ফল স্বৰূপে দুটি পুত্ৰৰ জন্ম হয়। ১৮৮৯ খৃষ্টাব্দত প্ৰথম পুত্ৰ অম্বিকানাথৰ আৰু ১৮৯১ খৃষ্টাব্দত দ্বিতীয় পুত্ৰ জ্ঞাননাথৰ জন্ম হয়। এই দুই পুত্ৰত বাদে সত্যনাথৰ আৰু সন্তান জন্মা নাছিল। প্ৰথম পুত্ৰ শ্ৰীযুত অম্বিকানাথ বৰা এম-এ সম্প্ৰতি কলিকতা বিশ্ববিদ্যালত অসমীয়া ভাষাৰ অধ্যাপক, আৰু দ্বিতীয় পুত্ৰ শ্ৰীযুত জ্ঞাননাথ বৰা বি-এল সম্প্ৰতি কলিকতা হাইকোৰ্টৰ উকীল। এওঁলোক দুয়ো বৰ্ত্তমান কলিকতা নিবাসী।
সত্যনাথে দুই পুত্ৰৰ বিবাহ গুৱাহাটীত পাতিছিল। পুত্ৰদ্বয়ৰ বিবাহ কাৰ্য্য সত্যনাথৰ গোটেই গৃহস্থ জীৱনৰ