পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
জীৱন-চৰিত।

উচ্চ আসনৰ বিষয়ে আৰু দ্বিতীয় মত হব নোৱাৰে। সত্যনাথ বৰাই এনেকৈ অসমীয়া ভাষা আৰু সাহিত্যৰ কেইবা প্ৰকাৰে চৰ্চ্চা কৰি গৈছে। নিজে গ্ৰন্থ ৰচনা কৰি, অসমীয়া আলোচনী কাকত নিজে সম্পাদন কৰি, সাময়িক আলোচনী কাকতবোৰত অসমীয়া প্ৰবন্ধেৰে যোগান ধৰি ছাত্ৰ অৱস্থাৰ পৰা অন্তিমকাললৈকে অসমীয়া সাহিত্যৰ সেৱা কৰি সময় নিয়ালে। “গীতাৱলী, সাহিত্য- বিচাৰ, সাৰথি, আকাশ-ৰহস্য, কেন্দ্ৰ-সভা, চিন্তাকলি, বহল ব্যাকৰণ আদি গ্ৰন্থ ৰচনা কৰি মাতৃভাষা চহকি কৰিলে। তলত গ্ৰন্থবোৰৰ সংক্ষিপ্ত আলোচনা কৰা হল।

গীতাৱলী।

 গীতাৱলী ৺সত্যনাথ বৰাৰ সৰ্ব্বপ্ৰথম পদ্য কিতাপ। ৺ সত্যনাথ বৰাৰ এটা কথাই মনত বৰকৈ খেলাইছিল যে, বাটে-ঘাটে অসমীয়াৰ মুখত কেৱল বঙলা গীতহে, অসমীয়া গীতৰ নাম গোন্ধেই নাছিল। তেওঁ নিজেও এইদৰে কৈছিল, “আজি কালি আসাম দেশৰ মানুহে গীত গাব লাগিলে বঙলা গীতহে গায়। ইয়াৰ কাৰণ বোধ কৰোঁ গীতৰ অভাৱ। অসমীয়া গীত থকাহেঁতেন আসামৰ মানুহে বঙলা গীতত ইমান প্ৰীতি নেদেখুৱালেহেঁতেন। এতিয়াৰ মানুহৰ বঙলা গীতত ৰতি বহিছে, অসমীয়া সিমান