পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
জীৱন-চৰিত।


হল। তেওঁ কলিকতাত প্ৰায় ৪।৫ বছৰ আছিল। বিশ্ববিদ্যালয়ৰ পৰা বি, এ, উপাধি লাভ কৰি আইন কলেজত নাম লগায়। তেতিয়াৰ দিনত আইন পৰীক্ষা দুবছৰতে শেষ হৈছিল।

 সত্যনাথৰ আইন বিষয়ত বৰ হেপাহ আছিল আৰু উকীল হবলৈ বৰ ধাউতি আছিল। কিন্তু আইনৰ শেষ পৰীক্ষাটোত কোনো কাৰণত উত্তীৰ্ণ হব নোৱাৰি ফুৰিদপুৰ জিলাত Hindu Academy হিন্দু একাডেমিত এবছৰলৈ হেডমাষ্টৰী কাম কৰে। তাৰ পিছত ১৮৮৯ খৃষ্টাব্দত আইনৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ বি-এল উপাধি ধাৰণ কৰে।

 সত্যনাথ বৰাৰ সহচৰ যোৰহাটৰ উকীল শ্ৰীযুত গোপীনাথ বৰদলৈয়ে আমাৰ বিশেষ অনুৰোধত লিখি দিয়া তেতিয়াৰ দিনৰ কলিকতীয়া জীৱনৰ কথা অপ্ৰাসঙ্গিক নহব বুলি তলত দিয়া হল।

 “ইংৰাজী ১৮৮১ চনৰ জানুৱাৰী মাহত এণ্ট্ৰেঞ্চ পৰীক্ষাৰ ফল ওলাৱাৰ পাচত ৺সত্যনাথ বৰা প্ৰথমতে ৰিভাৰ ষ্টিম নেভিগেচন কোম্পানীৰ এখন বৰ জাহাজত গুৱাহাটীৰ পৰা কলিকতালৈ এফ-এ পঢ়িবলৈ যায়। মই সেই জাহাজতে সেই উদ্দেশ্যেৰেই ডিব্ৰুগড়ৰ পৰা কলিকতালৈ ৰাও কৰি- ছিলোঁ। সেই জাহাজতে সত্যনাথ উঠা বাবে মোৰে সৈতে তেওঁৰ গুৱাহাটীৰ ঘাট এৰি আহোঁতেই প্ৰথম চিনাকী হয় আৰু দুয়োৰে মাজত প্ৰণয় জন্মি উঠে। তেওঁৰ স্বভাৱ গুণেই মোৰে সৈতে প্ৰণয় বেগতে বৃদ্ধি হল। তেওঁ জাহাজত