পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়।
—:•:—
সত্যনাথ বৰাৰ সাহিত্য চৰ্চ্চা।

 আসামৰ প্ৰবীণ সাহিত্যক স্বৰ্গীয় সত্যনাথ বৰাৰ ছাত্ৰ অৱস্থাৰপৰা অসমীয়া ভাষা আৰু সাহিত্যত ৰাপ আছিল। তেওঁলোকৰ অলপ দিনৰহে আগৰপৰা গৱৰ্ণমেণ্টে আসামত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ আদেশ দিছিল। গতিকে তেতিয়াৰ অসমীয়া ছাত্ৰসকলেহে ঘাইকৈ অসমীয়া সাহিত্যৰ চৰ্চ্চা আৰু শ্ৰীবৃদ্ধি কৰিব লগীয়া হৈছিল। বৰ্ত্তমান সাহিত্য- সংগ্ৰহ পুথিত যিবোৰ উচ্চ ধৰণৰ প্ৰবন্ধ দেখা পাওঁ, সেই আটাইবোৰ অসমীয়াই ছাত্ৰ অৱস্থাতহে লিখা। এণ্ট্ৰেন্স কোৰ্চ, বি-এ আৰু এফ-এ কোৰ্চৰ অসমীয়া প্ৰবন্ধবোৰৰ সৰহভাগ অসমীয়া ছাত্ৰৰ ভাবৰ উচ্ছ্বাস হে মাথোন। অসমীয়া শিক্ষিত ডেকাই তেতিয়াৰ দিনত অসমীয়া সাহিত্যৰ যেন চৰ্চ্চা কৰিবই লাগিব, অসমীয়া ভাষাৰ হকে যাৰ যি শক্তি সেই অনুসাৰে যেন গদ্য পদ্য ৰচনা কৰিবই লাগিব, এনে এটা হেচাম্বদী ভাব সকলোৰে মনত আছিল বুলি অনুমান হয়। ইয়াৰ পিচত হে এই ভাব আকৌ সেমেকা পৰে। ৺সত্যনাথে যদিও ছাত্ৰ অৱস্থাত বঙ্গলা পঢ়িলে তথাপি অসমীয়া