পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বৰ্গীয় সত্যনাথ বৰাৰ

ভাষাক অযথা আক্ৰমণ কৰিব খোজা এক শ্ৰেণী লোকৰ মুখত ছাই পেলালে। অসমৰ স্কট শ্ৰীযুত ৰজনী বৰদলৈয়ে উপন্যাস ৰচনা কৰি অসমীয়াৰ সাজপাৰ, ঘৰ দুৱাৰ, শয়ন ভোজন আৰু ঘৰুৱা নানা কথা লৈ অসমীয়াৰ জাতীয় চৰিত্ৰ হুবহু আঁকি দেখুৱালে। বুৰঞ্জীবিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া জাতি, অসমীয়া সাহিত্য আৰু অসম দেশখনৰ গৌৰৱ দেশে বিদেশে প্ৰচাৰ কৰিলে; অসমীয়াৰ লুপ্ত ৰত্নবিলাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে; অসমীয়া জাতিটো অতীতত কেনে গৌৰৱময় আছিল তাক দেশবাসীক জ্ঞাত কৰালে আৰু পৰদেশীৰ হতুৱাই প্ৰশংসা গোৱালে। অসমীয়া সাহিত্যক, গীতিযুগ, মন্ত্ৰ আৰু ভণিতাযুগ, প্ৰাগবৈষ্ণৱীযুগ, বৈষ্ণৱীযুগ, বিস্তাৰযুগ, বৰ্ত্তমানযুগ, আদি বিভিন্ন যুগত ভাগ কৰি যুগে যুগে অসমীয়া সাহিত্যৰ গদ্য পদ্য সংগ্ৰহ কৰি সাহিত্য চানেকী নামেৰে বৃহৎ গ্ৰন্থ সঙ্কলন কৰিলে। কোন পৰিব্ৰাজকে কেতিয়া আহি কত কেনেকৈ অসম দেশৰ গুণ গাইছিল, চীন পৰিব্ৰাজক হীৱেনচাঙ্গে অসমৰ কি বিবৰণ লিখিছিল, ভাৰত সম্ৰাট হৰ্ষবৰ্দ্ধনে প্ৰাগজ্যোতিষপুৰৰ অধিপতি কুমাৰ ভাস্কৰবৰ্ম্মাক কিদৰে পঞ্চ বাৰ্ষিক উৎসৱত সম্বৰ্দ্ধনা কৰিছিল, ডাক্তৰ ট্ৰেভেনিয়াৰে অসম সম্পৰ্কে কি কৈছিল, ৰামসিংহই শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ কাৰ্য্য কৌশল কিদৰে প্ৰশংসা কৰি- ছিল। কোন মচলমান কাকতীয়ে ফাৰ্চী সাহিত্যত অসমীয়া জাতি সম্বন্ধে কি লিখি গৈছে, অসমীয়া জাতিটোৰ লক্ষণ আৰু