পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
জীৱন-চৰিত।

পাচ কৰিছিল। তেতিয়া কলিকতাৰ মহামান্য হাইকোৰ্টৰ অসমীয়া Translator এজনৰ দৰ্কাৰ হোৱাত সেই কাৰ্য্যত ভৰ্ত্তি কৰিবলৈ পৰীক্ষাৰ জাননী দিছিল এই পৰীক্ষাত ৺সত্য- নাথ বৰাকে আদি কৰি অসমীয়া গ্ৰেজুয়েট কেইজনে পাচ হবলৈ পৰীক্ষা দিছিল। কিন্তু সেই পৰীক্ষাত শ্ৰীযুত ৰমাকান্ত বৰকাকতী প্ৰথম হোৱা বাবে তেওঁকে সেই কামত ভৰ্ত্তি কৰিলে। কাজেই উক্ত বৰকাকতীয়ে সেই কামত ভৰ্ত্তি হোৱা বাবে বি-এল পঢ়িবলৈ এৰি দিলে। ই কেইজনে বি-এল পঢ়ি সময় মতে পাচ কৰি ওকালতি কৰিবলৈ আসামলৈ ফিৰি আহিল আৰু পঢ়া শেষ কৰিলে।”

সত্যনাথৰ সাংসাৰিক অৱস্থা।

 ১৮৮৯ খৃষ্টাব্দত সত্যনাথ বৰা উকীল হৈ গুৱাহাটী পালেহি।

 গুৱাহাটীত সত্যনাথ অসমীয়াৰ ভিতৰত প্ৰথম বি-এল। তেতিয়াৰ উকিলখানাত অসমীয়া উকিল মুক্তিয়াৰৰ ভিতৰত আছিল, ৺মহেশ্বৰ গোস্বামী, শ্ৰীযুত সোণাৰাম ৰাজমেধি, ৺বেণুধৰ বৰুৱা আদি। বি-এল উকীলৰ ভিতৰত আছিল আজিৰ ৰায় বাহাদুৰ কালীচৰণ সেন, বাবু মহেন্দ্ৰমোহন লাহিড়ী, বাবু ললিতমোহন লাহিড়ী আদি। সত্যনাথ বি-এল হৈ অহাত অসমীয়া মানুহে গুৱাহাটীত তেওঁক কেইবা ঠাইতো