বছৰো কাম চলাইছিল। তেতিয়াৰ অ, ভা, উ, সা সভাৰ বহুত গুৰুতৰ কৰ্ত্তব্য আছিল। আজিৰ দিনৰ নিচিনা অৱস্থাৰ দৰে বা মাজে সময়ে দুটা এটা বৈঠক পাতি দুই চাৰি জনে সৈতে প্ৰৱন্ধ পাঠ কৰা ধৰণৰ নাছিল। কিয়নো তেতিয়া প্ৰথমতে অসমীয়া ভাষাটোৰ প্ৰচলন হৈছিল মাথোন, ভুলক্ৰমে ঠাই পোৱা বঙ্গলা ভাষাক আতঁৰাই অসমীয়া ভাষা প্ৰচলন কৰিবলৈ আদেশ দিবৰ বেচি দিন হোৱা নাছিল। অ, ভা, উ, সা সভাৰ গৱৰ্ণমেণ্টে ভাষা সম্বন্ধে বহুত কথাত মতামত লৈছিল। তেতিয়াৰ দিনত গুৱাহাটীত বহা সভা-সমিতিত সত্যনাথ বৰা সদাই হয় সভাপতি স্বৰূপে নাইবা বক্তা স্বৰূপে উপস্থিত হব লগীয়া হৈছিল, কিয়নো অসমীয়াৰ শিক্ষিত ডেকাৰ ভিতৰত সেই বিষয় ধাউতি থকা কেৱল সত্যনাথ। লেঠাৰ ভয়ত সত্যনাথে এইবোৰ বিষয়লৈ কেতিয়াও পিঠি দিয়া নাছিল। পৰা পক্ষত তেওঁ সকলো সভা সমিতিতে যোগদান কৰিছিল।
১৯১৬ খৃষ্টাব্দত আসাম এচোচিয়েচনৰ এটি ডাঙ্গৰ অধিবেশন গুৱহাটীতে বহিছিল। আসামৰ প্ৰায়বোৰ গণ্য- মান্য লোক উপস্থিত আছিল। বৰাদেৱে এই আসাম এচোচিয়েচনৰ অভ্যৰ্থনা সভাৰ সভাপতি বাব লৈছিল। এখন জিলালৈ গোটেইখন দেশৰ মানুহ নিমন্ত্ৰণ কৰি আনি আসাম সংক্ৰান্ত ৰাজনীতি আলোচনা কৰিবলৈ এখন সভা পাতি দিয়া আৰু অভ্যাগত জনক যথাসাধ্য সুশ্ৰুষা কৰি অতি