শৰীৰ সিমান ভাল নাছিল। তেওঁ ওৱাল্টায়াৰলৈ শৰীৰৰ
কাৰণে ফুৰিবলৈ গৈছিল। এইবোৰৰ বাদে তেওঁৰ পৰিয়ালৰ
কোনো টান নৰিয়া হৈ কিম্বা নিজে কোনো টান নৰিয়াত
পৰি দুঃখ কষ্ট ভোগ কৰা নাছিল। কেতিয়াবা কোনো
কোনো গৃহস্থৰ দেখা যায় যে, তেওঁৰ তিৰোতাৰ বেমাৰ,
লৰা-ছোৱালীৰ বেমাৰ, সদাই এটা নহয় এটা আসোঁহ
ঘৰৰ পৰা নুগুছেই। আৰু সম্পৰ্কীয় মানুহে সৈতেও জঞ্জাল
আদিত পৰি নানা আহুকাল ভোগ কৰিব লাগে। সত্যনাথৰ
জীৱনত তেনেবোৰ কোনো উপৰুৱা লেঠা অশান্তিৰ কাৰণ
হব নোৱাৰিছিল।
সত্যনাথ বৰাই তেওঁৰ ভৰলুমুখৰ ঘৰত পিতৃৰ ভেটিত মাটি ঠেক হৈছিল বুলি উজান বজাৰলৈ ১৯০৪ চনত মাটি কিনি উঠি আহে। আৰু ইয়াত কেইবছৰমানৰ পিছত তেওঁ আহল বহল নিজৰ উপযোগীকৈ বঙলা সাজি লৈছিল। এই ঘৰ বেচি জাকজমক নাছিল। দামী মেজ চকি বা চৌখিন বস্তুৰে ঘৰ ভৰি থকা নাছিল। নিত্য অৱশ্যকীয় বস্তুখিনিৰেহে তেওঁৰ ঘৰ শোভিত হৈছিল। ঘৰত তেওঁৰ সকলো বস্তু ঠিকঠাককৈ সজোৱা আছিল। যৰ বস্তু তত থাকিব লাগে এনেটো তেওঁ সদাই বিচাৰিছিল। ঘৰত তেওঁ কোনো প্ৰকাৰৰ হাই উৰুমি সহিব নোৱাৰিছিল। সেই বাবে তেওঁৰ ঘৰ সদাই নিৰল আৰু নিস্তব্ধ আছিল।
সত্যনাথ খোৱালোৱাত নিয়মিত আৰু ভগনত মিতব্যয়ী