সংসাৰ কেৱল সম্ভোগৰ উপবন, আনন্দৰ নন্দন কানন, সুখৰ
কোমল শয্যা”। আৰু ‘সংসাৰ’ বহুৰূপী। তাত যেনে বিষাদৰ
বিননি আছে, তেনে আনন্দৰ কিৰিলি আছে আৰু বিপদৰ
কাঁইটনি আছে, সম্পদৰ ফুলনি আছে। এঠাইত ৰুগীয়াৰ কৰুণ
বিননি শুনিবলৈ পালেও এঠাইত বলিষ্ঠ মল্লৰ সদম্ভ আস্ফোট
দেখিবলৈ পোৱা যায়। “বতাহৰ গোঁগনি, নৈৰ খলকনি
আৰু নাৱৰ নাচোনে এটা প্ৰলয় মিলাই দিলে। নৈখন
যেন জুইলগা হাবিয়নি আৰু নাওখন যেন ফেঁচুচৰাই। সাগৰৰ
পাৰৰ বালিৰ নিচিনা দিনে নিশায় ঢৌৰ ধুপালনি, মুকলি
বকৰানিৰ গছৰ নিচিনা ধুমুহাৰ মোহাৰনি খাওঁতে খাওঁতে
জীৱন লালকাল হল”। “মধুৰ মাধুৰী মিছা, ফুলৰ লাবণ্যতা
মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ
বলিয়ালি আৰু আনন্দ উৎসৱ উদ্ভন্দালি মাথোন। বসুন্ধৰী
সুখৰ আলয় আৰু সুখময় বিলাসৰ কানন”। “বিনন্দীয়া বিশ্ব
একে তিলে ছাঁ-বাজীৰ ছাঁৰ নিচিনা অন্তৰ্দ্ধান হব। তেতিয়া
এই সুগভীৰ সাগৰ, শুৱনী নদী, আৰু ৰূপসী কানন নাথা-
কিব। তেতিয়া কবিৰ কল্পনা উচটাবলৈ বননিত মনোৰম
ফুল নাথাকিব। বৈজ্ঞানিক গবেষণা জগাবলৈ বিতোপন
বিজুলী নাথাকিব আৰু দাৰ্শনিক চিন্তা উদগাবলৈ মায়া
নাথাকিব। দাৰ্শনিক স্বয়ং লোপ পাব, বৈজ্ঞানিকৰ নাম
নুমাব, কবিৰ বংশ ধ্বংস হব, মনুষ্য, শশু, পক্ষী, কীট-পতঙ্গ
আদি প্ৰাণীচয়ৰ লীলা শেষ হব।”
পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
জীৱন-চৰিত।