পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
জীৱন-চৰিত।

জিলায় আছিল। যি বছৰি যি ঠাইৰ সম্পাদক মনোনীত হয়, সেই ঠাইতে সাহিত্য সভাৰ অফিচ সম্পাদকৰ লগতে আছিল। ১৯১৯ খৃষ্টাব্দত এই আসাম সাহিত্য সভাৰ সম্পাদকৰ বাবো সত্যনাথে গ্ৰহণ কৰিছিল। বাণ ৰজাৰ ৰাজধানী শোনিতপুৰ বা তেজপুৰত আসাম সাহিত্য, সভাৰ চতুৰ্থ অধিবেশনৰ কাৰ্য্য স্বৰ্গীয় প্ৰত্নতত্ত্ব বিশাৰদ হেমচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত সমাধা হৈছিল। সত্যনাথ বৰা সম্পাদক থকা দিনত সাহিত্য সভাৰ এই চতুৰ্থ অধিবেশন বহিছিল। যদিও বছেৰেকীয়া অধিবেশনৰ দিনা বৰা ডাঙ্গৰীয়াই শৰীৰৰ অসুস্থতাৰ কাৰণে নিজে তেজপুৰত উপস্থিত হব নোৱাৰিলে তথাপি তেওঁৰ যুটীয়া সহকাৰী সম্পাদক ৺ চন্দ্ৰনাথ শৰ্ম্মা আৰু শ্ৰীযুত জ্বলতিৰাম লহকৰৰ হাতত সকলো কাকত পত্ৰ পঠাই দি অধিবেশনৰ কাৰ্য্যত সহায় কৰিছিল। ইয়াৰ পাচত গোৱালপাৰা আৰু বৰপেটাত আসাম সাহিত্য সভাৰ পঞ্চম আৰু ষষ্ঠ অধিবেশন বহিছিল। সেই একে সময়তে আসাম এচোচিয়েচনৰ অধিবেশনো হৈছিল। সত্যনাথ বৰাই পুহমহীয়া দাৰুণ শীততো, ঘৰ এৰি এই অধিবেশনত উপস্থিত হবলৈ গোৱালপাৰা পাইছিলগৈ। অৱশ্যে এনেকৈ ঘৰ এৰি যোৱাত নানা লেঠা বা জঞ্জাল সহিব লগীয়া হৈহিল

 ১৯০১ খৃষ্টাব্দত লৰ্ড কাৰ্জ্জন যেতিয়া গুৱাহাটীলৈ আহে তেতিয়া তেওঁক অভ্যৰ্থনা কৰিবলৈ গুৱাহাটী তোলপাৰ লাগি