পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বৰ্গীয় সত্যনাথ বৰাৰ

জীৱন-চৰিত।

⸻⸻

প্ৰথম অধ্যায়।

আৰম্ভণ।

 অসমীয়া ভাষা আৰু সাহিত্যৰ বৰ সৌভাগ্যৰ কথা যে দেশৰ অভাৱ অনুযায়ী সময়ে সময়ে একোজন পুৰুষৰ আবিৰ্ভাৱ হৈ অসমীয়া জাতিটোক ৰক্ষা কৰি আছে। মান মৰাণৰ অত্যাচাৰ সহি বৃটিচৰ শাসনত অসমীয়া জাতিয়ে ঠন ধৰিবলৈ আগুৱান হওঁতেই ভাষাক্ষেত্ৰত অসমীয়াৰ দুৰ্কপালৰ গুণে এক বিভ্ৰাট মিলি দেশাধিকাৰ সকলৰ ভ্ৰমত ভাষাৰূপী গছ জোপাত ৰঘুমলা পৰি ইয়াৰ বাঢ়ণ ঠিহিৰা মাৰিবলৈ ধৰোঁতেই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি অসমহিতৈষী লোক সকল আৱিৰ্ভাৱ হৈ অতি কষ্টেৰে ৰঘুমলা আঁতৰাই গছপুলি- টিক লহ্প‌হ্কৈ‌ বাঢ়িবলৈ সুযোগ কৰি দিলে। ভাষাক্ষেত্ৰত