পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
স্বৰ্গীয় সত্যনাথ বৰাৰ

হীন সাজপাৰ দেখি,— মোৰ মনত—পৰে বৰ বৰ চাহাবী পোচক পিন্ধা মানুহবিলাক যেন জঁয় পৰি গৈছিল। তাত তেওঁ যি ইংৰাজী অভিভাষণখনি পঢ়িছিল, তাত বৰা ডাঙ্গৰীয়াৰ মৌলিক চিন্তাৰ সুন্দৰ পৰিচয় পোৱা যায়। তেওঁ আনে নভবা নিচিন্তা অসমীয়াৰ দুখৰ হেতু কেইটামান আঙ্গুলিয়াই সকলোৰে চকুত পেলাই দিছিল।

 এই সময়তেই আসাম সাহিত্য সভা প্ৰথম স্থাপিত হয়। তাৰ ৭।৮ বছৰমান আগৰ পৰা “বাঁহী” আৰু “বান্ধবৰ” যুদ্ধ চলিছে। উজনি-নামনিলৈ এই বিবাদ দেখি বৰা ডাঙ্গৰীয়াই সদাই মৰ্ম্মান্তিক বেজাৰ পাইছিল। আমি কিন্তু ডেকা তৰপৰ মানুহে সাহিত্যত ইও এটা উপভোগৰ বস্তু বুলিহে ভাবিছিলোঁ। শিৱসাগৰত বহা আসাম এচোচিয়েচনৰ সম্মিলনৰ সময়তে যে সাহিত্য সভা স্থাপন হব লাগে এই পৰামৰ্শ হয় দুজন তিনিজন মানুহৰ ভিতৰত। কিন্তু তাৰ পূৰ্ব্বৰ পৰা এখন আসাম সাহিত্য সভা হোৱা যুগুত নে অযুগুত এই বিষয় ভিতৰি ভিতৰি বহুতো আলোচনা হৈছিল।

 ইং ১৯১৬ চনত ডিব্ৰুগড়ত যি আসাম এচোচিয়েচনৰ সম্মিলন বহে, তাতে এখন সাহিত্য সভা হয়। তাৰ সভাপতি আছিল বৰা ডাঙ্গৰীয়াই। কিন্তু সেই সভাত বেলেগে সমগ্ৰ আসামৰ কাৰণে এখন সাহিত্য সভা হবলৈ কোনো সিদ্ধান্ত নহল। বৰা ডাঙ্গৰীয়াই সদাই ভয় কৰিছিল যে, এখন তেনেকুৱা সভা হলে, বাঁহী আৰু বান্ধবৰ বিবাদৰ মূলটো আৰু