পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
স্বৰ্গীয় সত্যনাথ বৰাৰ

আচল নকল।

 আসাম সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত পূৰ্ণানন্দ পাঠক বি, এলৰ পৰা পোৱা ⵓ—

ডাঙৰীয়া,

 এই সভাৰ কাৰ্য্য কি প্ৰণালীত আৰম্ভ কৰা যুগুত সেই সম্বন্ধে আপোনালৈ মোৰ মতামত লিখি পঠিয়াম বুলি মই কথা দিছিলোঁ, আজি সেই কথামতে এই চিঠি লিখা হল।

 ভাষাৰ আদি মূল হৈছে অভিধান আৰু ব্যাকৰণ, কিন্তু অসমীয়া ভাষাত এই দুয়ো বিধৰেই অভাব। এতেকে এই অভাব কেনেকৈ গুচাব পাৰি আদিতে আমি তাৰে উপায় চিন্তিব লাগে অভিধানৰ অভাব ‘হেমকোষে’ পূৰণ কৰিছে, কিন্তু সেই কোষত প্ৰচলিত শব্দ এটাইবিলাক পোৱা নাযায়। এই নিমিত্তে কিছুমান দিনৰ আগে গুৱাহাটিৰ অ, তা, উ, সা, সভাই ‘হেমকোষত’ নথকা প্ৰচলিত শব্দ বহুত গোটাইছিল। সেই শব্দবিলাক ‘হেমকোষত’ সুমাই কোষখন ডাঙ্গৰাব পাৰিলে ভাল। কিন্তু তেনে কামত সৰহ ভগনৰ প্ৰয়োজন হব। সেই নিনিত্তে মোৰ বিবেচনা মতে গোটোৱা শব্দবিলাক ‘হেমকোষৰ’ পৰিশিষ্ট স্বৰূপে বেলেগে এখন কিতাপ কৰি ছপাবলৈ কাৰবাৰ কৰিব লাগে। এই পৰিশিষ্ট ছপাওঁতে কিমান ধন লাগিব সম্প্ৰতি তাৰ এটা হিচাপ কৰি সভাৰ বছেৰেকীয় অধিবেশনত এই খৰচ কোনে দিবলৈ গাত লয় স্থিৰ কৰা উচিত। সভ্য সকলৰ বছেৰেকীয়া