পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
জীৱন চৰিত।

গীতৰ জন্মদাতা বুলিব পাৰি।” এনে অভিমত শ্ৰীযুত কীৰ্ত্তিনাথ বৰদলৈয়ে নতুন কৈ উলিওৱা “সুৰ পৰিচয়” কিতাপৰ ভূমিকাতো ৰাজখোৱা ডাঙ্গৰীয়াই প্ৰকাশ কৰিছে।

সাহিত্য-বিচাৰ।

 সাহিত্য-বিচাৰ পুথি ১৮৮৮ খৃষ্টাব্দত প্ৰকাশ পায়। এই পুথি সত্যনাথে কলিকতাত থাকোঁতেই ৰচনা কৰিছিল। এই কিতাপৰ নিমিত্তে কলেজত পঢ়াকালৰ পৰা সত্যনাথৰ নিজা টোকা আছিল। সাহিত্য-বিচাৰ পুথি তিনি আধ্যায়ত বিভক্ত। সাহিত্য কি, সাহিত্যৰ সাধাৰণ লক্ষণ, গদ্য ৰচনা, মূল কথা, উপকথা, সাধাৰণ উপকথা, অসাধাৰণ উপকথা, পদ্য, নাটক, গীত, চস্পু নৱৰস ইত্যাদি কথাবোৰৰ বিবিধ লক্ষণ, বিশদ বিৱৰণ আৰু সুন্দৰ আলোচনা সাহিত্য-বিচাৰ পুথিত আছে। এই পুথি অসমীয়া লিখক মাত্ৰৰে পঢ়িব লগীয়া। এই পুথি যে অসমীয়া ভাষাতহে নতুন এনে নহয়। সাহিত্য- বিচাৰত যিবোৰ কথা আলোচনা কৰা হৈছে, সেই এটাইখিনি কথা একেলগে কোনো ইংৰাজী বা সংস্কৃত পুথিত পোৱা নাযায়। এই পুথি সত্যনাথৰ বহুত চিন্তা আৰু অধ্যয়নৰ সত্যনাথৰ এটাইবোৰ কিতাপৰ ভিতৰত এইখনেই প্ৰকৃত মৌলিক গ্ৰন্থ। অৱশ্যে এই পুথিৰ অলপ দোষ নোহোৱা নহয়। গদ্য সম্বন্ধে লিখকে ভালকৈ আলোচনা কৰিছে।