পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
জীৱন-চৰিত।


তলত দিয়া বিষয়বোৰ আলোচনা কৰা হৈছে। বিদ্যা, পুথি অধ্যয়ন, বিশ্ব অধ্যয়ন, দেশ ভ্ৰমণ, চিন্তা, চৰিত্ৰ, দয়া, ন্যায়শীলতা, ক্ৰোধ, লোভ, অহঙ্কাৰ, মিছালি, চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা, অন্যৰ প্ৰতি ব্যৱহাৰ, কৰ্ম্ম, শ্ৰম, উৎ- সাহ, অভ্যাস, ছেগ, হামাহি, প্ৰতিজ্ঞা, কৰ্ত্তব্যজ্ঞান, ধনৰ ব্যৱহাৰ, ৰাগীয়াল বস্তু, স্বাস্থ্য, বাসৰ ঠাই, বাসৰ ঘৰ, ভোজন, শয়ন, শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা, ব্যায়াম ইত্যাদি।

 সাৰথি শুদ্ধ অসমীয়াত লিখা পুথি, ইয়াৰ ভাষাৰ শুদ্ধতা, ভাবৰ গভীৰতা, ৰচনা ৰীতিৰ স্বাভাবিকতা আৰু লিখাপদ্ধতিৰ সৰলতাই এই শ্ৰেণীৰ আন সকলো অসমীয়া পুথিকে চেৰ পেলাইছে বুলি কলে বোধকৰো অত্যুক্তি নহব। অসমীয়া সাহিত্যত অসমীয়া কথাৰ শুদ্ধতা ৰাখি ৰচনা কৰা কিতাপৰ কথা ওলালে সাধাৰণতঃ দুখন কিতাপৰ নাম যেনে তেনে ওলায়। এখন হৈছে কবিতাৰ পুথি সাহিত্য—পেঞ্চনাৰ মৌলবী মফিজুদ্দিন আহম্মদ ৰচিত “জ্ঞান-মালিনী” আৰু আনখন হৈছে “সাৰথি”। এই কিতাপ প্ৰকাশ হওঁতেই অসমীয়া ৰাইজে ইয়াক পঢ়িবলৈ ব্যগ্ৰ হৈ উঠিছিল। সাৰথিত সংস্কৃত শব্দৰ পৰিবৰ্ত্তে হেম কোষত থকা অসমীয়া শব্দৰ বহুল ব্যৱহাৰ আছিল। অসমীয়া আলোচনীয়ে গ্ৰন্থকাৰৰ শব্দ ব্যৱহাৰ সমৰ্থন কৰি বখানিছিল।

 সাৰথি প্ৰকাশ হৈ ওলোৱাৰ পৰা আজিলৈকে ই স্কুলত