পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

তাক তেওঁ গমিপিতি চাইছিল। আৰু দেশত এই বিধৰ দেশহিতকৰ কামবোৰত যোগ দিছিল। সত্যনাথ কলিকতাত ছাত্ৰ হৈ থাকোঁতেই কলিকতাত বহা কংগ্ৰেচত আসামৰ নগাৱঁৰ পৰা তেওঁক ডেলিগেট বাচি দিয়ে। সেই কংগ্ৰেচত তেওঁ বক্তৃতাও কৰিছিল আৰু সেই বক্তৃতা তেতিয়াৰ কাকতত প্ৰকাশ পাইছিল। আসামৰ ৰাজনীতি ক্ষেত্ৰৰ দুটি যুগল তৰাই অসম আকাশত প্ৰভা বিস্তাৰ কৰিছিল। তেওঁলোক হৈছে জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা। ৰাজনীতি ক্ষেত্ৰৰ নায়ক মাণিকচন্দ্ৰ বৰুৱাক গোটেই দেশখনে মানি চলিছিল। সত্যনাথেও তেওঁৰ কামত সহায়তা কৰিছিল। তেতিয়াৰ দিনত ৰাজনৈতিক সকলে গৱৰ্ণমেণ্টক দেশৰ অভাৱৰ কথা জনাই, দেশবাসীৰ অন্যায় হোৱাৰ কথা থাকিলে তাৰ সমালোচনা কৰি প্ৰতিকাৰৰ চেষ্টা কৰিছিল মাথোন। আজি কালিৰ দৰে বিবিধ ৰাজনীতি ক্ষেত্ৰৰ বিবিধ পন্থী লোক নাছিল। সত্যনাথে দেশৰ অৱস্থা চাই ৰাজনীতিৰ আলোচনা কৰিছিল। আসাম এচোচিয়েচনৰ বিবিধ কাম সত্যনাথে কৰিছিল। আনকি মাণিকচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিচত সত্যনাথক ৰাজনীতি ক্ষেত্ৰত একেবাৰে গা লাগি কাম কৰিবলৈ দেশবাসীয়ে নিমন্ত্ৰণ কৰিছিল। কিন্তু নিঞ্জালপ্ৰিয় সত্যনাথ সেইবোৰত সোমাবলৈ ভাল নেপালে। তেওঁ গুৱাহাটীত বহা অসাম এচোচিয়েচনেৰ অভ্যৰ্থনা সভাৰ সভাপতি আছিল। শিৱসাগৰত বহা