পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
জীৱন-চৰিত।


বঢ়াই সুপ্ৰতিষ্ঠিত কৰিলে। হেমচন্দ্ৰ বৰুৱাই কৈ গৈছিল যে, অসমীয়া ভাষাৰ ক্ৰমোন্নতিৰ লগে লগে সেই ভাষাৰ ব্যাকৰণ আৰু সম্পূৰ্ণ কৰিব লাগিব। হেমচন্দ্ৰৰ মৃত্যুৰ পিচত তেওঁ ব্যাকৰণ সম্বন্ধে অসম্পূৰ্ণ কৰি এৰি যোৱা কথাবোৰ সম্পূৰ্ণ কৰিবলৈ অসমীয়া ভাষাত সমান বা ততোধিক অধিকাৰ থকা লোকৰ আৱশ্যক হৈছিল। অসমীয়া-ভাষা-বিজ্ঞানত-পৈণত সত্যনাথে বহল ব্যাকৰণ ৰচনা কৰি হেমচন্দ্ৰৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে। হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ জন্মদাতা, সত্যনাথ বৰা অসমীয়া ভাষাক পালন কৰোঁতা। হেমচন্দ্ৰ অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক, সত্যনাথ অসমীয়া সাহিত্যৰ বিজ্ঞ প্ৰবীণ নায়ক। হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ সুলিখক, সত্যনাথ অসমীয়া সাহিত্যৰ সুলিখক। হেমচন্দ্ৰ অসমীয়া ভাষাৰ ডক্তৰ জন্সন আৰু সত্যনাথ অসমীয়া সাহিত্যৰ এডিচন বুলিব পাৰি।


সত্যনাথ বৰা আৰু অসমীয়া ভাষা।

 সত্যনাথ বৰাই অসমীয়া ভাষাৰ চৰ্চ্চা হে কৰিছিল। তেওঁ অসমীয়া ভাষা লৈ বাদবিতণ্ডা নকৰিছিল। তেওঁ অসমীয়া সম্পৰ্কে পৰদেশীৰ লগত বিবাদ নকৰিছিল। অসমীয়া ভাষাক জন্ম দিবলৈ আনন্দৰাম ঢেকিয়াল ফুকনে