পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
স্বৰ্গীয় সত্যনাথ বৰাৰ


সততে কাষ চাপিব লৈও সাহ নকৰিছিল। ইফালে যেয়ে যেতিয়া কোনো পৰামৰ্শৰ বাবে গৈছিল সকলোকে তেওঁ সুপৰামৰ্শ দি মন তোষিছিল। উকীল হৈছে বুলি যে বাদী বিবাদীৰ পক্ষ সমৰ্থন কৰিবই লাগিব এনে ভাব তেওঁৰ নাছিল। যি মোকৰ্দ্দমা তেওঁ জ্ঞান-বিশ্বাসমতে অমূলক, মিছা, জাল, জুৱাচুৰি ইত্যাদি বুলি বুজিছিল, সেই মোকৰ্দ্দমাত তেওঁ উকীল নহৈছিল। সাক্ষী বাদীক মিছাই সঁচাই কথা শিকাই দি বা ছাৱাল জবাব কৈ দি মোকৰ্দ্দমা জিত কৰিবৰ চেষ্টা কৰা বিধৰ তেওঁ উকীল নাছিল। সেই গুণে তেওঁৰ সহকৰ্ম্মী উকীল বাবু মহেন্দ্ৰমোহন লাহিড়ীয়ে কয় যে, He was most honour- able in his proffession. তেওঁ ওকালতি কৰি যথেষ্ট ধন ঘটিছিল। বাবু ললিতমোহন লাহিড়ীৰ কয় যে, সত্যনাথ বৰা, কালীচৰণ সেন, মহেন্দ্ৰমোহন লাহিড়ী, উপেন্দ্ৰনাথ সেন, ইত্যাদি চহৰৰ বিশিষ্ট গণ্যমান্য উকীল সকলে প্ৰায় সমানে ওকালতী ব্যবসায়ত আয় কৰিছিল। যদিও আমাৰ মাজত ৰায় বাহাদুৰ কালীচৰণ সেনে গৱৰ্ণমেণ্টৰ উকীল হৈ থকা বাবে অলপ বেচি আয় কৰিবৰ কাৰণ আছিল। সত্যনাথে এবাৰ এটা মোকৰ্দ্দমাত ১০০০্‌ টকা বায়না পাইছিল। উকীলে বায়না লৈ মোকৰ্দ্দমা মিটমাট হলেও মোক্কেলৰ পৰা পোৱা বায়না সহজে সাধাৰণতঃ ওলোটাই নিদিয়ে। কিন্তু এবেলি কামৰূপৰ ৺নাৰায়ণচন্দ্ৰ ভট্টাচাৰ্য্য দলৈদেৱক মোকৰ্দ্দমাত হাজিৰ হব নলগীয়া হোৱাত দিয়া