পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
জীৱন-চৰিত।

কৰা হয়। দ্বিতীয় শ্ৰেণীৰ লিখকে সংস্কৃতীয়া শব্দ বাদ দিওঁ বুলি বাদ দি অসমীয়া ৰচনা লিখাৰ যত্নত থাকে। ই সকলে কয় যে, আমাৰ ভাষা অসমীয়া-সংস্কৃতীয়া হে, আমাৰ ব্যাকৰণো সংস্কৃত ব্যাকৰণৰ সম্পূৰ্ণ আৰ্হিত নহয়। যদি সোপা সোপে সংস্কৃতীয়া শব্দ ব্যৱহাৰ কৰি অসমীয়া ৰচনা লিখা গল, তেন্তে অসমীয়া ভাষা বুলি এটা আৰু বেলেগ ভাষা নৰল। ইপিনে আমি ঘৰত পুৱাৰ পৰা গধূলিলৈকে ঘৰৰ পৰিয়ালে সৈতে এক প্ৰকাৰে কোৱা মেলা কৰি জীৱন যাপন কৰিলোঁ, কিন্তু হাতত কলম লৈ মুখখন সলাই আন কোনো মানুহে কোৱাৰ দৰে আমাৰ ৰচনা লিখিলোঁ। সেইবাবে অসমীয়া ৰচনাত অসমীয়া কথাৰে অসমীয়াত্ব ৰাখিব পাৰিলে অসমীয়া লিখকৰৰ অসমীয়াত্ব অটুট থাকে। সত্যনাথ বৰা তলৰ শ্ৰেণীৰ লিখক আছিল। তেওঁৰ জীৱনৰ আগছোৱাত লিখা ৰচনাত অলপ সংস্কৃতীয়া শব্দৰ ব্যৱহাৰ আছে। কিন্তু পিচৰ ছোৱাত সাৰথি প্ৰকাশ পোৱাৰ পৰা শুদ্ধ অসমীয়াৰ বাহিৰে আন একোকে নিলিখিছিল। তেওঁ লিখা ৰীতিত ইমান শুদ্ধ অসমীয়া ভাষা যে, অসমীয়া নজনা লোকে কোৱা শুনিছো, যে ইংৰাজী ৰচনা পঢ়োতে যেনেকৈ অভিধান চাব লাগে, তেনেকৈ বৰা ডাঙ্গৰীয়াৰ ৰচনাটো হেমকোষৰ পাত নুলুতিয়ালে নহয়। ভাষাৰ এনে শুদ্ধতা, পৱিত্ৰতা আৰু স্বভাবিকতা ৰক্ষা কৰা অসমীয়া লিখক সত্যনাথ ৰচনাৰ কথায় কথায় সত্যনাথহৈ জিলিকি আছে। সত্যনাথৰ ৰচনা