মুখামুখি
"MUKHAMUKHI" A collection of exceptional short stories of Sri Montu Kumar Borthakur and Published by Ms. Anju Bora, Sarupathar, Dist. Golaghat, Assam. 1st Edition, January, 2014 Price 110.00 only
প্রকাশকঃ
শ্ৰীমতী অঞ্জু বৰা
সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ, বৰপথাৰ মহাবিদ্যালয়
স্থায়ী ঠিকনাঃ
কুশল নগৰ
সৰুপথাৰ, গােলাঘাট (অসম)
প্রথম প্রকাশঃ
জানুৱাৰী, ২০১৪ খ্রীষ্টাব্দ
© লিখক
প্রচ্ছদঃ স্বৰূপ নন্দন বৰা
মূল্যঃ ১১০.০০ (এশ দহ) টকা।
ডি.টি.পিঃ
শ্ৰী সিদ্ধার্থ সেন (নিজু)
মুদ্রকঃ
ধনশিৰি অফ্চেট প্ৰেছ, সৰুপথাৰ
⸻⸻⸻⸻⸻
অৰ্পণ
মোৰ জীয়ৰী দিশা
আৰু
গল্পপ্ৰেমী পাঠক সমাজৰ হাতত
মোৰ এই গল্প-সংকলনটি অৰ্পণ কৰিলো।
মন্টু কুমাৰ বৰঠাকুৰ
প্ৰকাশকৰ একাষাৰ
গল্পকাৰ মন্টু কুমাৰ বৰঠাকুৰৰ চুটিগল্প “স্কে’লৰ দৈৰ্ঘ্য” প্ৰথম পঢ়িবলৈ পাইছিলো মহাবিদ্যালয়ৰ আলোচনীৰ পৃষ্ঠাত। গল্পটিত উৎকৃষ্ট চুটিগল্প এটিত থাকিবলগীয়া সকলো উপাদানেই থকাৰ উমান পাই গল্পটি প্ৰতিযোগিতাৰ বাবে পঠাবলৈ অনুৰোধ জনাইছিলোঁ। পাছত ঠিক “স্কেলৰ দৈৰ্ঘ্য”ৰ দৰেই আন কেইবাটিও চুটিগল্পই জিলা ভিত্তিত আৰু অসম ভিত্তিত পুৰস্কাৰ পোৱাত গল্পসমূহ পুথিৰ আকাৰত প্ৰকাশ কৰিবলৈ তেওঁ উৎসাহ বোধ কৰিলে নিশ্চয়।
বাস্তৱ মানেই সত্য। তাক আওকাণ কৰাৰ সাহস কাৰোৰে নাই। এই সত্যৰ ভেটিতে গঢ় লৈ উঠিছে বৰ্তমানৰ সকলোবোৰ সাহিত্য। চুটিগল্প সাম্প্ৰতিক ধাৰাটোও তাৰ ব্যতিক্ৰম নহয়। বাস্তৱৰ মুখামুখি হ'লেহে বাস্তৱক বুজিব পাৰি। লগতে, লেখা কথাটোও সম্ভৱ হৈ উঠে। গল্পকাৰ বৰঠাকুৰে লিখি উলিয়াইছে বাস্তৱ সমাজৰ প্ৰতিচ্ছবিৰে কেইবাটিও আধুনিক চুটিগল্প, য'ত প্ৰতিফলিত হৈছে আমাৰ ওচৰ-পাজৰৰ তথাকথিত শিক্ষিত সমাজখন।
আধুনিক চুটিগল্প এটি নিৰ্মাণ শৈলীৰ আটাইতকৈ দৰকাৰী কথাটোৱেই হৈছে গল্পটিৰ ‘ৰিপ্ৰেজেনটেশ্চন’ত থকা ‘টেকনিক’ বা কলা-কৌশল। গল্পকাৰ বৰঠাকুৰৰ আটাইতকৈ আকৰ্ষণীয় কথাটো লুকাই আছে তাতেই ...।
‘সমীকৰণ’, নাট্যপ্ৰেমী’ আদি সকলো গল্পতে ঘটিছে লেখকৰ বুদ্ধিদীপ্ত চিন্তাৰ প্ৰকাশ। “মিতেৰ’ৰ দেশত” গল্পটিত ভ্ৰমণ কাহিনীৰ সমলে আৰু সুকীয়া উপস্থাপনেৰে প্ৰকাশ পাইছে এক অনন্য কথনভঙ্গী।
বহুজন চুটিগল্পকাৰৰ চুটিগল্পত থকাৰ দৰে মাটিৰ গোন্ধ বিচাৰি নাপালেও বৰঠাকুৰৰ প্ৰত্যেকটি গল্পৰ মাজতেই আছে পাঠকক ভৱাই তুলিব পৰাকৈ ভিন্নস্বাদৰ বহু সমল।
লেখাৰ উৎকৃষ্টতাৰ বিচাৰক পাঠক সমাজহে। প্ৰকাশক নহয়। আমি নিমিত্তহে মাত্ৰ। আশা ৰাখিছো, গল্পকাৰৰ চিন্তা-চেতনাই পঢ়ুৱৈৰ সমাজত যথোপযুক্ত সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব।
প্ৰকাশক
অঞ্জু বৰা
১ ডিচেম্বৰ, ২০১৩
গোলাঘাট
মোৰ ক'বলগীয়া
ইংৰাজীত কয় Facts are stranger than fiction. কিন্তু মই ভাৱো Facts are much more entertaining than fiction. এই সংকলনত প্ৰকাশ পোৱা প্ৰতিটো গল্পই কয় মাথো সঁচা বাস্তৱৰ কাহিনী। অৱশ্যে, সঁচা বাস্তৱৰ সৎ-চিত্ৰ এখন অংকন কৰিবলৈ যাওঁতে জীৱিত বা মৃত কোনো কোনো ব্যক্তিৰ লগত আমাৰ দ্বাৰা অংকিত চৰিত্ৰ সমূহৰ কোনো কোনো ক্ষেত্ৰত মিল ঘটিবও পাৰে। কিন্তু এনে মিল হব আকস্মিক আৰু অনিচ্ছাকৃত। আন কথাত ই হ’ব সম্পূৰ্ণ নাটকীয়।
গোলাঘাট জিলা সাহিত্য সভাই ইতিমধ্যে মোৰ দুটি গল্প “মুখামুখি” আৰু “মিতেৰৰ দেশত”ক ক্ৰমে ২০১০ আৰু ২০১২ চনত শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা দিয়াত মোৰ আত্মবিশ্বাস বৃদ্ধি পায়। তদুপৰি, ২০১০ চনত দেৰগাঁৱৰ মাহেকীয়া কাকত “প্ৰত্যুষ” গোষ্ঠীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা এক গল্প প্ৰতিযোগিতাত মোৰ “স্কে’লৰ দৈৰ্ঘ্য” নামৰ গল্পটিয়ে শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা লাভ কৰাত আৰু ২০১৩ চনত সৰুপথাৰৰ ছেৱাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যে সদৌ অসম ভিত্তিত আয়োজন কৰা গল্প প্ৰতিযোগিতাত মোৰ “নাট্যপ্ৰেমী” গল্পটিয়ে দ্বিতীয় শ্ৰেষ্ঠ গল্পৰ মৰ্যাদা লাভ কৰাত মোৰ গল্প সমূহৰ এটি সংকলন উলিয়াবৰ বাবে মোৰ শুভাকাংক্ষী আৰু বন্ধুমহলৰ দাবী আৰু হেঁচা ক্ৰমাত বৃদ্ধি পাবলৈ ধৰে। লগতে, নিজৰ লেখাসমূহ হেৰাই নোযোৱাকৈ সংৰক্ষণ কৰি থোৱাৰ এক প্ৰবল আকাংক্ষাইয়ো গল্পখিনি প্ৰকাশ কৰাত প্ৰচুৰ ইন্ধন যোগায়।
গল্পখিনি প্ৰকাশৰ বিষয়ে আলোচনা কৰোতেই সৰুপথাৰৰ শ্ৰীমতী অঞ্জু বৰা বাইদেৱে ততালিকে নিজেই গল্পখিনিৰ মাজৰ নিৰ্বাচিত সংখ্যক গল্পৰ এটি সংকলন প্ৰকাশ কৰাৰ দায়িত্ব কান্ধ পাতি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছত আৰু পিছলৈ উভতি চোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ'ল। তেখেতলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। লগতে বৰপথাৰৰ নলিনী প্ৰিন্টাৰ্চৰ স্বত্বাধিকাৰী শ্ৰীসিদ্ধাৰ্থ সেন আৰু সৰুপথাৰৰ ধনশৰি অফ্চেট প্ৰেছৰ স্বত্বাধিকাৰীলৈয়ো মোৰ ধন্যবাদ জ্ঞাপন কৰিলো।
মণ্টু কুমাৰ বৰঠাকুৰ
দূৰভাষ - ৯৯৫৪৫ ৭৯১৯০
[ ৭ ]
গল্পসূচী⸻⸻⸻⸻⸻
মুখামুখি ১-১৭
স্কেলৰ দৈৰ্ঘ্য ১৮-২৪
সমীকৰণ ২৫-৩৫
মিতেৰ’ৰ দেশত ৩৬-৬২
ঠিকনা ৬৩-৮৩
মাধ্যাকৰ্ষণ ৮৪-১০০
নাট্যপ্ৰেমী ১০১-১১৪
আত্মশুদ্ধি ১১৫-১২৮
মুখামুখি
কলমটো বন্ধ কৰি টি-ভিটো অন কৰি দিলো।
“এগৰাকী অসমীয়া লেখিকা হিচাপে আপুনি নিজক লৈ গৌৰৱ কৰেনে?”
বিশিষ্ট লেখিকা গৰাকীৰ প্ৰতি বৰগোহাঞিদেৱৰ পোনপটিয়া প্ৰশ্ন।
তেওঁৰ উত্তৰটো আৰম্ভ হওঁতেই স্ক্ৰীনত জিলিকি উঠিল বৰগোহাঞিদেৱ আৰু বিশিষ্ট লেখিকা গৰাকীৰ এক নাটকীয় পজৰ ক্ল’জআপ ফ’টো।
“মুখামুখি”। চাওঁক সন্ধিয়া ৮-৩০ ত।
পিছ মুহূৰ্ততে আৰম্ভ হ’ল বাণিজ্যিক বিৰতি। স্বল্প-বস্ত্ৰা যুৱতী কেই গৰাকীমানে সাগৰৰ বালিত হেণ্ডবল খেলিছে। কোনোবা সুগন্ধীৰ বিজ্ঞাপন! থিকেই, Passport.
তাৰ পিছতেই আহিল গভীৰ আলিঙ্গনাবদ্ধ এহাল পুৰুষ-মহিলা। Musly Power Extra নামৰ পুৰুষত্ব বৰ্ধক ঔষধ এবিধৰ বিজ্ঞাপন।
থিক লগেলগেই আহিল Prega News নামৰ গৰ্ভ-নিৰ্ধাৰক আহিলা এবিধৰ বিজ্ঞাপন। তাৰ পিছতেই আহিল দ্ৰয়িং ৰূম এটাত কেইগৰাকীমান মহিলাৰ ৰসাল বাৰ্তালাপ। সেইয়া আছিল আক’ গৰ্ভনিৰোধক আহিলা এবিধৰ বিজ্ঞাপন! তাৰ পিছত আহিল ৰাহুল গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজ,ৰ’জ ভেলী ফাইনেন্স্।
এক ব্ৰেকিং নিউজ !
ম’বাইল প্ৰেমৰ পৰিণতি। বিবাহিত যুৱকৰ প্ৰতাৰণা। প্ৰতাৰণাৰ বলি এগৰাকী ষোড়শী গাভৰু। থানাত গোচৰ ৰুজু। সবিশেষ সন্ধিয়া ৭ ত।
কি যে ব্ৰেকিং নিউজ !
আজিকালিতো এইবোৰ অতি সাধাৰণ কথা। বহুতৰে জীৱনত ঘটে এইবোৰ ঘটনা। তাকে কোনোবাই কৈ দিয়ে আৰু কোনোবাই নকয়। ঢাকি ঢুকি থৈ দিয়ে। নিজৰ সন্মানটো বচায়। নিজৰ লেতেৰা কাপোৰনো কোনোবাই ৰাজহুৱাকৈ ধোৱেনে?
[ ৯ ]
পিছে, আজিকালি হ’ল মিডিয়াৰ যুগ। দেশত শতাধিক নিউজ চ্যেনেল! আলিয়ে-গলিয়ে সংবাদদাতা পিন পিনাই ফুৰে। কিন্তু এখন তৃতীয় বিশ্বৰ দেশত ক’ৰপৰানো ইমানকৈ ব্ৰেকিং-নিউজবোৰ ওলাই থাকিব? গতিকে কাৰোবাৰ ঘৰত মেকুৰী পোৱালীয়ে কুকুৰৰ গাখীৰ খালেও হয় এটা ব্ৰেকিং নিউজ। একেজোপা গছৰে দুথোকা কল ওলালেও হয় এটা ব্ৰেকিং নিউজ। কোনোবা দুৰন্ত তৰুণে বাৰ্ধক্যক বুঢ়া আঙুলি দেখুৱাই, দোলাত উঠি গৈ হলেও কোনো বিজ্ঞাপনৰ চুটিং কৰিলেও হয় এটা ব্ৰেকিং নিউজ! কি কৰিব? উপায়তো নাই। সকলোৰে নিজৰ নিজৰ প্ৰফেচন। জীৱিকা।
কিন্তু এটা প্ৰশ্ন হয়, কিয় প্ৰচাৰ কৰে এইবোৰ নিউজ? গণ-সচেতনতা সৃষ্টি, নে নিউজৰ অভাৱ?
যদি গণ-সচেতনতা সৃষ্টিয়েই উদ্দেশ্য হয়, তেতিয়াও এটা প্ৰশ্নৰ অৱকাশ থাকি যায়, সচেতন হৈছে জানো মানুহ? সচেতন হৈছে জানো সমাজ? আৰু আমিবোৰ? (মানে আমাৰ শিক্ষিত সমাজখন)
এতিয়া, এই ম'বাইল ফোনটোৱেই!
বাটে-ঘাটে, টি-ভিয়ে চিনেমাই কিমান কোম্পানীৰ কিমান বিজ্ঞাপন! কিমান যে অফাৰ! বাটে-পথে, কলেজে-কেণ্টিনে দেখো কাণত ম'বাইল ফোনটো লগাই লৈ নিৰৱছিন্ন বাৰ্তালাপত মচগুল যুৱক-যুৱতীসকল। কেতিয়াবাতো ৰাস্তাৰ একেবাৰে সোঁ-মাজেদিয়েই ফোনত কথা পাতি গৈ থাকে। হৰ্ণ দিলেও চাইড নিদিয়ে। ক’ত আছে, কি কৰি আছে একো খেয়ালেই নাথাকে। আচৰিত !
কাৰ লগত ইমান কথা ? কিনো ইমান দৰ্কাৰী কথা ?
হঠাৎ এটা দুৰ্ঘটনা হলে কি হ’ব?
প্ৰায়ে দেখো কান্ধত ফোনটো লৈ, মূৰটো বেকা কৰি চেলটো ধৰি থাকিয়েই বাৰ্তালাপ কৰি কৰি জোৰত বাইক চলাই যোৱা যুৱক কিছুমান। স্কুটি চলাই ঘুৰি ফুৰা যুৱতী কেইগৰাকীমানো এইক্ষেত্ৰত পিছ পৰি থকা নাই।
আৰে’, হঠাৎ যদি কিবা এটা হৈ যায়, নিজেতো মৰিবই, আনকো নামাৰিবনে ইহঁতে?
ইহঁতৰ ইমাননো কাণ্ডজ্ঞান নাইনে?
ভয়টো লাগে মোৰহে।[ ১০ ] কালি আবেলি ইয়াৰে টি-স্টল এখনত সোমাইছিলো। ভাৱিলো, চাহ একাপ খাওঁ। কেতিয়াবা মন যায় দিয়কচোন।
নাই, খালী চিট এটাও নাই। কেইবাখনো টেবুলৰ সন্মুখত চাহ-মিঠা লৈও ম’বাইল ফোনত বাৰ্তালাপত মচ্গুল হৈ থকা কেইবাজনো যুৱক। লগতে যুৱতীও!
ইহঁতৰ মাক-দেউতাকসকলে বাৰু ইহঁতৰ খবৰ খাতি নাৰাখে নেকি? নে, এৰি দিছে? চাহ চেঁচা হৈ গৈছে। মিঠাইত হয়তো মাখিয়ে ভোজ পাতিছে। তথাপি খেয়াল নাই। খালি কথা, কথা আৰু কথা!
পাণ দোকান এখনত আৰি থোৱা বিজ্ঞাপন এখনত চকু পৰিল। এক চেকেণ্ডত মাত্ৰ এক পইচা! এতিয়া কেৱল কথা পাতক। কেৱল কথা! (মানে, বাকী চিন্তা বাদ দিয়ক)। ওচৰতে বেলেগ এখন বিজ্ঞাপন। কোনোবা এটা কোম্পানীৰ নেটৱৰ্কৰ ৰাতি সকলো কল ফ্ৰী। লগতে এগৰাকী স্বল্পবস্ত্ৰা মডেলৰ যৌন-উত্তেজক ভঙ্গীমাৰ ছবি। ভালকৈ মন কৰাত দেখিলো কোনোবা ৰসজ্ঞই “কল” শব্দটো কাটি “কাম” কৰি থৈছে। অৰ্থটো কি হ’ল?
নাচাওঁ বুলিলেও আপোনাৰ চকু যাব। নাহাঁহো বুলিলেও আপোনাৰ হাঁহি উঠিব। কি ৰসবোধ আজিৰ যুৱসমাজৰ!
থিক ৯ মান বজাৰ পৰা ১ মান বজাৰ ভিতৰত যিকোনো এখন নগৰৰে কলেজ ৰ'ড এটায়েদি আপুনি শান্তিৰে যাব নোৱাৰে। দেখিব কাণত ম'বাইল ফোন লগাই কথা পাতি পাতি গৈ থকা জাক জাক ছোৱালী। চাইডেই নিদিয়ে। কাৰ লগত ইমান কথা? কিনো ইমান দৰ্কাৰী কথা?
কিন্তু, বহুত কথা। আকাশত যিমান তৰা আছে সিমান। সাগৰত যিমান পানী আছে সিমান!
অ' নহয় নহয়। তাতোতকৈয়ো বেছি।
“ওঁ.. ওঁ ওঁহো...নহ’ব.... সঁচা? বাদ দিয়া... মিছা কথা নক’বা দেই ...বাৰু হ’ব.... থিক আছে বাবা... মা কচম... বিশ্বাস কৰা।”
এই জাতীয় হাজাৰটা শব্দ-শব্দাংশ, বাক্য-বাক্যাংশ উফৰি আহি আপোনাৰ কাণত পৰিবহি। বাকীখিনি আপুনি অনুমান কৰি লওঁক আৰু। কথাত তেওঁলোক ইমানেই মচগুল হৈ থাকে যে লগত আহি থকা বান্ধৱীজনীৰ প্ৰতিও কোনো খেয়াল নাৰাখে। বাটত যদি এজনী থাকিও আহিছে, ক’ব নোৱাৰে। [ ১১ ] মচ্গুল দুৰ-দুৰণীৰ কোনোবা এজন বা এগৰাকীৰ লগতহে।
কোন তেওঁ?
ভাৱি কাম নাই। সময়ত ওলাবই। ব্ৰেকিং নিউজ ওলাবই। খালি টি-ভিটো চাই থাকিব। এতিয়া এইবোৰ কথা অযথা চিন্তা কৰি মূৰ গৰম কৰিবৰ দৰ্কাৰ নাই। নে কি কয়?
সিদিনা কি হ’ল জানে? আমাৰ ক’লনীৰে বন্ধু এজনক তেওঁৰ বৰপুত্ৰই ৰাতিপুৱাই কেইবাটাও টান টান কথা শুনাইছে। কথাটো কি? কাণ উনালো। বাইক এখন লাগে। স্ক্ৰিন-টাচ্চ হেণ্ডচেট এটা লাগে। তাৰ লগৰ সকলোৰে আছে, তাৰহে নাই। তাৰোতো এটা প্ৰেষ্টিজ আছে। এই সৰু কথাটো তাৰ দেউতাকে নুবুজে কিয়? নে নুবুজাৰ ভাও ধৰিছে?
সবল যুক্তি। কিন্তু বন্ধুৱে হঠাৎ ইমান টকা পায় ক’ত?
“কিয়, পাৰ্চনেল ল’ন এটা ল’ব নোৱাৰে?”
এৰা। বন্ধুৱে হেনো কথাটো ভৱাই নাছিল। সহজ সৰল মানুহ। চিধা কথাৰ মানুহ ! কিন্তু পুতেকেতো ভাৱিলে!
কিন্তু স্কুল কলেজবোৰততো ম'বাইল ফোন নিষিদ্ধ। আমাৰ কলেজতো ম'বাইল ফোন নিষিদ্ধ কৰি অধ্যক্ষই জাৰি কৰা জাননী এখনে নটিচ বৰ্ডত শোভা কৰি আছে। কিন্তু নাই, কোনো কাম নাই। নটিচখন দিছেনে? দিছে। হ’ব।
ক্লাছ ৰূমলৈ যাওঁতে আমি অৱশ্যে আমাৰ চেলবোৰ চাইলেণ্ট কৰি লওঁ। নহলে দেখোন বেজৰ নাকতে খৰ !
তথাপিও কেতিয়াবা দিন কাল বেয়া থাকিলে কাৰোবাৰ চেলৰ ৰিংট'নটো হঠাৎ বাজি উঠে। সংশ্লিষ্টজনে বা গৰাকীয়ে দোষী দোষী ভাৱ এটা দেখুৱায়। অৱশ্যে ক্লাছৰূমৰ ডেক’ৰাম ভঙ্গ কৰাৰ বাবে এনে কৰে যেন নালাগে। এনে লাগে, সিমুৰত থকাজনক বা গৰাকীক কোনো খবৰ খাতি নিদিয়াকৈ ইমান সময় নষ্ট কৰি ক্লাছত বহি থকাৰ বাবেহে তেওঁ দোষী অনুভৱ কৰিছে।
“ই-মা-ন দেৰি কল কৰা নাই। ই-মা-আ-নে-ই ব্যস্ততানে? ইমান দেৰি ধৈৰ্য্য ধৰি থাকিব পাৰি নেকি? নুবুজা কিয়? তুমি ই-মা-নে-ই নিষ্ঠুৰ! ভৱা নাছিলো দেই। তুমি মোক কোনদিনা বুজিবলৈ চেষ্টা কৰিবা বাৰু?”
“বুজিছো বাবা, বুজিছো। চৰি, বেয়া নাপাবা। মা—কচম! মাইণ্ড নকৰিবা, [ ১২ ] প্লি-ই-জ।”
হাঁহিছে? কিন্তু হাঁহিবলগীয়া কথা একেবাৰেই নহয়। আচলতে আমি কান্দিবহে লাগে।
পৰীক্ষাসমূহ আৰম্ভ হোৱাৰ আগে আগে অধ্যক্ষ মহোদয়ে আৰম্ভ কৰিবলগীয়া হয় “অপাৰেচন ম'বাইল ফোন”! অবাধ্য ছাত্ৰ-ছাত্ৰীৰ ম'বাইল ফোন জব্দ। অন্যথা, পৰীক্ষা গৃহৰ পৰা বহিস্কাৰ। ইমান কঠোৰ ব্যৱস্থা! কিন্তু কিয়?
ছাত্ৰ-ছাত্ৰীবোৰে নিজে কি নাজানে?
জানে। কিন্তু বে-পৰোৱা।
মই ভাৱো অসম আন্দোলনটোৰ পিছৰ পৰাই আমাৰ ছাত্ৰ-ছাত্ৰীসকল বে-পৰোৱা হ'ল। আৰু ইয়াৰ কুফল আজি ভোগ কৰি আছো আমি, আমি শিক্ষক সমাজে । লগতে, আমাৰ অভিভাৱকসকলেও । এতিয়া আৰু এওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰাতো অসম্ভৱ। কোনোৱাই এনে দুঃসাহস কৰিলে মৰিলে আৰু। মাজে মাজে নিউজ একোটা পাওঁ, কোনোবা শিক্ষক ছাত্ৰৰ হাতত হেনো প্ৰহৃতও হয়। মনতে ভাৱো এইবাৰ নিশ্চয় হুলস্থুল এটা হ’ব। নাই। কতো একো হুলস্থুল নহয়। নিউজ ওলাল। ৰাইজে পঢ়িলে বা চালে আৰু পাহৰিলে বা বাদ দিলে আৰু নিজৰ কামত লাগিল। এনেকুৱাই যদি দেশৰ পৰিৱেশ-পৰিস্থিতি হয় কোনেনো বাৰু নলগা জেঙত লাগিবলৈ গৈ নিজৰ মান-সন্মান হেৰুৱাব? কোনো ব্ৰেকিং নিউজৰ আইটেম হ’বলৈ কোননো আগবাঢ়িব? মাজে মাজে দুই এজনে অৱশ্যে সহ্য কৰিব নোৱাৰি “ৰিস্ক” একোটা লয়। ফলাফল কি হয়? ৰাজহুৱা স্থানতে তেওঁ হয় ছাত্ৰৰ দ্বাৰা প্ৰহৃত। তেওঁৰ চিনাকি মানুহবোৰৰ হৈ পৰে অচিনাকি, নহ'লে হৈ পৰে অন্তৰ্ধান! ইপিনে আক’ সমগ্ৰ দৃশ্য হয় কেমেৰাত বন্দী। সবিশেষ সন্ধিয়া ৭ ত। বঢ়িয়া! চাই থাকক আৰু চোফাত বহিলৈ।
এইবোৰ কথা কি সহ্য কৰিব পাৰি? কেতিয়াবা এনেকুৱা লাগে মানে....
“মুখৰ ভিতৰতে কি নো ভোৰ ভোৰাই আছে? কোনেনো কি কৰিলে আপোনাক?”
হঠাৎ এওঁৰ তিৰ্য্যকভৰা কথাষাৰ শুনি সঁচকিত হৈ উঠিলো। এওঁ মানে কেতিয়া কি মন্তব্য দিয়ে একো ধৰিবই নোৱাৰি।
[ ১৩ ]
এবাৰতো, মই অকলে অকলে কথা পাতি থাকো বুলি মাকৰ ঘৰত ক’লেগৈ। অৰ্থটো কি হ’লগৈ? তাৰ পিছৰ দিনবোৰত মোৰ কি অৱস্থা হৈছিল কি কম, কি শুনিব! বাৰু বাদ দিয়ক এইবোৰ কথা। হোৱা কথা হৈ গ’ল আৰু। বৰা চাৰে মোক বুজায়, “পাষ্ট ইজ পাষ্ট, লিইভ ইট”। হয়তো তেখেতে
থিকেই কয়।
“অ’ সীমান্ত শেখৰ দেখোন। চেইঞ্জ নকৰিব দেই। কি গান গায় শুনিব লাগিব। ....বহি নলয়নো কিয়? থিয়ৈ থিয়ৈনো কি কৰিছে? বহি লওঁক...ওঁ চাহ লওঁক।”
এৰা, বহিয়েই ল'ব পাৰিলোহেঁতেন। পাহৰিয়েই আছিলো।
চাহৰ কাপটো লৈ চকীখনত গা-টো এৰি দিলো।
“সন্ধিয়াৰ গান”চলি আছে। তাৰমানে ইমান দেৰি কথাটো মই মনেই কৰা নাছিলো। হঠাৎ সচেতন হ’লো। মোৰ অৱস্থাটো এওঁ বুজিব পাৰিলে কি মন্তব্য দিব থিক নাই। সহজ হ’বলৈ চেষ্টা কৰি এওঁলৈ চাই হাঁহি এটা মাৰিলো।
“হাঁহিলে যে?”
এৰা, থিকেই। হাঁহিলো যে। কিয়?
কাৰণ এটাতো ক’বই লাগিব। নহ'লে এওঁ কি ভাবিব কি থিক! “নাই, এনেয়ে” বুলি এবাৰ কিবা এটা কথাত কৈ চাইছিলো। এওঁ পিছে যিটোহে মন্তব্য দিলে, শুনি মোৰ পেটতে হাত-ভৰি লুকাল। এনেয়ে বোলে পাগলেহে হাঁহে! সঁচা?
হ’ব পাৰে।
কি কওঁ, কি কওঁ, কি কওঁ?
ৰ’বা, পাইছো। দিওঁ তোমাকো এখোচ্!
“তোমাক আজি ইমান ধুনীয়া লাগিছে, কি ঘঁহিছা?”
মাইকী মানুহৰ প্ৰধান দুৰ্বলতা কি মই জানো। ইহঁতক মূৰ্খ বুলি ক'লেও বেয়া নাপায় যদিহে আপুনি ইহঁতক ধুনীয়া বুলি কয়। আচৰিত!
গতিকে এইপাট অস্ত্ৰকে অব্যৰ্থ বুলি ভাৱি নিক্ষেপ কৰিলো। এইবাৰ এওঁ নিশ্চয় ধৰাশায়ী হ’বই হ’ব। এওঁ মোক কি বুলি ভাৱে হাঃ। অঁকৰা পাইছে?
নিজৰ উপস্থিত বুদ্ধিৰ বাবে নিজকে নিজেই শলাগিলো।
অৱশ্যে ইয়াতো ৰিস্ক নথকা নহয়। এওঁৰ ৰূপ-সৌন্দৰ্য্যৰ বিষয়ে মই [ ১৪ ] কি ভাৱো এওঁৰ হেনো জানিবলৈ, বুজিবলৈ বাকী নাই।
এইবোৰ অৱশ্যে কথাৰ মাজত ওলোৱা কথা। মই ধৰিব পাৰিলো। পিছে, বিপদত পৰি উপায় নাপাইহে সেইপাট অস্ত্ৰকে আকস্মিকভাৱে নিক্ষেপ কৰিবলগীয়া হ’ল। চাওঁচোন বাৰু ক'ৰ পানী ক'লৈ যায়।
নাহাঁহো বুলিও এওঁ অলপ হঁহাৰ দৰে কৰিলে। অৱশ্যে, আত্মতৃপ্তিত নিশ্চয় নহয়। মোৰ নিৰূপায় অৱস্থাটো লক্ষ্য কৰিহে চাগে। মই জানো। হয়তো দেবা ন জানন্তি, কিন্তু বৰঠাকুৰ জানন্তি।
সীমান্ত শেখৰৰ ৰোমান্টিক গানত অৱশ্যে মনটো বহুৱাব নোৱাৰিলো।
স্ক্ৰিনৰ তলৰ অংশত বাৰে বাৰে জিলিকি উঠিছে, ...কামিং আপ,মবাইল প্ৰেমৰ পৰিণতি... বিবাহিত যুৱকৰ প্ৰতাৰণা ....প্ৰতাৰণাৰ বলি এগৰাকী ষোড়শী গাভৰু .... থানাত গোচৰ ৰুজু .. সবিশেষ সন্ধিয়া ৭ ত।
হঠাৎ মোৰ চেলটোৰ ৰিংটনটো বাজি উঠিল। চাহকাপ হাতত লৈয়েই উঠি গ’লো।
কাৰ কল?
নাই, অফ্ হৈ গ'ল।
ডিচ্প্লেত দেখিলো তিনিটা মিচড্ কল।
কাৰ মিচ্কল ইমানবোৰ? নাম্বাৰটোও অচিনাকি।
চালা, কাম নাই। মুৰ্খসব !
এইবাৰ আহিল অন্য এটা ব্ৰেকিং নিউজ।
মহানগৰীৰে এখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ম'বাইল ফোনলৈ আহিল এটা অশ্লীল মেচেজ। ছাত্ৰীগৰাকীৰ ককায়েকৰ দ্বাৰা (ককায়েক?) যুৱক প্ৰহৃত। মহাবিদ্যালয়ত উত্তেজনা। আৰক্ষী মোতায়েন। সবিশেষ সন্ধিয়া ৭ত।
উস! কি হৈছে এইবোৰ? বন্ধই কৰি থওঁ নেকি টি ভিটো ?
নুঠক বুলি ভাবিলেও খংটো উঠি আহে। খালি গণ্ডগোলৰ খবৰ !
আৰু যত গণ্ডগোলৰ মূল হ’ল এই ম'বাইল ফোনবোৰ। কি বস্তুতো ওলাল !
কেতিয়াবা মানে মোৰ খঙো উঠে, দুখো লাগে, চিন্তাও হয়। অৱশ্যে কেতিয়াবা এনেও লাগে, থিকেই হৈছে। হ’বহে লাগে ইহঁতৰ। তেতিয়াহে [ ১৫ ] যদি অলপ জ্ঞান-উপলব্ধি হয় ইহঁতৰ।
৭ বাজিলেই। নিউজ আৰম্ভ।
সাংঘাতিক সাংঘাতিক নিউজ! একোটা নিউজ দিয়াৰ পিছতেই আক’ আৰম্ভ হয় বিজ্ঞাপন।
অনিডা টি ভি, ম'বাইল, নকিয়া, জি-ফাইভ, আইডিয়া, এডিক্শ্বন, পাচপৰ্ট, প্ৰেগানিউজ, কেচুঁৱাৰ টিকাকৰণ, ডিলাক্স গৰ্ভনিৰোধক আহিলা আদিৰ মাজে মাজে সৰকি আহি থাকিল কেইবাটাও সাংঘাতিক সাংঘাতিক নিউজ। ইন্ধনৰ দাম বাঢ়িছে, লগতে বাঢ়িছে দাম খাদ্য-দ্ৰব্যৰ। ইপিনে খাদ্য নিগমৰ গুডামত পঁচিছে চাউল, ডাইল, চেনী। ৰদৰ দাম বাঢ়িছে, দাম বাঢ়িছে চিমেণ্টৰ। উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী ওলাইছে। নদীবান্ধ সম্পৰ্কে অখিল গগৈয়ে কি ক'লে, মন্ত্ৰী জয়ৰাম ৰমেশে কি ক’লে, মুখ্যমন্ত্ৰীয়ে কি স্থিতি গ্ৰহণ কৰিছে। দিল্লীৰ পতিতালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে কেইগৰাকীমান অসমীয়া যুৱতী। দালাল ধৃত। ওচৰতে চুণীৰে মুখ ঢাকি শাৰী পাতি ৰৈ আছে উদ্ধাৰ হোৱা যুৱতী কেইগৰাকী। আকৌ আহিল ডিলাক্স নিৰোধ, আইডিয়া, প্ৰেগা নিউজ.....।
উঠি গ’লো।
বহুত দেৰিৰ পৰা ইউৰিনেললৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আছিলো। বিজ্ঞাপনবোৰ শেষ হয় মানে আহি পামহি। আফ্টাৰ দি ব্ৰেক!
ইউৰিনেলত থাকোতেই শুনিলো মোৰ চেলটো বাজি আছে। চাল্লা, ইডিয়ট। খং উঠাৰ লগতে মোৰ হাঁহি এটাও উঠিল।
পুৱাৰ পৰা সন্ধিয়ালৈকে ম'বাইল ফোনটোকে গালি পাৰি থাকো, অথচ এৰিবও নোৱাৰো। থিক যেন.....।
বাৰু হ’ব। থওঁক এইবোৰ কথা। কিছুমান কামৰ সময়ত মুখ মেলি থাকিব নাপায়।
তথাপিও দেখিলো মই হাঁহি আছো।
পিছে দাঁত কামুৰি ধৰি হাঁহিটো বন্ধ কৰি ল’লো। এওঁৰ সমুখত হাঁহি হাঁহি ওলাবগৈ নোৱাৰি। কিবাহে ভাৱিব। অৱশ্যে এইটোও থিক যে এওঁৰ গহীন মুখখন দেখিলে মোৰ হাঁহি আপোনা আপুনি বন্ধ হৈ যায়। আনৰো এনেকুৱাই হয় বা হ'ব বুলি ভাৱিবলৈ মই ভাল পাওঁ। [ ১৬ ] “এগৰাকী অসমীয়া লেখিকা হিচাপে আপুনি নিজক লৈ গৌৰৱ কৰে নে?”- আকৌ বৰগোহাঞি।
দেখাতেই আঁজলী যেন লগা এজনী যুৱতীয়ে হাতৰ তলুৱাৰে মুখ ঢাকি উচুপি আছে। যেতিয়াই তেওঁ মুখখন ডাঙিছে তেতিয়াই মুখখন কম্পিউটাৰাইজড্ কৰি ঢাকি দিছে। তেওঁক আগুৰি ধৰি আছে কিছুসংখ্য ৰাইজ আৰু আৰক্ষীৰ লোক। কেমেৰাৰ সমুখত এইবাৰ যুৱতীয়ে মুখ খুলিলে, “সি বিয়া পতা বুলি সি মোক আগতে এবাৰো কোৱা নাছিল...। টাউনত তাৰ ডাঙৰ দোকান আছে বুলিহে কৈছিল। তাক মই ইমান বিশ্বাস কৰিছিলো। বিয়া পাতিম বুলি পলুৱাই নি গুৱাহাটীৰ এখন হোটেলত সি মোক তিনিদিন.... (এইখিনিতে আঁজলী যুৱতী গৰাকীয়ে হুক্হুকাই এসোঁতা কান্দিলে)।
“সি বিয়া পতা বুলি তুমি কেতিয়া আৰু কেনেকৈ গম পালা?” - সংবাদদাতা চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন।
“তাৰ ঘৈনিয়েকে হেনো কথাবোৰ গম পাই থানাত কে’চ দিলে। তাৰ পিছত হোটেলৰ পৰাই পুলিচে আমাক......”
চাল্লা ইডিয়ত! প্ৰেম কৰ!
পঢ়া-শুনা নাই, সাহিত্য-সংগীতৰ চৰ্চা নাই, খেলা-ধূলাৰ নাম নাই, নিজক প্ৰতিষ্ঠা কৰাৰ চিন্তা নাই। ঘৰত দম-ভাবুকি দি ম’বাইল ফোন কিন। পিছে তাৰতো আৰু অন্য কাম নাই। খালি কথা পতাহে। কথানো আৰু কিমান ওলাব! অলপ আবোল-তাবোল বলকাৰ পিছতে দে প্ৰেমৰ প্ৰস্তাৱ।
কিমাননো আৰু দূৰে দূৰে থাকি প্ৰেম কৰি থাকিবা, আহা ওচৰলৈ।
ভয় নাই, মই আছো।
ইমাননো বিশ্বাস নাইনে মোৰ ওপৰত? ইমানেই যদি ভয়, আগবাঢ়িছিলা কিয়?
মানিছো আৰু দেই, আচৰিত।
এইবোৰেই আৰু। তাৰ পিছৰখিনি হ’ব ব্ৰেকিং নিউজ। সমগ্ৰ দৃশ্য হ'ব কেমেৰাত বন্দী। এক্সক্লচিভ ফুটেজ। সবিশেষ সন্ধিয়া ৭ত। তাৰ পিছত চাই থাকক আৰু চোফাত বহি লৈ! বঢ়িয়া।
ফোট-সেন্দুৰ লৈ অহা ছাত্ৰী কিছুমান আমিও দেখা পাওঁ। কিছুমানৰ বয়স ওঠৰ নহ'ব যেন লাগে। দেখাততো পোন্ধৰ-ষোল্ল। হায়াৰ চেকেণ্ডৰী [ ১৭ ] প্ৰথম বৰ্ষতে ওঠৰ বছৰ হ’বনে?
অৱশ্যে এইবোৰ তেওঁলোকৰ ব্যক্তিগত বিষয়। এইবোৰত মাত মতা অধিকাৰ কাৰো নাই। নিজেহে ভাৱো, ম'বাইল-প্ৰেমৰ ফল নহয়তো?
এইবাৰ কেমেৰা ঘূৰিল হেণ্ডকাফ লগাই থোৱা এজন যুৱকৰ দিশে। বয়স আনুমানিক ত্ৰিশ। পিন্ধনত জিনচ্ পেন্ট আৰু চাৰ্ট। গঢ়-পিট ভাল। বিবাহিত বুলি ধৰিবই নোৱাৰি। তেওঁক ঘেৰি ধৰি আছে কিছুসংখ্যক ৰাইজ আৰু আৰক্ষীৰ লোক।
“ঘৰত পত্নী-সন্তান থকা অৱস্থাতো বেলেগ যুৱতীৰ জীৱন ধ্বংস কৰাৰ দুঃসাহস তুমি কিয় কৰিলা?” সংবাদদাতা চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন।
যুৱক নিৰুত্তৰ। ক’বই বা কি? শুনিবই বা কোনে?
এইবাৰ কেমেৰা ঘূৰিল যুৱকজনৰ পত্নীৰ দিশে।
ধৰ্ম-পত্নী!
দহ-ৰাইজক সাক্ষী কৰি, হোম-পুৰি ঘৰ সুমুওৱা এগৰাকী পত্নী। নহ'লেও কথা নাই, যিহেতু তেওঁ যুৱকজনৰ গৃহিনী আৰু এটি সন্তানৰো মাতৃ। গতিকে তেওঁ পত্নী। ব্যৱহাৰেই যাৰ পৰিচয়।
কি পত্নী।
আৰক্ষীৰ লোক উপস্থিত নথকা হ'লে তেওঁ গিৰিয়েকৰ নেলু চিঙি তেজেই পি খালেহেঁতেন। ( টি-ভিৰপৰা চকু আতৰাই মই কেৰাহিকৈ এওঁলৈ চালো। গহীন! )
পত্নীগৰাকীৰ ওচৰতে এগৰাকী বয়সস্থ মহিলাইয়ো মুখেৰে জুই বৰষি আছে। সেইগৰাকী নিশ্চয় পত্নীগৰাকীৰ মাক হ'ব।
হ’ব নহয়, হয়েই।
ব্যৱহাৰেই যাৰ পৰিচয়।
“আপোনাৰ স্বামীয়ে অন্য যুৱতীৰ লগত অভিসাৰত লিপ্ত থকাৰ বাৰ্তা পাই আপুনি কেনে অনুভৱ কৰে? বৰ্তমান আপুনি কেনে অনুভৱ কৰে?” - সাংবাদিক চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন, পত্নী গৰাকীৰ প্ৰতি।
বাঃ কি প্ৰশ্ন! “কেনে অনুভৱ কৰে?”- কি সময়োপযোগী প্ৰশ্ন।
মোৰ এনে লাগিল, মানুহজনীয়ে যেন চন্দন বৰবৰাৰে নেলু চিঙি তেজ পিব। মানুহজনীৰ কি খং!
[ ১৮ ]
য'ত খং উঠিব লাগে, তাতো আপোনাৰ হাঁহিহে উঠিব। মানে মই
মোৰ নিজৰ কথাহে কৈছো।
“কি হ'ল? হাঁহিলে যে?”-এইবাৰ মোৰ প্ৰতি আমাৰ এওঁৰ পোনপটিয়া প্ৰশ্ন।
“কতনো হাঁহিছো?”
হাঁহিটো ততাতৈয়াকৈ সামৰি-সুতৰি খঙৰ ভাৱ এটা চকুয়ে মুখে ফুটাই তুলিবলৈ চেষ্টা কৰিলো।
আচলতে, আমাৰ এওঁৰ নিচিনা মানুহৰ লগত ঘৰ-সংসাৰ কৰিবলৈ হলে বহুত কিবাকিবি কৰিব আৰু বহুত কিবাকিবি নকৰিবলগীয়া হয়।কৰণীয়ৰ ভিতৰত প্ৰধানকৈ পৰে এওঁ যি কয় বিনা প্ৰতিবাদে মানি লোৱা আৰু অ- কৰণীয়ৰ ভিতৰত পৰে নহঁহা। আকস্মিকভাৱে কেতিয়াবা হাঁহিটো ওলাই আহিব খুজিলেও লৰালৰিকৈ তাক সামৰি-সুতৰি থৈ দিয়া। মোৰতো অৱস্থা বেয়া হৈ গৈছে। বিশ্বাস কৰক। মোৰ শালপতি কেইজনে কেনেকৈ পৰিস্থিতি চম্ভালে ক’ব নোৱাৰো। অৱশ্যে হাঁহি থকাই দেখো। হাঁহিৰো কিবা শ্ৰেণীবিভাগ আছে। নেকি?নাজানো৷ শৰৎদাক সুধি চাব লাগিব। তেওঁ জানিব। মানে, তেওঁ এই বিষয়ে জানিবও পাৰে।
বাৰু হ’ব।
আচৰিত লাগে। কোৱা শুনো, ছোৱালী একোজনী হেনো সমবয়সীয়া ল’ৰা একোটাতকৈ কমেও দহবছৰৰ মেচিওৱৰ্ড্ হয়। আকৌ, কিছুমানে কয় বোলে ছোৱালী আৰু মহিলাবোৰৰ হেনো ষষ্ঠ ইন্দ্ৰীয় বুলিও এক অতিন্দ্ৰীয় শক্তি আছে। পুৰুষৰ দৃষ্টি দেখিলেই হেনো তেওঁলোকে পুৰুষৰ মনৰ ভাৱ বুজি পায়।
মিছা কথা। কোনেনো ভাৱি উলিয়ায় জানো এইবোৰ কথা! কোনোবাই হয়তো এনেকৈ ভাৱে, মই কিন্তু বিশ্বাস নকৰো। নকৰাৰ কাৰণ আছে। দেশৰ চাৰিওফালে ঘটি থকা ঘটনা কিছুমান দেখি-শুনিহে মই এনেকৈ কৈছো।
বেছি আচৰিত হওঁ তেতিয়া, যেতিয়া কোনো যুৱতীয়ে কোনো সহজ- সৰল যুৱকৰ প্ৰতি বক্ৰোক্তি কৰে, “অঁকৰাটো। বেচেৰাটো! বেয়াই লাগে দেই”। কিন্তু হঠাৎ অঘটন এটা হওঁকচোন, চুলি মেলি, হাতেৰে মুখ ঢাকি হিয়ালি- জিয়ালিকৈ কান্দিব, “তাক মই ইমান বিশ্বাস কৰিছিলো। সি মোক শেষ কৰি [ ১৯ ] থৈ গ'ল। এতিয়া মই কি কৰোঁ ...”।
লগে লগে প্ৰতিবাদমুখৰ হৈ উঠিব মহিলা সমাজ। উত্তেজিত হৈ উঠিব ৰাইজ। ব্ৰেকিং নিউজ পৰিৱেশন কৰিবলৈ আহিব নিউজ চ্যেনেলবোৰ। সমগ্ৰ দৃশ্য হ’ব কেমেৰাত বন্দী। আৰু প্ৰতাৰক (!) যুৱকজনক ধৰি আনি বিহিত ব্যৱস্থা ল’বলৈ আহিব আৰক্ষীৰ লোক। বঢ়িয়া ব্যৱস্থা!
এনেকৈয়ে চলি থাকিব সমাজ।
এনেকৈয়ে চলি থাকিব নিউজ চ্যেনেলবোৰ।
তাৰ মাজে মাজে চলি থাকিব প্ৰেম-পৰ্ববোৰ। বৈধ, অবৈধ ভাগে ভাগে। কাৰণ নাৰী যে ৰহস্যময়ী,নাৰী যে হাস্যময়ী, নাৰী যে লাস্যময়ী,নাৰী যে.....। নাৰীৰ প্ৰেমক প্ৰতিহত কৰাৰ শক্তি হেনো স্বয়ং ভগৱানৰো নাই। সৃষ্টি, ধ্বংস উভয়ৰ মূলতেই হ’ল নাৰী। নাৰী অ-প্ৰতিৰোধ্য!
তথাপিও, ব্ৰেকিং নিউজৰ আইটেম হয় নাৰী। লাঞ্চিতা,বঞ্চিতা, ধৰ্ষিতা, নিষ্পেষিতা হয় অনেক শ্ৰেণীৰ দুৰ্ভগীয়া নাৰী। তেতিয়া ক'ত হেৰায় তোমাৰ ষষ্ঠ ইন্দ্ৰীয়? ক'ত হেৰায় তোমাৰ মেচিওৰিটি?
কিন্তু কোনে সুধিব? কোনে জেৰা কৰিব?
বঞ্চিতা, লাঞ্চিতা, ধৰ্ষিতা, নিৰ্য্য়াতিতাই উচুপিব, কান্দিব, সৰসৰকৈ চকুলো বোৱাব। দহ ৰাইজে চিঞৰিব,“ছোৱালীজনীক প্ৰেছাৰ নিদিবা। তাইক মেণ্টেল টৰ্চাৰ নকৰিবা”।
কৰা এতিয়া কি কৰা!
পঢ়া টেবুলৰ পৰা উঠি অহা ছোৱালীজনীকে দম এটা দিলো, “উঠি আহিলি যে? কি হ’ল? যা পঢ়গৈ”।
তাই যেনিবা দৌৰ মাৰিলে। এতিয়া এওঁ গলেই ৰক্ষা। নাই, নগ’ল।
অগত্যা মই নিজেই উঠিলো।
পঢ়া কোঠা পালোগৈ। আধালিখা গল্পটোকে উলিয়াই ল’লো।
“তুমি সুখী হোৱা”।
বেকাৰ প্ৰেমিকে, ঘৰৰ পৰা বন্দৱস্ত কৰা দৰাৰ লগত বিবাহ-পাশত আবদ্ধ হ'বলৈ আগবঢ়া প্ৰেমিকাক শেষ বিদায়ৰ ক্ষণত কোৱা এটা অতি সাধাৰণ ডায়েলগ। প্ৰেমিকাৰ চকুলো নিগৰে ধাৰাসাৰ। চকুপানীয়ে মে'কআপ নষ্ট কৰাৰ [ ২০ ] ভয়ো থাকে অলপ অলপ। তথাপিও থোকাথুকি মাতেৰে নক’লে নহয়, “মই কিন্তু য’তেই থাকো, যেনেকৈয়ে থাকো, সদায় তোমাৰে হৈ থাকিম। তোমাকে ভাল পাই থাকিম। কেৱল তোমাক। বিশ্বাস কৰা।”
প্ৰেমিকৰ তপত নিশ্বাস। হায়, ভাগ্য!
একেবাৰে অৰ্থহীন কথা। একেবাৰে নিৰৰ্থক ভাৱ-বিলাসীতা।
ব্যক্তিগতভাৱে এনেবোৰ ভাৱ বিলাসত মই তিলমাত্ৰও বিশ্বাস নকৰো। তথাপি গল্প একোটা সজাই-পৰাই তুলিবলৈ, পঢ়ুৱৈক আমোদ দিবলৈ আৰু এক শ্ৰেণীৰ কম বয়সীয়া পঢ়ুৱৈক ইম্প্ৰেচ্ কৰিবলৈ এই জাতীয় ডায়েলগ্ ব্যৱহাৰ কৰি মাজে মাজে গল্প একোটা লিখো। মানে, লিখিবলগীয়া হয়। এওঁ কিন্তু ভাৱে, এই গল্পবোৰৰ মাজত মোৰ অতীত জীৱনৰ কিবা নহয় কিবা সমল লুকাই থাকেই। মাকৰ ঘৰত আটাইকেইজনী বাই-ভনী গোট খালে এই বিষয়ে যুক্তি-নিৰ্ভৰ আৰু বাস্তৱ-সন্মত অনেক আলোচনা-বিলোচনা হয়। বিশেষকৈ, এওঁৰ মাকৰ হেনো মতা মানুহ চিনাত কাহানিও অকণো ভুল নহয়। পঢ়াৰ দিনতেই হেনো তেওঁ এই বিষয়ে বিস্তৃত অধ্যয়ন কৰিছিল। আচৰিত !
মই যিয়েই লিখো, চিলাই থাপ মৰাদি তেওঁ থপিয়াই নিয়ে আৰু ৰহস্য উদ্ঘাটনৰ চেষ্টাত হাবাথুৰি খাই ঘাম উলিয়াই মৰে।
কি যে মানুহ! কি যে চিন্তা।
“কোন জোন?”- মোৰ চকুত চকু ৰাখি এওঁৰ পোনপটিয়া প্ৰশ্ন।
“এ ৰাম... থোৱাচোন। গল্পহে সেইটো।”
এওঁৰ লগত ফেপেৰি পাতি ধৰিলো। সদায় সদায় কিমাননো আৰু একেবোৰ কথাকে সহ্য কৰি থাকিম ! ধৈৰ্য্যচ্যুতি ঘটিছিল মোৰ। ধেমালি নেকি?
“নহয় মানে, কথাবোৰ দেখোন কল্পনা যেন লগা নাই। নিজৰ জীৱনৰ কথা যেনেই লাগে। চাওঁ চাওঁ।”
কি লিখিম আৰু! মুডেই শেষ। শেষ !
বঞ্চিত, লাঞ্চিত, লুণ্ঠিত, নিৰ্যাতিত, অপমানিত হৈ কলমটোকে পিটিকি-মোহাৰি বহি আছো। কি কৰো, কি কৰো?
আকৌ ফোনটো বাজিল।
কোননো বাৰু? কোনেনো ফোন কৰি থাকে?
মৰিলো! শেৱালিৰ ফোন!
[ ২১ ]
টেক্নিকেল কাৰণত নামটো চেইভ কৰা নাই। নাম্বাৰটো কিন্তু মই জানো। মানে মোৰ মুখস্থ আছে।
আঁৰ চকুৰে এওঁলৈ চালো। থিক একে সময়তে এওঁও আঁৰ চকুৰে মোলৈ চালে।
আমাৰ চাৰি চকুৰ মিলন হ’ল।
কিন্তু ভালহে নালাগিল। একেবাৰে আন-ৰোমাণ্টিক চাৱনি। অসহ্য!
কোন কাহানিয়েই “শেৱালিৰ কোমল দলিচাত তুমি আৰু মই” - শিৰোনামৰ কবিতা এটি লিখিছিলো। আবৃত্তিও কৰিছিলো জাগ্ৰত যুৱকসংঘই আয়োজন কৰা কবিতাসন্ধিয়াৰ অনুষ্ঠান এটিত। হাত তালিৰ প্ৰাবল্যৰ পৰাই বুজিব পাৰিছিলো, কবিতাটিয়ে শ্ৰোতাৰ অন্তৰ পৰশিব পাৰিছে। এজন কবিৰ বাবে এইয়াই ডাঙৰ পুৰস্কাৰ। আৰুনো অন্য কি লাগে?
তাৰ ক্ষন্তেক পিছতেই ঘটিল মোৰ বাবে সম্পূৰ্ণ অ-প্ৰত্যাশিত ঘটনাটো।
নে অঘটনটো!
এজনী গাভৰু আগুৱাই আহিল।
দেখাত সুন্দৰী। বয়স, আনুমানিক.... বিশ বাইশ।
চিনাকি হ’ল।
নাম শেৱালি।
শেৱালি!
মোৰ কবিতাৰ গুণমুগ্ধ।
গুণমুগ্ধ!
নিৰিবিলি মুহূৰ্তবোৰত হেনো গুণগুনায় মোৰ কবিতা।
মোৰ কবিতা!
সঁচা! কি শুনিছো মই?
ইতিমধ্যে, মোৰ মূৰৰ পৰা ভৰিলৈকে পাৰ হৈ গ'ল এক মৃদু শিহৰণ!
এনে হ’বতো নালাগিছিল। কিন্তু হ’ল।
এইয়াও কি প্ৰেম?
নাজানো। কিন্তু কিবা এটা যে হ’ল খাটাং।
“দাদা! আপোনাৰ অট’গ্ৰাফ”।
তেওঁ আগবঢ়াই দিয়া অ’টগ্ৰাফৰ বহীখন হাতত তুলি ল’লো।
[ ২২ ]
অলপ নাৰ্ভাচ্ ফীল কৰিলো।
কি লিখো, কি লিখো, কি লিখো?
এইয়া যে মোৰ জীৱনৰ প্ৰথম অট’গ্ৰাফ।
“শেৱালিৰ সুবাসেৰে তোমাৰ জীৱন সুবাসিত হৈ উঠক।”
হ’ব নে?
হ’ব। আৰু লিখিবলৈ গলে বেছি কৰা হ'ব।
নাৰী ৰহস্যময়ী। কি বা অৰ্থ উলিয়াই লয় কি থিক!
গতিকে ইমানেই হ’ব।
ভাৱিছিলো, তেওঁ আতৰি যাব।
কিন্তু নগ’ল। মোৰ ওচৰতে বহি ললে।
মোৰ চাৰিওফালে বহি থকা কেইবাজনেও আঁৰ চকুৰে আমাৰ দুয়োকে (আমাৰ দুয়োকে।) লক্ষ্য কৰি থকা মোৰ অনুভৱ হ'ল। মোৰ এনে লাগিল যেন সমগ্ৰ দৃশ্য হৈ আছে কেমেৰাত বন্দী। এটা এক্সক্লুচিভ ফুটেজ! এটা ব্ৰেকিং নিউজ সবিশেষ সন্ধিয়া ৭ত।
মনৰ মাজত এটা তিতা-মিঠা অনুভূতিৰ অনুভৱ হ’ল। এক অহৈতুকী তৃপ্তীৰ লগতে এটা ভয়, এটা উৎকণ্ঠা।
বিজুলী বাতিৰ ছাঁ-পোহৰৰ মাজতো মোৰ চকুৰ সমুখত ভাঁহি উঠিল এওঁৰ কঠোৰ-কঠিন মুখখন। যেন কৈছে,
“মই চাইহে আছো”
কিন্তু নহয়। এওঁ ঘৰতহে আছে। মুৰ্গীৰ মাংস ৰান্ধিছে। এইবোৰ কবিতা-চবিতা শুনিবলৈ তেওঁ “হেৰি” হোৱা নাই হেনো।
ৰক্ষা।এওঁ থকাহেঁতেন এই কবিতা সন্ধিয়াটি মোৰ বাবে আজি কাল-সন্ধিয়াহে হ’লহেঁতেন। কি বা কৰিলেহেঁতেন! কি বা ক'লেহেঁতেন।
তেওঁ তেনে কৰিবই। কাৰণ তেওঁ মোৰ পত্নী।
ব্যৱহাৰেই যাৰ পৰিচয়।
শেৱালিয়ে হাঁহিছে। (সঁচাকৈয়ে ধুনীয়া অ' মৰতীজনী!)
তেওঁ মোৰ কন্টেক্ট নাম্বাৰটো বিচাৰিছে। কি কৰোঁ?
মনৰ মাজত আগ্ৰহ আৰু বাহ্যিক অনিচ্ছাৰ মাজত পাঁচ মিনিটমান তুমুল যুদ্ধ হ’ল। তাৰ পিছত যেন যন্ত্ৰৱৎ কৈ গৈছো, ৯৯৫৪৫৭....।
[ ২৩ ]
তাৰ পিছৰ পৰাই মাজে মাজে আহি থাকে শেৱালিৰ দুই-এটা ফোন।
কেতিয়াবা আবেলি, কেতিয়াবা সন্ধিয়া, কেতিয়াবা.....।
ভালো লাগে, ভয়ো লাগে। ধুনীয়া গাভৰুৰ লগত কথাপাতি কাৰনো বেয়া লাগিব? কিয়নো বেয়া লাগিব বাৰু? কিন্তু আমাৰ এওঁ।
মই নিজে অৱশ্যে আজিলৈকে “কল” কৰা নাই। ইচ্ছা নথকা নহয়, কিন্তু ততোধিক আছে ভয়। এওঁ গম পালে.... ম...ৰি..লো..আ...ৰু!
আৰু এতিয়া আহিল আকৌ শেৱালিৰ ফোন।
কি কৰো....কি কৰো... কি কৰো?
ভাল বিপদে পালে আজি মোক!
ৰিচিভ নকৰাকৈয়ে থৈ দিলো। যাঃ যি হয় হওঁক।
কাড়পাট অহাদি এওঁ দেখোন আগুৱাই আহিছে। অ’, কি হ'ব এতিয়া?
“কাৰ ফোন?”
“নাজানো”
এওঁ ফোনটো ৰিচিভ কৰি দিলে।
মই মানে যিমান পাৰো উদাসীন হৈ থাকিবলৈ চেষ্টা কৰিলো। চাওঁচোন বাৰু ক'ৰ পানী কলৈ যায়। পিছত দেখা যাব কি হয়।
দুয়োৰে মাজত কি কথা-বাৰ্তা হ’ল, কি ভাৱৰ আদান প্ৰদান হ’ল একো গম নাপালো। অনুমানো কৰিব নোৱাৰিলো। মোৰ চেলটোৰ চাউণ্ডটো যথেষ্ট কম কৰি থোৱা আছে। মাথো এওঁৰ মুখৰ দুই-এটা কথা, অভিব্যক্তি আৰু ভাৱান্তৰ লক্ষ্য কৰি ৰৈ আছোঁ। বিপদত পৰিলে হেনো ধৈৰ্য্য ধৰিব লাগে। সজ্জন-মহন্ত সকলে কোৱা কথা। গতিকে তাকে কৰিলো।
মইআশংকা কৰাৰ দৰে একো নহ’ল অৱশ্যে।বৰং, মই আশা নকৰিলেও বহু বেছি নিম্ন আৰু কোমল স্বৰতেই এওঁ কথা কেইটামান কোৱা শুনিলো। ৰহস্যটো মই একো বুজিবই নোৱাৰিলো। এনেয়েও এওঁৰ কথা-কাণ্ডবোৰৰ ৰহস্যবোৰ মই বুজি নাপাওঁ। বৰ অসহায়ৰ দৰে শূন্য দৃষ্টিৰে ইফালে-সিফালে চাই ৰৈ থাকিলো। অন্য উপায়তো নাই।
ৰাতিৰ ভাতসাঁজ খাইহে পিছে সুখ নাপালোঁ।
দাইলখিনি যথেষ্ট নিমখ-চোকা পালো। চব্জিখিনিও আছিল অসম্ভৱ জ্বলা। মোৰ নাকৰ পানীয়ে, চকুৰ পানীয়ে একাকাৰ হ’ল। সেঁ-সেঁ কৰি কৰি [ ২৪ ] কিমাননো খাম বাৰু!
নাখালেও ৰাতি ভোক লাগিব।
কি কৰো?
ইসঃ কেনেকৈ খাওঁ বাৰু ভাতসাঁজ?
এওঁ আৰু ছোৱালীজনীয়ে কিন্তু আনন্দ মনেৰেই খাই শেষ কৰিলে।
ৰহস্যটো বুজাত এইবাৰ অৱশ্যে মোৰ অলপো অসুবিধা নহ'ল।
“এজন কবিৰ পত্নী হিচাপে তুমি বাৰু নিজক লৈ গৌৰৱ কৰানে?”- এওঁলৈ বুলি মই মনতে পাগুলি থকা প্ৰশ্নটো অৱশ্যে এওঁলৈ নিক্ষেপ নকৰাকৈয়ে থাকি গ'ল।
ৰচনা কাল - চেপ্তেম্বৰ, ২০১০
( গোলাঘাট জিলা সাহিত্য সভাই ২০১০ বৰ্ষত সদৌ অসম ভিত্তিত আয়োজন কৰা স্বৰচিত একক গল্প প্ৰতিযোগিতাত এই গল্পটিয়ে শ্ৰেষ্ঠ স্থান অধিকাৰ কৰি প্ৰয়াত মাধুৰ্য্য বৰা সোঁৱৰণী বঁটা লাভ কৰে )
স্কে’লৰ দৈৰ্ঘ্য
সেই তাহানি, আমি স্কুলত পঢ়ি থকাৰ দিনত, ৰচনা লিখিবলৈ দিছিল, “তোমাৰ জীৱনৰ লক্ষ্য”। লিখিছিলো। বৰ উৎসাহেৰে লিখিছিলো। “ভৱিষ্যতে মই এজন কলেজ-শিক্ষক হ'ম।” যুক্তিও আগবঢ়াইছিলো ইটো-সিটো,বহুতো। মোৰ চৌধ্য-পোন্ধৰ বছৰ বয়সীয়া মগজেৰে ঢুকি পোৱা কথাবোৰকে যিমান
পাৰো সিমান সুন্দৰকৈ, সাৱলীলকৈ লিখিবলৈ যত্ন কৰিছিলো। এই ৰচনাখন লিখিলেই যদি মোৰ জীৱনৰ লক্ষ্যটো পূৰণ হয় তেন্তে.......।
ৰচনাখন লিখি অতাই এক আত্মবিশ্বাস অনুভৱ কৰিছিলো। চকুৰ আগত ভাঁহি উঠিছিল কটন কলেজৰ চিত্ৰ, জে-বি কলেজৰ চিত্ৰ, ইখন কলেজ, সিখন কলেজকৈ গৈ গৈ শেষত স্থানীয় ডি-কে-ডি কলেজৰ চিৰ-চিনাকি চিত্ৰখন........ যদি কেনেবাকৈ.......!
কি প্ৰচণ্ড আত্মবিশ্বাসেৰে ৰচনাখন তুলি দিছিলো পূৰ্ণ শইকীয়া ছাৰৰ হাতত!
ৰচনাখন পঢ়ি চাই শইকীয়াছাৰে অ'ত-ত'ত ৰঙা চিঞাহীৰে টিক্ মাৰ্ক দুটামান দি ক'লে, “হেৰৌ তই দেখোন আচল কথাটো লিখাই নাই.......।”
আচল কথা?
“হেৰৌ, আচল কথাটো হ'ল টকা।.....শুন! কলেজ-শিক্ষকৰ দৰ্মহা-পাতি বহুত বেছি। ইউ-জি-চি স্কে’লৰ নাম শুনিছ?......”
“শুনিছো”
“কোনে ক'লে? ....ককায়েৰে ক'লে চাগে। পিছে সেই স্কে’লটো খাবলৈ পোৱাটো বৰ মুখৰ কথা নহয়। .....ভালকৈ পঢ়িব লাগিব,কষ্ট কৰিব লাগিব, .....ভালকৈ পঢ়িবি যাঃ......”
তেখেতে স্কে’ল এপাতেৰে মোৰ পিঠিত একচাট লগাই দিলে। অপ্ৰস্তুত হৈ থকাৰ বাবে মই উচপ খাই উঠিলো। বৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতলৈ অলপ পোন্দোৱাকৈয়ে চালো। তেখেতে স্কেলপাত এক নাটকীয় কায়দাত জোকাৰি জোকাৰি হাঁহি এটা মাৰিলে। হাঁহিটো আনন্দৰ, নে দুখৰ, [ ২৬ ] নে উৎসাহৰ, নে বিদ্ৰুপৰ ধৰিব নোৱাৰিলো। লগৰ ল'ৰাবোৰেও হাঁহি দিলে। মই অলপ লাজ পালো। ভাগ্য ভাল আছিল যে ইন্দ্ৰাণীদেৱী হাইস্কুলত ছোৱালীয়ে নপঢ়িছিল। ছোৱালীৰ সন্মুখত লাজ পোৱাৰ কথাটো কোনো ল'ৰাই নিবিচাৰে। মইয়ো নিবিচাৰো।
পিছৰ দিন বিলাকতো তেখেতে সময় সুবিধা পালেই মোৰ চকুৰ আগত স্কেল এপাত জোকাৰিছিল। কেতিয়াবা পিঠিত এচাট লগায়েই দিছিল। ছেঃ কিহে পালে ছাৰক! কিহে পালে মোক!
আনুষ্ঠানিক শিক্ষাৰ ঢাপ কেইটা বগাই বগাই আহি যেতিয়া “জ্ঞানমন্দিৰ মহাবিদ্যালয়”ত প্ৰবক্তা হিচাপে জইন কৰিলোহি, তেতিয়া, সেই তাহানি ৰচনাখনত মই নিজ মগজেৰে চিন্তা কৰি লিখা লক্ষ্যবোৰ পূৰণৰ দুৱাৰবোৰ খোল খাব ধৰিছিল। মই এজন কলেজ-শিক্ষক হ’লোহি! মনত আনন্দ আৰু উৎসাহে দোলা দিবলৈ ধৰিলে।
‘জব-চেটিচফেক্চন’ বুলি যিটো মায়ালগা বস্তুৰ কথা বন্ধু মহলত কোৱা শুনো, যিটো বস্তুৰ স্পৰ্শ নোপোৱাকৈয়ে বহুতো চাকৰিয়াল ৰিটায়াৰ হৈ যায়, সেই মায়াবী বস্তুটোয়ে কলেজ-শিক্ষকৰ আগে-পিছে, সোঁৱে বাওঁয়ে নাচি থাকে। অন্য বহুত চাকৰি বা জীৱিকাতকৈ কলেজ-শিক্ষক এজনৰ মনটো বেছি ৰঙিয়াল হৈ থাকে। দিনৰ দিনটো ডেকা-গাভৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে, কাষতে, লগতে.....। বুঢ়া-বুঢ়ী, বেমাৰী-উমাৰী, চোৰ-ডকাইত-জুৱাচোৰ-পকেটমাৰ আদিৰ পৰা শতযোজন দুৰৈত। যেনিয়েই চকু দিওঁ তেনিয়েই আশা-আনন্দ-উৎসাহ-উদ্দীপনাৰে ৰঙিয়াল হৈ থকা উজ্জ্বল মুখবোৰ! নৱ-জীৱন, যৌৱনৰ বন্যা! তাহানি কলেজত পঢ়ি থকাৰ দিনতে ফুকন চাৰে কৈছিল, “কলেজ-শিক্ষকসকল বুঢ়া হৈ নাযায়। এই ছাত্ৰ-ছাত্ৰীবোৰেই একোটা ভিটামিন ইনজেক্চনৰ দৰে আমাৰ মনবোৰ সজীৱ কৰি ৰাখে।”
সঁচা। দস্তুৰমত সঁচা। এশবাৰ সঁচা। ৰিটায়াৰ হোৱাৰ পিছতো তেখেতক বুঢ়া হোৱা নেদেখিলো। সদায়ে যৌৱনৰ তেজাল ঘোঁৰা এটা হৈ দৌৰি ফুৰিছিল। মইয়ো বুঢ়া হ’বলৈ নিবিচাৰো। বৃদ্ধাৱস্থাক মই ভয় কৰো। নহয় নহয়, মই ঘৃণা কৰো। প্ৰচণ্ড ঘৃণা! বুঢ়া হোৱাৰ আগতেই মই মৰি গলেই ভাল। যেনেকৈয়ে নহওঁক “পৰকিতি লৰা বুঢ়া” হোৱাৰ বেদনা মই কোনো মতেই মানি ল’ব নোৱাৰো। সহ্য কৰিব নোৱাৰো। মোৰ মিছেচেও মোক “বুঢ়া” বুলি ক'বলৈ [ ২৭ ] সাহ নকৰে। মই ‘বুঢ়া’ হলে তেওঁ হ'ব ‘বুঢ়ী’।
পিছে, নিৰুৎসাহহ’লো কেইজনমান স্বয়ম্ভু শুভাকাংক্ষীৰ কথা শুনিহে।
“সেইখনতো জুনিয়ৰ কলেজ হে। স্কে’লটোতো বহুত কম হ'ব।.....”
চেৰ-চেৰকৈ ঠাণ্ডা পানী এসোপা গাতে ঢালি দিয়াৰ দৰে লাগিছিল। কি খোচ!
হওঁক না কম। চলিবতো পাৰিম। মইতো সন্তুষ্ট। তোমালোকে মিছাতে কিয় নিজৰ মগজ গৰম কৰিছাহঁক? এৰি দিয়ানা মোক মোৰ মতে থাকিবলৈ। প্লি-ই-জ..........।
নাই, নেৰে। বাটে-ঘাটে, বিয়াই-সবাহে, শোৱনি কোঠাই-পাকঘৰে অন্য হাজাৰটা বিষয়ৰ মাজেদি আগবাঢ়ি গৈ গৈ শেষত কথা ৰয়গৈ স্কে’লত! ক’তে মৰো?
মিতিৰৰ ঘৰৰ মানুহখিনিৰ আৰ্থিক অৱস্থা জয়জয় ময়ময়। এজন যদি আই-পি-এছ অফিচাৰ অন্য এজন অসম সৰ্বাঙ্গীন বিকাশ বেঙ্কৰ জেনেৰেল মেনেজাৰ। অন্য এজন আকৌ ভাৰত চৰকাৰৰ ইক্নমিক্স এণ্ড ফাইনেন্স ডিপাৰ্টমেন্ট এটাৰ হেড!! মিছেচৰ ককায়েক এজনৰ হেনো ইমানেই টকা গোট খালে যে নিজৰ মিছেচৰ নামতে কেইবাটাও বেঙ্কত কেইবাটাও একাউণ্ট খুলি ঠাঁহি ঠাঁহি টকা ভৰাই থৈছে! হ’ব পাৰে। হ'ব পাৰে।
“এইবোৰ বহুত কথা। তুমি নুবুজিবা।”
মই অসহায়ভাৱে বৰাচাৰৰ মুখলৈ চালো।
মই নুবুজিম। ইমান ডাঙৰ কথানে?
হয় চাগে। এনেয়েও মই বহুত কথা নুবুজো বুলি, ‘কেচ্’ কৰিব নোৱাৰো বুলি আশুতোষহঁতেও ভাৱে। কয়।
মই লাজ পাব পাৰো বুলি, (আচলতে তেওঁলোকৰ প্ৰেষ্টিজত আঘাত লাগিব বুলি) মোৰ মিছেচে আজিলৈকে তেওঁৰ ঘৰৰ মানুহখিনিৰ লগত মোৰ চিনা-পৰিচয় কৰাই দিয়া নাই। ধন্যবাদ।
পিছে ঘটনাক্ৰমে এদিন মোমায়েক এজনৰ লগত নিজেই চিনাকি হ’লো। পিছে, দুৰ্ভাগ্য আৰু কাক কয়! তেওঁ মোৰ ফালে অলপ অৱজ্ঞাৰ চাৱনি এটা দিলে।
“তোমালোকক হায়াৰ-চেকেণ্ডেৰীৰ স্কে’লটোহে দিয়ে। নহয় জানো? [ ২৮ ] .....হ’ব দিয়া, এইটো স্কে’লো বৰ এটা বেয়া নহয়..... তোমাৰ চলি যাব.....। আমি পিছে নোৱাৰো...... আমাৰ বহুত খৰচ বুইছা.....এই ষ্টেটাচ, ষ্টেণ্ডাৰ্ড আদিবোৰেই আমাক খাই মাৰিছে.....। কিন্তু তোমাৰতো এইবোৰ কথা নাই....তুমি পাৰিবা...... পাৰিলে টিউচনৰ বেচ্ দুটামানো গোটাই লোৱা....।”
দুষ্টালি (?) কৰাৰ বাবে সৰুতে বাইদেউৰ হাতৰ পৰা ঠাচ ঠাঁচকৈ কেইবাটাও চৰ খাইছিলো। মনত আছে। কিন্তু এনেকৈ কথাৰেও যে কোনোবাই চৰিয়াব পাৰে...!! বেয়া লাগিল। তথাপিভদ্ৰতাৰ খাতিৰত শলাগিলো, “হয়”। আৰুনো কি কম?
সিদিনা শুনিলো, চৰকাৰে বোলে ৰিভাইজড্ স্কে’ল এটা দিব!
কলেজৰ কমন ৰূম, কেন্টিন, লাইব্ৰেৰী, ৰাস্তা-ঘাট, বজাৰ-সমাৰ সকলোতে খালি ৰিভাইজড্ স্কেলৰ কথা। খবৰ কাগজ মেলিবই নোৱাৰো, টিভি অন কৰিবই নোৱাৰো, খালি ৰিভাইজড্ স্কে’লৰ বতাহজাকে কোবাই যোৱাৰ খবৰ। বঢ়িয়া।
পৃথিৱীখন সুন্দৰ হৈ পৰিল। আকাশখন নিৰ্মল হৈ পৰিল। বতাহজাক মৃদু হৈ পৰিল। মিছেচৰ মাতষাৰ আগতকৈ বহুত, বহুত, বহুত কোমল হৈ পৰিল। বহুত দিন ৰোহঘৰত সোমাই থকা “ৰোমাণ্টিচিজ্ম” নামৰ মায়াবী নাচনীজনীয়েও আকৌ পাখি মেলি উৰি আহি আমাৰ শোৱনি কোঠাত লাস্যময় নৃত্যানুষ্ঠানৰ আয়োজন কৰিলেহি। জীৱনৰ ছন্দ দ্ৰুতৰ পৰা দ্ৰুততৰ হ’ল।
“ল’ৰা এটা, | আমাৰ আটাইকেইজনী বাইভনীৰে.......”
“মনে মনে থাকা। জানে শুনিলে দিবহি ঠিক্চে.....”
মিছেচৰ মুখ বন্ধ কৰি দিলো। লাজ পাই, আঙুলি কামুৰি কামুৰি পিছ হুঁহুকি গৈ গৈ হঠাৎ ৰূমৰ পৰা ওলাই লৰ মৰা সৰু ছোৱালী এজনীৰ দৰে “ৰোমাণ্টিচিজ্ম” পলাই ফাঁট মাৰিলে। দি এ’ণ্ড। ড্ৰপচিন নামিল।
পিছ দিনা জানক সুধিলো,
“কিবা লাগিব নেকি?”
“ভাইটি এটা....”
মিছেচক মন কৰা নাছিলো। হঠাৎ “সোঁহ” কৈ শব্দ এটা কাণত পৰাত বুজিলো তেওঁ মোৰ পাছফালে ৰৈ আছিল। এতিয়া উচাট মাৰি আতৰি গৈছে।
জানলৈ বেয়া লাগিল। সৰু ছোৱালী। তাই কি জানে? কি বুজে?
[ ২৯ ]
সহকৰ্মী বিজয় ছাৰক ৰিভাইজড্ স্কে’লৰ কথা সুধি ব্যতিব্যস্ত কৰো। যেন ৰিভাইজড্ স্কেল দিয়া-নিদিয়াৰ পাৱাৰটো তেখেতৰ হাততে আছে। তেখেতে যেন দিওঁ বুলিলেই দিব পাৰে, নিদিওঁ বুলিলেই নাই। মোৰ কেতিয়াব এনে লাগে বিজয়ছাৰে বাৰু সঁচাকৈয়ে ৰিভাইজড্ স্কে’লটো দিবনে!
বেচেৰা! তেওঁ যে এচ’ছিয়েচনৰ মেম্বাৰ!
কমলা শইকীয়াই যেতিয়া হাতখন ডাঙি শূন্য এটাৰ ইঙ্গিত দি “নেচেল” বুলি কয়, তেতিয়া মোৰ মনটোৱে হাহাকাৰ কৰি উঠে। বৰ অসহায়ভাৱে বিজয়ছাৰৰ মুখলৈ চাওঁ। তেখেতেও পৌৰাণিক যুগৰ দেৱতাৰ ষ্টাইলত হাতখন দাঙি আশ্বাস দিয়ে। “হ'ব,হ'ব। চিন্তা নকৰিবা।” দেৱতাসকলো চাগে এনেকুৱাই আছিল। অৱশ্যে লংপেণ্ট-চাৰ্ট, জোতা-মোজা চাগে নিপিন্ধিছিল আৰু তামোল এখন চাগে অনবৰতে পকতিয়াই নাথাকিছিল। বাকীবোৰ গুণ গৰিমা নিশ্চয় একেই আছিল। মই এনেকৈয়ে ভাৱি ভাল পাওঁ। কেতিয়াবা এনেকুৱা কল্পনা বিলাস কৰিও ভাল লাগে দিয়কচোন। সাহিত্যৰ ছাত্ৰ আছিলোতো! বেয়া নাপাব, হাঃ।
অধ্যক্ষ মহোদয়ে নিশ্চয় চাইহে আছিল। সকলো কথা লক্ষ্য কৰি, গমি পিতি চাই, তেখেতে এক সময়োচিত সিদ্ধান্ত ল’লে। আকস্মিকভাৱে এখন সভাৰ আয়োজন কৰি তেখেতে ইউনিট টেষ্টবোৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰিলে।
জাষ্ট এ ব্ৰে’ক! লাগে লাগে। ব্ৰে’ক এটাও লাগে মাজে সময়ে।
ধুম্ধাম প্ৰশ্ন চে’ট কৰাত লাগিলো। প্ৰশ্নকাকত হ’ব লাগিব একেবাৰে ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতৰ আধাৰত। অৱশ্যে মুঠ নম্বৰ হ'ব পঞ্চাশ। গতিকে ফাইনেলত যিটো প্ৰশ্নত দিয়া থাকিব “দুই” এইটো পৰীক্ষাত দিব লাগিব, “এক”। হ’ব, .....হ’ব জানো? .....বিজয়ছাৰেতো “হ'ব” বুলিয়ে কয়..... আকৌ “সমহাৰ” নে ‘সমান”? এ.......এইটো প্ৰশ্নৰ বাবে “তিনি” হে দিব লাগিছিল... ছেঃ এ হ’ব যাঃ....... কোনেনো মন কৰিব? ইউনিট টেষ্ট হে।
এদিন, প্ৰেছত খবৰ কৰি আহি বিজয়ছাৰে ক'লেহি মোৰ প্ৰশ্ন কাকতখনত মই পঞ্চাশৰ ঠাইত ষাঠি নম্বৰৰ প্ৰশ্ন চে’ট কৰিলো!
অ-মনোযোগী! বেয়া কথা। বহুত বেয়া কথা হ'ল।
[ ৩০ ]
তাৰ পিছত আহিল আকৌ বহী চোৱা। মানে, উত্তৰ বহীৰ মূল্যায়ণ।
কি লিখিছে অ’ এইবোৰ? প্ৰশ্ন কৰা হৈছে এটা, উত্তৰ লিখিছে অইন এটা! ইমানবোৰ নোট দিছিলো! নাই, ইমান ভুল উত্তৰ লিখিছে। কি কৰো? বৰ কম কম নম্বৰ পালেও অধ্যক্ষৰ ওচৰত এক্সপ্লেনেশন দিয়া। মস্কিল!
ইমান দিগদাৰ! ইমান কষ্ট!
কষ্ট? কিহৰ কষ্ট?
বহুত কষ্ট। বাজেট মিলোৱাৰ কষ্ট। আশাবোৰ, অভাৱবোেৰ পূৰণ কৰাৰ কষ্ট। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্যৰ সন্তুষ্টিৰ বাবে কষ্ট। বহুত কষ্ট। অইনে নুবুজে। নিজেহে বুজি পায়।
সিদিনা বজাৰত নেৰীয়া মাছ দেখিলো। বৰ সোৱাদ। লোভ লাগিল। লাগিবই দিয়কচোন। পিছে তিনিশ টকা কেঃ জিঃ। জালত লগা মাছৰ দৰেই চটফটাই আছো। অকল মাছতেই ইমান পইচা খৰচ কৰো কেনেকৈ?
হঠাৎ এখন নতুন দামী গাড়ী ৰ’লহি।
হৰ্ণ নবজোৱা হ'লে খুন্দাই খালোহেঁতেন। কোনো আৱাজ নাই।
গাড়ীখনৰ পৰা নামি আহিল এক শান্ত-শিষ্ট, হৃষ্ট-পুষ্ট ভদ্ৰলোক। কোনো দামদৰ নকৰাকৈ হাজাৰ টকীয়া নোট এখন তৰ্জনি আৰু মধ্যমা আঙুলিৰ ফাঁকত ধৰি আগবঢ়াই দিলে। বেপাৰীয়ে নিজ হাতেৰে মাছ নি গাড়ীৰ ডেকত ভৰাই দিলেগৈ।
মূদ্ৰাষ্ফীতি কেনেকৈ হয় সেইদিনা বুজিলো।
এইবোৰ কথা নেদেখাকৈ, নুবুজাকৈ চৰকাৰক দোষ দি গালি পাৰি থাকি কোনো লাভ নাই ( মই আকৌ, মুখ্যমন্ত্ৰীৰ পৰা কমিচন লোৱা নাই দেই, ভুল নুবুজিব। )
বেটাই কি স্কে’ল পায় জানো? নিশ্চয় বাহিৰা পইচা। নহ'লেনো টু শব্দ এটা উচ্চাৰণ নকৰাকৈ ইমান “ভদ্ৰভাৱে” বস্তু উঠাই নিব পাৰেনে? ইহঁতক ধৰিব লাগে, বুইছেনে!
নেভাৱো নেভাৱো বুলিও এইবোৰ কথা ভাৱি থাকো। ভাৱনাৰতো কোনো ব্যাকৰণ নাই। সংবিধান নাই। ৰুলচ্ এণ্ড ৰেগুলেশ্বন নাই। ঠিক যেন অবিশ্বাসী, চঞ্চলমনা প্ৰেয়সী হে! “যাঃ আজিৰ পৰা নাভাৱোঁ তোৰ কথা” - বুলি হাত দুখন মহাৰি ষ্মাৰ্ট আৰু প্ৰেক্টিকেল মাইণ্ডেড হ'ব বিচাৰিলেও কোন [ ৩১ ] টলকত বিজুলী খেলি মন আকাশত জিলিকি উঠেহি ক’ব নোৱাৰো। আচলতে জীৱনৰ বহুত কথা সংবিধানৰ আওঁতাৰ বাহিৰত উৰি ফুৰে। বন্ধনহীন।
আক’,কালি কি হ’ল জানে?
ইয়াৰে দোকান এখনত এক কেঃ জিঃৰ হৰলিক্স এটা জোৰ কৰি দি পঠিয়ালে। মই ক’লো, “নিনিও, বাজেট নিমিলিব। এওঁ খং কৰিব।” দোকানীয়ে ক'লে কি?.....“নিয়ক নিয়ক....... আপোনাৰ পইচা এতিয়া খাব কোনে? বহুত পইচা আহি আছে... ৰিভাইজড্ স্কে’ল আহি আছে.... দিবই বোল দুই এদিনতে........”
এইবোৰে বাৰু মানুহ নামাৰিবনে, কওঁকচোন?
ৰচনা কাল - ফেব্ৰুৱাৰী, ২০১০
( দেৰগাৱঁৰ পৰা ওলোৱা মাহেকীয়া কাকত “প্ৰত্যুষ”য়ে ২০১০ বৰ্ষত সদৌ অসম ভিত্তিত আয়োজন কৰা স্বৰচিত গল্প প্ৰতিযোগিতাত এই গল্পটিয়ে শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে )
০০০০০০ ০০০০০০
০০০০০০ ০০০০০০
সমীকৰণ
কথা বেছি আৰু কাম কম হোৱাৰ অপৰাধত চৌধুৰীয়ে ইতিমধ্যে যোগেন মিস্ত্ৰীক বিদায় দিছে বা খেদাইছে। এতিয়া তেওঁ বেলেগ এজন ভাল মিস্ত্ৰীৰ সন্ধান কৰি আছে। আবেলিলৈ গোপাল নামৰ মিস্ত্ৰী এজন আহিব বুলি কৈছে।
চৌধুৰীয়ে কথা পাতি চাব। প্ৰধানকৈ তেওঁ মিস্ত্ৰীজনৰ আইডিয়া কিমান আছে চাব। কাৰণ, চৌধুৰীয়ে জানে, আইডিয়াটো মূল কথা। ভাল আইডিয়া নাথাকিলে ভাল কাম নহয়। তেওঁ ঠিক কৰিছে যে তেওঁ গোপালক বিভিন্ন ধৰণেৰে ‘ক্ৰছ’ কৰিব। যদিহে তেওঁ দেখে যে গোপালৰ আইডিয়া আছে তেন্তে তেওঁ তাক কামত লগাব, নহ'লে,.......
ঘৰ এটা সজোৱাটো যে কিমান ডাঙৰ কথা সেইটো কথা অলপ দিনৰ আগলৈকে চৌধুৰীয়ে জনাই নাছিল। নজনাটো স্বাভাৱিক। তেওঁতো নিজাকৈ আজিলৈকে ইটা এচপৰাও কিনিবলগীয়া হোৱা নাই। গতিকে তেওঁ ভাৱিছিল, “হৈ যাব। চলি যাব। যত যি মেটেৰিয়েলচ্ লাগে দোকানৰ পৰা অনাই দিম...। মিস্ত্ৰীয়ে ঘৰ বনাই যাব। বচ। আৰু এদিন ডাঙৰকৈ ঘৰলোৱা সকাম এটা পাতি......।”
কিন্তু বৰুৱা ছাৰে কয় কি?
“নহয় নহয়, ঘৰ এটা সজোৱাটো মুখৰ কথা নহয়। চুলি পকি যায়.....”
“কিন্তু আপোনাৰতো চুলি ক’লা হৈয়েই আছে। আপুনি মোক কিয় ভয় খুৱাইছে.....?”
চৌধুৰীয়ে সেইদিনা বৰুৱা ছাৰক প্ৰায় উভতি ধৰাদিয়েই ধৰিছিল।
যিকোনো ধৰণৰ প্ৰত্যাশিত বা অপ্ৰত্যাশিত আক্ৰমণৰ মোকাবিলা কৰিবৰ বাবে সততে সাজু হৈ থকা বৰুৱা ছাৰে চকীখন ঘূৰাই চৌধুৰীৰ মুখামুখিকৈ বহি লৈছিল।
“নাই নাই, তোমাক মই ভয় খুওঁৱা নাই। সঁচা কথাহে কৈছো। ঘৰৰ কাম এবাৰ আৰম্ভ কৰিলে নিজেই বুজিবা। আনে ক’বই নালাগে। আৰু তুমি মোৰ চুলিৰ কথা কৈছা? গোটেই পকিল। ৰং সানি থৈছো। দেখিছা? হেঃ হেঃ [ ৩৩ ] হেঃ.......”
হ’ব পাৰে।
হ’ব পাৰে নহয়, হ’য়েই যেনিবা। তথাপি ঘৰ–বাৰী নবনাবই নে মানুহে।
নগৰে-চহৰে, গাৱেঁ-ভূঞে কিমান ঘৰ, কিমান বিল্ডিং! কোনোতো বহি থকা নাই। ধাম্ধুম ঘৰ বনোৱাত লাগিয়েই আছে। মহলৰ ওপৰত মহল উঠাইছে, দালানৰ পিছত দালান!
“বনাব। কিয় নবনাব? কিন্তু মই কৈছো কি, কামটো সহজ নহয়। বহুত সমস্যা। মানে তোমাৰ কিছুমান মেটেৰিয়েলচ্কলৈ সমস্যা। মিস্ত্ৰীক লৈ সমস্যা। বতৰ-পানীৰ কথাও আছে। আৰু হাজাৰটা সমস্যা মোকাবিলা কৰাৰ পিছত দেখিবা কামটো তোমাৰ মনঃপুত হোৱা নাই। ক'ৰবাত চুক-কোণ নিমিলিব। ক’ৰবাত ওৱালখনতে ফাঁট এটা মেলিব। ক'ৰবাত দেখিবা খিৰিকি এখনৰ হুক এটা নাখায়, বন্ধ কৰিব নোৱাৰি। আৰু ক’ৰবাত দেখিবা....”
“কেলেই বৰুৱাছাৰ, মোৰ কি হ’ল জানেনে নাই? টায়েলচ্বোৰ নোখোৱা হৈছিল নহয়। কিবা বোলে দুই-তিনি ইঞ্চিৰ গেপ ওলাল। ইফালে আগৰ মিস্ত্ৰীকতো কেতিয়াবাই বিদায় দিলো। ক’ত পাওঁ এতিয়া তাক! পিছে পোৱা হ'লে কথা বেয়া হ'লহেঁতেন। আপোনাক কি কৈছো, মোৰ মানে ইমানেই খং উঠিছিল......”
গগৈছাৰৰ অংশ গ্ৰহণে আলোচনাটোক এটা নতুন মাত্ৰা প্ৰদান কৰিলে। ওঠৰশ স্কোয়াৰ ফুটৰ বিল্ডীং সজোৱা মানুহ তেওঁ। তেওঁৰ কথাৰ ওজন যথেষ্টই আছে।
“মোৰ কি হ’ল শুনক......”
এইবাৰ চকীখন ঘূৰাই লৈ মুখামুখি হৈ ল'লে শইকীয়া ছাৰে।
“ভাৱিলো প্লাষ্টিক পেইন্ট মৰাওঁ। ক’ৰ পুটিন লাগে, ৰং লাগে, আনিও দিলো। চাবি যাতে কাম ভাল হয়। পুৰা ত্ৰিশ হাজাৰ টকাৰ ঠিকা। পিছে হ’ল কি আপোনাৰ, ওৱালৰ তলৰ ফালৰ পৰা ৰংবোৰ এৰাই গ'ল। ৰঙৰ মিস্ত্ৰীক ধৰিলো। সি কয় কি, বোলে বেৰৰ তলত টাই-বীম নথকা বাবে ওৱালে পানী টানিছে। সেই বাবেহে ৰং এৰাইছে। দেখিছেনে বাৰু? টাই-বীম নিদিয়াৰ বাবে যাওক এতিয়া আগৰ পকা মিস্ত্ৰীক বিচাৰি। এতিয়া কি কাম হ'ব আৰু? লোকচান বুইছে, সাংঘাতিক লোকচান.....”
[ ৩৪ ]
শইকীয়া ছাৰৰ অংশ গ্ৰহণে আলোচনাটোক আৰু এখোজ আগবঢ়াই নিলে।
তেখেতেও ৰূম তিনিটা সজালে। ওপৰ মহলৰ প্ৰভিজন ৰাখি থৈছে। সজাব। ফাষ্ট ফ্ল’ৰটোত চি-আই-শ্বীট লগাব। নহ'লে গৰম হয়। টাটাই হেনো ফাইবাৰ চি-আই-শ্বীট এবিধ উলিয়াইছে। গৰম যথেষ্ট কম হয়। মজবুতো হয়। আনকি শিল বৰষুণ আহিলেও বেছি শব্দ নকৰে। মুঠতে সেইবিধ চি-আই-শ্বীট লগালে বহুত টেনশ্বন ফ্ৰী! খালি কথাটো হ’ল এইবিধ চি-আই-শ্বীট এতিয়াই মাৰ্কেটলৈ অহা নাই। দুই এদিনতে নিশ্চয় আহিব। তেতিয়া.....।
“এটা কথা কি জানে শইকীয়া, এইবোৰ ডেৰশ-দুশ টকীয়া লোকেল মিস্ত্ৰী লগাই ঘৰৰ কাম কৰাবই নাপায়। কেইদিনমান যোগালী কৰি কৰণি এখন আৰু ওলোম এডাল কিনি ল’লেই হৈ গ'ল আৰু মিস্ত্ৰী! ক’ত কেইটা বিশ মহলীয়া বিল্ডীং বনালে তাৰহে হিচাপ দিবহি। ইহঁত চব বদমাচ। মই মানে আজিলৈকে নিজাকৈ ঘৰ এটা নবনাব পাৰো, কিন্তু মোৰ আইডিয়া পুৰা আছে।”
নিজাকৈ ঘৰ এটা নবনোৱাকৈয়ো ঘৰ সজাৰ বিষয়ে যথেষ্ট আইডিয়া সঞ্চয় কৰি ৰখা দুৱৰা ছাৰৰ কথাত আলোচনাই এক নতুন মোৰ ল’লে।
ইন্দ্ৰাণী বাইদেৱেও যথেষ্ট ডাঙৰ বিল্ডীং এটা বনাই আছে। তলত পাঁচটা ৰূম, ওপৰত তিনিটা আৰু আগফালে এটা বেলকণি! কাম ধামধুম আগবাঢ়িছে। বাইদেউৰ অৱশ্যে এটাই ভাল হৈছে যে ঘৰ বনোৱাৰ বিষয়ে নিজে টেনশ্বন ল’বলগীয়া হোৱা নাই। ভিনদেৱে সকলো কামৰ তদাৰক কৰি আছে। ক’ৰ ইটা, ক'ৰ বালি, ক’ৰ কাঠ, ক’ৰ চিমেন্ট এইবোৰ চব বাৰ্ডেন ভিনিদেৱে লৈছে। কৰাৰ ভিতৰত বাইদেৱে কেৱল চে’কত চহী কৰে আৰু দুই-তিনি দিনৰ মূৰে মূৰে আবেলি ঘৰটোৰ সমুখত গাড়ীখনৰ পৰা নামি চানগ্লাছযোৰ নোখোলাকৈয়ে এক নাটকীয় ভংগীত এপাক মাৰে।
বাইদেউ যোৱা দেখিলেই হে’ড মিস্ত্ৰীজন প্ৰায় দৌৰি অহাদি আহে। অভ্যাস বশতঃ সোঁহাতখন চালাম কৰাৰ ভংগীত কপালত এবাৰ লগাই হাঁহি এটা মাৰে।
“আপ্নি চিন্তা নাকৰিব মেডাম.... ঘৰটো বহুত বঢ়িয়া হ’বে.....এতিয়াই আপ্নি ধৰব্ নাই পাৰ্বে....ফিনিচিং হোৱাৰ পৰে জান্তে পাৰ্বে.... আপ্নি [ ৩৫ ] কিছু চিন্তাই না কৰ্বে মেডাম.....”
এই ঘৰটো এই অঞ্চলত কিমান এটা ব্যতিক্ৰমী ঘৰ হ’ব তাৰ এট মোটামোটি ধাৰণা দিবলৈ সি চেষ্টা কৰে। কিন্তু ভিনদেউ ওচৰ চাপি আহিলেই সি অলপ সেমেনা-সেমেনি কৰি আতৰি যায়। যাওঁতে সি এনেকুৱা এটা আভাস দিবলৈ চেষ্টা কৰে যেন মেডাম থিকেই আছে, কিন্তু ছাৰহে.....।
অপৰাজিতা বাইদেউৰ হেনো ঘৰ এটা সজোৱাৰ কথা ভাৱিবলৈয়ো উপায় নাই।
কিয়?
এইবোৰ হেনো বহুত কথা।
আজি পোন্ধৰ বছৰে চাকৰি কৰা অপৰাজিতা বাইদেউৰ লাখ লাখ টকাই বেঙ্কত সোমাই কান্দি আছে। ওলাই আহিবলৈ বাট বিচাৰি পোৱা নাই। আজি বিশ বছৰে ইউ-বি-আইত মেনেজাৰগিৰি কৰি অহা ভিনদেউৰো লাখ লাখ টকা বেঙ্কৰ লকাৰত সোমাই “অথিৰ ধনজন” বুলি বিলাপ কৰি চকুলো বোৱাই আছে। অথচ বাহিৰলৈ উলিয়াই আনোতা নাই। এটা সুন্দৰ বিল্ডীং দৃশ্যপটত আবিৰ্ভাৱ হ'বলৈ অনুমতি পোৱা নাই। নাই বোলে কমচে কম এটা দ্ৰয়িং ৰূমো....! কিন্তু কিয়?
“এ কিনো কওঁ..... আমাৰ এখেতৰ কথাই সুকীয়া নহয়.....”।
এটা নিস্তেজ হাঁহি সৰকি আহে বাইদেউৰ ওঁঠৰ ফাঁকেদি।
পিতৃ ভক্তিত গদ্গদ্ হৈ থকা ভিনদেৱে হেনো পিতৃ গৃহটো না এৰিবলৈ মন কৰে, না নতুন এটা বনাবলৈ।
“তুমি নাজানা, কিমান আশা কৰি, কিমান প্লেন-প্ৰগ্ৰেম কৰি, কিমান কষ্ট কৰি দেউতাই এই ঘৰটো মোৰ বাবেই সজাই থৈ গৈছে। হ'ব পাৰে ঘৰটো পুৰণি মডেলৰ, কিন্তু এই ঘৰটোত এটা মোহ আছে। এটা এৰাব নোৱাৰা মায়া আছে। এতিয়া এই ঘৰটো মই কোন সতে ভাঙো বা এৰো কোৱাচোন.....।”
ভিনদেউৰ সেই একেটাই কথা। অঁকৰা মৈত উঠা বুলি ইয়াকে কয় নেকি! গতিকে থাকা আৰু এতিয়া সেই ৱাৰ টাইমৰ মডেলৰ এল-পেটাৰ্ণৰ ঘৰটোতে সোমাই। ওচৰতে কিমান কেইটা ধুনীয়া ধুনীয়া বিল্ডীং হ’ল। বিকাশ বৰুৱা নামৰ ইঞ্জিনিয়াৰ এজনৰ চাৰিমহলীয়া বিল্ডীংটোৱে ইতিমধ্যে বাইদেউহঁতৰ ৱাৰ টাইমৰ ঘৰটোক অজগৰে গিলাদি গিলি পেলাইছে! [ ৩৬ ] তেওঁলোকৰ ঘৰটোৰ পূৱ দিশত প্ৰবক্তা এজনেও চেকেণ্ড ফ্ল’ৰৰ কাম ধামধুম চলাই আছে। ৰাস্তাটোৰ সিটো মূৰে চে’ল টেক্স অফিচৰ কেৰাণী এজনৰ বিল্ডীংটো একেবাৰে টি-ভিৰ চিৰিয়েলত দেখা ঘৰবোৰৰ মডেলত সাজিছে। এতিয়া হেনো বাইদেউহঁতৰ ঘৰটোত হাৱা-বতাহ সোমাবলৈও বাট বিচাৰি নাপায়। সকলো হাৱা-বতাহ চিধা বিল্ডীংবোৰলৈ হে হেনো ঢপলিয়ায়। যেন একোটা হুঁচৰি দলহে। ঘৰবাৰী চাই চিতিহে সোমায়। নহ'লে জপনা খুলি দিলেও সেইফালে মুখকে নকৰে!
সমস্যা! এটা সমাধান নোহোৱা সমস্যা।
অ’... কৰোঁ বুলিলে বাইদেৱে ডিমাণ্ড দিব পাৰে, অনশন কৰিব পাৰে, মাকৰ ঘৰলৈ গুচি যাব পাৰে, ভিনদেউক ভাতৰ কাঁহীখন, চাহৰ কাপটো ঠেকেচা মাৰি দিব পাৰে। ওচৰ চুবুৰীয়াই শুনাকৈ অলপ হাল্লা কৰিব পাৰে। ইচ্ছা কৰিলে বাইদেৱে হেনো বহুত কিবা কিবি কৰিব পাৰে। কিন্তু তেওঁ নকৰে। মানে কৰিব নোৱাৰে। মানে এইবোৰ কৰিবলৈ তেওঁৰ লাজ লাগে। দৰ্শন বিভাগৰ শিক্ষয়িত্ৰী হৈ এইবোৰ তুচ্ছ পন্থা অৱলম্বন কৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’বলৈ তেওঁ কোনো মতেই প্ৰস্তুত নহয়। গতিকে কৰিব কি আৰু! থাকক আৰু পুৰণি ঘৰটোৰ ৰখীয়া হৈ। পিছে এখন যুদ্ধৰ পৰিৱেশ সদায় বিৰাজমান হৈ থাকে। এফালে এটা ধুনীয়া অট্টালিকাত থাকিবলৈ বাইদেউৰ এক আজন্ম হেপাঁহ আৰু আনফালে ৰামচন্দ্ৰকো ডিফিট দিব পৰা পিতৃভক্তিৰে মহীয়ান হোৱা ভিনদেউৰ আদৰ্শবোধ! এতিয়া, ডাঙৰ হৈ ল'ৰাই কিবা এটা কৰিলেহে কৰা। নহ’লে......
পাৰ-বাহ হেন তিনিটা কোঠাৰ চৰকাৰী কোৱাৰ্টাৰটোত সোমাই সোমাই, টি-ভিৰ চিৰিয়েলবোৰ চাই চাই, ৰাতিপুৱা-গধুলি পদ্মাসন কৰি, ধ্যান কৰি, মাজে মাজে মাক-ভায়েকৰ লগত ফোনত কথা পাতি পাতিও শান্তা বাইদেউৰ এনে লাগিল যেন সময়বোৰ নাযায়-নুপুৱায়। এটা সৰু ঘৰ হ’ব। তাত কেৱল তুমি থাকিবা আৰু মই! আমাক আমনি কৰিবলৈ তাত অন্য কোনো নাথাকিব। কেৱল মই তোমাক মৰম কৰিম আৰু তুমি মোক! দিনবোৰ উজ্জ্বল হ'ব। নিশাবোৰ জোনাক ভৰা হ'ব আৰু আবেলিবোৰ! তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ! মনত পৰেনে অৰুন্ধুতী? ......থিক এনে ধৰণৰ কবিতা কবিতা লগা সপোনবোৰ কেতিয়া ক'ত হেৰাই গ'ল তাক মনত পেলাব নোৱাৰা হ'ল শান্তা বাইদেৱে।
[ ৩৭ ]
ভিনদেউও সেই জঠৰ। এটা নিষ্প্ৰাণ পুতলা। নহয় নহয়, পুতলা নহয়। মুৰ্তি! হয় হয়, মুৰ্তিয়েই হয়। গহীন গহীন দুই-তিনিটা বাক্য আৰু আকস্মিকভাৱে ঘটি যোৱা দুই-এটা দৈহিক স্পৰ্শ।
বচ, ইমানেই?
নাই নাই, এনেকৈ থাকিলে মানুহ পাগল হৈ যাব। কাম লাগে, ব্যস্ততা লাগে। অন্ততঃ সময় কটোৱাৰ এটা অৱলম্বন!
“কিয় বাৰু এটা ঘৰকে নসজাওঁ?”
হয়, ঠিকেই। এটা ঘৰকে বনোৱা হওঁক। আইডিয়াটো ভাল।
পিছ দিনাৰ পৰাই আৰম্ভ হ’ল দৌৰা দৌৰি। হাউচিং ল’ন লাগে, বুঢ়া গছৰ এ ক্লাছৰ কাঠ লাগে, ইয়াত ভাল কাঠ পাবলৈ নাই। গতিকে বৰহোলাৰ ফালে ক'ৰবাত গছ দুজোপামানকে ...। ইয়াত টাটা টিনৰ ৰড্ পাবলৈ নাই। গতিকে যোৰহাটৰ পৰাই ট্ৰাক এখনত দহ কুইণ্টল ৰড্ একে বাৰতে... আৰু মিস্ত্ৰী! এইবোৰ ডেৰশ দুশ টকীয়া সস্তীয়া মিস্ত্ৰী লগাই লৈ মূৰ গৰম কৰিব নোৱাৰি। নগাঁৱৰ ফালৰ কোনোবা ভাল মিস্ত্ৰী! সোতৰশ ষাঠি স্কোৱাৰ ফুটৰ ঘৰটোৰ দ্ৰয়িংটো হাতত লৈ বাইদেউৰ হিচাপ-নিকাচ আৰম্ভ হ'ল। বেজবৰুৱাছাৰে ধেমালি কৰিলে, “বাদ দিয়া শান্তা এইবোৰ ঘৰ-বাৰী কৰিবলৈ, তাতকৈ অলপ টুৰত যোৱা। খোৱা-বোৱা কৰা, স্ফুৰ্তি কৰা। দহটা কথা দেখিলাও, শিকিলাও, এইবোৰ ঘৰ-দুৱাৰ কালৈ?”
হু! কালৈ? মানুহে কি চব ল’ৰা-ছোৱালীলৈ হে ঘটে? নিজৰ বাবে কি নালাগে? নিজে থাকিবলৈ কি ঘৰ-বাৰী নালাগে? কথা! এইবোৰ মানুহৰ কথা! ডাউন দিব আহিছে।
খঙত-ক্ষোভত শান্তা বাইদেউৰ নাকৰ পাহি ফুলি গৈছিল। কিন্তু প্ৰতিবাদো কৰা নাছিল। ষ্টাফত এইবোৰ ধেমালি ধুমুলা চলেই। তাকে নহ'লে ব’ৰ হ’ব লাগিব। তথাপিও “কিয় ক’ব মোক তেনেকৈ?” শান্তা বাইদেউৰ কপালত বিন্দু বিন্দু ঘাম জিলিকি উঠিল।
প্ৰায় এটা বছৰে দুৰ্দান্ত দৌৰা-দৌৰি, যুঁজ-বাগৰ, হিচাপ-নিকাচৰ অন্তত শান্তা বাইদেৱে যেতিয়া গৃহ-প্ৰৱেশ কৰিলে তাৰ ঠিক লগে লগেই তেওঁৰ ঘৰটো উদং উদং লাগিল। মনটো উৰুঙা উৰুঙা লাগিল। ইমানখিনিলৈকে বাৰু আহিলো....... ইয়াৰ পিছত? কোন থাকিব এই প্ৰকাণ্ড ঘৰটোত? মই? [ ৩৮ ] এখেত? তাৰ পিছত কোনে খাব এই সা-সম্পত্তি? পিছৰ কথা বাৰু পিছত। কিন্তু এতিয়াওতো ঘৰটো ইমান নিজান! নাই কোনো হাঁহি খিকিন্দালি, নাই কোনো নাচ-গান.... কৌতুক... নাই কোনো কেঁচুৱাৰ কল-কাকলি....হাঁহি-কান্দোন...., এইফালে নাযাবা নাযাবা..... পৰিবা..... এইটো নুচুবা নুচুবা......ভাঙিব... খালা খালা..... তোমাক এইটো চুবলৈ হাক দিছিলোনে নাই। ......খালি বদমাচি..... তোমাক নেওতা মুখস্থ কৰি থাকিবলৈ কৈছো নে নাই.....? লাগে। এইবোৰ লাগে। ঘৰ এখনক ঘৰ কৰি ৰাখিবলৈ এইবোৰ লাগেই। কিন্তু কোনে কৰিব এইবোৰ হাল্লা-হুলস্থূল? কোনে গাব গান? কোনে হাঁহিব, কোনে কান্দিব? ইমান নিজান! ইমান নিৰ্জনতা! শান্তা বাইদেউৰ ভয় লাগিবলৈ ধৰিলে। তাতে, ক’ৰ পৰা জানো ওলালহি আপদীয়া ফেঁচা এটা। পুৱা-গধুলি চাদৰ ওলাই থকা ৰড্ এডালতে পৰি লৈ খালি, “নিউ....... নিউ......”।
শান্তা বাইদেউৰ অন্তৰখন ভয়ত কপিবলৈ ধৰিলে। তেওঁৰ মনত এক প্ৰচণ্ড বা-মাৰলিৰ সৃষ্টি হ’ল। দুই হাতেৰে মূৰটো টেপা মাৰি ধৰি তেওঁ ইটো কোঠালৈ গ'ল। উদং! সিটো কোঠালৈ গ’ল। উদং! ঘৰটোৰ চুকে-কোণে শূন্যতা। কেৱল শূন্যতা! তেওঁ পিছফালে গ’ল, আগফালে গ’ল..... নাই নাই, ইমান নিৰ্জন! ইমান নিজান! কিন্তু তেওঁৰ মনৰ মাজত কিহৰ ধুমুহা? ক’ৰ বা-মাৰলী?
এক দুৰ্দান্ত ধুমুহাৰ পিছত নামি অহা এক ভয়াবহ শান্তিৰ কোলাত শান্তা বাইদেউ ঢলি পৰিল। হেৰাই গ'ল। পৰি ৰ'ল মাথোন এক ভয়ংকৰ ইতিহাসৰ সাক্ষী হৈ “শান্তা কুটিৰ”!
ভাল নালাগে। এই ঘৰটোৰ কাষেৰে অহা-যোৱা কৰিবলৈ চৌধুৰীৰ ভাল নালাগে। ঠিক ভূত ওলাব বুলি নহয়। কিন্তু ভাল নালাগে। হয়তো কাৰো ভাল নালাগে। যিটো ঘৰৰ ভৱিষ্যৎ আছে সেইটো ঘৰ ভাল লাগে। কিন্তু যাৰ কেৱল অতীতহে আছে, তাক?
কিন্তু চৌধুৰীয়ে এটা ঘৰ বনাব। এটা সৰু ঘৰ। তিনিটা কোঠাৰ এটা সৰু ঘৰ। আগফালে এখন সৰু চোতাল। দুই-চাৰিজোপা ফুল। আবেলি আবেলি চোতালখনত তেওঁ অলপ বহিব। ৰঙালী বিহুত হুঁচৰি আহিব, দুই-এক বন্ধু বান্ধৱ আহিব। ছোৱালীজনীয়ে জপিয়াই ফুৰিব, গান গাব, হাঁহিব, অভিমান কৰিব....। “দেউতা অ..” বুলি মাতিব। চৌধুৰীৰ ঘৰ ভৰি পৰিব। নিৰ্জনতাই [ ৩৯ ] সোমাবলৈ বাট নেপাব। দুখ-হতাশা, হুমুনিয়াহ, অসুয়া-অপ্ৰীতি, হাই কাজিয়াৰ বাবে চৌধুৰীৰ ঘৰৰ গেইট সদায় বন্ধ হৈ থাকিব।
“ঘৰ বনাবলৈ কিন্তু অভিজ্ঞতা লাগে দেই। নহলে কিন্তু অবাবত বহুত পইচা খৰচ হয়। মই কৈ দিলো।”
শৰ্মাছাৰৰ সাৱধান বাণী।
থিকেই। কিন্তু কাম এটা নকৰাকৈয়ে চৌধুৰীৰ অভিজ্ঞতা হয় কেনেকৈ? তেওঁতো দুৱৰা ছাৰ নহয় যে নিজা ঘৰ এটা নসজোৱাকৈয়ো অৰ্জন কৰিব পাৰে অভিজ্ঞতা! হাঃ
কিন্তু কেনে ধৰণৰ অভিজ্ঞতাৰ কথা শৰ্মাছাৰে কৈছিল সেই কথা বুজি পাবলৈ চৌধুৰীক লাগিল মাত্ৰ দুমাহ!
“কাম কৰি থাকোতে গৃহস্থই ইটো সিটো নিৰ্দেশ দি থাকিলে ভাল নালাগে। গতিকে হাজিৰা নকৰো - ঠিকাহে কৰিম” বুলি কোৱা যোগেন মিস্ত্ৰীক এদিন চৌধুৰীয়ে ধমক দিবলৈ বাধ্য হ’ল। ইমান মুকলি মাটি ডোখৰতো বাউণ্ডেৰী ওৱাল কেইখনৰ চুক-কোণ কেইটা জোখৰ নহ'ল। আয়তাকাৰ বাৰীখনৰ বাউণ্ডেৰীটো হ’ল এটা ট্ৰেপিজিয়াম! চৌধুৰীৰ কাণ-মূৰ গৰম হৈ গ’ল। ভদ্ৰতাৰ সীমা ৰেখাডাল অতিক্ৰম নকৰাকৈ যিখিনি কথা শুনালে মানুহে গালি পৰা বুলি ভৱা হয় ঠিক সিমানখিনি কথা কৈ চৌধুৰীয়ে যোগেন মিস্ত্ৰীক বিদায় দিলে বা সহজ কথাত, খেদালে।
এতিয়া তেওঁ বেলেগ এজন ভাল মিস্ত্ৰীৰ সন্ধান কৰি আছে।
গোপাল নামৰ মিস্ত্ৰী এজন আবেলি অহাৰ কথা কৈ গৈছে। চৌধুৰীয়ে এইবাৰ গোপালৰ লগত কথা পাতি চাব। যদিহে তেওঁৰ ভাৱ হয় যে গোপালৰ আইডিয়া আছে তেন্তে তেওঁ তাক কামত লগাই চাব। নহ'লে.......।
তিনি বাজি গ'ল। গোপাল নাহিল। চাৰি বাজি গ'ল..... পাঁচ বাজি গ’ল .......ছয় বাজি গ’ল। হঠাৎ খটংকৈ গেইটখনত শব্দ এটা হ’ল। চৌধুৰীয়ে আগচোতালৰ লাইটটো জ্বলাই দি চোতাললৈ ওলাই গ'ল।এতিয়াহে আহিবলৈ পালে নে ই!
“ছাৰ! কি কৰিছে?”
গোপাল নহয় দেখোন। ৰাজেনহে।
“ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালাহি?”
[ ৪০ ]
ক’ব। ইমান দিনৰ মূৰত আহি ওলোৱাৰ সকলো কাৰণ ৰাজেনে ক’ব। কিন্তু বহিতো ল'ব লাগে প্ৰথমে। চৌধুৰীয়ে প্লাষ্টিকৰ চকী দুখন উলিয়াই আনিলে চোতাললৈকে। হ’বনে? হ’ব।
চৌধুৰীৰ একালৰ ছাত্ৰ ৰাজেন। আগবঢ়াই দিয়া চকীখনত বহিবলৈয়ো সংকোচ কৰে। কিন্তু কিমাননো থিয় হৈ থাকিব?
“কোৱাচোন....... মোৰ কাঠৰ কি হ’ল। জানাইতো চাটাৰিঙৰ বাবে বহুত কাঠ লাগিব...... তোমাকতো এড্ভান্স.....”
“নাই ছাৰ, কাঠৰ বহুত প্ৰব্লেম। এতিয়া গছ কাটিবই নোৱাৰা অৱস্থা “সেউজী পৃথিৱী” বোলা এন-জি-অ’ এটা ওলাইছে, হাবিয়ে-বননিয়ে ঘূৰি ফুৰে। কুঠাৰ-কৰতৰ শব্দ শুনিলেই কেমেৰা-চেমেৰা লৈ আগুৰি ধৰে। তাতে নিউজ চ্যেনেলবোৰতো আছেই। ফৰেষ্টাৰ ছাৰেই পানী খাই গৈছে। ইফালে ব্যৱসায় নচলিলে আমি চলিম কেনেকৈ?”
“এনেকৈ হ'লে মানুহে ঘৰ-দুৱাৰ বনাব কেনেকৈ?”
ৰাজেনৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে চৌধুৰীয়েও নিক্ষেপ কৰিলে আন এটা প্ৰশ্ন। কিন্তু কোনোতো প্ৰশ্নৰ বাবে সাজু হৈ থকা নাছিল কোনো উত্তৰ। কিন্তু উত্তৰতো লাগিবই। কোনে দিব ইয়াৰ উত্তৰ? চৌধুৰীয়ে?
“ভাৱিব লাগিব...... চিন্তা কৰিব লাগিব....... কিবা এটা উপায়তো উলিয়াবই লাগিব...... নহ'লে দেখোন ঘৰ-দুৱাৰ বনোৱা.....”
চকীখনত চৌধুৰীয়ে গাটোৰ সমস্ত ভৰ এৰি দিলে। চকীখন অলপ মেট্মেটাই উঠিল। ৰাজেনেও তলৰ ওঁঠখন এবাৰ কামুৰি ধৰি, এবাৰ এৰি দি এক মৌখিক এক্সাৰচাইজ কৰি কৰি নিৰৱে বহি থাকিল।
ভাৱিছে। ৰাজেনেও নিশ্চয় ভাৱিছে।
“এ হেৰি নহয় ৰাজেন... কোন কোন আছে হে’ এন-জি-অ’ টোত? চিনি পোৱানে?
“ছাৰ মানে....আপুনি চিনিয়েই পাব....সাগৰ, মৃগাংক, তপন, অনমিত্ৰ বিপ্লৱ......”
ৰাজেনে নামবোৰ মুখস্থ মাতিবলৈ ধৰিলে, যেন ইণ্টাৰভিউ দিবলৈ অহাৰ আগতে ঘৰতে মুখস্থ কৰি আহিছিল।
“আচ্ছা আচ্ছা বুজিলোঁ,ৰ’বা, ৰাস্তাৰ কাষত গছপুলি ৰোৱাৰ ঠিকাবোৰ [ ৪১ ] এওঁলোকেই নলয় জানো?”
“লয় লয়। ইয়াত ইহঁতেই লয়”
ৰাজেন অলপ পোন হৈ বহিল। ছাৰে নিশ্চয় কিবা উপায় চিন্তা কৰি উলিয়াইছে। নহ’লে......
“ৰাজেন!”
“ছাৰ।”
“এটা কাম কৰা...
ৰাজেন অলপ আগুৱাই বহিল।
কৰিব, এটা কিয় দহটা কাম কৰিব।
কিন্তু কামটো কি?
“তুমি যিমান পাৰি সোনকালে এই এন-জি-অ’ টোৰ সদস্য হোৱা.....। তুমিও গছপুলি ৰোৱা। আনকো ৰুবলৈ দিয়া। টি–ভি কেমেৰাৰ সমুখত ওলোৱা। তাৰ পিছত লাহে লাহে, পৈনত বুঢ়া গছবোৰ কাটি তাৰ ঠাইত নতুন নতুন পুলি ৰুব লাগে বুলি এটা শ্ল'গান, এটা সচেতনতা, এটা জাগৰণ, এটা...... এটা আন্দোলন। তুমি বাৰু বুজি পাইছানে মই কি কৈছোঁ?”
“বুজিছোঁ ছাৰ। কিন্তু..... কিন্তু.... বহুত দিন লাগিব দেখোন...... আৰু আপুনি কোৱাৰ দৰে বুঢ়া গছবোৰ যে কাটিব পৰা যাব তাৰ কি মানে আছে? তাতে চুপ্ৰীম কৰ্টৰো নিষেধাজ্ঞা.....”
ৰাজেন যেন অসহায় হৈ পৰিছে।
কিন্তু ৰাজেনতকৈয়ো অসহায় হৈ পৰিছে চৌধুৰী নিজে। কাঠেই যদি পোৱা নাযায় তেন্তে তেওঁৰ ঘৰ?
“বাৰু এতিয়া যোৱাচোন........ পিছত চিন্তা কৰিম........”
এটা অস্বস্তিকৰ পৰিৱেশৰ পৰা মুক্ত হ’বৰ বাবে চৌধুৰীয়ে ৰাজেনক এক প্ৰকাৰ অভদ্ৰৰ দৰেই বিদায় দিলে। গেইটখনত তলাটো মাৰি চকী দুখন ভিৰতলৈ লৈ আহিল। ৰক্ষা!
“দে-তা....... বিশ্ব পৰিৱেশ দিৱস মানেনো কি?.....”
টি-ভিটো অন কৰি বহোঁতেই হিমাদ্ৰী আহিল সমাজ বিজ্ঞানৰ কিতাপখন লৈ। টি-ভিটোৰ চাউণ্ডটো কমাই দি চৌধুৰীয়ে জীয়েকলৈ চালে।
“তাৰ মানে, পৃথিৱীত গছ-গছনি কমি আহিছে... মানুহ বাঢ়ি আহিছে... [ ৪২ ] উশাহৰ বাবে লগা অক্সিজেন কমি আহিছে...... গতিকে পাঁচ জুন তাৰিখে বিশ্ব-পৰিৱেশ দিৱস এটা পাতি সকলোকে গছ নাকাটিবলৈ আৰু নতুন গছপুলি ৰুবলৈ সচেতন কৰে। ইয়াকে বিশ্ব পৰিৱেশ দিৱস বুলি কয়... বুজিলানে?...
চৌধুৰীয়ে মৰমতে জীয়েকৰ হাতখন ধৰি ওচৰলৈ টানিলে। জীয়েকে হাতখন এৰুৱাই নিবলৈহে চেষ্টা কৰিলে। চৌধুৰীয়ে সামান্য হাঁহিলে।
“আমাৰ ছাৰে কৈছে...... আমি প্ৰত্যেকে বোলে নিজৰ নিজৰ নামত কমেও এটাকৈ গছপুলি ৰুব লাগে.....ক’তা, মোৰ নামত গছপুলি এটা দেখোন তুমি ৰোৱাই নাই...”
অভিমানত হিমাদ্ৰীৰ নাক-মুখ যেন ফুলি গ'ল।
“ৰুম। কাইলৈকে ৰুম। আচ্ছা কোৱাচোন হিমাদ্ৰী....... আজি কি তাৰিখ?......”
“আজিতো চাৰি তাৰিখ..... কাইলৈ পাঁচ..... মানে কাইলৈ গছপুলি ৰুবই লাগিব.....মই কৈ দিছোঁ.....”
একমাত্ৰ জীয়েকৰ আব্দাৰ।
ৰাতি ভাতৰ টেবুলত চৌধুৰীয়নীয়ে সুধিলে-“কাঠৰ কথা ৰাজেনে কি ক’লে?”
চৌধুৰীয়ে যিমান পাৰে চমুৱাই কথাখিনি কৈ বুজালে যে ঘৰ সজোৱাৰ চিন্তা সদ্যহতে বাদহে দিব লাগিব।
টেঙা এটুকুৰা চুপি চুপি চৌধুৰীয়নীয়ে মুখ বিকটাই দিলে।
“অ’,কথা তেন্তে সেইটোহে... গোটেই সংসাৰৰ মানুহে ঘৰ-দুৱাৰ সাজি সাজি শেষ কৰিলে....প্ৰব্লেমবোৰ হ’লগৈ আপোনাৰহে... মই জানিছো নহয়..... আপোনাৰ পৰা কোনো কাম নহ’ব..... আপোনাৰ খালি কথাহে...”
০০০০০ ০০০০০০
০০০০০ ০০০০০০
ৰচনা কালঃ অক্টোবৰ, ২০১০
মিতেৰ’ৰ দেশত
মিতেৰ’ (মিত্ৰ বা বন্ধু)ৰ কাঢ়া নিৰ্দেশ, মইমুখেৰে একো মাতিব নালাগে। হিন্দীতো ক’বই নালাগে। নেপালী টুপীটো পিন্ধি লৈ তেওঁলোকৰ লগে লগে খালি সোমাই যাব লাগে। ক'ৰবাত মোৰ নাম ঠিকনা ক'বলগীয়া হ'লেও বৰঠাকুৰ বুলি ক'ব নালাগে, চৰ্মা (শৰ্মা) বুলিহে ক'ব লাগে।
কিয়?
নেপালী ব্ৰাহ্মণেও শৰ্মা উপাধি লিখে। কিন্তু বৰঠাকুৰ? না না না। বিদেশী বুলি ভাৱিব। য’তে ত’তে এন্ট্ৰি টিকেট লগা হ'ব। আৰু একোটা এন্ট্ৰি টিকেটৰ দাম কিমান হয় জানে? কমেও দুই-তিনিশ টকা। পইচা ভৰিহে তত্ পাব, বুজিছে?
বুজিছো। (নুবুজি মৰিলেহে হ’ব)
বাপ্ৰে, কি কাৰবাৰ। ভাৰতৰ কোনো ঠাইতে নেপালীৰ বাবেত বেলেগে এন্ট্ৰি টিকেট নালাগে। কিন্তু ইয়াত যে ইহঁতে ওভতগোৰে নাচে, ইয়াৰ কাৰণ? (অৱশ্যে কাৰণ চাৰণ বিচাৰি ইয়াত কোনো লাভ নাই। কিন্তু কৰিম নো কি? লোকৰ দেশ, লোকৰ কথা, লোকৰ বতৰা। গতিকে যেনে নিৰ্দেশ তেনে কৰাই যুগুত)। আৰু এতিয়া ৰাস্তালৈ ওলালেই মূৰত নেপালীু টুপীটো আৰু মুখত, “জী হুজুৰ!” (ঠিক কৰিছা নেপালী ভাই!)
ইয়াতকৈ বেছিএকো কৰিব পৰা নাই। নেপালী ক'ব নোৱাৰো। খৰকৈ ক’লে বুজিও নাপাওঁ। মই যে নেপালী নহয় এই কথা খোজেপ্ৰতি ধৰা পৰে। ঠগন খাওঁ। ছেত্ৰীয়ে হাঁহে। (হাঁহি থাকা। তোমাৰ দিন পৰিছে। যেতিয়া মোৰ দিন পৰিব, দেখিবা)
কাকৰভিঠালৈকে বাৰু যেন তেন। হিন্দী চলে। নেপালী নাজানিলেও হয়। নেপালী টুপীৰ আঁৰত নিজকে নুলুকুৱালেও হয়।
মৌচুমী টেঙাৰ ৰস এগিলাচকৈ খালো।
“কিত্না হুৱা?”
“আশী ৰূপীয়া।”
[ ৪৪ ]
“আশী ৰূপীয়া?”
“জী হুজুৰ, আশী, আই-চি হ’তু পঞ্চাশ।”
“ক্যা আই-চি, এন-চি লগা ৰখে হ’?”
ছেত্ৰীয়ে ইঙ্গিত দিলে। কথা আগ নাবাঢ়িল। আই-চি পঞ্চাশ টকা দি লৰালৰিকৈ আতৰি আহিলো।
“বাটিকা হোটেল”ৰ দিশে আগবাঢ়িলো।
ডাবল বেডৰ ৰূম এটা ল'লো। এটাচ্চ্ টয়লেট।
“কিত্ না লাগেগা?”
আকৌ আই-চি, এন-চিৰ কাৰবাৰ। এন-চি আঠশ আশী, আই-চি পাঁচশ পঞ্চাশ।
খোৱা-বোৱা?
তাতে হ’ব।
ভেজ নে নন-ভেজ?
দুয়োটাই হ’ব। ছেত্ৰীয়ে মাংস নাখায়। গতিকে ভেজ। মই খাওঁ। গতিকে নন-ভেজ। মুৰ্গীৰ মাংস। তাত হেনো মাছ নাই। চাৰা নেপালতে হেনো মাছৰ কাৰবাৰ নাই। সঁচা? আচৰিত।
ৰূমত বেগ ৰাখি বাহিৰলৈ ওলাই আহিলো।
ৰাস্তাৰ মানুহবোৰ লক্ষ্য কৰিলো।
হিন্দী, নেপালী, বাঙালী আদি এশ-এটা ভাষাৰ মাত কথা উফৰি আহি কাণত পৰিলহি।
দোকান-পোহাৰবোৰলৈ চালো।
চাইন-বৰ্ডবোৰ নেপালীত লিখা।
আনকি গাড়ী-মটৰবোৰৰ নাম্বাৰ প্লেটসমূহো নেপালীত।
হাঃ কি কাৰবাৰ!
“নেপালখন বৃটিছৰ অধীনলৈ অহা নাছিল নহয়। গতিকে ইয়াত ইংৰাজী নাই। সৱ নেপালী।”
“কিন্তু টুৰিষ্টবোৰৰ কি হয়? আৰু ইহঁতৰ আন্তজাতিক সম্পৰ্ক?”
“নহয় নহয়, ইংৰাজী শিক্ষাৰ ব্যৱস্থা আছে। নেপালী মানুহৰ সমান ৱৰ্লড্ টুৰ কৰা মানুহ দুনিয়াত নাই। গতিকে অকল ইংৰাজীয়েই নহয়, বিশ্বৰ [ ৪৫ ] আন আন ভাষাও ইহঁতে শিকে। আৰু ইয়াৰ মানুহে ইংৰাজী ক’লে একদম ফৰেইনাৰৰ দৰে কয়। আপোনালোকৰ দৰে ইণ্ডিয়ান ইংলিচ নকয়। জানে?”
“কি কয় আপুনি?”
“ঠিকেই কৈছো। কাঠমাণ্ডু গলে দেখিব নহয়।”
“ঠিক আছে, চাম বাৰু।”
পিছে হয় যি হয়। কাঠমাণ্ডুত টুৰিষ্ট গাইডবোৰৰ মুখত ইংৰাজী একেবাৰে আখৈ ফুটাদি ফুটে। ইমপ্ৰেচড্!
ছেত্ৰীৰ মুখলৈ চালো। তেওঁৰ মুখত আত্মসন্তুষ্টিৰ হাঁহি। যেন ইহঁতক ইংৰাজী ক’বলৈ তেওঁহে শিকাইছিল। (নেপায় নেপায় ছেত্ৰী, এনেকুৱা কৰিব নেপায়)।বহুত দিনৰ আগতে চোৱা “গাইড” নামৰ চিনেমাখনলৈ মনত পৰিল। দেৱানন্দৰ অভিনয়! মোৰ ওঁঠৰ ফাকেদি হাঁহি এটা সৰকি গ'ল।
“কি হল?”
“নাই, একো নাই।”
এওঁকনো ইয়াত কিয় জোকাই লওঁ?
আচলতে, যিমানেই চিৰিয়াছ কথা বা বিষয় বা ঘটনাই নহওঁক কিয়, মোৰ বাবে কৰবাত নহয় ক'ৰবাত কৌতুকৰ উৎস একোটা ধৰা পৰেই। লগে-লগে হাঁহি এটা সৰকি যায়। সহৃদয় শ্ৰোতা পালে আনন্দৰ ভাগ দিওঁ। নহ'লে মনৰ বুৰবুৰনি মনতে মাৰ যায়।
সময় চাওঁ বুলি ম'বাইলটো উলিয়ালো।
“হেই ছেত্ৰী, মোৰ ম'বাইলত টাৱাৰ দেখাই আছে, চাওঁকনা”
“ঠিকেই আছে, বৰ্ডাৰত টাৱাৰ দেখায়েই। ফোন মাৰি চাওঁক না।”
“কিন্তু কালৈ?”
“কালৈ আৰু ঘৰলৈ, মানুহজনীলৈ।”
এৰা, ঠিকেই। তাকে কৰা হওঁক।
লগে লগে মানুহজনীৰ নাম্বাৰটো ডায়েল কৰিলো। নম্বৰটোৰ আগত শূন্য এটা বহুৱাই ল’বলৈ নিৰ্দেশ আহিল। দিলো। ক্ৰিং ক্ৰিং ক্ৰিং....হাঃ ৰিং হৈছে।
অৱশ্যে, ফোন ৰিচিভ কৰিবনে নাই সন্দেহো হ’ল। বেচেৰীক মাকৰ ঘৰলৈ পঠিয়াই টুৰলৈ বুলি ওলাই আহিছো। মাকৰ ঘৰত চাগে কোনোবাই [ ৪৬ ] জোকাইছে। মই এৰি দিলো নেকি বুলি সুধিছে চাগে। নিজৰ নিজৰ সংসাৰত প্ৰেম-সাগৰত আকণ্ঠ ডুবি কক্বকাই থকা বাই-ভনী কেইজনীয়ে চাগে সান্তনা দিছে, “কি কৰিবি আৰু, তোৰ ভাগ্যই বেয়া। আমাৰ জনে আক’ মোক নেদেখিলে এক মিনিটো থাকিব নোৱাৰে। কিবা বোলে উশাহ-নিশাহ বন্ধ হৈ যোৱা যেন পায়। লৰালৰিকৈ দৌৰি আহি মোৰ চাদৰৰ আঁচলেৰে মুখখন মোহাৰি লৈহে স্বস্তিৰ নিশ্বাস এৰে। কিন্তু তোৰ মানুহটো যে আৰু! ভণ্টীয়ে কিন্তু ভুল কৰিলি। তই মাৰ কথা কিন্তু শুনিব লাগিছিল।”
ফোন ৰিচিভ নকৰালৈকে এই জাতীয় কথাবোৰে মোৰ মনত কৌতুকৰ সৃষ্টি কৰি থাকিল (অৱশ্যে আচল কাৰণটো বেলেগ। অহা মাহত জানৰ পৰীক্ষা। ইউনিট-টেষ্ট, বছেৰেকীয়া সৱ আছে। গতিকে বুজা বুজি, এৰা ধৰা।)
য়া! ৰিচিভ কৰিলে।
“অ.....”
“নেপাল পালোহি। এঘণ্টামান হ’ল।”
“অ......”
“আজি ৰাতিটো কাকৰভিঠাতে কটাব লাগিব। হোটেল বুক কৰিলো। কাইলৈ ৰাতিপুৱা চাৰি-বিশতে বাচ। চিধা কাঠমাণ্ডু।”
“অ.....”
“বৰ্ডাৰৰ পৰা আতৰি গ'লেই এইটো চিমে কাম নকৰিব। নেপালৰ চিম এটা ল'ব লাগিব। আচ্ছা হেৰি নহয়, তাৰ পৰা মোলৈ ফোন নামাৰিবা, আই-এচ-ডি লাগি যাব। বিল বহুত উঠিব। ফোন মইয়ে কৰিম, হ’ব?”
“অ.....”
“ফোনটো ক'ৰবাতে এৰি ঘুৰি নুফুৰিবা, লগতে ৰাখিবা”
“অ....”
“জানে কি কৰিছে?”
“হেইত্ বোলো জানে কি কৰিছে?
“অ... টিভি চাই আছে”
বচ,ইমানেই। হ'ব আৰু। উপায় নাই। মোৰ মানুহজনীয়েই এনেকুৱা। কথাবোৰ খৰা খৰা। কোমলতাৰ ক টোও নাই। কিবা বোলে খাৰাংখাচ্।
[ ৪৭ ]
“ওৱাইফে কি ক'লে?” - ছেত্ৰীৰ পোনপটিয়া প্ৰশ্ন।
“এই কি ক'ব আৰু, চাই চিটি খোৱা-বোৱা কৰিবলৈ কৈছে। ঠাণ্ডা লগাবলৈ মানা কৰিছে। এইবোৰেই আৰু! মাইকী মানুহবোৰৰ আকৌ গিৰিয়েকবোৰলৈ বৰ চিন্তা নহয়। জানে ছেত্ৰী, কেতিয়াবা মোৰ মানে খঙেই উঠে। ইমান লেকচাৰ। মই যেন একো নেজানোৱেই।”
“কি কৰিব। ওৱাইফ হয়।”
“এৰা ঠিকেই।”
অঁকৰা হাঁহি এটাৰে এই পৰ্বৰ ইমানতে সামৰণি মাৰিলো। কিমান নো আৰু সাজি সাজি কথা কৈ থাকিম!
জীজাজী এজন আহি ওলালহি।
ছেত্ৰীৰ লগত নেপালী। মোৰ লগত প্ৰথমে হিন্দী, ক্ষন্তেক পিছতে অসমীয়া।
অসমীয়া!
হয়। সৰু কালছোৱা তেওঁ হেনো বৰপেটা ৰোডত কটাইছিল। অসমীয়া স্কুলতে পঢ়িছিল। আৰু বহুত কিবা কিবি।
আমি তিনিওজনে বেচ ওচৰ চাপি আহিবলৈ বেছি পৰ নালাগিল। তেওঁলোকে বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াবলৈ ধৰিলে। মই বৰ বেছি পাত্তা পোৱা নাই। তথাপিও ভদ্ৰতাৰ খাতিৰত “হয় হয়” কৰি আছো। মাজে মাজে হাঁহিবলৈও চেষ্টা কৰিছো। ভদ্ৰতাৰ খাতিৰতেই। নহ'লে কি কৰিম কওঁক।
অলপ পিছতে তিনিওজন তললৈ নামি আহিলো।
ৰিচেপ্চন পালোহি।
“চলিব নে?”
“ন’, ঠেংক্চ”
ভদ্ৰতাৰ হাঁহি এটা মাৰি চাহ একাপৰে অৰ্ডাৰ দিলো।
(আকৌ ভদ্ৰতা!)
“চাহ? কিন্তু চাহ ইয়াত ক’ত পাব?”
হয়। সন্ধিয়াৰ সেই জিলমিল পৰিৱেশত অন্য সকলো পালেও চাহ হৈছে পৰ্বতত কাছকণী।
ইয়াত পিয়াহ লগা মানুহৰ বাবে পানীয়ৰ বিৰাট দীঘল তালিকা। কৰো [ ৪৮ ] বুলিলে কোনোবা ডাঙৰ ডাঙৰ অফিছাৰ সকলে খোৱা বিধতে আৰম্ভ কৰিব পাৰি। নকৰিলে বীয়েৰ বা চৌডা এবটললৈ নামি আহিব পাৰি। অগত্যা উপায় নাপালে এগিলাচ লেমণ-স্কোৱাচ। কিন্তু চাহ!
“কি কৈছে বৰঠাকুৰ! আপুনি মানুহ মাৰিব দেই। আপুনি কোনখন পৃথিৱীত আছে হে?”
ছেত্ৰীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে।মই হেনো নট্ ফিট্ ফৰ ডিচেণ্ট চচায়িটি। হয় চাগে। নহ'লে নো মোৰ ক্ষেত্ৰত এনে হয়নে?
পাৰ্টী কৰাৰ পিছত প্ৰায় বিশ মিনিট খোজ কাঢ়িছো জীজাজীৰ ঘৰলৈ বুলি।
একা বেকা ওখ-চাপৰ ৰাস্তা। মাজে মাজে ষ্ট্ৰীট লাইট, মাজে মাজে টৰ্চ জ্বলাইছো।
এপাকত ওখ খট্খটী বগাই একেবাৰে জীজাজীৰ বহাকোঠা। এক মিনিটৰ পিছতে তেওঁৰ শোৱনি কোঠা।
দিদিৰ গা বেয়া। তিনি দিন ধৰি হেনো বিচনাতে। কি বা হৈছে!
“চাহ তাহ অকণ,.....”
“নাই নালাগে। খায়েই আহিছো।”
প্ৰায় দহ মিনিটৰ পিছতে ওভতনি যাত্ৰা।
হোটেলত প্ৰৱেশ কৰিয়েই চিধা ভাতৰ পাতত। খায়েই চিধা ৰূমলৈ। শুব লাগে। উঠিব লাগিব ৰাতিপুৱাই!
আঠুৱা নিদিয়াৰ বাবে আকৌ তললৈ নামি আহিলো।
নাই। ইয়াত বোলে মহ নাই। কি! মহ নাই। সঁচা?
হ’ব। নাই যদি ভালেই।
শোৱাৰ আগতে ম'বাইলটোত এলাৰ্ম দি থ’বলৈ বুলি উলিয়াই লৈছো।
“কোনটো সময় লৈছে, নেপালৰটো নে ইণ্ডিয়াৰটো?”- ছেত্ৰীৰ প্ৰশ্ন।
“মানে?”
“মানে নেপালৰ সময়টো ইণ্ডিয়াৰ সময়তকৈ অলপ আগবঢ়া। প্ৰায় পোন্ধৰ মিনিটমানেই আগবঢ়া।”
সমস্যা। ৰবলৈ সময় নাই। আকৌ খপাখপ তললৈ নামিলো। চিধা মেনেজাৰৰ টেবুল। ওৱাল ক্লকটোত চকু পৰিল। কাকো নোসোধাকৈয়ে সময়টো [ ৪৯ ] জানিব পাৰিলো। ৰক্ষা!
ৰোৱা নাই আৰু৷ ৰূমলৈ বুলি দৌৰিছো।
ক্ষন্তেক পিছতে দেখিলো ছেত্ৰীয়ে ওপৰলৈ মুখ কৰি নাক বজাই শুই আছে। ঘোঁ-ঘোঁহ। কি মস্কিল! ইয়াত এওঁক জোকাই ল’বলৈয়ো মন যোৱা নাই। কি কৰোঁ?
অগত্যা বেৰৰ ফালে মুখ কৰি পৰি থাকিলো।
টোপনিৰ কিন্তু দেখা-সাক্ষ্যাত নাই।
দহ। দহ-পোন্ধৰ। দহ-পঞ্চলিছ। এ-ঘা–ৰ.....
অ....কিহে পালে মোক! টোপনি নাহিলে মৰিলো আৰু। গোটেই দিনটো কানীয়া–কানীয়া লাগি থাকিব। ইফালে পুৰা ঘোঁ-ঘোঁহ চলি আছে।
কেনেকৈ কি হ’ল জানো, হঠাৎ এলাৰ্মৰ শব্দত উচপ্ খাই উঠিলো। তাৰ মানে মোৰ টোপনি আহিছিল। হা, ৰক্ষা।
হোটেলৰ মেনেজাৰক জগুৱাই, চাটাৰ খোলাই, কুকুৰ-খোজেৰে আগবাঢ়িলো বাচষ্টেণ্ডলৈ বুলি।
কেইবাখনো গাড়ী ষ্টাৰ্ট দি থৈছে। কিন্তু আমাৰ গাড়ী কোনখন?
বাচৰ নাম নম্বৰ সব নেপালীত লিখা। একো বুজিব পৰা নাই।
অঁকৰাৰ দৰে ইফালে সিফালে চাইছো।
এখন বাচ ইতিমধ্যে আগুৱাই আহিলেই।
অৱশ্যে, ছেত্ৰী লগত আছে। কিন্তু টিকেটটো আছে মোৰ পকেটত।
“হেই ছেত্ৰী, গাড়ী ক’ত?”
“আহি থাকক”
গৈ আছো আৰু। মই যেন ছেত্ৰীৰ একান্ত বাধ্য ছাত্ৰহে।
শেষত যেনিবা বাচ এখনত উঠিলোগৈ। আমি উঠাৰ ক্ষন্তেক পিছতে বাচখন চলিবলৈ ধৰিলে। ৰক্ষা!
“আমাৰ চিট?”
“সৌৱা, পাঁচ-ছয়। ব’লক ব’লক”
নেপালী নজনাৰ চেজাইটো খোজেপ্ৰতি পাইছো। এতিয়াতো ছেত্ৰীয়েই মোৰ বাবে অগতিৰ-গতি ত্ৰিজগতৰ পতি। এনে পৰিস্থিতিত পৰিলে হিন্দীত কোৱা বিশেষ অৰ্থবহ উক্তি এটা পাইছিলো। এতিয়া থিক পাহৰিছো। কি আছিল, [ ৫০ ] কি আছিল? এহ... বাদ দিয়া। প্ৰথমে বহিয়েই লওঁ।
খিৰিকিৰ কাষত নবহিলে মই ভ্ৰমণৰ আনন্দ নাপাওঁ। গতিকে ছেত্ৰীক ক্ৰছ কৰি খিৰিকিৰ কাষৰ চিটটোলৈ বুলি জাপ এটা মাৰিলো। থিক জাপ বুলিও ক'ব নোৱাৰি। চুচৰি গ’লো বুলি ক'লেহে শুদ্ধ হ’ব। চিটবোৰ মানে বৰ ঘন-ঘন।
থিক দুই মিনিটৰ পিছতে বাচ গৈ মেইন ৰাস্তা পালেগৈ। লগে লগে বাঢ়িবলৈ ধৰিলে গাড়ীৰ গতি।
ফাওঁ-ফোৱাই গাড়ী চলিছে। ৰাস্তা ভাল। ভগা-চিগা, গাত-গুট একো নাই। যথেষ্ট বহলো৷ গতিকে গাড়ীৰ কোনো জোকাৰনিও নাই।
ইপিনে গাড়ীত বাজিছে হিন্দী আৰু নেপালী ভাষাৰ গান। পৰিৱেশটো যথেষ্ট সজীৱ। অনুৰাধা পোডোৱাল, উদিত নাৰায়ণ! এইবোৰ দেখোন আমাৰ চিনাকি কণ্ঠ! আচলতে আমি পাহৰিয়েই যাও যে এওঁলোক নেপালী গায়ক- গায়িকাহে। একোটা গানৰ কোন অংশ হিন্দী কোন অংশ নেপালী খেলিমেলিয়েই লাগি যায়। ইমান অন্তৰ চুই যোৱা কণ্ঠ, ইমান হৃদয়স্পৰ্শী গীতৰ ভাষা। আচৰিত!
যাত্ৰীবোৰে লাহে লাহে কথা–বাৰ্তাবোৰ বন্ধ কৰি নিশ্চুপ হৈ পৰিছিল। যাত্ৰাটো উপভোগ কৰিবলৈ বুলি মন বান্ধিলো। মাজতে এবাৰ জানলৈ মনত পৰিছিল। কিন্তু কি কৰিম, তাইক লগত আনিবও নোৱাৰো। টেক্নিকেল প্ৰব্লেম আছে। উপায় নাই। গতিকে মূৰটো জোকাৰি তাইৰ কথা মনৰ পৰা উলিয়াই পেলাবলৈ চেষ্টা কৰিলো। প্ৰেক্টিকেল হ'ব লাগে।
লাহে লাহে ৰঙা বেলিটো উঠি আহিল।
চাৰিওফালে পোহৰ হৈ আহিল।
দুৰ-দূৰণিলৈ বুলি দৃষ্টি প্ৰসাৰিত হ'ল। কিন্তু ই কি? একেই। থিক আমাৰ অসমৰ দৰেই দেখোন। (ছেত্ৰীয়ে মোক বেলেগ ক’ৰবালৈহে লৈ আনিছে নেকি?) ৰাস্তাৰ দুয়োফালে বিস্তীৰ্ণ মুকলি পথাৰ। ধাননি। গছ-গছনি, হাবি-জংঘল, নদ-নদী, জান-জুৰি, ঘৰ-দুৱাৰ, দোকান-পোহৰ।ক’তো পৰ্বত-পাহাৰৰ নাম-গোন্ধেই নাই দেখোন। হাঃ এইখন নেপালেই নে? নেপালখনতো হিমালয়ান-ষ্টেট বুলিহে শুনিছিলো। ভুলকৈহে শুনিছিলো নেকি?
“হেই ছেত্ৰী, পৰ্বত-পাহাৰবোৰ ক’ত? এইখন দেখোন আমাৰ অসমৰ দৰেই।”
[ ৫১ ]
“কিমান বাজিল?”
ম'বাইলটো উলিয়ালো। বাৰ বাজি গৈছে। (ছেত্ৰীৰ সঙ্গত পৰি মোৰো বাৰ বাজি নগলেই হয়!)
“অ...এইয়া তৰাই ভেলী। আৰু থিক তিনি-চাৰিঘণ্টামান এনেকুৱাই পাম। প্লেইনচ্। তৰাইৰ নাম শুনিছে?”
“অ... শুনিছো। জিম কৰবেটে বাঘ চিকাৰ কৰিছিল ইয়াত। পিছে তেওঁ উল্লেখ কৰা ঠাইবোৰ উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদিৰ ফালেহে আছে।”
“অ... ঠিকেই,তৰাই ভেলীটো বহুত ডাঙৰ। প্ৰায় চাৰিশ কিলোমিটাৰ মানৰ হ’ব। ভাৰততো ইয়াৰ এটা বিস্তীৰ্ণ অঞ্চল আছে। নেপালৰ সমগ্ৰ খেতি-বাতি এই অঞ্চলতে হয়।”
“আৰু এই ইণ্ডাষ্ট্ৰীবোৰ?”
“নেপালত তেনেকৈ ইণ্ডাষ্ট্ৰী নাই। সব বস্তু বাহিৰৰ পৰা ইম্পৰ্ট কৰে। বিৰাট নগৰত অৱশ্যে দুই-এটা ইণ্ডাষ্ট্ৰী আছে। সিমানেই।”
“আচ্ছা আচ্ছা”
ওৱাও! ইমান ডাঙৰ নদী। যেন পাৰাপাৰ নাই।
এখন সুন্দৰ দলং। দলঙৰ ওপৰেদি দৌৰিব লাগিছে ইখনৰ পিছত সিখনকৈ বাচ-মটৰৰ দীঘল শাৰী। সুন্দৰ লাগিছে।
“কুশী নদী। নাম শুনিছে? বানপানী হ'লে বিহাৰ ডুবাই দিয়ে।”
“শুনিছো। নিউজত দেখিছোও।”
“নেপালত বহুত ডাঙৰ ডাঙৰ নদী আছে। খৰালি শুকান পথাৰ যেন হৈ থাকে। কিন্তু বাৰিষা! আহ্হা!”
হয়। বাটত যাওঁতে কেইবাখনো শুকান নদী চকুত পৰিল। ট্ৰাকেৰে বালি-মাটি উঠাই আছে। ল'ৰা-ছোৱালীয়ে খেলি আছে। গৰু-ম'হ চৰি আছে।
হঠাৎ, শিলৰ প্ৰকাণ্ড ৰাস্তা এটা চকুত পৰিল। যেন কোনোবাই লাখ লাখ হিচাপত শিলগুটি খাজি-খাজি ৰাস্তাটো বনাই থৈছে। পকা ৰাস্তাৰ সমান্তৰালভাৱে আগবাঢ়িছে শিলৰ ৰাস্তাটো। সুন্দৰ। মোৰ বুজিবলৈ বাকী নাথাকিল যে সেইটো কোনো ৰাস্তা নহয়। পানী শুকাই যোৱা এখন পাহাৰী নদীহে। বাৰিষা নিশ্চয় পানীয়ে খলখলাই থাকে। দেখিবলৈ পোৱা হ'লে নদীখনৰ বাৰিষাৰ সেই যৌৱনমতী ৰূপ! শুনিবলৈ পোৱা হ'লে পানীৰ [ ৫২ ] খলখলনি!
এখন ৰেষ্টোৰাৰ সন্মুখত ৰখাই দিলে বাচখন।
খাই-বৈ ল'ব লাগে। বৰ ভোক লাগিছে। পিয়াহো লাগিছে।
আৰু ভাগৰ?
কি ক’ম! ট্ৰেইন জাৰ্নি কৰিলে ইমান ভাগৰ নালাগে। যিমান দূৰৰ জাৰ্ণিয়েই নহওঁক লাগিলে। কিন্তু বাচত! ক’বই নালাগে। ক'ৰ পৰানো ভাগৰবোৰ আহি হেঁচা মাৰি ধৰেহি জানো।
ক্ষীৰ দুই প্লেট, চাহ দুকাপ। ভাত?
ভাত নাই।
হ’ব। যি পাইছো আৰু। মুঠতে যেনেতেনে পেটটো ভৰক।
“কিত্না হুৱা?”
“তিন্শ।”
“ক্যা? তিন্শ!”
“হা। তিন্শ। আই-চি দুশ”
পইচাটো দি ওলাই আহিলো। ছেত্ৰী বাহিৰত ৰৈ আছিল, খৰিকা এডালেৰে দাঁত খৰকিয়াই খৰকিয়াই।
“কিমান দিলে?”
“দুশ”
“হিন্দী কৈছিল?”
“কিয়? কি হল?”
ছেত্ৰী খৰ খোজেৰে ৰেষ্টোৰখনলৈ সোমাই গ'ল। পিছে পিছে মই। একো পাত্তা পোৱা নাই। ৰেষ্টোৰাৰ মালিকৰ লগত নেপালীতে কিবা কিবি তৰ্ক কৰাৰ পিছত তেওঁ মালিকৰ পৰা এশ টকা ঘূৰাই লৈ মোৰ হাতত গুজি দিলে।
“চাওঁক,ইয়াত হিন্দী কলে বিদেশী বুলি ধৰে। দাম বেছি লয়। নেপালী ক’লে অসুবিধা নাই। নেক্সট্ ক’তো হিন্দী নামাৰিব। য'ত যি ক’ব লাগে মই ক’ম। আপুনি খালি পইচাটো দিব। বুজিলে?”
বুজিলো। মানে কথা পাতিব তেওঁ, পইচা দিব লাগিব মই। ইমান সৰু কথাটোনো মই বুজি নাপাম নে?
[ ৫৩ ]
বাচত লগ পালো এক নেপালী ভদ্ৰলোক। চিনাকি হ’লো। তেওঁৰ লগত অৱশ্যে হিন্দীতে কথা পাতিলো। তেওঁক অলপ বুজা মানুহ যেনেই লাগিল।
“কাঠমাণ্ডুত পিছে হিন্দী নক’ব। দিগদাৰ হ’ব। যি কথা পাতিবলগীয়া হয় ছেত্ৰীকে পাতিবলৈ দিব। থিক আছে, হেপী জাৰ্ণী।”
আৰু আচৰিত কথা, এই একেখিনি কথাই শুনিবলৈ পালো মই খান্নালৰ পৰা।
প্ৰদীপ খান্নাল। “যশোধন ইণ্টাৰনেচনেল”ৰ সদস্য। চাৰ্ক কান্ট্ৰিজ সমূহৰ ওপৰত “পৰিধি”নামৰ চিৰিয়েল ডকুমেন্টেৰি এখন প্ৰস্তুত কৰি আছে। তেওঁ নিজেই তাৰ ক’অৰডিনেটৰ আৰু এচ’চিয়েট ডিৰেক্টৰ। মেইন ডিৰেক্টৰ মিঃ তুলসী গিমিৰে। নেপালী চিনেমা উপভোগ কৰা দৰ্শক মাত্ৰেই তেওঁক জানে। লগতে, চিনিয়ৰ কেমেৰামেন মিঃ বিনোদ প্ৰধান, ফিল্মৰ চেটত স্বয়ং অমিতাভ বচ্চনেও যাক সমীহ কৰি চলিব লগীয়া হয়।
এইবোৰ অৱশ্যে তেওঁলোকৰ কথা। মই নিজে দেখা নাই। অৱশ্যে ফটোগ্ৰাফবোৰ দেখিছো। বিশ্বাস কৰিছো, ফটোৱে কথা কয়।
একমাত্ৰ ছেত্ৰীৰ সহপাঠী হোৱাৰ উজুহাততে তেওঁৰ সান্নিধ্যলৈ আহিবলৈ পালো। কলংকিৰ গেইষ্টহাউচ এৰাৰ পিছত কটালেও দুৰাতি তেওঁৰ ফ্লেটতে। আনকি কাঠমাণ্ডুত থকা পিছৰ তিনিদিন তেওঁ হৈ পৰিল আমাৰ ফ্ৰেইণ্ড, ফিল’চফাৰ এণ্ড গাইড! অবিশ্বাস্য কিন্তু সত্য।
প্ৰায় ছফুট ওখ, সুদৰ্শন চেহেৰাৰ খান্নাল। কেইবাটাও ভাষা সলসলীয়াকৈ ক’ব পাৰে। বেচ স্মাৰ্ট। খুউব খৰকৈ খোজ কাঢ়ে। আমি প্ৰায় দৌৰিবই লগীয়া হয়।
নেটৰ পৰা আগতেইবিচাৰি উলিয়াই থোৱা টুৰিষ্ট স্পট সমূহৰ দীঘলীয়া তালিকা এখন দাঙি ধৰিলো তেওঁৰ সমুখত।
ইপিনে মনত খু-দুৱনি। কি বা কয়।
“ব’লক”⸺বুলি তেওঁ আগবাঢ়িল।
বাটত পোৱা যায় আন এক বন্ধুৰ ঘৰ। বিদেশ ভ্ৰমণ কৰিবলৈ বিচৰা নেপালী লোকক ইংৰাজী শিকোৱা এটা প্ৰতিষ্ঠান শিক্ষক। থিক কৰা হ’ল, দুপৰিয়াৰ ভাতসাজ তাতে হ’ব। বঢ়িয়া!
[ ৫৪ ]
এইবাৰ টেক্সি দৌৰিল পূৰ্ণ গতিত। লক্ষ্যস্থান ভক্তপুৰ।
ভক্তপুৰৰ সেই বিখ্যাত ৰাজমহল আৰু দৰ্ বাৰ। নেটত আগতেই চাই থৈছো। এতিয়া চাব পাৰিম নিজ চকুৰে। চুই চাবও পাৰিম নিজ হাতেৰে।
টেক্সিতকৈয়ো হাজাৰ গুণে বেছি বেগত দৌৰিব ধৰিলে মনৰ ঘোঁৰা। মনলৈ আহিল জুবিনৰ গান, “অ' মোৰ মনৰ তেজি ঘোঁৰা, অ' মোৰ ৰণৰ তেজি ঘোঁৰা, চেকুৰি যা তই চেকুৰি যা... পোনাই ল তোৰ দীঘল বাট..”
কি ৰাস্তা! ইমান আহল বহল। মিহি, চাফা। ক’তো লেতেৰা অকণ নাই। নাই ক’তো তামোলৰ পিক্। নাই মাজ ৰাস্তাত শুই থকা কোনো গৰুৰ জাক। আনকি লাইট-প’ষ্ট এটাৰ আঁৰ লৈ ৰাস্তাৰ কাষতে প্ৰস্বাব কৰি থকা ‘কমবখট্ কামিনা’ এটাও চকুত নপৰিল। আচৰিত !
ৰাস্তাৰ কাষতে থকা ত্ৰিভূৱন এয়াৰ পৰ্টটো চকুত পৰিল। মিনিটে মিনিটে কোঁ-কোঁৱাই উঠিছেনামিছে প্লেইনবোৰ। কাণ তাল মৰা শব্দ। নেচাওঁ বুলিলেও চকু যায়।
বিশাল কাঠমাণ্ডু চিটি।
উত্তৰ দিশত ট-টকৈ জিলিকি আছে সু-উচ্চ হিমালয়ৰ বৰফাবৃত শৃঙ্গবোৰ।
কি কি শৃঙ্গ জানো সেইবোৰ !
কাকনো কিমান সুধি থাকিম। জানিবও পাৰে,নাজানিবও পাৰে। জানিলে বাৰু ক’ব, কিন্তু নাজানিলে? তাতকৈ ভদ্ৰভাৱে বহি থকাই শ্ৰেয়। আৰু আটাইতকৈ শ্ৰেয় হ’ব সু-উচ্চ সেই বিশাল পৰ্বত মালাৰ মনোমোহা দৃশ্যাৱলী নিৰবে উপভোগ কৰি গৈ থকা। তাকে কৰিলো।
কাঠমাণ্ডু মহানগৰৰ পূৱ দিশত ভক্তপুৰ। ভক্তসকলৰ নগৰী।
পূৰ্বৰ নাম আছিল খৌপিংগ্ৰাম। নেৱাৰ সকলে হেনো স্থাপন কৰিছিল এই নগৰী। এতিয়া ই হৈছে নেপালৰ তৃতীয় বৃহৎ মহানগৰী।
বুৰঞ্জীয়ে কয়, পোন্ধৰ শতিকাৰ দ্বিতীয়াৰ্ধলৈকে এইনগৰী আছিল নেৱাৰ সকলৰ ৰাজধানী। এতিয়া তাত ৰজা নাই। আছে মাথো তেওঁলোকে স্থাপন কৰি এৰি থৈ যোৱা কীৰ্তি-চিহ্নবোৰ। বৰ্তমানতো এই নগৰীক ইউনেস্কই বিশ্ব-ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
প্ৰকাণ্ড সিংহদ্বাৰ। দুফালে দুটা সিংহ।
[ ৫৫ ]
নিৰ্মাণৰ সময়টো চালো। ১৬৯৬ বিক্ৰমাব্দ। খৃষ্টাব্দ নহয়।
ইফালে স্বৰ্ণ-দুৱাৰ। কাৰুকাৰ্য্য মনোৰম। পচ্পন্নখন খিৰিকিযুক্ত এটা বিশাল কাঠৰ ভৱন। নেৱাৰ ৰজা যক্ষমল্লই নিৰ্মাণ কৰাইছিল ১৪২৭ বিক্ৰমাব্দত। ভিতৰলৈ সোমাই গ’লো। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ প্ৰাচীন চিত্ৰকলাৰ এটি বিশাল সংগ্ৰহ।
ওৱাও! কি সুন্দৰ! ওচৰতে সৌটো পশুপতি মন্দিৰৰ এটা সুন্দৰ প্ৰতিকৃতি। অবিকল। ইফালে ৰজা ভূপতিন্দ্ৰ মাল্লাৰ আন এক কৃতি। ১৭০২ বিক্ৰমাব্দতে স্থাপন কৰা পাঁচ মহলীয়া নাটপল্ল মন্দিৰ।
ইটাৰে নিৰ্মিত ৰাস্তাসমূহ আৰু পাথৰেৰে নিৰ্মিত চোতাল সমূহ আজিও অক্ষত অৱস্থাতে সংৰক্ষণ কৰি ৰখা হৈছে। এখন প্ৰাচীন নগৰৰ পৰিৱেশটো আজিৰ যুগতো সযতনে সংৰক্ষণ কৰি ৰাখি থোৱাটো নিশ্চয় প্ৰশংসাৰ যোগ্য।
এদিনৰতো কথাই নাই, এমাহ থাকিলেও যেন চাই অন্ত নপৰিব ভক্তপুৰৰ কীৰ্তি-চিহ্নবোৰৰ চুক-কোণবোৰ। যিফালেই চকু যায় দৃষ্টি থমকি ৰয়। কিন্তু কি কৰিম, সময়ৰ যে বৰ অভাৱ। গতিকে মাত্ৰ দুই-আঢ়ৈ ঘণ্টা মানৰ ভিতৰতে এক বৃহঙ্গম দৃষ্টি দি উভতি আহিলো।
ভাল নালাগে। ইমান দৌৰা-দৌৰি ভাল নালাগে।
“কেনে দেখিলে?” ⸺খান্নালৰ পোনপটিয়া প্ৰশ্ন।
“সাংঘাতিক। ইয়াৰৰজা সকল বৰ বিলাসী আছিল দেই। আৰু কাৰিকৰ সকলো অলপ এক্সপাৰ্ট আছিলনে বাৰু?”
“নিশ্চয়। বাৰু হ’ব, এইবাৰ আপোনাক লৈ যাম পাতন দৰবাৰ চাবলৈ। তাতো আপোনাৰ চকু ডাঙৰ হৈ যাব, মুখ মেল খাই যাব।”
“সঁচা?”
“দেখিব নহয়।”
হয়। একেবাৰে সত্য। ভক্তপুৰতকৈ কোনো গুণে কম নহয় পাতন দৰবাৰৰ কাৰুকাৰ্য্য। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈকে টান।
কাঠমাণ্ডুৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাতন মহানগৰ। চৰকাৰী তথ্যমতে ললিতপুৰ চাব্-মেট্ৰপলিটান চিটি। সাংস্কৃতিক ঐতিহ্য আৰ স্থাপত্য শিল্পৰ বাবে সুবিখ্যাত হোৱা এক প্ৰাচীন নগৰী।
বুৰঞ্জীয়ে কয়, খৃষ্টপূৰ্ব তৃতীয় শতিকাত কোনোবা কিৰাট ৰাজবংশই [ ৫৬ ] স্থাপন কৰিছিল এই নগৰীৰ মূল ভেটি। পিছত হেনো লিচ্চবী বংশৰ ৰজাসকলে এইনগৰীৰ শোভা বৰ্ধনৰ আঁচনি হাতত লয়। মধ্যযুগত মাল্লা ৰজাসকলৰ বিলাসী হাতৰ পৰশ পাই এই নগৰীয়ে পূৰ্ণ বিকশিত ৰূপ পায়। এই ৰূপ কি পৰ্য্যায় পাইছিলগৈ তাৰ স্পষ্ট চিত্ৰখন মোৰ চকুৰ আগত থিয় হৈ আছে আৰু মই হাঃ কৰি চাই আছো।
বুৰঞ্জীয়ে আকৌ কয় বোলে সম্ৰাট অশোকে তেওঁৰ জীয়ৰী চাৰুমতী (পিছলৈ সংঘমিত্ৰা?)ক লগত লৈ এদিন উপস্থিত হৈছিলগৈ এই নগৰীত। তেওঁৱেই নিৰ্মাণ কৰাইছিল ইয়াৰ বৌদ্ধ-স্তুপ সমূহ। সৰ্বমুঠ পাঁচটা। চাৰিটা স্থাপন কৰিলে নগৰৰ সীমনাত, এটা কেন্দ্ৰ অঞ্চলত। বৌদ্ধ সকলৰ ধৰ্মচক্ৰৰ আৰ্হিত নিৰ্মাণ কৰা এই স্তুপসমূহ আজিও অশোকস্তুপ বুলিয়েই বিখ্যাত হৈ আছে।
পাতন দৰবাৰেই হৈছে এইনগৰীৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰ। ১৯৭৯ চনতে এই নগৰীক ইউনেস্কই বিশ্ব ঐতিহ্যৰ স্বীকৃতি দি থৈছে। ১৯৫৬ চনতে প্ৰণয়ন কৰা “মনুমেন্ট প্ৰিজাৰভেশন এক্ট” অনুসৰি সংৰক্ষিত এলেকাৰ অন্তৰ্ভূক্ত হৈছে এই দৰবাৰ। এই দৰবাৰ হৈছে চাৰি মহলীয়া। শিল আৰু কাঠেৰে নিৰ্মিত ই এক সু-দৃশ্য ভৱন। ইয়াত আছে মুঠ তিনিখন ডাঙৰ ডাঙৰ চোতাল। এখন হৈছে মূল-চ’ক। আনখন হৈছে সুন্দৰী-চ’ক। আৰু আনখন হৈছে কেশৱ নাৰায়ণ চ’ক। কাষতে থকা কৃষ্ণ-মন্দিৰ, ভীমসেন-মন্দিৰ আৰু স্বৰ্ণমন্দিৰৰ কাৰুকাৰ্যই যিকোনো পৰিব্ৰাজকৰে দৃষ্টি কাঢ়ি নিয়ে।
সোণালী দুৱাৰ আৰু খিৰিকিৰে সজ্জিত পাতন মিউজিয়ামত এবাৰ সোমালে ওলাই আহিবলৈ মন নাযায়। মিউজিয়ামৰ পিছফালে থকা বাগিচাখনে মন-প্ৰাণ হৰি নিয়ে। কি কি যে ফুল ! কি কি যে গছ !
অসুবিধা সেই একেটাই। সময়ৰ নাটনি।
“আহক আহক, হাঃ কৰি কি চাই আছে ?”
এৰা। হাঃ কৰি কি চাই আছো বাৰু! বিশ্বনাথ মন্দিৰৰ কাৰুকাৰ্য্য? নে এটা প্ৰকাণ্ড শিলৰ খুটাৰ ওপৰত প্ৰতিষ্ঠা কৰা গড়ুৰৰ পিতলৰ মূৰ্ত্তিটো? ক’ব নোৱাৰো। অথচ চায়েই আছো, ইফালে-সিফালে। কি কাৰবাৰ !
ডেৰ ঘণ্টামান নহ'লেই নেকি, আকৌ টেক্সীত উঠিলো।
এইবাৰ চিধা ‘ভীমসেন-টাৱাৰ।’
[ ৫৭ ]
আমাৰ দিল্লীত থকা কুতুব মিনাৰটোৰ দৰেই। তাত উঠিলে গোটেই কাঠমাণ্ডু নগৰখন চাব পৰা যায়। গতিকে যোৱাহে কথা। উঠাহে কথা ইয়াত। কিয়নো এৰি দিওঁ এই সুবিধাটো।
“উঠিবনে টাৱাৰত?”
“উঠিম উঠিম। কিয় নুঠিম আক’?”
‘ভীমসেন টাৱাৰ কোনটো বুলি কাকো সোধাৰ প্ৰয়োজন নহয়। ৬৮.৮৮ মিটাৰ উচ্চতাৰ, বগা ৰঙৰ, শীৰ্ষ ভাগত ৫.২ মিটাৰ উচ্চতাৰ ব্ৰঞ্জৰ শিখৰে শোভা কৰি থকা ভীমসেন টাৱাৰটো বহুত দূৰৰ পৰাই জিলিকি থাকে। কাঠমাণ্ডু চহৰৰ থিক সোঁ-মাজতে থিয় হৈ থকা এইটো হ’ল এটা ৱাচ্চ টাৱাৰ (watch tower) নেপাল ৰাজ্যৰ নিৰাপত্তাৰ দিশটো অনুধাৱন কৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী ভীমসেন থাপাই ১৮৩২ বিক্ৰমাব্দত নিৰ্মাণ কৰাইছিল মুঠ ন-মহলাযুক্ত এই ৱাচ্চ টাৱাৰটো। এই টাৱাৰটো প্ৰকৃততে নিৰ্মাণ কৰা হৈছিল তেওঁৰেই ভতিজী মহাৰাণী ললিতা ত্ৰিপুৰা সুন্দৰীৰৰ আদেশক্ৰমে। ভীমসেন থাপাৰ নিজৰ নামত বেলেগকৈ নিৰ্মাণ কৰা মুঠ এঘাৰ মহলা যুক্ত অন্য এটা টাৱাৰ অৱশ্যে ১৯৩৪ চনৰ ১৫ জানুৱাৰীৰ দিনা হোৱা ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত হয়। মহামন্ত্ৰী ভীমসেন থাপাৰ প্ৰতি হয়তো ভাগ্যদেৱীকিবা কাৰণে সন্তুষ্ট হৈছিল। মহাৰাণীৰ নামত নিৰ্মাণ কৰা টাৱাৰটোৱেই এতিয়া ‘ভীমসেন টাৱাৰ’ নামেৰে পৰিচিত হৈ পৰিছে।
কংগ্ৰেচুলেশন ভীমসেন থাপা !
ওখ বেৰাৰে আবৰা এক সংৰক্ষিত এলেকাত থিয় হৈ আছে এই টাৱাৰটো। তাতে আছে এখন পাৰ্ক। ফুলনি, ৰেষ্টোৰা সকলো। গাইপতি দহটকীয়া প্ৰৱেশ পত্ৰ লৈ প্ৰৱেশ কৰিলো পাৰ্কখনত। ফুলৰ মাজে মাজে গৈ গৈ উপস্থিত হ’লোগৈ টাৱাৰৰ প্ৰৱেশ পথত।
মূৰৰ পিছফালে হাতখন দি এবাৰ ওপৰলৈ চাই ল'লো। ওৱাওঁ। কি সাংঘাতিক! উঠোনে? কি কৰো? নাই, উঠো।
এইবাৰ, ভিতৰে ভিতৰে থকা অকোঁৱা-পকোৱা খটখটী বগাব ধৰিলো। এশটা মান ষ্টেপ বগোৱাৰ পিছতে ভাগৰ লাগিবলৈ ধৰিলে। কিন্তু বগাব লাগিব মুঠ দুশ তেৰটা ষ্টেপ। ধেমালি কথা !
কেইটামান ষ্টেপ বগোৱাৰ পিছতে পোৱা যায় একোখন গোলাকাৰ [ ৫৮ ] খিৰিকি। টাৱাৰৰ ভিতৰত পোহৰ আৰু বতাহৰ অৱগমণৰ বাবে। থিকে আছে। গৈ আছো। গৈ আছো। অৱশেষত অষ্টম মহলাত এখন দুৱাৰ। দুৱাৰেদি বাহিৰ ওলাই দেখিলো এটা বেলকণী। চাৰিওফালে লোৰ জালনাৰে আৱৰি থোৱা। পিছে, তললৈ চাই মোৰ মূৰ ঘূৰাই গ'ল। ষ্টেপতে বহি দিলো। ছেত্ৰী কিন্তু থিয় হৈ থাকিল। নেপালীৰ কলিজা যে ! চাব্বাচ দিবই লাগিব।
নাই নাই এনেকৈ কানীয়া লাগি বহি থাকিলে নহ'ব। উঠি লোৱাহে কথা। জাপ মাৰি থিয় হ'লো। লাহে লাহে চকু মেলি চাৰিওফালে দৃষ্টি প্ৰসাৰিত কৰিলো। ওৱাও ! গোটেই কাঠমাণ্ডু উপত্যকাটো দেখা যায়। চাৰিওফালে ওখ ওখ পৰ্বতমালা। মাজতে কাঠমাণ্ডু উপত্যকাটো। তাতে মহানগৰখন। লাহে লাহে দৃষ্টি ওচৰ চপাই আনিলো। তলৰ ৰাস্তাত গাড়ী-মটৰৰ দৌৰা দৌৰি। মূৰ ঘূৰাই যায়।
“অই ছেত্ৰী, মই হলে নামো দেই”
তেওঁৰ উত্তৰলৈ বাট নাচাই লাহে লাহে নামিব ধৰিলো। অৱশ্যে তেওঁৱো নামি আহিল। অকলে অকলেনো কি কৰিব।
মাজে মাজে একোটা ষ্টেপত জিৰণি লৈ খুপি খুপি তললৈ নামি আহিলো।
শেষত, টাৱাৰৰ পৰা বাহিৰ হৈ পাৰ্কৰ বেঞ্চ এখনতে বহি দিলো। উসঃ ৰক্ষা!
আকৌ টাৱাৰটোলৈ চালো ৷ মই সঁচাকৈয়ে উঠিছিলোনে ইমান ওখ টাৱাৰটোত !
বাপ্ৰে! নিজকে ধন্যবাদ দিলো। (চাব্বাচ বৰঠাকুৰ! তোমাৰ মনতো ইমান সাহস আছে বুলি আগতে ভৱাই নাছিলো।)
দিনটো ইমান ঘুৰাপকা কৰি মোৰ ইমানেই ভাগৰ লাগিল যে চকু মুড্ খাই গ'ল। এখন বিচনা পোৱা হ'লে ! পোৱা হ'লে একাপ চাহ !
একাপ চাহ যেনিবা পোৱা হ'ল। কিন্তু, বিচনা ক’ত?
বাধ্য হৈ উভতি আহিলো খান্নালৰ ফ্লেটলৈ। যেন নিজৰ ঘৰলৈহে উভতিছো। বিদেশত আপোন মানুহ ! আচলতে গা-য়েই ধুব লাগিছিল। কিন্তু পানীখিনিত হাত দিয়েই সিঁয়ৰি উঠিলো। ই-ম-মা-আ-ন ঠাণ্ডা ! নাই নাই, এই পানীৰে গা ধুই মৰিব নোৱাৰি দেই। অগত্যা, মুখ-হাত ধুয়েই সামৰিলো। কি [ ৫৯ ] কৰিম কওঁক?
এইবাৰ বিচনালৈ আগবাঢ়িলো। যেন চুঁচৰিহে গৈছো।
হঠাৎ যেন সাৰ পালো। নে, কোনোবাই জগুৱাইহে দিলে?
“গুড মৰ্ণিং !”
“গুড মৰ্ণিং! কিমান বাজিল?”
“ছয়। টোপনি আহিল নে?”
“আহিল। ৰাতিটো ক’বই নোৱাৰো।”
“উঠক উঠক। ৰেডি হওক। আজি ফাৰ্ষ্ট্ ফাৰ্ষ্ট্ পশুপতি মন্দিৰলৈ যাম। তাৰ পিছতহে বাকীবোৰ।”
ঠিকে আছে। পূজা-পাতল মানো নেমানো এইটো বেলেগ কথা। কিন্তু মন্দিৰটো চাব লাগিব। নে’টত ইতিমধ্যে মন্দিৰটো চাইছো। আমাৰ অসম মুলুকৰ কামাখ্যা মন্দিৰ যেনে, নেপাল মুলুকৰ পশুপতি মন্দিৰো তেনে। এই মন্দিৰটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। অৱশ্যে, অনা-হিন্দুৰ বাবে এই মন্দিৰত প্ৰৱেশ নিষেধ।
কাঠমাণ্ডুৰ পৰা উত্তৰ-পূৱ দিশত মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত, বাগ্মতী নদীৰ পাৰত স্থাপন কৰা হৈছে এই মন্দিৰ। খৃষ্টীয় প্ৰায় চতুৰ্থ শতিকা মানতে স্থাপন কৰা হৈছিল এই মন্দিৰ। ইউনেস্কই ইতিমধ্যে এই স্থানক বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি দিছে।
পুৱা সাত মান বজাতে টেক্সীত উঠিছো। লক্ষ্যস্থান পশুপতি মন্দিৰ।
বিশাল মন্দিৰ প্ৰাঙ্গনত ভিৰ কৰিছেহি অগণন ভক্তপ্ৰাণ ৰাইজে। মইয়ো তেওঁলোকৰ মাজৰে এজন হ’লো।
মন্দিৰৰ মূল তোৰণৰ পৰাই চকুত পৰে নন্দী নামৰ ষাড় গৰুটোৰ সু-বৃহৎ পিতলৰ মূৰ্তিটো। উজ্জ্বল! জিলিকি থাকে।
সোমাই গ'লো। কি বা দেখো !
শিৱ-লিঙ্গত শিৱ আৰাধনা। চাকি, ধূপ, সেন্দুৰৰ ফোট। শিৱস্তুতি। মাজে মাজে কোনোবা পৰম শিৱভক্তৰ একোটা বিকট চিঞৰ, “হে’ শিৱ!” এইবোৰ অৱশ্যে সাধাৰণ কথা। কিন্তু অসাধাৰণ কথাটো দেখিলো মন্দিৰৰ ভিতৰলৈ সোমাই গৈহে। শিৱৰ একেবাৰে আদিম ৰূপৰ এটা সু-বৃহৎ পিতলৰ মূৰ্তি। গাত নাই কোনো আৱৰণ। ওৱা! পূজাৰী গৰাকী আক’ মহিলা ! শিৱ মূৰ্তিৰ [ ৬০ ] মুক্ত গুপ্তাঙ্গত (?) পুস্পাঞ্জলি দিহে ভক্তক আশীৰ্বাদ দিয়ে। ভক্ত সকলে তাকে সাষ্টাঙ্গে প্ৰণাম কৰিছে আৰু তেওঁ ভক্তসকলৰ পিঠিত মাৰিছে প্ৰকাণ্ড একোটা ঢকাও। কি কাৰবাৰ!
“বৰঠাকুৰ, প্ৰণাম কৰক।”
“নাই নাই। মই ইয়াত সেৱা-চেৱা কৰিবলৈ নাই দেই।”
(তাত কোনেও অসমীয়া নুবুজে বুলিহে, নহ'লে!)
বাহিৰলৈ ওলাই আহিলো। হৈছে আৰু। যথেষ্ট হৈছে। আৰু নোৱাৰি। খান্নালে যি কৰে কৰি থাকক। মই নোৱাৰো। মই ওলালো। চিধা বাহিৰ।
এতিয়া খান্নাল ওলাই আহিলেই হয়।
(সময়বোৰ ইমান লাহে লাহে গৈছে! বাৰে বাৰে ম’বাইলত সময় চাওঁ)
আকৌ আগবাঢ়িলো বেলেগ এটা দিশেৰে। এইবাৰ বা কি বিস্ময়ে বাট চাই আছে!
এটা পুখুৰীৰ মাজত, একেটা প্ৰকাণ্ড শিলতে কাটি উলিওৱা ভগৱান বিষ্ণুৰ চতুৰ্ভূজ ৰূপৰ এটা সু-বৃহৎমূৰ্তি। ওপৰত চন্দ্ৰতাপ, ফুল, সেন্দুৰ, প্ৰণাম, প্ৰাৰ্থনা। আৰু বহুত কিবাকিবি।
“বৰঠাকুৰ, সেৱা কৰক।”
“এহ, হ’ব দিয়ক। আহক।”
মন মোৰ একেবাৰে নাই য’তে-ত’তে সেৱা কৰি থাকিবলৈ। কিন্তু দক্ষিণ-কালী মন্দিৰ বুলি যিটো মন্দিৰত মোক প্ৰৱেশ কৰালেগৈ, তাৰ পুৰুহিতে মোৰ কপালত আঁকি দিলে সেন্দুৰৰ ডাঙৰ এটা ফোট। ফোট! কিন্তু কৰিম কি? উপায় নাই। হ’ব আৰু।
ভোক এটাও লাগিছিল। কিবা এটা খাবও লাগিছিল। ৰেষ্টোৰা এখনলৈহে যাব লাগিছিল। ক’ত বা আছে?
এখন ৰেষ্টোৰাত সোমাইহে সঁকাহ পালো। চাহ নাষ্টা।
“ভাত খাবনে?”
“পিছতে খাম। নে কি কয়?”
“পিছত মানে? মোৰ দেখোন ভোকেই লাগিছে।”
“ভোক লাগিলেও ইয়াত নাপাব নহয়। সিফালে টাউনত গৈহে খাবগৈ লাগিব।”
[ ৬১ ] হ’ব আৰু। উপায়তো নাই। অগত্যা চাহ নাষ্টাকে খাই টেক্সীলৈ বুলি আগবাঢ়িলো। এইবাৰ টেক্সী দৌৰিল চিধা হনুমান-ঢোকালৈ বুলি। যাওঁচোন বাৰু। চাই লওঁ কিনো আছে, কিনো কাৰবাৰ।
‘হনুমান-ঢোকা’ হৈছে হনুমানে অনবৰতে পহৰা দি থকা এখন দুৱাৰ। এই দুৱাৰ আছে এক বিশাল ৰাজমহলৰ সমুখত। এই বিশাল ৰাজমহল আৰু দৰ্বাৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৬৭২ বিক্ৰমাব্দত। প্ৰতিষ্ঠাপক আছিল ৰজা পৃথ্বীনাৰায়ণ মাল্লা। পিছলৈ অৱশ্যে শ্বাহ ৰাজবংশৰ কেইবাজনো বিলাসী ৰজাৰ হাতৰ পৰশত কেইবাগুণেও উজ্জ্বল হৈ উঠিছিল এই ৰাজমহল আৰু এই উজ্জ্বল ৰূপ এতিয়া মোৰ চকুৰ সমুখত। (বৰ ভাল কৰিলো ইয়ালৈ ফুৰিবলৈ আহি। আৰু ছেত্ৰীও যে মোৰ লগত ওলাল! )
পাঁচ একৰ ভূমি আগুৰি থকা এক বিশাল দৰ্বাৰ-স্কোয়াৰ। ৰজা বীৰেন্দ্ৰৰ ৰাজ অভিষেকো হৈছিল ইয়াতে, ১৯৭৫ চনত। পিছলৈ ৰাজপৰিয়ালটো অৱশ্যে উঠি যায় নাৰায়ণহাটীৰ ৰাজপ্ৰাসাদলৈ। এই দৰ্বাৰ হ’ল বৰ্তমান এটা মিউজিয়াম। আৰু মিউজিয়াম মানে একেবাৰে এনেকুৱা যে এবাৰ সোমালে ওলাই আহিবলৈ মন নাযায়। সময়বোৰ কেনেকৈ পাৰ হয় গমকে পোৱা নাযায়। ইমান বিলাসী জীৱন কটাইছিল নেপালৰ ৰজাসকলে! ৰাইজৰ কথা বাৰু চিন্তা কৰিছিলনে তেওঁলোকে?
‘বসন্তপুৰ-টাৱাৰ’নামেৰে কাঠেৰে নিৰ্মিত ন-মহলীয়া বিশাল ভৱনটোৰ একেবাৰে ওপৰৰ মহলাৰ পৰা তললৈ চাই পঠিয়ালো। স্বতঃফুৰ্ত ভাৱেই মুখৰ পৰা ওলাই আহিল, “ওৱাও! কি কাৰবাৰ!”
ইয়াতে সংৰক্ষিত হৈ আছে মাল্লা ৰজাৰ সিংহাসনখন, শয়ন–কক্ষৰ বিচনাখন, আচবাব-পত্ৰবোৰ, অস্ত্ৰবোৰ। গোটেই ৰাজমহলটোৱেই যেন আমোদ- প্ৰমোদৰ কক্ষহে। কি দেখিলো কি কম! কি শুনিব ! অৱশ্যে নিজে নেদেখিলে বিশ্বাসেই নহ'ব। মই জানো। সেয়েহে কৈছো পাৰিলে এবাৰ যাব। চাবগৈ। ভাল লাগিব। বিশ্বাস কৰক, বৰ সুন্দৰ !
এমাহ ধৰি চাই থাকিলেও য'ত হেঁপাহ নপলাব তাত মাত্ৰ দুঘণ্টামান সময় !
পিছে কি কৰিম কওঁক। চাবলৈ যে ইমানবোৰ ঠাই আছে। সময় মিলাবলৈকে দিগ্দাৰ। গতিকে ইচ্ছা নাথাকিলেও নামি আহিছো। ওলাই [ ৬২ ] আহিছো। বহি লৈছোহি টেক্সীত।
“কলৈ যাম এইবাৰ?”
“স্বয়ম্ভ টেম্পল। তাৰ পিছতে আমাৰ ইউনিভাৰচিটি। ত্ৰিভূৱন ইউনিভাৰচিটি।” হ'ব?”
“হ’ব। ব’লক।”
স্বয়ম্ভু টেম্পল।
বৌদ্ধ স্তুপ আৰু বুদ্ধৰ বৃহৎ পিতলৰ মুৰ্তি !
এটা সু-উচ্চ পাহাৰৰ ওপৰত জিলিকি আছে স্বয়ম্ভু মন্দিৰ। অকোৱা-পকোৱা থিয় ৰাস্তা। প্ৰথম প্ৰথম মোৰ ভয়েই লাগিছিল। লাহে লাহে ভয়টো আতৰি গৈছিল। হ’ল বুলিনেনা কিমান নো আৰু ভয় কৰি থাকিম?
মন্দিৰ প্ৰদক্ষিণ কৰাৰ নামত যেতিয়া খান্নালৰ পিছ লৈছিলো, হঠাৎ চকুত পৰিল পাহাৰটোৰ তলৰ পৰা বিস্তৃত হৈ থকা কাঠমাণ্ডু মহানগৰখন। চাৰিওফালে ওখ ওখ পৰ্বতমালাৰ চিৰসেউজ সীমনা !
“দেখিছে বৰঠাকুৰ, সৌটো ভীমসেন টাৱাৰ। ইয়াৰপৰা কিমান সৰু দেখাইছে! সৌফালে সৌৱা ভক্তপুৰ। এইফালে চাওঁক।”
খান্নালে আঙুলি যিফালেই পোনাইছে, সেইফালেই চাইছো। যিমানেই চাইছো সিমানেই বিস্মৃত হৈছো। ততোধিক হৈছো তৃপ্ত। এই সুন্দৰ দৃশ্য, এই বিশাল নৈশৰ্গিক শোভা ! দেখিলোঁহেঁতেননে এইবোৰ ইয়ালৈ নহাহেঁতেন !
সময়বোৰ কেনি কেনেকৈ পাৰ হৈ গৈছিল মই মন নকৰিলেও খান্নালে মন কৰি আছিল। হঠাৎ তেওঁ সোঁৱৰাই দিলে “ব’লক ব’লক, তিনি বাজিলেই, টাইম চৰ্ট।”
গাড়ীখন যেতিয়া ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ তোৰণৰ তলেদি সোমাই গ'ল, ছেত্ৰীৰ ফালে চালো। তেওঁৰ মুখত ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি অহাৰ আনন্দ-তৃপ্তি- সন্তুষ্টি। কিমান দিনৰ মূৰত আহিছে তেওঁ! দহ বছৰ! বহুত সময় দেখোন।
বিশ্ববিদ্যালয়ৰ বিশাল ভৱনবোৰৰ মাজেদি দৌৰিছে আমাৰ সৰু গাড়ীখন।
“চাওঁক বৰঠাকুৰ, সৌটো আমাৰ ডিপাৰ্টমেন্ট। এইফালে চাওঁক, সৌটো আমাৰ হোষ্টেল। তাৰে চেকেণ্ড ফ্লৰৰ সৌ চাইডৰ ৰূমটোত ৰাজেন আৰু মই.....।” [ ৬৩ ] তেওঁলোকে বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াবলৈ ধৰিলে।
এইবাৰ গাড়ী আহি ৰ’লহি বিশ্ববিদ্যালয়ৰ পুথিভৰালৰ সন্মুখত।
কি বিশাল পুথিভড়াল!
সোমাই গ'লো। চালো। ইফালে সিফালে। এইফালে, সৌফালে।
কিতাপ, কিতাপ আৰু কিতাপ।
আলোচনী, খবৰ কাগজ, জাৰ্ণেল।
এফালে এটা ডাঙৰ ৰূমত দেখিলো শাৰী-শাৰী কম্পিউটাৰ।
ডিজিটেল লাইব্ৰেৰী। য’ত যি লাগে নেটত চাৰ্চ কৰি ল'ব পাৰি। সুন্দৰ ব্যৱস্থা! ভাল লাগিল। পিছে সময় কম।
থিক এঘণ্টাৰ পিছত ওলাই আহিলো। আকৌ টেক্সী। ওভতনি যাত্ৰা।
খান্নালৰ ফ্লেটলৈ বুলি।
সন্ধিয়াৰ পিছত বিজুলি-বাতিৰ পোহৰ আৰু গাড়ী-মটৰবোৰৰ হে’ড-লাইটৰ জিলমিলনিৰ মাজত চহৰখনে যেন ৰূপ ল’লে এজনী চিত্-পখিলিৰ! দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰা মোৰ দুচকুও বহলকৈ মেল খাই গল। ওৱাওঁ! কি সুন্দৰ! যেন ইয়াৰ মাজে মাজে ঘূৰিয়েই থাকিম, ঘূৰিয়েই থাকিম, ঘূৰিয়েই থাকিম!
কিন্তু মোৰ মন-মেজাজৰ আভাস পাবলৈ সক্ষম হোৱা নাছিল টেক্সীৰ ড্ৰাইভাৰ। বন্দৱস্ত কৰা সময়-সীমাৰ ভিতৰত গাড়ী আনি পহুচাই দিলেহি খান্নালৰ ফ্লে’টৰ সমুখত। খেচ্! হঠাৎ গাড়ীৰ ব্ৰেকৰ শব্দ। থিক লগে-লগেই কাণত পৰিলহি এক নিৰ্দোষ ধেমালি।
“নামিবলৈ মনেই নাই নেকি গাড়ীৰ পৰা? নামক নামক, পালোহি।”
অগত্যা নামি আহিলো।
বহা কোঠাত প্ৰৱেশ কৰিয়েই থপ্কৈ বহি দিলো চ’ফাখনত। মুৰটো হাঁওলাই দি বেৰতে লগাই দিলো। চকু দুটা মুড্ খাই গ'ল। ক’ৰ পৰা জানো অনামী ভাগৰবোৰ আহি হেঁচা মাৰি ধৰিলেহি পাই! আঁঠ বজাতে শুই থাকিলো।
পুৱা উঠিলো ছয় বজাতে। শুই থাকিলে নহ'ব। যিমান ভাগৰ লাগে লাগি থাকিবলৈ দিব লাগিব। ইয়াত ভাগৰ মাৰিবলৈ ল'লে ঠাই চোৱা নহ'ব। সময়ৰ বৰ অভাৱ। তাতে ডিউটিৰ পৰা লোৱা চুটি শেষ হ’বলৈ আছে মাথো তিনিটা দিন। দুটা দিন লাগিব গৈ ঘৰ পাওঁতেই। গতিকে হাতত থাকিল মাথোন [ ৬৪ ] এটা দিন। তাকো আবেলি চাৰি বজালৈকেহে। গাড়ী বুক কৰা আছে আবেলি ৪-২০ ত। ওভতনি যাত্ৰাৰ বাবে। গতিকে বহি থাকিলে নহ'ব। ৰেডি হ’ব লাগে। টেক্সী মাতিব লাগে।
আৰু বেগকেইটা? লগত লৈয়েই ওলাব লাগিব? আকৌতো উভতি আহিবলৈ সময় নহ’ব খান্নালৰ ফ্লে’টলৈ।
“হেই ছেত্ৰী, খান্নালৰ পৰা বিদায়েই লৈ লওঁ নেকি? টেক্সীতো আহিলেই।”
“নালাগে। তেওঁৱো আমাৰ লগতে যাব। দিনটো আমাক কম্পেনি দিব। মোৰ খাচ্-দোষ্ট হয়। কি ভাবিছে? আপুনি পাইছে এনেকুৱা বন্ধু?”
“কিয় পোৱা নাই? আপুনিয়েই। নহয় জানো?”
ছেত্ৰীলৈ বুলি এনেকুৱা এটা প্ৰশ্নৰ বাণ এৰি দিলো যে তেওঁ ধৰাশায়ী হ’বলৈ বাধ্য। যি প্ৰশ্নৰ উত্তৰ “ইয়েচ্”বুলি দিবলৈ তেওঁ বাধ্য। লাগিলে ভদ্ৰতাৰ খাতিৰতেই হওঁক। আৰু তেওঁ ইমান অঁকৰা বা অভদ্ৰ নহয় যে উত্তৰটো “ন’...” বুলি দিব। অগত্যা, এটা ধৰা পৰা হাঁহিৰে তেওঁ সন্মতিসূচক ভাৱে মূৰ দুপিয়ালে। অৰ্থটো পৰিস্কাৰ। “ইয়েচ্”। য়া, মই জিকিলো।
পূৰ্ণ গতিত টেক্সী দৌৰিছে। শেষ বাৰৰ বাবে চকু ফুৰাইছো ইফালে-সিফালে, চাৰিওফালে। নিজৰ অলক্ষিতেই সেমেকি আহিল মোৰ চকু। বিদায়ৰ বেদনা।
গাড়ীখন হঠাৎ ৰৈ দিলে এঠাইত। খান্নালৰ পিছে পিছে দৌৰিছো।
এখন বিৰাট শ্বপিং-মল।
একো কিনা নাই। মাথো চাই গৈছো।
এপাকত ওলাই আহিছো।
আকৌ ঘূৰিছো বাওঁফালে। খবৰ কাগজৰ বিৰাট অফিচ্।
The Himalayan Times!
কি কাম?
কোনোবা ৰিপৰ্টাৰক লগ কৰিব খান্নালে।
লগ পালেনে?
পালে। এতিয়া যাওঁ?
ব’লক।
[ ৬৫ ]
গৈ আছো আৰু।
বিৰাট বিজিনেচ এৰিয়াৰ মাজে মাজে ঘূৰিছো। ওখ ওখ দালানবোৰৰ মাজে মাজে, আলিয়ে গলিয়ে।
ইমান চাফা ৰাস্তা-ঘাটবোৰ, আলি-গলিবোৰ! ক’তো নাই লেতেৰা, চেকা, তামোলৰ পিক, জাবৰ-জোথৰ ! নাই কোনো উন্মুক্ত মেনহ’ল ! প্ৰাণনাশৰ চিটিকাবোৰৰ ওপৰে ওপৰে যে আমাৰ গুৱাহাটীত জপিয়াই জপিয়াই যাব লাগে ! কিন্তু ইয়াত ! আমি বাৰু এই নেপালীসকলৰ পৰাই বহুত কথা শিকিবলগীয়া নাই নে? অন্ততঃ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে !
এখন ৰেষ্টোৰাত সোমালো।
“চাহ খাব?”
“খাম বাৰু। কিন্তু তাতোকৈয়ো ডাঙৰ কাম এটা আছে। ৰ’ব।”
“কি কাম?”
এক ৰহস্যৰ হাঁহিমাৰি খান্নালে ফোনটো কাণত লগালে। আমাৰ বাবে ৰৈ আছিল মাথো কৌতুহল।
থিক দহ মিনিট পিছতে যি দেখিলো বিশ্বাস কৰিবলৈকে টান হৈছিল।
হাঁহি মুখেৰে আৱিৰ্ভাব হৈছিলহি তুল্সী গিমিৰে’জী। আমাৰ লগ চিনাকি হৈছিল। ফটোৰ বাবে ‘পজ’ দিছিল। আৰু চাহ?
“এতিয়া নাখাওঁ। মই এটা বিশেষ প্ৰজেক্টৰ কামত ওলাইছো। সময় একেবাৰে কম। আপোনালোকে খাওঁক। আচ্ছা, আকৌ লগ পাম। আহোঁ।”
অতি নাটকীয় ভঙ্গীমাত বিদায় লৈ আতৰি গ’ল নেপালী চিনেমাৰ বিখ্যাত ডিৰেক্টৰজন। এওঁৰ বিষয়ে আগতে নে'টত চাইছিলো। “কুসুমে ৰুমাল” নামৰ বিখ্যাত চিনেমাখনলৈ মনত পৰিল। এইবাৰ ভগৱান বুদ্ধৰ ওপৰত এখন এনিমেশন ফিল্ম প্ৰস্তুত কৰি আছে। ২০১৩ চনতে মুক্তি পাব। চাব লাগিব।
থিক দহ মিনিটৰ পিছতে আমিও ওলালো।
এইবাৰ টেক্সী দৌৰিল “গাৰ্ডেন-অৱ-ড্ৰিমচ্” লৈ।
“ইয়েচ্, গাৰ্ডেন-অৱ-ড্ৰিমচ্। সপোনৰ বাগিচা। এ ভেৰি বিউটিফুল গাৰ্ডেন। ইউ উইল বি মেচ্মেৰাইজড্। আই এচিঅ'ৰ ইউ।”
খান্নালৰ দাবী। অৱশ্যে নেটত আগতেই চাই থোৱা আছে। ফটোতে যথেষ্ট মনোমোহা। এতিয়া চাবলৈ বাকী আছে বাস্তৱৰ ৰূপটো। এইবাৰ এই [ ৬৬ ] ৰূপটোও চাবলৈ পোৱা যাব তেন্তে। বঢ়িয়া! যোৱাহে কথা।
গাইপতি এশ টকীয়া প্ৰৱেশপত্ৰ লৈ প্ৰৱেশ কৰিলো ‘গাৰ্ডেন-অৱ-ড্ৰিমচ্’ত। ইয়াত মোক নেপালী টুপিয়ে নবচালে।
সঁচাকৈয়ে সপোনৰ বাগিচা! সুন্দৰ, সমান, মিহি ঘাঁহনি। মাছৰ পুখুৰী। চাৰিওফালে খোজকঢ়া আৰু বহাৰ সুন্দৰ ব্যৱস্থা। বগা ৰঙৰ কংক্ৰিটৰ শ্বেড্। গছেৰে আঁৰ-বেৰকৈ সজাই থোৱা শ্বেড্, প্ৰেমালাপৰ বাবে! তাতে যোৰ পাতি পাতি প্ৰেমিক-প্ৰেমিকাবোৰ! আকৌ, ‘লন’খনৰ ওপৰতে ষ্টেপ কাটি কাটি মুকলিতে বহাৰ ব্যৱস্থা। উসঃ বৰ্ণনা কৰিবই পৰা নাই মই। তাত সোমাই থাকিলে মনবোৰত হঠাৎ পাখি গজে। যৌৱন উভতি অহা যেন লাগে। আক্ষেপেৰে মন ভৰি উঠে। উস! যৌৱনটো বে’কাৰ গ’ল দেই। কাম নাই, কাম নাই। আমাৰ নিচিনা মানুহৰ জীৱন-যৌৱনৰ কামো নাই, দামো নাই। বে’কাৰ, বে’কাৰ, নিস্ফল!
“আপোনাৰ জীৱন-যৌৱন নিস্ফল হ’ল কেনেকৈ?যত যি পাব লগীয়া আছিল সবেই পালে দেখোন। বেয়া হৈছে দেই, বেয়া হৈছে। ৰ’ব আপোনাৰ মিছেচক ক’বহে লাগিব। চাওঁ, নাম্বাৰটো দিয়ক।”
“নহয় মানে, পাইছো হয়, তাতো “কিন্তু” এটা থাকি যায় নহয়। মানে এনেকুৱা এখন পাৰ্কত ‘হেৰি’ কৰিবলৈ নাপালো যে। এই কথা আপুনিও কি ফীল নকৰে?”
কৰে। কিন্তু পাষ্ট ইজ পাষ্ট। এতিয়া আৰু এইবোৰ ভাৱি থাকি কি লাভ হ'ব? গতিকে আগবাঢ়িলো। দেধাৰ ফটো তুলিলো।
এঘণ্টামানৰ পিছত ওলাই আহিলো। সময় নাই ৰৈ থাকিবলৈ।
এইবাৰ আগবাঢ়িলো নাৰায়ণহাটীৰ ৰাজপ্ৰাসাদলৈ বুলি। এসময়ৰ ৰজা বীৰেন্দ্ৰৰ ৰাজপ্ৰাসাদ।
বুধবাৰৰ দিনটোত ৰাজহুৱা প্ৰদৰ্শনী বন্ধ হোৱা বাবে একালৰ ৰাজপ্ৰাসাদটোত প্ৰৱেশ কৰিবলৈ নাপালো। নিজ চকুৰে চাই আহিব নোৱাৰিলো ৰজা বীৰেন্দ্ৰৰ ৰাজ–পৰিয়াল ঘাটকৰ গুলিৰ আঘাতত নিঃশেষ হোৱা অভিশপ্ত ৰাজপ্ৰাসাদটোৰ চুক-কোণ বোৰ। হ’ব আৰু, উপায়তো নাই। যি পাইছো আৰু চাবলৈ। ভাগ্য বেয়া বুলিয়েই ক'ব লাগিব আৰু। সান্তনাতো লাগিবই। নহয় জানো?
[ ৬৭ ]
হঠাৎ সঁচকিত হ’লো৷ চাৰে তিনি বাজিলেই। ইপিনে চাৰি-বিশতে গাড়ী। এহঃ দেৰিয়েই হ’ল। মৰিলো আৰু।
ৰেষ্টোৰা এখনত সোমাই চাইনিজ ডিচকে খাই লৈ ৰোৱা নাই আৰু। চিধা কলংকি বাচষ্টেণ্ড। হাতত সময়যে একেবাৰে নাই।
লৰালৰিৰ কোবত মোৰ দামী চানগ্লাচ যোৰ আক’ টেক্সীতে এৰি বাচত উঠিলোগৈ। ইফালে টেক্সী গুচিয়েই গ'ল।
এহঃ বাদ দিয়া আৰু। গ’ল গ’ল। বেলেগ এযোৰ কিনি ল’ম। এতিয়া এইবোৰ খুচ-খাচ্ কথাত লাগি থাকিবলৈ সময়েই নাই। ইপিনে বাচ ষ্টাৰ্ট দিলেই।
বাচত নৈশ-ভ্ৰমণ মোৰ একেবাৰে ভাল নালাগে। এফালে টোপনিৰ আমনি, আনফালে দুৰ্ঘটনাৰ ভয়টোৱে মনটো চেপি খুন্দি শেষ কৰে। ছেত্ৰীৰ আগত প্ৰকাশ কৰা নাই যদিও ওৰে ৰাতি উজাগৰেই কটালো। ভাল নালাগিল। বেছি খং উঠিছিল ছেত্ৰীৰ মৰ-টোপনিটো দেখিহে। চলন্ত গাড়ীত কেনেকৈ শোৱে ঔ!
মেচি চকু চিকিৎসালয়ৰ নামটো শুনি থাকো। ভাৱিলো, দেখুৱাই যাওঁ নেকি এবাৰ মোৰ চকুযুৰি!
ভৱা মতেই নামি দিলো বিৰ্তামূৰত।
ইমান চাফ-চিকুন হাস্পাতাল!
হাস্পাতাল কৰ্তৃপক্ষয়েই হওঁক বা ৰোগীয়েই হওঁক ইমান নিয়মানুবৰ্তিতা মানি চলে! এনেকুৱা পৰিৱেশত ৰোগীৰ ৰোগ আধা-আধি ভালেই হৈ যায়। মনটো মোৰ ভাল লাগি গ'ল। বিৰাট ভাল লাগি গ'ল।
নাই। মোৰ চকুত হেনো কোনো সমস্যা নাই।
কথাটো জানি ভাল লাগিল। মনৰ দুখ-খং সকলোে আতৰি গ'ল।
মনৰ আনন্দত এপাক নাচি দিবলৈ মন গ'ল। কিন্তু, এয়াতো সম্ভৱ নহয়। কিন্তু ওঁঠৰ ফাঁকেদি হাঁহি এটা সৰকাই দিয়াততো কাৰৰ আপত্তি থাকিব নালাগে। অগত্যা, তাকে কৰিলো। উৱাসঃ।
ওলাই আহিলো। আকৌ টেক্সী। এইবাৰ লক্ষ্য স্থান কাকৰভিঠা। ওভতনি যাত্ৰাৰ দুৱাৰমুখ!
কাকৰভিঠাত উপস্থিত হৈয়েই অনুভৱ কৰিলো পিয়াহ।
ওচৰতে বিক্ৰী কৰি থকা মৌচুমী টেঙাৰ ৰসে যেন আকুলভাৱে আহ্বান [ ৬৮ ] কৰিবলৈ ধৰিলে। খোৱাহে কথা।
“কি কয় ছেত্ৰী? খাবনে টেঙাৰ ৰস?”
“খাওঁ আৰু..........”
ঠিক তেনেতে কাণত উফৰি পৰিলহি কোনোবা অচিনাকি কণ্ঠৰ এটা খবৰ। পাঁচ বজাত নিউ জলপাইগুৰিৰ পৰা এখন ট্ৰেইন আছে গুৱাহাটিলৈ। পৰৱতী ট্ৰেইনখন আছে ৰাতি ন–বজাত।
এ হয়নি? সময়েই নাই দেখোন।
“ছেত্ৰী ব’লক, দেৰি নকৰিব।”
“এ ৰ’ব, চিমখন দি যাব লাগিব নহয়।”
“চিমখন? অ’ ইয়েচ্, কল কৰি দিয়ক। সময় একেবাৰেই নাই।”
ছেত্ৰীয়ে কল কৰাৰ বিশ মিনিটলৈকে ল’ৰাজনৰ দেখাদেখি নাই।
আকৌ কল কৰিলে।
আকৌ অপেক্ষাৰ দহ মিনিট।
নাই, বেটাৰ নোম এডালো দেখিবলৈ নাই।
অ’, এনেকৈ হ'লে নহ’ব নহয়।
“চাওঁক ছেত্ৰী, চিমখনতো মইয়েই কিনিছিলো। অৱশ্যে অসমত এইখন চিমৰ কোনো কাম নাই। ল’ৰাজনক চিমখন দি গ’লে অৱশ্যে তেওঁৰ কামত আহিব। কিন্তু ইয়াত এনেকৈ ৰৈ থাকিলে আমাৰ ট্ৰেইন হেৰাব। প্ৰব্লেম হব। তাতকৈ চিমখন আপুনিয়েই ৰাখক। আপুনিতো নেপাললৈ আহিয়েই থাকে।”
“হেই ৰব। আপোনাৰ মতে নহ'ব নহয়। এইখন নেপাল হয়। ইয়াত মোৰ মতেহে হ'ব, বুইছে?”
এইখন মেচি নৈ। এই দলংখন পাৰ হৈ গলেই ভৰি দিমগৈ ভাৰতৰ মাটিত। মাথো পাঁচ মিনিটৰ বাট। ৰিক্সাতে হওঁক বা খোজকাঢ়িয়েই হওঁক। মনত মোৰ প্ৰচণ্ড লোভ জন্মিছিল ছেত্ৰীক এবাৰ জোকাই চাবলৈ। কিন্তু নোজোকালো। হয়তু ভদ্ৰতাৰ খাতিৰত। কিন্তু মোৰ ওঁঠৰ ফাঁকেদি সৰকি গ'ল এটা হাঁহি। অন্য মানুহে দেখিলে সেই হাঁহিটোক এটা “অঁকৰা হাঁহি” বুলিয়েই ক’ব। আনকি ছেত্ৰীয়েও।
ধৈৰ্য্যৰ বান্ধ চিগো চিগো যেন হোৱাৰ মূহুৰ্ততে আহি ওলালহি ল’ৰাজন। চিমখন তেওঁৰ হাতত তুলি দি ধন্যবাদ জনাই চিধা জপিয়াই উঠিলো ৰিক্সা [ ৬৯ ] এখনত। ৰোৱাৰ কথাই নাই।
চিধা ৰাণীগঞ্জ। মানে ভাৰতৰ মাটি! (তাৰ পিছতেই পানীটেঙ্কী। তাৰ পিছতেই নিউ জলপাইগুৰি! )
ৰিক্সাৰ পৰা নামিয়েই উভতি চালো দলংখনৰ সিপাৰলৈ।
বিদায় নেপাল! বিদায়!
হঠাৎ কিয় জানো মোৰ মনত এক মায়া উপজিল নেপালখনৰ প্ৰতি।
মনৰ কোনোবা কোণত যেন সঞ্চিত হৈ ৰ'ল কাঠমাণ্ডুৰ বহু মোহনীয় চিত্ৰ।
মনৰ কেমেৰাৰ যেন ৰিপ্লে হ’ল।
আকৌ যেন চকুৰ আগত ভাঁহি উঠিল কাঠমাণ্ডুৰ দৃশ্যাৱলীঃ নগৰখন, ত্ৰিভূৱন বিমান বন্দৰটো, ভক্তপুৰৰ ৰাজপ্ৰাসাদটো, হনুমান ঢোকা, ভীমসেন টাৱাৰ, স্বয়ম্ভু টেম্পল আৰু... আৰু... ৰাজেন ৰিজালৰ ঘৰৰ ভাতসাঁজ আৰু মঙ্গল ( উপাধীটো পাহৰিছো। কি আছিল জানো? ) জীৰ ঘৰৰ ভাতসাঁজ!
আৰু খান্নাল!
ইস! বেয়া লাগিল মনটো।
ইটোৰ পিছত সিটোকৈ আহিয়েই থাকিল দৃশ্যবোৰ মনলৈ।
মিতেৰ’ৰ দেশৰ দৃশ্য!
আৰু কাণত যেন বাজি উঠিল মিতেৰ’ৰ বন্ধুসুলভ সাৱধানবাণী, “বাহিৰত আপুনি একো কথা নক’ব। যি ক'ব লাগে আমি ক’ম। আপুনি খালি....”
ৰচনা কাল -অক্টোৱৰ, ২০১২
(গোলাঘাট জিলা সাহিত্য সভাই ২০১২ বৰ্ষত সদৌ অসম ভিত্তীত আয়োজন কৰা স্ব-ৰচিত একক গল্প প্ৰতিযোগিতাত এই গল্পটিয়ে শ্ৰেষ্ঠ স্থান অধিকাৰ কৰি প্ৰয়াত মাধুৰ্য্য বৰা সোঁৱৰণী বঁটা লাভ কৰে।)
০০০০ ০ ০০০০
০০০০ ০ ০০০০
ঠিকনা
চকু মেলিয়েই চৌধুৰী আচৰিত। দস্তুৰমত আচৰিত।
আৰে, এইটোতো ছেত্ৰীৰ কোৱাৰ্টাৰহে। অ’! তেওঁ ইয়াত কেনেকৈ? সপোন দেখা নাইতো তেওঁ?
নাই, সপোনতো হ’বই নোৱাৰে। সৌৱা ছেত্ৰী শুই আছে। নিজকে চিকুতি চালে তেওঁ। থিকেই আছে।
ওৱাল ক্লকটোত চকু পৰিল তেওঁৰ। সাত বাজিছে।
বৰ সাৱধানেৰে তেওঁ চাৰিওফালে চকু ফুৰালে। কি হ’ল আক’ তেওঁৰ? তেওঁক কোনোবাই অপহৰণ কৰা নাইতো? আৰু কৰিলেও তেওঁক বাৰু ছেত্ৰীৰ কোৱাৰ্টাৰতহে ৰাখিবনে? নিশ্চয় নাৰাখে। তেন্তে?
ভয়ে ভয়ে পৰি থাকিল তেওঁ। একো তত্ ধৰিব পৰা নাই।
হঠাৎ ছেত্ৰীয়ে এঙামুৰী দিলে, চকু মেলিলে আৰু চৌধুৰীলৈ চাই হাঁহি এটা মাৰিলে, “গুড মৰ্ণিং”
“গুড মৰ্ণিং। কিন্তু ছেত্ৰী, মই যে ইয়াত? কেনেকৈ?”
“পাহৰি গ'লেই নে?”
“মানে?”
“আৰে, মানে আৰু কি, কালি আপুনি মোক যিহে ভয় খুৱালে। আপুনি মানে অলপ খোৱা-বোৱা কৰিব, এক্সাচাইজ কৰিব আৰু অলপ ষ্ট্ৰং হ’ব। নহ'লে কেতিয়াবা নিজেও মৰিব আৰু আনকো মাৰিব। বুজিলে?”
“মানে?”
“মানে আৰু কি, কালি কি হৈছিল মনত নাই? চকু ঢেল খাই গৈছিল, জিভা ওলাই গৈছিল। চেন্সেই নাই একেবাৰে।”
“কি?”
“ভাও নধৰিব চৌধুৰী। মনত পেলাওক কালি কি হৈছিল।”
হয়। চৌধুৰীৰ মনত পৰিল কথাবোৰ। এটা এটাকৈ প্ৰতিটো কথা মনত পৰিল তেওঁৰ। কিন্তু স্বীকাৰনো কৰে কেনেকৈ। আচলতে লাজেই লাগিল তেওঁৰ। যেনেকৈয়ে হওঁক পৰিপক্ক বয়সৰ মানুহ। পৰিস্থিতি চম্ভালিব পাৰিব [ ৭১ ] লাগিছিল। কিন্তু কৰে কি তেওঁ? ইমানযে কষ্ট পালে যে তেওঁৰ দেহাই নটনা হৈ পৰিল।
হঠাৎ খং উঠি গ'ল তেওঁৰ। কিনো ইলেক্শ্বন এটা ওলাইহি মাজে মাজে। কোনোবা জিকিব, কোনোবা ৰজা হ’ব আৰু শাস্তি খাই মৰিব লাগে চৌধুৰীহঁত। কাম নাই।
প্ৰতিটো কথা এটা এটাকৈ মনলৈ আহি থাকিল তেওঁৰ। শিলগুটি দিয় ভগা চিগা ৰাস্তা, ভগা চিগা স্কুলঘৰটো, আৰু....।
প্ৰায় পঞ্চাশ ফুট দীঘল আৰু প্ৰায় পোন্ধৰ ফুট বহল হল ঘৰটোত নাই কোনো খিৰিকি, নাই কোনো দুৱাৰ, নাই কোনো বৰচাং। দুৱাৰৰ নামত যিখন আছে এগোৰ দিয়াৰতো কথাই নাই, হাতেৰে ভালকৈ এটান মাৰিলেই এৰাই যাব। সিফালে, খিৰিকিত লগাই থৈছে পলিথিনৰ ঢাকনি। ফেৰ ফেৰকৈ মাৰি থকা বতাহ জাকৰ কথাটোও চিন্তা কৰিবলগীয়া হৈছে। জানুৱাৰী মাহৰ ত্ৰিশ তাৰিখ। ঠাণ্ডা। ৰাতি ইয়াত থাকিলে কপি কপি মৰিব লাগিব। কম্বল দুখনেনো কি ঠাণ্ডা ৰাখিব! লেপ-তচক লৈ আনিবলৈতো নহ’ল। আৰু, আনো বুলিলেও আনিবনো কেনেকৈ? কম্বল দুখন, পোচাক এযোৰ, হাৱাই চেণ্ডেল এযোৰ, বেটাৰী-লাইটটো, ৰাতি পিন্ধা ইনাৰ-চেটটো আৰু আঠুৱাখন ভৰাই লওঁতেই বেগটো যথেষ্ট ডাঙৰেই হ’ল। ভাগ্যে, আজিকালি পাম্প দিয়া গাৰুবোৰ ওলাল বুলিহে। নহ’লে, ঘৰৰ ডাঙৰ গাৰু ভৰাই ল'লে হল্ড-অলটোয়েই আনিবলগীয়া হ’লহেঁতেন। আনিবলৈকে অসুবিধা হ’লহেঁতেন। কিবা বোলে অকনমান দূৰ এবাৰলৈ লৈ যোৱাৰ কথা নহয় নহয়। প্ৰথমে কঢ়িয়াব লাগিব ঘৰৰ পৰা তিনি-আলিৰ বাচষ্টপলৈ।তাৰ পিছত কঢ়িয়াব লাগিব বাচৰ পৰা মেটেৰিয়েল চেললৈ। তাৰ পিছত আকৌ কঢ়িয়াব লাগিব ভোটকেন্দ্ৰলৈ নিৰ্দিষ্ট কৰি দিয়া গাড়ীখনলৈ। ভোটিং-মেটেৰিয়েল খিনিকে কঢ়িয়াব নে বেডিং-পত্ৰকে কঢ়িয়াব? আচ্ছা, যেনেতেনে কঢ়িয়ালেই যেনিবা, বাচত সেইটো ভৰোৱাও মস্কিল। হেপোৰ-তেপোৰকৈ যেনে তেনে ডাঙি কৰি ভৰালেও থ’বলৈ জেগা নাথাকে। এটা পলিং-পাৰ্টিত যদি ছয়জনকৈ মানুহ হয় আৰু এখন বাচত যদি এনেকুৱা পলিং-পাৰ্টি চাৰি-পাঁচটাকৈ দিয়ে তেন্তে মানুহেই হয়গৈ দেখোন চব্বিশ বা ত্ৰিশ। আৰু প্ৰত্যেকেই যদি একোটাকৈ হল্ড-অল নিয়ে, ভৰাব ক’ত? কোনোবাই হয়তো ক’ব, ‘কিয়? বাচৰ হুডৰ ওপৰত তুলি দিব।’ থিক আছে, দিব। কিন্তু, [ ৭২ ] তুলিব কোনে? ড্ৰাইভাৰেতো এইবোৰত হাতেই নলগায়। বাকী থাকিল, হেণ্ডিমেন ল’ৰাটো। সি কি কৰিব, বাচখনৰ ওপৰত উঠি লৈ তললৈ চিঞৰিব, “হল্ড-অলটো ডাঙি দিয়ক”।
আক’, উভতি আহোঁতেও সেই একেই। সদায় এইবোৰ ডাঙি–কৰি থকাৰ অভ্যাস থাকিলেহে! নহ'লে দেখোন কঁকালত কঁচক খাব লাগিলে হ’লেই আৰু! আৰু, চৌধুৰীয়ে কিয়নো ল’ব এই ৰিস্কটো? এনেই বতৰ ঠাণ্ডা। ঠাণ্ডাত দুখ-চুখ পোৱাৰ কোবটোও বেছি। হয়, তেওঁ বুঢ়া হোৱা নাই। ডেকাই হৈ আছে। কিন্তু ডেকা ল'ৰাতো নহয়। ডেকা মানুহহে। গাঁৱৰ পৰা কোনোবা আহিলে আৰু ঘৰত ল'ৰা-ছোৱালী এটাকহে দেখিলে দেখোন কয়েই, “কি অ’, ঘৰত বুঢ়া-বুঢ়ী নাইনে?” তাৰ মানে কি বুজিলা? কথাটো এইটো নহয়নে যে এই হল্ড-অল কঢ়িওৱা কামটো তেওঁ নকৰাহে যুগুত। আৰু একান্তই যদি কৰিবলগীয়া হয়ো তেন্তে সৰুকৈ কিবা এটা টোপোলা। মানে, এতিয়া তেওঁ যিমানটো লৈ আনিছে, সিমান। আৰু যিহেতো লেপ-তচক অনাই নাই গতিকে থাকা ঠাণ্ডাত কপি কপি। ইয়াত কোনে দিব তোমাক লেপ-তচক আনি? আৰু দিবই বা কিয়?
টেবুল আছে এখন! হয়তো, প্ৰধান শিক্ষকৰ টেবুলখন। বাকী শিক্ষকসকলে ক’ত লিখা-মেলা কৰে? নে নকৰেই? নে, শিক্ষক মাথো এজনেই? হ'বও পাৰে। এজনীয়া বিদ্যালয় কিছুমান এতিয়াও থকাৰ কথা নিউজত মাজে মাজে ওলায়। টেট্-শিক্ষকৰ নিযুক্তিতো হ’ব লাগিছিল। আচ্ছা, ধৰি ল’লো, নাই হোৱা। এতিয়া, এই শিক্ষকজনৰ অকলে অকলে আমনি নালাগেনে? কথা এষাৰ পাতিবলৈকে, কেতিয়াবা যুক্তি-তৰ্ক এটা কৰিবলৈকে, বা “মই অকণমান বাহিৰৰ পৰা আহোঁ, তুমি ইহঁতক চাবা” বুলি ক'বলৈকে....। তেওঁ কেজুৱেল লিইভো নলয় নেকি? কোনোবা দিনা তেওঁ নাহিলেতো ল'ৰা-ছোৱালীবোৰ ৰাখোন নথকা গৰু! (এইখিনিতে চৌধুৰীৰ ওঁঠৰ ফাঁকেৰে হাঁহি এটা সৰকি গ'ল। তেওঁৰ মনৰ চকুৰ আগত ভাঁহি উঠিল তাহানিৰ ৰজাবাহৰ গাঁৱৰ সীমনাত থকা এল.পি. স্কুলখন। শইকীয়া ছাৰ নহা দিনা অলপ উৎপাত কৰিছিল নে চৌধুৰীহঁতৰ দলটোৱে! চৌহদৰ গছ কেইজোপাত যেন এজাক বান্দৰহে উঠে। এনে অৱস্থা। এবাৰ যে গুণাৰাম গছৰ পৰা সৰিয়েই পৰিছিল ধেমেহ্কৈ। শেষত, ওচৰৰ কোনোবা ডাঙৰ মানুহ আহিহে ল’ৰা-ছোৱালীবোৰক [ ৭৩ ] ঘৰলৈ খেদাইছিল। তাকো, দীঘল এচাৰি জোকাৰি জোকাৰি।নহ'লে কেৰেপেই নকৰিছিল কোনেও।)
বেঞ্চ-ডেস্ক বুলিবলৈও এযোৰাও নাই। ল'ৰা-ছোৱালীবোৰ বহে ক’ত? নে, নবহেই? আজিকালি বিয়াই বাৰুৱে যে ওলাইছে বুফে-চিষ্টেমত খোৱাৰ ষ্টাইলটো। নিজেই থালত খাদ্য লৈ থিয়ৈ-থিয়ৈ খোৱা। বেছি ঠায়ো নালাগে। খোৱা-বস্তু বেছিকৈ দিলে, কমকৈ দিলে বুলি ঠেন্-ঠেনাবলৈকো সুবিধা নাই। যি লাগে, যিমান লাগে নিজেই লোৱা, খোৱা আৰু যোৱা। এই স্কুলখনতো এনেকুৱাই নেকি? মানে, থিয় হৈ পাৰা, বহি লৈ পাৰা, যি পঢ়া, যিমান পঢ়া, নিজেই পঢ়া আৰু যোৱা। এইটোহে পঢ়ুৱালে, সেইটোহে পঢ়ুৱালে, এইটোহে নপঢ়ুৱালে, সেইটোহে নপঢ়ুৱালে বুলি ঠেন্-ঠেন্, পেন্-পেন্ কৰি নাথাকিবা। হ'ব পাৰে, হ'ব পাৰে। এইখন দেশত বহুত কিবা-কিবি হ'ব পাৰে। নামটো অসম নহয় জানো? “অসম” মানেই “অ-সমান”। মানে,ইয়াৰ কথাকাণ্ডবোৰ আনৰ লগত নিমিলে।
আচ্ছা, শুব ক’ত? কম্বল দুখনকেই যেনিবা মেৰিয়াই-ঘুৰিয়াই যেনে-তেনে ৰাতিটো কটাব, কিন্তু পৰি থাকিবলৈতো কিবা এখন লাগে। বেঞ্চ কেইখনমান বা ডেস্ক কেইখনমান থকা হ'লেও চপাই-কৰি লৈ, খুটা কেইটা চুট্লি আদিৰে বান্ধি কৰি যেনে তেনে শয্যা এখন প্ৰস্তুত কৰি ৰাতিটো পাৰ কৰি দিব পৰা হ'লহেঁতেন। কিন্তু নাই যি নাই ডুখৰি পিৰা এখনো নাই স্কুলখনত। আচৰিত! চাইন বৰ্ডখন চালে। মাজগাওঁ এল-পি স্কুল। স্থাপনৰ তাৰিখটো চালে। ১৯৯৩ চন। চৰকাৰী স্কুল নিশ্চয় নহয় এইখন। ভেন্সাৰ স্কুলেই হ'ব লাগিব। আজি ইমান দিনেতো চৰকাৰে স্কুলৰ চৰকাৰীকৰণ কৰাই নাই। ভোটৰ ফলাফল ঘোষণাৰ তিনিদিনৰ ভিতৰতে স্কুলবোৰৰ চৰকাৰীকৰণ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছেহে। কিন্তু অসুবিধাটোযে আজি ভোগ কৰিবই লাগিব। চৰকাৰী স্কুল হোৱাহেঁতেন এনে নহ'লহেঁতেন। চৰকাৰী স্কুলবোৰতো আজিকালি বহুত ভাল কৰিলে। টিউবৱেলৰ পৰা একেবাৰে টয়লেটলৈকে। কিন্তু এইখনত দেখোন টিউবৱেল এটাও নাই। টয়লেটৰতো নাম-গোন্ধেই নাই। কিয় ভোট-কেন্দ্ৰ পাতিলে এইখন স্কুলত? ওচৰত চৰকাৰী ভাল স্কুল নাই নেকি? নাই চাগে। চাগে নহয়, নায়েই। থকা হ'লে ইয়াত ভোট–কেন্দ্ৰ নিশ্চয় নাপাতে।
[ ৭৪ ] আচ্ছা, ৰাতিতো বাৰু যেনে তেনে কটায়েই, কিন্তু ৰাতিপুৱা টয়লেটৰ ব্যৱস্থা কি হ’ব?
“ছাৰ, মানে ওচৰৰ বাহনিখনলৈকে যাব লাগিব। নহ'লে সৌ পথাৰখন...”
“হাঃবাহনি, পথাৰ! আচ্ছা, সেইটোৰ কিবা এটা হ’ব বাৰু, কিন্তু পানীৰ কি হ’ব? ইয়াত টিউবৱেল ক’ত?”
“ছাৰ মানে, এটা কাম কৰিব লাগিব, ওচৰৰ এঘৰৰ পৰা এবাল্টি পানীকে আনি থ'ব লাগিব। আৰু ছাৰ, গাওঁবুঢ়া আহিলে ধান-খেৰকে আনি দিবলৈ ক’ব লাগিব, শোৱাৰ ব্যৱস্থাৰ বাবে।”
“ধান-খেৰ।”
চৌধুৰী যেন উচপ খাই উঠিল। নখজুৱাবনে? সৰুতে যে এবাৰ কণটিলৌহঁতৰ ঘৰত ধানখেৰত বাগৰি বাগৰি খেলিছিল, তাৰ পিছত অলপ খজুৱাইছিলনে গা-টো! সন্ধিয়া বায়েকে যেতিয়া ঘঁহি-পিহি গা ধুৱাই দিছিল তেতিয়া অলপ ভক্ভকাইছিলনে! নাই নোৱাৰি দেই, নোৱাৰি। ধান-খেৰত শুব নোৱাৰি। লাগিলে কম্বলেৰে গায়ে-মূৰে ঢাকি লৈ হেডমাষ্টৰৰ টেবুলখনতে টোপনিয়াই বহি থাকিব তেওঁ।
তেওঁ যেনিবা তেনেকৈয়ে ৰাতিটো কটাব, কিন্তু বাকী কেইজনে?
সমস্যা। সমস্যা ডাঙৰেই। ক’ত থাকিব, ক’ত বহিব, ক’ত কাম কৰিব?
আৰু, এই গাওঁবুঢ়াটোও বা ক’ত মৰি আছে গৈ?
ইফালে, চাৰে-চাৰি বাজিলেই। কাগজ-পত্ৰখিনি আৰু খামখিনিৰ উপৰিও চহী কৰিব লাগিব প্ৰায় সাতত্ৰিশ শ বেলট পেপাৰ। মুঠ নশ আঠত্ৰিশজন ভোটাৰৰ গাইপতি চাৰিখনকৈ বেলটত চহী কৰা, ডিষ্টিংগুইচিং মাৰ্ক মৰা কি ধেমালি কথা। অৱশ্যে, এশ শতাংশ ভোট কেতিয়াও নহয়। কিন্তু পয়সত্তৰ শতাংশ ভোটদানতো হ’বই। ভোটৰ দিনা বাৰু দহ শতাংশ চহী কৰিব পৰা যাব, কিন্তু কমেও ষাঠি শতাংশ চহীতো আগৰাতিৰ ভিতৰতে কৰি থ'বই লাগিব। নহ'লে
দেখোন পিছদিনা ফলং মৰণং। ভোট গ্ৰহণ প্ৰক্ৰিয়া লেহেমীয়া হ'ব লাগিলে ভোটাৰে হাল্লা লগাই দিব। লগে লগে আহিব ভি.ডি.অ. কেমেৰা লৈ মেডিয়া ৰিপৰ্টাৰ। মাউচ-পিচটো মুখৰ আগত ডাঙি ধৰি জবাবদিহি কৰিব। সমগ্ৰ দৃশ্য হ’ব কেমেৰাত বন্দী। সবিশেষ সন্ধিয়া ৭ত। হাঃ
[ ৭৫ ]
ইফালে গৈ আছে সময়। বেলি পৰিবলৈ বেছি দেৰি নাই। লগে লগে বাঢ়ি আহিছে চৌধুৰীৰ তেজৰ চাপ! দুজনমান মানুহ আহি ওলালহি।
“ছাৰসকল! আহিলে।”
“আহিলো, কিন্তু একো ব্যৱস্থাই নাই দেখোন ইয়াত। টেবুল নাই, চকী নাই, বেঞ্চ নাই, ডেস্ক নাই। ৰাতি শুম ক’ত? কামবোৰ কৰিম ক’ত? আপোনালোকেতো এইবোৰ ঠিক্ঠাক্ কৰি ৰাখিব লাগিছিল।”- চৌধুৰীহঁতে গাঁৱৰ ডেকা কেইজনকে যেন জবাবদিহি কৰিলে। তেওঁলোককে যদি নকয়, তেন্তে ক’ব কাক? ওচৰত আছেনো কোন? চেক্টৰ অফিচাৰৰো এতিয়ালৈকে দেখা দেখিয়েই নাই। গতিকে ক’ব কাক?
ব্যৱস্থা এটা অৱশ্যে হ’ল। ওচৰৰ এম-ই স্কুলখনতে ৰাতিটো কটোৱাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু পিছদিনা ভোট লব লাগিব নিৰ্দিষ্ট এল-পি স্কুলখনতহে। হ’ব। লগতে ব্যৱস্থা হ’ল খোৱা-বোৱাৰ। ওচৰৰে এজনে গাত ল’লে ৰাতিৰ সাজ, পিছদিনাৰ ব্ৰেকফাষ্ট, দুপৰীয়ৰ লাঞ্চ আৰু ভোট সামৰি উভতি যোৱাৰ আগে আগে চাহ-তাহ অকণৰো।
খোৱা-বোৱাৰ খৰচ?
নালাগে। কিন্তু মাছ-মাংস খাব বিচাৰিলে কিবা এটা দিব লাগিব। মানে ধৰক, এহেজাৰ মান টকা।
এইটো আক’ কেনেকুৱা কৌতুক!
হ'ব। কোনো কথা নাই। পাইছে যে আক’ এইকণ সুবিধাকে। এইয়াই বহুত। বঢ়িয়া।
চৌধুৰীহঁত আনন্দ মনেৰে আগবাঢ়িল ওচৰৰ এম-ই স্কুলখনলৈ বুলি। প্ৰথমে বেলট-বাকচটো, বেলট আৰু কাগজ-পত্ৰৰ বেগটো আৰু সদৌ শেষত নিজৰ নিজৰ বেডিং-পত্ৰখিনি। হওঁক দিয়া। ৰাতিটো পাৰ হ’ব তেও যেনেতেনে।
কিন্তু ইকি? ইয়াৰো বেৰবোৰ মচা-কৰা নাই। গোটেই জেলজেলীয়া। মজিয়াখনো খলাবমা, ধুলিৰে ভৰা। একাষে দ’মাই থোৱা বেঞ্চ-ডেক্সখিনিও ভগা-চিগা। অৱশ্যে টেবুল দুখনমান আছে। তাৰো অৱস্থা ঘটং-মটং। তথাপিও যেনেতেনে পিছদিনা ভোটৰ কামখিনি কৰিব পৰা যাব।
কি কাৰবাৰ! য'ত তেওঁলোকৰ খঙেই উঠিব লাগিছিল, তাতো তেওঁলোকৰ হাঁহিহে উঠিল। এইয়াই প্ৰিজাইডিং বিষয়াৰ অৱস্থা! কোৱা হৈছে, [ ৭৬ ] তেওঁক হেনো দিয়া হয় মেজিষ্ট্ৰেটৰ ক্ষমতা। হওঁক না এদিনৰ বাবে। তথাপিতো মেজিষ্ট্ৰেট! ভাওনাত যেনেকৈ এৰাতিৰ বাবে ৰজা হয়। পিছদিনা আৰু ক’ৰ ৰজা, ক’ৰ প্ৰজা! সব একাকাৰ। তথাপিও ভাওনাৰ ৰজাক এনেয়েও বহুতে গাঁৱত “ৰজা” বুলিয়েই মাতে। লাগিলে ধেমালিতেই হওঁক। কিন্তু প্ৰিজাইডিং বিষয়াক? ধুৰ, বেলট বাকচ “চীল” কৰাৰ পিছতে কামেই নাইকিয়া হয়। অলপ সময়ৰ আগলৈকে “ছাৰ, ছাৰকৈ মাতি থকা পলিং-এজেণ্ট কিছুমানে শ্ৰুতিকটু ভাবেই “দাদা” বুলি মাতি দিয়ে। একেবাৰে অপ্ৰয়োজনীয়ভাৱেও সোধে, “দাদা, আপোনাৰ ঘৰ ক'ত আছিলে?”
কি দৰ্কাৰ? প্ৰিজাইডিং বিষয়াজনৰ ঘৰ ক'ত তোমাক কিয় লাগে? আৰু যদি কিবা দৰ্কাৰ আছিলেই, আগতেই সুধিব পাৰিলাহেঁতেন, যেতিয়া “ছাৰ, ছাৰকৈ তেলিয়াই আছিলা। তেতিয়া মনত নপৰিল। লগা হ’ল এতিয়াহে। বদমাচ ক’ৰবাৰ! অভদ্ৰ।
বাৰু হ'ব। এইবোৰ কথা চিন্তা-ভাৱনা কৰি সময় কটালে পিছত পয়মাল হ'ব। সময়ৰ নাটনি হ’ব। এতিয়া কামৰ সময়। ধৈৰ্য্য-পৰীক্ষাৰ সময়। উপস্থিত বুদ্ধিৰ সময়। এতিয়া যাদু কৰিব লাগিব। যাদুকৰি সকলো অসুবিধাকে সুবিধালৈ ৰূপান্তৰ কৰিব লাগিব। কৰিবই লাগিব। আৰু যাদুকৰ হ’ব লাগিব তেওঁ। প্ৰিজাইডিং বিষয়াজন। মানে চৌধুৰী।
“সকলো লাগি যাওঁক, ৰৈ নাথাকিব। বেঞ্চ-ডেস্কবোৰ চপাই-কোচাই ঠেংবোৰ চুট্লীৰে বান্ধি লওঁক। চাওঁ,ধৰক এই টেবুলখন। হ'ব,ৰাখক। আচ্ছা, মই এতিয়া বেলট–কাগজবোৰ চহী কৰোঁ, ডিষ্টিংগুইচিং মাৰ্ক মাৰো আৰু খাম-চামবোৰ থিক-থাক কৰোঁ। আপোনালোকে কাইলৈৰ বাবে ভোটিং-কম্পাৰ্টমেন্টটো ৰেডি কৰক। পাৰিলে দুবাল্টিমান পানী, ঝাৰ দুটামান আৰু পানী বটল দুটামানো যোগাৰ কৰক....অ’ ৰ'ব, দুৱৰা আহকচোন মোৰ ওচৰলৈ, আপুনি এটা কাম কৰক। এই বেলট পেপাৰবোৰৰ পিছফালে এই ডিষ্টিংগুইচিং মাৰ্কটো মাৰক। চাব আক’, সোঁফালে ওপৰতহে, অইনত নহয়...”-চৌধুৰীৰ মুখ-হাত সমানেই চলিল। নচলিলে নহ'ব। দায়িত্ব আছে তেওঁৰ। তেওঁ যে প্ৰিজাইডিং বিষয়া।
সূৰয চৌধুৰী, সূৰয চৌধুৰী, সূৰয চৌধুৰী... ধাম-ধুম চহী কৰি গৈছে তেওঁ।ৰ’বলৈ যে সময় একেবাৰেই নাই। বহুত চহী কৰিব লাগিব। নাই [ ৭৭ ] নাই বুলিও, কমেও সাতত্ৰিশ শ। ধেমালি কথা!
নিৰ্বাচনবোৰ নোহোৱা হ'লে কিহৰ গৰজত মাৰি ফুৰিলেহেঁতেন তেওঁ ইমানবোৰ চহী। দুই-এটা চহী কৰি অৱশ্যে তেওঁৰ বেয়া নালাগে। নিজৰ চহীটো কৰাৰ আনন্দ-তৃপ্তিয়েই সুকীয়া। নতুন কলম এটা কিনিও মানুহে কাগজ এখিলাত সৰ্ব–প্ৰথমে নিজৰ চহীটোৱেই মাৰি চায়। চৌধুৰীয়েও মাৰি চায়। ভাল লাগে তেওঁৰ এই চহীটো কৰি। আৰু এটা চহী কৰি তেওঁ বৰ আনন্দ পায়, দৰ্মহাটো বেঙ্কত সোমোৱাৰ পিছত একুইটেন্সত কৰা চহীটো। আস! কি চহী!
কিন্তু এই বেলটৰ চহীবোৰ! ভাল নালাগে। আমনি লাগে। হাতখন টনটনাই যায়, আঙুলিবোৰ জঠৰ হৈ যায়। মাজে মাজে তেওঁ কলমটো থৈ হাতদুখন বহলকৈ মেলি দিয়ে, আঙুলিবোৰ টানি ফুটাই দিয়ে, ডিঙিটো ইফালে-সিফালে কৰি অলপ ব্যায়াম কৰে আৰু হামি এটাও মাৰে। একাপ চাহ পোৱা হ’লে!
“কিমান হৈছেগৈ, দুৱৰা?”
“ৰব, সাত-শ, ও ও ও অ’... সাতশ চ–ল্লি-চ খন, অ’ ইয়েচ, হয়। আপোনাৰ?”
চৌধুৰীৰ কিমান হ'ব আৰু, এই ধৰক, পাঁচশ-বিশ-পচিশখন...।
কিমান বাজিলে। সাত! অ’ এনেকৈ হ'লে দেখোন তেওঁৰ বাৰ বাজি যাব। মৰি যাব তেওঁ। কাইলৈ ভোটাৰে তেওঁৰ কলখোৱা ধাতু বাহিৰ কৰি দিব। শুনামতে, ভোটাৰবোৰে হেনো ইয়াত ৰাতিপুৱা চাৰে-পাঁচ বজাৰ পৰাই শাৰী পাতে। ৰাতি হৈ গলেও গুচি নাযায়। যেনেকৈয়ে নহওঁক, ভোট দি হে যাব। ভোট নাকচেই হওঁক বা বাকচেই হওঁক, ভোট কিন্তু দিবই। মাৰ্ক–কপিত সিহঁতৰ নামটো আণ্ডাৰলাইনড্ হ’বই লাগিব। আঙুলিত ইনডেলিবল ইঙ্কৰ চিন লাগিবই লাগিব। নহ'লে হেনো সিহঁতৰ নাগৰিকত্বই নাথাকিব।
হাঃ, কি কাৰবাৰ! ক’ৰ মানুহ এইবোৰ? কি মানুহ? বাংলাদেশী নেকি?
নাই, নাই। বাংলাদেশী হ’বই নোৱাৰে। ভাৰতীয় মানুহেই এইবোৰ। সিদিনা ধুবুৰীৰ নিৰ্বাচনী সভা এখনত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, “আমাৰ ইয়াত কোনো বাংলাদেশী নাই। আমি স–বে-ই ভাৰতীয়। মিছা ক’লে কিডাল হব? ইয়াত সকলোৱে ভোট দিবলৈ পাব। পাবই লাগিব। ডেট ইজ অল্চ’ এন ইম্পৰটেণ্ট পইণ্ট......।” [ ৭৮ ]
এৰা, এইসকলহে প্ৰকৃত ভাৰতীয়। ভোটাধিকাৰৰ প্ৰতি সদা-সজাগ, সদা-সচেতন। আমাৰ অসমীয়াখিনিৰ নিচিনা উদাসীন নহয়। আমাৰ মানুহখিনি কেনেকুৱা, শাৰীত দুঘণ্টা ৰ’বলৈকে ধৈৰ্য্য নাই। কাম, দায়িত্ব, লেঠা! যেন তেওঁ এক মিনিট আতৰি থাকিলেই তেওঁৰ ঘৰ গুচি বাঁহতল হ’ব। ভোটটোনো কি কথা? আছে নহয় বাকীবোৰ। দিব। হ’ব। আমাৰনো কি, ইয়াতে মাটিত গজা মানুহ। বিদেশী বুলিতো কোনেও নাভাৱে। চেহেৰা দেখিলেই জানিব যে আমি ইয়াৰে মানুহ। ক’ৰো বিদেশৰ পৰা ভগনীয়া হৈ অহা নাই নহয়। চেহেৰাৰ উপৰিও আমাৰ উপাধীবোৰতো আছেই। গতিকে ক’ত হেৰাব আমাৰ নাগৰিকত্ব? তাৰ পিছতো কোনোবাই কিবা ক’বলৈ আহকচোন, ঘুচিয়াই দাঁত-মুখ ভাঙি দিম, চিনি পোৱা নাই। কি আল্টু-ফাল্টু কথা ক’বলৈ আহাহে? মানুহ চিনি নোপোৱা? ক’ৰপৰা আহিছাহে তুমি? ক’ত ঘৰ তোমাৰ? কি নাম?
কোনেনো বাৰু কদো বাহক জোকাই ল’ব? মুখখনৰ লগতে দাঁতকেইটাও মানুহৰ অতি প্ৰিয় সম্পদ। অনাহতক কোনেনো এইহেন অমূল্য সম্পদকেইটা হেৰুৱাবলৈ বিচাৰিব? গতিকে ভয় নাই। কোনো ভয় নাই। থাকা ঘৰতে ফষ্টি মাৰি। ভোট দিয়াই দি থাকিব, ৰজা হোৱাই হৈ থাকিব। আমাৰনো কি? নহয় জানো?
থিক সাতমান বজাত ছেত্ৰীয়ে ফোন কৰিলে, “কাম কিমান আগবাঢ়িছে?
কিমান আগবাঢ়িব আৰু! টাৰ্গেট পূৰা কৰিবলৈ হ'লে ৰাতি ১ বাজি যাবলৈয়ো আছে। ইফালে উঠিব লাগিব ৰাতিপুৱা ৪টাতে। টোপনিতো পূৰা নহ'লেও পিছদিনা গোটেই দিনটো কানীয়া কানীয়া লাগি থাকিব। ইফালে কামৰ হেঁচাতো পূৰা হ'ব। ভোটিং শেষ হোৱাৰ পিছতো ভোটিং মেটেৰিয়েলচ্ৰ লগতে বেডিং-পত্ৰখিনিও কঢ়িওৱা, বাচত তোলা, আকৌ নমোৱা, ৰিচেপ্শ্যন কাউণ্টাৰত হেঁচা-থেলাৰ মাজত মেটেৰিয়েলচ্ জমা দিয়া, কাউণ্টাৰৰ ওষ্টাড(!!) কেইজনৰ ওজৰ-আপত্তিৰ নিষ্পত্তি কৰা, আকৌ বেডিং-পত্ৰখিনি বাচলৈ কঢ়িওৱা। উসঃ কি শাস্তি।
আশংকা কৰাটোৱেই হ'ল। মুঠ বাইশ শ মান বেলটত চহী কৰোতেই ৰাতি ডেৰ বাজিল। দুৱৰাৰতো কথাই নাই, চৌধুৰীৰেই চকু টানি আনিবলৈ ধৰিলে। নাই, নাই, নোৱাৰি আৰু। শোৱাহে কথা। ইপিনে, ভাতৰ ভাগৰটোতো গ’লেই। টোপনি যে আহিব মনে নধৰে। এনেই পৰি থকাহে হ’ব। হ’ব আৰু।
[ ৭৯ ] উপায়তো নাই।
বাকী কেইজনে ভদ্ৰতাৰ খাতিৰত পাৰি থোৱা বিচনাখনতে পৰি দিলেগৈ তেওঁ।
“ছাৰ! ম'বাইলটোত এলাৰ্মটো দি থ’ব। কিবা কাৰণে মৰ-টোপনি আহিবলৈ হ'লে আৰু ৰাতিপুৱা ৭ বজাতহে সাৰ পাব লাগিলে কাইলৈ মৰিব লাগিব। ভোটাৰে শুদাই নেৰিব।”
হয়ো কথাটো। দুৱৰাই সজ কথাকে কৈছে।
চৌধুৰীয়ে ম'বাইলটো উলিয়াই ল'লে। এলাৰ্ম টাইমটো চে‘ট কৰিলে ৰাতিপুৱা ৪-৩০ ত।
“দৰৱাজা খুলিয়ে, ক্যা কৰ ৰহে’ হে?”
“কৌন হে’?”
“হাম, চিকিওৰিটি”
অগত্যা, চৌধুৰী উঠি গ’ল। উপায়তো নাই। দৰ্জা খুলিলে। চাৰিজনমান চি-আৰ-পিৰ জোৱান সোমাই আহিল।
“চৱ ঠিক হ্যে’?”
সকলো ঠিকেই আছিল তেওঁলোক অহাৰ আগলৈকে। টোপনি ধৰিছিল, শুবলৈ লৈছিল। এই ঠাণ্ডাত কাপোৰৰ তলৰ পৰা ওলাই আহিবলগীয়া হৈছে। অসুবিধা এইটোৱেই আৰু। অন্য অসুবিধা বৰ্তমানলৈকে হোৱা নাই। কিন্তু, ক’বতো নোৱাৰি সঁচা কথাটো তেওঁলোকৰ আগত। অসুবিধা এতিয়ালৈকে হোৱা নাই ঠিকেই, কিন্তু এই মুহূৰ্ততে হৈ যাব পাৰে। গতিকে চৌধুৰীয়ে হাঁহিমুখেৰেই ধন্যবাদ দি তেওঁলোকক বিদায় দিলে। শুব লাগে। বহুত দেৰি হ’ল।
কিন্তু, কি শুব আৰু! ক’ৰ জানো কুকুৰ এটা আহি অথনিৰে পৰাই ওচৰতে ভূকিয়েই আছে, ভূকিয়েই আছে, ভূকিয়েই আছে, নন্ ষ্টপ!
ক’ত বা কি দেখিছে সেই কুত্তা কা বাচ্চাই! হয়তো স্কুলখনৰ ভিতৰত তেওঁলোকৰ উপস্থিতিৰ উমান পাই সি কিবা বিপদৰ আশংকাত এনেদৰে গৃহস্থক সজাগ কৰি দিছে।
“হুঃ বিপদ আমাৰ পৰাহে হ'বনে? মানুহ চিনি নাপাৱ, চালা কুকুৰৰ জাত!” চৌধুৰীৰ মানে খঙেই উঠি আহিল।
[ ৮০ ]
আচ্ছা, যিয়েই হওঁক, শুব লাগে। চৌধুৰীয়ে চকু মুদি একৰ পৰা এশলৈকে মনতে আওঁৰাবলৈ ধৰিলে। টোপনি আনিবৰ বাবে তেওঁৰ এটা নিজস্ব উপায়। এক, দুই, তিনি, চাৰি.....।
হঠাৎ এটা শ্ৰুতিকটু শব্দই যেন তেওঁৰ কাণ ফালি দিলে। কোনোবা এজন সতীৰ্থৰ প্ৰাকৃতিক গেছ নিস্কাষনৰ শব্দ! গোন্ধটো তেওঁৰ নাকত লগাহি নাছিল যদিও তেওঁৰ মুখত থু ওলাই গ'ল। কম্বলৰ তলৰ পৰা মুখখন উলিয়াই তেওঁ থুখিনি পেলাই দিলে। ছিঃ। আৰু ঠিক তেতিয়াই তেওঁ লক্ষ্য কৰিলে, কোনোবা এজন সতীৰ্থৰ নাকৰ পৰা এক বীভৎস শব্দও বাহিৰ হৈ আছে। কি মস্কিল! হয়তো অথনিৰে পৰাই নাকৰ শব্দটো হৈয়েই আছিল। তেওঁ মনহে কৰা নাছিল।
এনেয়ে ঠাণ্ডা, তাতে টোপনি অহা নাই। চৌধুৰীৰ এইবাৰ লাগিল প্ৰস্বাৱ কৰিব। ইমানেই জোৰকৈ লাগিল যে তেওঁ উঠি যাবলৈ বাধ্য হৈ গ’ল। হাতত টৰ্চটো লৈ তেওঁ বাহিৰলৈ ওলাই গ'ল। উপায় নাই।
কিন্তু, ই কি?
জোনাক। সুন্দৰ জোনাক! স্কুলখনৰ সমুখৰ সুবৃহৎ ফিল্ডখনত যেন জোনাকৰ মেলা বহিছে। দুৰৈত সেইয়া কুঁৱলী নে পোহৰ? ফিল্ডখনৰ সিপাৰে ৰাস্তাটো, তাৰ সিপাৰে মানুহ কেইঘৰমানৰ বাৰীৰ তামোল, নাৰিকল গছ কেইজোপা বৰ ধুনীয়া দেখাইছে। এইফালে মুকলি পথাৰখন! দুৰৈত সৌটো পাহাৰ নহয়নে? নগা পাহাৰ? হ'ব পাৰে। হ’ব পাৰে নহয়, হয়েই।
চৌধুৰীৰ মনটো ভাল লাগি গ'ল। তেওঁ যেন আজি প্ৰথমবাৰৰ বাবে দেখিলে জোনাক। যেন তেওঁ আজিহে আৱিষ্কাৰ কৰিলে জোনাকৰ সৌন্দৰ্য্য, জোনাকৰ মায়া, জোনাকৰ বৰ্ণনাতীত আকৰ্ষণ। সঁচায়ে কি অপূৰ্ব, কি মাদকতাময় জোনাকৰ ৰূপ! জোনাকৰ এই ৰূপৰ মৰমতে চাগে কোনো কোনোৱে নিজৰ জীয়েকৰ নাম দিয়ে “জোন”, “জোনালী”, “ৰূপালী”, “স্নিগ্ধা”। ক’ত জানো তেওঁ নাম এটা এবাৰ পাইছিল “জোন জোনালী বৰুৱা”! কিমান মৰমত দিয়া নাম! তেওঁৰ মনত পৰি গল সেই তাহানিতে স্কুলত পঢ়া পদ্যটি,
“কোনেনো ৰূপালী ৰং দিছে চটিয়াই
সোণকণ (চৌধুৰী)ৰৈ আছে তধালাগি চাই,
ৰূপালী ঘৰৰ চাল, ৰূপালী কোমোৰা,
ৰূপেৰে বোৱাই দিছে কচুৱনি ডৰা।...
ঠিক কিমান সময় তেওঁ বাহিৰতে কটাই দিলে, তেওঁ খেয়ালেই কৰা নাছিল। হঠাৎ, দুৱৰাৰ মাতষাৰ শুনিহে তেওঁৰ সম্বিত ঘূৰি আহিল। প্ৰস্বাৱ কৰিবলৈকে উঠিছিল তেওঁ। তেওঁৰো টোপনি অহা নাছিল। হয়তো নাকৰ শব্দৰ বাবে, নহ'লে ভাতৰ ভাগৰটো গুচি যোৱা বাবে। নহ'লে, তেওঁৰ খং উঠিবও পাৰে কাৰণ যেতিয়া তেওঁলোক দুজনে চহী কৰা আৰু ষ্টাম্প মৰাৰ কামবোৰ কৰি আছিল তেতিয়া বাকি কেইজনে নাক বজাই শুই আছিল। ই কেনে ধৰণৰ টীম-ম্পিৰিট!
“বাহিৰত কি কৰি আছে ছাৰ? ঠাণ্ডা লগা নাই?”
লাগিছে। বহুত ঠাণ্ডা লাগিছে তেওঁৰ। কিন্তু লগতে যে তেওঁৰ বহুত ভালো লাগিছে। তেওঁৰ সমুখত এই মায়াভৰা জোনাক!
ধেমালি কথা? এনেকুৱা পৰিৱেশতেই মানুহ কবি হৈ পৰে। হৈ পৰে সুন্দৰৰ উপাসক, প্ৰকৃতি প্ৰেমী আৰু,... আৰু কত কি! অঞ্জু বৰা হোৱা হ'লেতো লিখিয়েই পেলালেহেঁতেন এটা সুন্দৰ কবিতা। কিন্তু চৌধুৰীয়ে নোৱাৰে কবিতা লিখিব। হাত নাই তেওঁৰ।
হঠাৎ তেওঁৰ ম'বাইলৰ ৰিংটনটো বাজি উঠিল। চৌধুৰী যেন উচপ খাই উঠিল।লগতে খং এটাও উঠি আহিল তেওঁৰ। কোনে বাৰু ফোন কৰিছে এই ৰাতিখন। খৰ খোজেৰে তেওঁ সোমাই আহিল ভিতৰলৈ। এক তীব্ৰ উষ্মাৰে ফোনটো ডাঙি ল’লে তেওঁ। যেন গালি দিব তেওঁ। সময় জ্ঞান নাই নেকি ইহঁতৰ? ইডিয়তসব ক'ৰবাৰ।
কিন্তু ই কি! ফোনটো কোনেও কৰা নাই। এইয়াযে তেওঁয়েই অথনি চে’ট কৰি থোৱা এলাৰ্মৰ ৰিংটন। হাঃ। উচপ খাই উঠিল তেওঁ। মানে, চাৰে-চাৰি বাজিলেই? তাৰমানে তেওঁ তেন্তে শোৱা নহ'লেই। হাঃ কি কথাটো হ’ল আজি! কাইলৈ গোটেই দিনটো তেওঁৰ কানীয়া কানীয়া লাগিয়েই থাকিব। কথাটো ভাৱি ভাৱি তেওঁৰ খং এটাহে উঠি আহিল।
ইচ্ ৰাম চোৱাচোন, কি মূৰ্খামীটো হ’ল! লৰা-লৰিৰ কোবত তেওঁ চাৰে-চাৰিৰ সলনি চাৰে-তিনিতে এলাৰ্মটো দি থ’লে নহয়। এনেকুৱা অঁকৰামীনো তেওঁ কৰিব লাগেনে বাৰু! এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু! [ ৮২ ] এইবাৰ তেওঁৰ মানে নিজৰ ওপৰতে খং এটা উঠি আহিল। হ’পলেচ ক'ৰবাৰ!
তেওঁ এইবাৰ বিচনাখনতে উঠি ল'লে। ম'বাইলটোত নতুনকৈ চাৰে-চাৰি বজাৰ সময়ত এলাৰ্মটো চে’ট কৰিলে আৰু শুই পৰিল। টোপনি আহিলেই হয় আৰু!
ঠিক চাৰে-চাৰি বজাৰ লগে লগে ম'বাইলৰ ৰিংট’নটো বাজি উঠিল। তেওঁৰ টোপনিটো চিলমিলকৈ অলপ আহিছিলহে। সাৰ পালেই নহয়। উঠিবতো লাগিবই। ইফালে, উঠিবৰ তেওঁৰ মনেই যোৱা নাছিল। টোপনিটো পূৰা হোৱাই নাছিল। কিন্তু হঠাৎ এটা কথা মনলৈ অহাত তেওঁ জাপ মাৰি উঠিল। বাহিৰ ফুৰিবলৈ যাব লাগিব হয় ওচৰৰ বাঁহনিখনলৈ নহয় ওচৰৰ পথাৰখনলৈ। এই শেষ ৰাতিখন বাঁহনিখনলৈ যোৱাৰ কথা তেওঁ নাভাৱিলে টেক্নিকেল কাৰণত। মানে ইয়াত টেক্নিকেল প্ৰব্লেম এটা আছে। নাজানি কিবা কাৰণে তেওঁ গৈ গৈ কেঁচা মৰিশালি এখনতে ওলালেগৈ কি হ’ব? ইমান দিনে গাই–বাই থকা চাৰ্বাক দৰ্শনৰ দাৰ্শনিক ব্যাখ্যাৰ শক্তি টিলিকতে কৰ্পূৰৰ দৰে উৰি যাব। তেওঁৰ বৈজ্ঞানিক মানসিকতা আৰু যুক্তিবাদী মনটোৱেও তেওঁক এনে ধৰণৰ “ৰিস্ক” ল’বলৈ অনুমতি নিদিলে। গতিকে, যাব লাগিব ওচৰৰ পথাৰখনলৈ। শুকান পথাৰ। মুকলি। তাতে পূৰ্ণিমাৰ ফৰিং ফুটা জোনাক। কুঁৱলীও বেছি নাই। গতিকে, কোন কেনি গৈছে, কিয় গৈছে, দূৰৰ পৰাই দেখা পোৱা যায়। (সেইয়া, গৈ আছে, গৈ আছে, গৈ আছে... অ... অ... বহিলে। এহঃ ছাৰ বৰ ওচৰতে বহিলে!) কিন্তু কি কৰিব তেওঁ? উপায়তো নাই। গতিকে পানীৰ বটল এটাকে লৈ তেওঁ আগবাঢ়িল। তেওঁ ভাৱিলে,বাকী সকল উঠাৰ আগতেই তেওঁ বাহিৰ ফুৰিবলৈ যাব লাগিব। নহ'লে জোনৰ কম পোহৰত ভালকৈ নেদেখি লোকৰ “হেৰি”তে ভৰি দিবলৈ হ'লে, হলেই আৰু! ইফালে, পানীৰ নামত সেই এবটলেই আৰু। সাফৰ নথকা বটলটো কিবা কাৰণত কাতি হৈ পানীখিনি পৰি যাব লাগিলে, হ'লেই আৰু। ইয়াৰ পিছৰ খিনি ভাৱিবলৈকে তেওঁৰ ভয় লাগিল। কাৰণ, মুখ-হাত ধোৱাৰ কথা বাৰু বাদেই দিলে তেওঁ, কিন্তু “হেৰি”টোতো ধুবলৈ পাবই লাগিব। নহয় জানো? এট এনি কষ্ট্ ধুবলৈ পাবই লাগিব। গতিকে সাৱধান হ’ল তেওঁ।
বাহিৰ ফুৰি অহাৰ পিছতে তেওঁ লাগি গ'ল নিজৰ বেডিং-পত্ৰখিনি বান্ধি-কুন্ধি বেগটোত ভৰোৱাত। লগে লগে বাকী সকলকো তেওঁ জগুৱাই [ ৮৩ ] দিলে। নিজৰ নিজৰ বেডিং-পত্ৰখিনি সামৰিবলৈ ক'লে আৰু অইনলৈ বাট নাচাই বাকী থকা বেলট-পেপাৰখিনিত চহী কৰিবলৈ লাগি গ'ল। পোহৰ যিহেতু নাছিল গতিকে তেওঁ বেটাৰী-লাইটটোকে অন কৰি ল'লে। ঠিক ছয় মান বজালৈকে তেওঁ কমেও দুশ বেলট পেপাৰ চহী কৰিব পাৰিলে। বহুত কৰিলে তেওঁ। যথেষ্ট কৰিলে আৰু!
পলিং এজেন্টখিনিতো ছয় বজাত আহি যাব লাগিছিল।
কিন্তু নাই, দেখা-দেখি নাই এটাৰো। ইপিনে, বেলট বাকচটোও সাজু কৰিব লাগিছিল। পলিং এজেণ্টৰ নিযুক্তি-পত্ৰখিনিও সাজু কৰি লৈ ল’ব লাগিছিল। পলিং এজেন্ট বহা বেঞ্চ-ডেস্ক কেইখনো সাজুকৰি ৰাখিব লাগিছিল। কিন্তু, বেটাহঁতৰ দেখা-দেখিয়েই নাই। ইফালে, ফোন কৰিয়েই মাতি আনিবলৈকো নে’ট-ওৱৰ্কৰ খেলিমেলি। নে’ট-ওৱৰ্কটো কোন সময়ত থাকে, কোন সময়ত নাথাকে একো ঠিক নাই। কৰা এতিয়া কি কৰা!
অসুবিধাতো থাকিবই। ইমান সুবিধানো ক’ত পাব? অসুবিধাবোৰক সুবিধালৈ ৰূপান্তৰ কৰি ল'ব লাগিব। তাকে কৰিবলৈ হ'লে যাদু কৰিব লাগিব তেওঁ। যাদু কৰিবই লাগিব। অগত্যা, তাকে কৰিবলৈ সাজু হ’ল তেওঁ।
বাহিৰত বহুত মানুহৰ মাত কথা, হুলস্থুল শুনি তেওঁ বাহিৰলৈ ওলাই আহিল।
বাপ্ৰে! চাৰে-ছয় বাজোতেই ইমানখিনি মানুহ। পৰুৱাৰ দৰেই দীঘ শাৰী! এনেকৈ হ'লে ৰাতি হৈ যাবলৈকো আছে।
ধেমালি কথা নহয়। ন শ আঠত্ৰিশজন ভোটাৰ। গাইপতি চাৰিখনকৈ বেলটত ভোট দিওঁতেতো সময় লাগিবই। আকৌ ভোট দিব নজনা, লোকৰ হৈ লোকে ভোট দিয়াৰ বাদ-বিবাদৰ তদন্ত, প্ৰত্যাহ্বানৰ ভোট, কোনোবা নহয় কোনোবা এখন বেলট পেপাৰ আকৌ বেলট-বাকচত নুসুমুৱাকৈয়ে হাততে লৈ যাবলৈ বিচৰা ভোটাৰৰ সমস্যা, কোনোবা দলৰ বা প্ৰাৰ্থীৰ সমৰ্থকে ভোট-কেন্দ্ৰতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচৰা, বিৰোধী দলৰ সমৰ্থকে আকৌ তাৰ ওপৰতে প্ৰতিবাদ কৰিবলৈ আহি পৰিস্থিতিৰ অধিক অৱনতি কৰিবলৈ বিচৰা..... এইবোৰতো আছেই, থাকিবই। আজিলৈকে যিমানবোৰ নিৰ্বাচনত প্ৰিজাইডিংগিৰি কৰিলে তেওঁ, সকলোতে কিবা নহয় কিবা এটা সমস্যা ওলাবই। এইবোৰলৈ ভয় কৰিলে, কেয়াৰ কৰিলে নহ'ব। এইবোৰ [ ৮৪ ] পৰিস্থিতিয়েই হৈছে তেওঁৰ ধৈৰ্য্য আৰু বুদ্ধিৰ পৰীক্ষাৰ সময়। এই পৰীক্ষাবোৰত অৱতীৰ্ণ হ'ব লাগিব তেওঁ। উত্তীৰ্ণও হ’ব লাগিব। ভয় খালে বা নাৰ্ভাচ হ’লে নহ’ব। আৰু নাৰ্ভাচ হোৱাও নাই বাৰু আজিলৈকে তেওঁ।
যুদ্ধৰ সেনাপতিৰ দৰেই তেওঁ লাগি গ'ল।
পেপাৰ-চীল ৰেডি কৰিলে। তাৰ তলত ডাঠ কাগজ এখন লগালে। এড্ৰেচ-টেগ্টো ভৰাই দিলে। “বাকচ এক্দম খালী আছে। সকলোৱে দেখিলে নহয়?” তাৰ পিছত হেণ্ডেলডাল পকাই বাকচটো বন্ধ কৰি দিলে। ৰক্ষা!
এতিয়া আহিব লাগে। লাইন পাতি এজন এজনকৈ আঁহক। অযথা ঠেলা–ঠেলি নকৰিব।
ঠিক লগে লগেই আহিল কন্ট্ৰল ৰূমৰ পৰা ফোন, “কাম আৰম্ভ হৈছে নহয়?”
হৈছে। নহ’ব কিয়? প্ৰিজাইডিং অফিচাৰ কোন? চৌধুৰীহে। কি বুলি ভাৱা?
ঠিকেই চলিছে। কোনো গণ্ডগোল নাই। সকলো শাৰীপাতি আহি আছে। এজন পুৰুষ আৰু এগৰাকী মহিলা। বেলট পেপাৰ চাৰিখনকৈ লৈ আছে। দুটাকৈ ভোটিং কম্পাৰ্টমেণ্টত ভোট দি আছে। বাকচত বেলট পেপাৰ ভৰাই আছে। তথাপিও বেলট বাকচৰ ওপৰত চকু ৰাখিবৰ বাবে চৌধুৰীয়ে গাওঁ-ৰক্ষী বাহিনীৰ সম্পাদকজনক নিযুক্ত কৰিলে। ভালেই পালে তেওঁ। গুৰুত্ব পোৱা যেন পালে। নিযুক্তি পোৱাৰ লগে-লগেই বৰ আন্তৰিকতাৰে লাগি গ'ল তেওঁ। এনেকুৱা মানুহহে লাগে।
“ছাৰ, ছাৰ... এই মানুহটোৰ ভোটটো অথনি মাইকী মানুহ এজনীয়ে দি গ’ল। এতিয়া এওঁ দিবলৈ নাপায়।”
“কিয় নাপাম? পাবই লাগিব। কি কথা ক'বলৈ আহিছাহে।”
“ৰ’বচোন ৰ’ব। আপোনাৰ কে’চটো কি?” চৌধুৰীয়ে হস্তক্ষেপ কৰিলে।
“এ, ছাৰ মানে, মোৰ ভোটটো হেনো বেলেগ কোনোবাইহে দি গ'ল। এইটো কেনেকৈ হ'ব? ইহঁতে মানুহ চিনি নাপায় নেকি? মোৰ ভোট মোৰ কথা। মই দিবলৈ পাবই লাগিব। লাগিলে আপুনি টেণ্ডাৰ ভোটৰে ব্যৱস্থা কৰি দিয়ক।”
“এ, ৰ’বচোন। টেণ্ডাৰ ভোটৰ কাৰবাৰটো এনেকুৱা নহয় নহয়। মই [ ৮৫ ] কৰি দিম। পাছত আপুনিহে ফচিব। (চৌধুৰীয়ে তেওঁৰহে অসুবিধা হ’ব বুলিনো কেনেকৈ কয়?) আচ্ছা, হেৰি নহয়, আপোনাৰনো নামটো কি আছিল?”
“ৰাধিকা, ৰাধিকা কুৰ্মী।” বেচ গৰ্বেৰেই কলে তেওঁ। যেন তেওঁৰ নামটো নাজানি আৰু এনেকৈ সুধি তেওঁ এটা ভুলেই কৰিলে। বেটাৰ ডেমাকী চোৱা!
চৌধুৰীয়ে বৰ কষ্ট কৰি হাঁহিটো সম্বৰণ কৰিলে। “নামো আৰু নাপালা বোপাই! এনেকুৱা উভয়–লিঙ্গ নামত খেলিমেলি লাগিবই।” যোৱাবাৰো তেনেকৈ অৱনী নে ৰঞ্জুমণি নামৰ কোনোবা এজন ডেকা ল'ৰা আহিও টেণ্ডাৰ ভোটৰ বাবে হাল্লা লগাইছিলহি। পিছত যেনিবা বুজাই বঢ়াই ঘূৰাই পঠিওৱা হ’ল। এবাৰ হেনো কোনোবা আদিবাসীৰ গাওঁ এখনত গগৈদাৰ সাংঘাতিক অসুবিধা হৈছিল। নামবোৰ হেনো এনেকুৱাই “পাজল্” লগা যে প্ৰায়েই তেওঁৰ হঁহা–কন্দাৰ অৱস্থা। মেখ্লা, তৰ্বী, গুগু, কানিয়া, শুকানী, লখা, মৈদা, কঠাল, চেঙেলী, হুদু....। এইবোৰ মানুহেইনে জন্তুৱেই, মতাইনে মাইকীয়েই একো ধৰিব নোৱাৰি। স্থানীয় পোলিং এজেন্টৰে খেলিমেলি লাগি যায়। বাকীবোৰ কোন? কিন্তু মানিব নেকি সিহঁতে? “আমাৰ ঠাইলৈকে আহি আমাৰে নাম চিনি নাপাৱ। পানীত নামিও ঘৰিয়ালৰ লগত যুদ্ধ কৰিবলৈ আহ। ইমান সাহ তহঁতৰ। মানুহ চিনি নাপাৱ। চিনাই দিম বাপ্পেকে......।”
চৌধুৰীয়ে এঙামুৰী এটা দিলে। উসঃ নোৱাৰি দেই। আমনি লাগি যায়। চাহ একাপ পোৱা হ'লে!
চৌধুৰী উঠি গ’ল। প্ৰস্বাৱ কৰিব লাগিছিল তেওঁৰ। ভৰি-হাত কেইটাও জঠৰ লাগিছিল।
হাঃ ইমান দীঘল শাৰীনে? এনেকৈ মানুহ আহিবলৈ ল’লে দেখোন তেওঁলোকৰ আজি খোৱা-বোৱাও নহ’বগৈ। ভোকত মৰিব লাগিব। কি যে অসুবিধা!
যিমানেই অসুবিধা হওঁক লাগিলে এই নিৰ্বাচনবোৰৰ এটা নিজস্ব ঢং আছে। ভোটিং চলি থকালৈকে প্ৰিজাইডিং বিষয়াজনৰ বিৰাট বাহাদুৰী থাকে। বিৰাট বিৰাট পুলিচ বিষয়াইয়ো সমীহ কৰি থাকে। কিবা অসুবিধা পালে পুলিচ- বিষয়াকো দম্ দিব পাৰি। কিন্তু, যেই ভোটিং শেষ হ’ল আৰু বেলট বাকচ বন্ধ কৰিলে, তেতিয়া..... ভাং কুটা মাৰি! চিকিওৰিটিৰ পৰা আৰম্ভ কৰি [ ৮৬ ] কন্ট্ৰলৰূমৰ ৰিচেপ্চনিষ্টলৈকে সকলোৰে দাদাগিৰি আৰম্ভ হৈ যায়।
“চলৌ, চলৌ... ডেৰ মত্ কৰৌ....। য়াহা বহুত খত্ৰা হায়...”
লাগিলে আপোনাৰ কাগজ-পত্ৰখিনি চিজিল কৰিবলৈ থাকিয়েই যাওক। ৰিচেপ্চন কাউণ্টাৰত গৈ থৈ কোনোবা ফৰ্থ-গ্ৰেডৰ মানুহৰে দম্ খাবলগীয়া হওক, “ইমান সৰু কথাটোকে ভুল কৰিব লাগেনে? বেলট-পেপাৰ একাউণ্টখিনি গোটেই ভুল। খাই দিব দেই আপুনি!”
“কেলে কি হ’লনো? মইতো......”
“চাওঁ চাওঁ, দিয়ক, ট্ৰেইনিং নল’লে নেকি?”
“কথা শুনা এইকেইটাৰ। জীৱনত কেতিয়াবা প্ৰিজাইডিং অফিচাৰ হৈ পাইছেনে ইহঁত? নে ভৱিষ্যতে কেতিয়াবা পাব? যোগ্য ব্যক্তিৰ অভাৱত ৰিচেপ্চন কাউণ্টাৰত বহুৱাই থৈছে ইহঁতক। তাকে পাই ক’ব নোৱাৰা হৈছে ইহঁত। ট্ৰেইনিং নল’লো নেকি? সোঁহ। কিমান দেৰিনো দাদাগিৰি খটুৱাবলৈ পাবি? ৰাতি গভীৰ হৈ আহিলে, টোপনিয়ে চকু টানি আনিলে বাধ্য হৈ নিজেই ঠিক ঠাক কৰি ল’বি।” অৱশ্যে ভৱা কথা মনতে থাকিল তেওঁৰ। নক'লে। লাভ নাই। হ’লে লোকচানহে হ’ব। অযথা তৰ্কা–তৰ্কি হ’ব। পৰিস্থিতি বেয়াহে হ’ব।
“কি হ’ল চৌধুৰী? হোৱা নাই?”
“হৈছে। আপোনাৰ?”
“মোৰতো কেতিয়াবাই হ’ল। সাত বজাতে।”
“তেন্তে ইমান দেৰি কি কৰি আছে? বাৰইতো বাজিল।”
“এ, কি ক’ব, এই যতীনটোৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে। সিও এটা মস্ত অভং নহয় জানো, লগালে চাগে ক'ৰবাত খেলিমেলি (কথাষাৰ চৌধুৰীৰ গাতে লগা যেন লাগিল। তেওঁতো ইমান বুৰ্বক নহয় দিয়কচোন যে কাট্ মৰা কথা–বাৰ্তাবোৰ বুজি নাপাব।) বেচেৰাক এৰি থৈয়ো যাব নোৱাৰা হ’লো। মহা দিগ্দাৰ বুইছেনে?”
“চাওঁ, এইফালে আহঁক।”-হঠাৎ কাউন্টাৰৰ পৰা অহা চিঞৰটো শুনি চৌধুৰী আগবাঢ়ি গ’ল। কাকতিক তাতে এৰিলে।
“চাওঁ, ইয়াত চহী কৰক, হ’ব, খানা খাই লওঁকগৈ, ৰিলিজ লেটাৰ নোলোৱাকৈ গুচি নাযাব।” [ ৮৭ ]
কেনো ধৰণৰ ভদ্ৰতা, সৌজন্যতা প্ৰকাশ নকৰাকৈ চৌধুৰী আগবাঢ়িল ডাইনিং ৰূমলৈ।
“খোৱাই নাই?”-হঠাৎ ছেত্ৰীৰ প্ৰশ্ন। কাৰোবাৰ হল্ড-অল এটাৰ ওপৰতে বহি আছিল তেওঁ।
“নাই, খাওঁগৈহে। আপুনি?”
“খালো। ৰিলিজ লেটাৰখনলৈ ৰৈ আছো। খাই লওঁক যাওঁক, একেলগেই যামগৈ।”
কি খাবা আৰু! ঠাণ্ডা! সেৰসেৰীয়া। মাছৰ নামত যি টুকুৰা দিছে, ঘৰত হোৱা হলে তেওঁ মেকুৰীজনীকে দি দিলেহেঁতেন। কিন্তু ইয়াততো এইবোৰ কৰিব নোৱাৰি। খালে খোৱা, নাখালে উঠি যোৱা। চাফা কথা। গতিকে যি পাৰে তেওঁ মুখত ভৰালে, চপক চপককৈ চোবালে আৰু গিলি থলে।
খাই আহিয়েই পুনৰ ৰিচেপ্চন কাউণ্টাৰ।
“হ’লনে?”
“হৈছে, ৰব।”
ৰৈ আছে আৰু তেওঁ। ইপিনে গৈ আছে ঘড়ীৰ কাটা। মানে সময়।
ঠিক পোন্ধৰ মিনিটৰ পিছত চৌধুৰীৰ চকুত পৰিল ৰিচেপ্চনিষ্টজনৰ মুখৰ এটা ভদ্ৰতাৰ হাঁহি।
“আহঁক, দৰ্কাৰ হ’লে কাউণ্টিঙৰ দিনা মাতিব। আহিব লাগিব।”
একো নামাতিলে চৌধুৰীয়ে। ৰিলিজ লেটাৰখন লৈ তেওঁ আগবাঢ়িল ছেত্ৰীৰ ওচৰলৈ।
“এটা কাম কৰক, মোৰ বেগটোও আপুনি কান্ধত লৈ লওঁক। দুফালে দুটা বেগ হলে বেলেঞ্চ হ’ব। নিবলৈ ভাল পাব। পাৰিবনে?” (মানে বাইক ছেত্ৰীয়ে চলাব)
“পাৰিম। কিয় নোৱাৰিম?”
পিছে, যিহে ৰাস্তা! ভগা চিগা। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আছে স্পীড্ ব্ৰেকাৰবোৰ। প্ৰতিটো বেগত প্ৰায় ত্ৰিশ কেজিকৈ হ'লেও কমেও ষাঠী কেজি ওজনে তেওঁৰ কান্ধৰ সাৰ সিকতি নাইকিয়া কৰি পেলালে। প্ৰতিটো ঠেকেচাতে তেওঁৰ কান্ধ দুটা চিগি যাব যেন লাগিল। প্ৰিজাইডিংগিৰিৰ গধুৰ বোজাই তেওঁৰ কান্ধ একেবাৰে ভাঙি দিছিল। লাহে লাহে তেওঁৰ এনে [ ৮৮ ] লাগিল যেন তেওঁক কিহবাই বৰ জোৰেৰে তললৈ টানি নি আছে, নি আছে, নি আছে....।
তাৰ পিছত কি হৈছিল তেওঁৰ একো মনত নাই।
আৰু এতিয়া তেওঁ সাৰ পাই নিজকে আৱিস্কাৰ কৰিছে ছেত্ৰীৰ কোৱাৰ্টাৰত। এতিয়াহে তেওঁ জানিব পাৰিছে কেনেকৈ তেওঁ কালি মৰিবলৈকে ওলাইছিল হেনো। ভাগ্য ভাল আছিল ছেত্ৰী, চৌধুৰী যে নমৰিল।
“মই নমৰাত আপোনাৰ ভাগ্য ভাল হ’ল কেনেকৈ?” - চৌধুৰীয়ে জানি বুজিও এনেয়ে সুধিব লাগে বাবেই যেন সুধিলে।
“কথা ক'বলৈ আহে, মোৰ কোৱাৰ্টাৰত আপোনাৰ কিবা এটা হ'ব লাগিলে পুলিচ কে’চ নহ'ব? গোটেই ৰাইজ আহি মোক বেঢ়ি নধৰিব? আৰু আপোনাৰ মানুহজনীয়ে ঘৰত আপোনাক যিমানেই নগুৰ-নাকতি কৰক লাগিলে তথাপিও ইনচাফ্ বিচাৰি হাল্লা নলগাব? তেতিয়া?”
ছেত্ৰীয়ে কোৱা মতে, ৰাতি আহি থাকোতে তেওঁ কিবা কিবি কৈ আহিছিল যদিও চৌধুৰীৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। সঁহাৰি দিব পৰা অৱস্থাত চাগে নাছিলেই তেওঁ।
এঘাৰ কিল'মিটাৰ আহি আহি তেওঁলোক যেতিয়া ছেত্ৰীৰ কোৱাৰ্টাৰৰ সমুখত ৰ’লহি চৌধুৰীৰ নমাৰ কোনো লক্ষণ নাছিল।
“নামক আক’, কি কৰি আছে” - ছেত্ৰীয়ে হেনো চিঞৰি কৈছিল। তেওঁৰো আমনি, বিৰক্তি, খং, টোপনি, অৱসাদ।
“এই, নামক্ না।”
কিন্তু নাই, নানামে তেওঁ।
হঠাৎ কিবা এটা অনুমান কৰি ছেত্ৰীয়ে বাইকখন ষ্টেণ্ড কৰি বৰ সাৱধানেৰে সোঁ-ভৰিটো পাৰ কৰি নামি ল'লে।
“আৰে কি হ’ল আক’ এওঁৰ? সৰ্বনাশ।”
চৌধুৰীৰ হেনো জিভা ওলাই গৈছিল, চকু ডাঙৰ হৈ গৈছিল। অন্য মানুহ হোৱা হ'লে তেওঁক দেখিয়েই নাৰ্ভাচ কৰিলেহেঁতেন। কিন্তু ছেত্ৰী ইমান সহজে ভয় খোৱা মানুহ নহয়। সাহস আছে। নেপালী মানুহযে। উপস্থিত বুদ্ধি খটুৱাই তেওঁ লৰালৰিকৈ চৌধুৰীৰ কান্ধৰ বেগ দুটা নমালে, চকুৰ পতা দুখন জপাই দিলে আৰু ধৰি ধৰি কোৱাৰ্টাৰলৈ লৈ গ'ল। আন্ধাৰে মুধাৰে তেওঁ [ ৮৯ ] আন্দাজতে দুৱাৰৰ চাবি খুলিলে আৰু যেনে তেনে তেওঁক চোঁচৰাই কৰি নি বিচনাত শুৱাই দিলে। আন্দাজতে লাইটৰ চুইচত হাত দিলে। কাৰেণ্ট নাই। খং এটা উঠি আহিল তেওঁৰ। ম'বাইলৰ লাইটটো জ্বলাই লৈ তেওঁ বেগ দুটা ভিতৰলৈ আনিলে, বাইকখন সুমুৱালে আৰু লেম্পটো জ্বলাবলৈ বিচাৰিলে। লেম্পটো ঠিক জ্বলাই অতাইছে আৰু তেনেতে আহিল কাৰেণ্টটো।
তেওঁ চৌধুৰীৰ জোতাযোৰ খুলি দিলে, চকুৱে-মুখে অলপ পানী মাৰি দিলে আৰু কেইবা বাৰো মাতিলে। নাকৰ আগত আঙুলি দি চালে। উশাহ লৈ আছে। ঠিকেই আছে। নাই মৰা। মানে ছেত্ৰীও নমৰে। দুইটা বাচিব।
“মই ক’ত আছো?”
“মোৰ কোৱাৰ্টাৰত আছে।”
“আপুনি কোন?”
উৱা, কি কয় এওঁ! মৰিলে দেখোন ছেত্ৰী!
তাৰ পিছত হেনো তেওঁৰ মাত বোল নাই। টোপনি। টোপনি মানে একেবাৰে ঢেলপঙা দিলে।
আৰু এতিয়া সাৰ পাইছে পুৱা সাত বজাত। তথাপিও চৌধুৰীৰ উঠিবলৈ মন যোৱা নাই। কান্ধ দুটাত অসহ্য বিষ।
ছেত্ৰী অৱশ্যে উঠিল, পতঞ্জলিৰ চাহ দুকাপ বাকিলে আৰু আগফালৰ টেবুললৈকে লৈ আহিল। এপাকত চৌধুৰীও জাপ মাৰি উঠিল আৰু চাহ-বিস্কুট হাতত তুলি ললে। খালে। পৰম তৃপ্তিৰে খালে তেওঁ। বৰ সুন্দৰ চাহ বনায় দেই ছেত্ৰীয়ে।
চাহ খায়েই চৌধুৰী যাবলৈ ওলাল। ওলাল মানে একেবাৰে জপনা মুখ পালেগৈ।
“আপোনাৰ বেগটো?”
“নাই নাই নিনিও সেইডাল। পিছত আপুনিয়েই ৰিক্সা এখনত পঠিয়াই দিব। মই যাওঁ।”
ছেত্ৰীও চোতাললৈকে ওলাই আহিল।
“কালি কেই বজাত পালেহি?”-হঠাৎ পুৰুষোত্তম বৰফুকন ডাঙৰীয়াৰ মাতষাৰ তেওঁলোকৰ কাণত পৰিলহি।
“এক বাজিল”- ছেত্ৰীয়ে সবিনয়ে ক'লে। “আপুনি?”
“মই সাত বজাতে পালোহি।” - যথেষ্ট গৌৰৱ আৰু অহংবোধেৰে ক’লে মহাশয়ে। লগতে প্ৰকাশ পালে তেওঁৰ মুখত এটি বিদ্ৰুপাত্মক হাঁহি। [ ৯০ ] ( চালা ইডিয়ট কেইটা ক’ৰবাৰ। )
“অ’ আপোনাৰ নামটো এনাউন্স কৰি আছিল। আপুনি ৰিলিজ নোলোৱাকৈয়ে আহিল চাগে...” - ছেত্ৰীয়ে আশ্বৰ্য্য প্ৰকাশ কৰিলে। ঠিক তেনেতে অন্দৰ মহলৰ পৰা অহা এটা মৌ-বৰষা আহ্বানৰ প্ৰতি সহাৰি জনাই মহাশয় ভিতৰলৈ সোমাই গ'ল।
( বাচি গল তেওঁ )
“ৱেল-ডান, ৱেল-ডান! বঢ়িয়া দিলে কিন্তু দেই....। আপোনাক মানিছো আৰু....”- চৌধুৰীয়ে উভতি ছেত্ৰীলৈ চাই হাঁহিলে।
“নহয় মানে, আপুনি চাওঁক, আপুনি সাত বজাতেই আহক বা বাৰ বজাতেই আহক শেষত গৈ থৈতো জ্ঞানজ্যোতি জুনিয়ৰ কলেজেই আপোনাৰ শেষ ঠিকনা, নহয় জানো? গতিকে কি এইবোৰ অযথা ডাউন দিয়া-দিয়ি, মিছামিছি কাৰবাৰ, নে মই মিছা কৈছো?”
ৰচনা কালঃ জানুৱাৰী, ২০১৩
( বিশ্বস্ত সহকৰ্মী, বন্ধুবৰ শ্ৰী প্ৰহ্লাদ ছেত্ৰীৰ জন্ম দিনৰ উপহাৰ হিচাপে এই গল্পটি আগবঢ়ালো। )
-মন্টু কুমাৰ বৰঠাকুৰ
০০০০০০০০০০
০০০০০০০০০০
মাধ্যাকৰ্ষণ
এই টেক্সীষ্টেণ্ডটো!
বিভিন্ন মডেলৰ, বিভিন্ন নামৰ এই সৰু সৰু গাড়ীবোৰ!
আৰু যাত্ৰীৰ অপেক্ষাত ৰৈ থকা এই সৰু সৰু ড্ৰাইভাৰ ল’ৰাবোৰ!
কোনোবাই হয়তো গাড়ীৰ গাতে ভেজা দি মানুহক পৰীক্ষা কৰে, ভাড়া লাগিব নেকি। আন কোনোবাই হয়তো বে-পৰোৱা হৈ গাড়ীৰ ভিতৰতে বহি লগৰে দুই-চাৰিটা গোটাই তাচ খেলে।
যাঃ কাৰোবাক গাড়ী লাগিলে আহিবই। কি দৰ্কাৰ মাতি আনিবলৈ?
মাতি আনিলে ভাড়াৰ দাম-দৰ কৰিবলৈ বেয়াহে হয়। ইয়াৰে সুবিধা লৈ কিছুমানে আক’ একেবাৰে অদ্ভুত ধৰণৰ ভাড়া একোটা আগবঢ়ায়। তেলৰ দামটোৱেই নোলোৱা হয়। ইপিনে গাড়ীখনৰ মেনটেইনেন্সৰ খৰচ-পাতিবোৰতো থাকেই। আকৌ নিজৰ দৈনিক হাজিৰাটো।
কিন্তু নুবুজে মানুহবোৰে।
এইটোয়েইতো ইহঁতৰ জীৱিকা!
কিমানে কিমান কথা কয় এই ড্ৰাইভাৰ ল’ৰাবোৰৰ বিষয়ে।
প্ৰায়বোৰেই দিয়ে একোটা নিগেটিভ মন্তব্য।
জীয়ৰী-বোৱাৰীয়ে গোটাব নোৱাৰে এই গাড়ীবোৰত অকলে যোৱাৰ সাহস।
আনকি বহুতো মতামানুহেও দুবাৰ চিন্তা কৰে এই গাড়ীবোৰত অকলে ক’ৰবালৈ যাবলৈ।
ক’ত বা নিজান ঠাইত গাড়ী ৰখাই লুটি নিয়ে টকা-পইচা, ম’বাইল ফোন!
যদি কোনো লোকে নতুনকৈ গাড়ী কিনে তেন্তে শুভাকাংক্ষীসকলে কয়, “ড্ৰাইভিং নিজে শিকি লওঁক। এই ড্ৰাইভাৰবোৰৰ হাতত গাড়ীখন এৰি নিদিব। ইহঁতৰ একো বিশ্বাস নাই.......”
অলপ দিনৰ আগতে খবৰ কাগজত পালো বিদেশী পৰ্য্যটকক গাড়ী [ ৯২ ] ঠেলিবলৈ লগাই সেই পৰ্য্য়টকৰ বস্তুবাহানি লৈ ড্ৰাইভাৰ উধাও। আন এবাৰ খবৰ এটা পালো যে এক বিশেষ ড্ৰাইভাৰে চলাবলৈ লোৱা প্ৰতিখন গাড়ীয়েই চুৰি হয়।
কাকতালীয়? হয়তো হ’বও পাৰে।
কিন্তু বিশ্বাস কৰিবই বা কোনে?
কৰিবই বা কিয়?
বেয়া লাগে।
এনেবোৰ খবৰ চকুত পৰিলে, কাণত পৰিলে সঁচাই বেয়া লাগে।
মনত পৰে দুৰ্গেশ্বৰ বৰঠাকুৰদেৱৰ “জীৱন ড্ৰাইভাৰ”লৈ, যিখন নাটকে “ভাই-ভাই” নামেৰে কথাছবি হিচাপে দৰ্শকৰ মনত সাঁচ বহুৱাব পাৰিছিল। আকৌ, যেতিয়া দেখো আমাৰে বহুতো ভাই-ভতিজা, ভাগিন বন্ধুৱে জীৱন আৰু জীৱিকাৰ তাড়নাত ৰাস্তালৈ ওলাই গৈছে একোখন সৰু গাড়ী লৈ। ভাড়া মাৰিবৰ বাবে। তেতিয়াতো নিশ্চয় ওলত-পালত হৈ যায় আমাৰ চিন্তা-ভাৱনা। আমিতো তেতিয়া লওঁ এই ড্ৰাইভাৰ ল'ৰাবোৰৰ পক্ষ! বৰং তেতিয়া ভাড়াতীয়াবোৰহে হৈ পৰে আমাৰ বাবে ভয়, সন্দেহ আৰু আশংকাৰ উৎস! কেনেকুৱা বা ভাৰতীয়া? গাড়ীখন ভাড়ালৈ নি ক’ত বা কি ৰূপ ধাৰণ কৰে? গাড়ীয়েই কাঢ়ি লৈ যায় নে ল’ৰাটোকেই মাৰি পেলায়? ভয় লাগে। ব-হু-ত ভয় লাগে।
এতিয়া আমাৰ ধনেই! খুড়াই পোৱা ৰিটায়াৰমেণ্ট-বেনিফিটৰ টকাৰে তাক কিনি দিছে এখন মাৰুতি ভান। জীৱিকাৰ পথত নিতৌ দৌৰিব লাগিছে। তাৰ সেই সৰু গাড়ীখন।
নিচাও লাগিছে তাৰ গাড়ী চলাই।
ডেকা ল’ৰা। এনেয়ো গাড়ী-বাইক দৌৰাই ভাল পায়। তাতে একেবাৰে নতুন গাড়ী পাইছে। লাগে আৰু কি তাক!
পুৱাই গা-পা ধুই, পূজা-পাতল কৰি উলিয়াই নিয়ে সি গাড়ীখন।
ভাল ভাড়া দুই-এটা পালেই হয়। ক’তো জেঙত নফচিলেই হয়! বিশেষকৈ পুলিচৰ!
ইপিনে ঘৰত খুড়াৰ চিন্তাত তত্ নাথাকে। ক’ত বা গৈছে, কেনেকুৱা বা পেচেঞ্জাৰ পাইছে?
[ ৯৩ ]
যদি কোনো অসৎ মানুহে গাড়ীখন ভাড়াত নিছে?
যদি, যদি, যদি.........।
তেওঁৰ চিন্তা বাঢ়ি যায়। অদৰ্কাৰী কথা একোটা উলিয়াই লৈ হ'লেও তালৈ ফোন একোটা কৰে। সি বিৰক্তি পায়। ভোৰভোৰায়। খুড়াই কিন্তু বেয়া নাপায়। সি ভোৰেইভোৰাওঁক বা গালিয়েই পাৰি আহক, কিন্তু তাৰ মাতষাৰতো শুনিবলৈ পায়। সেইয়াই বহুত। হওঁক তেও, সি ভালেই আছে।
হাজাৰ হওঁক, দেউতাক যে!
ৰাতিপুৱা সি ঘৰৰ পৰা ওলালেই তেওঁৰ হাজাৰটা আদেশ, নিৰ্দেশ, উপদেশ।
“ম’বাইল অন কৰি ৰাখিবি। বেছি দূৰৰ ভাড়া নল’বি। অলপ সন্দেহ হ’লেই ভাড়াত নাযাবি.....”
কেতিয়াবা টি.ভি. ত গাৰ নোম সিঁয়ৰি উঠা খবৰ একোটা পাওঁ।
ড্ৰাইভাৰক বাটতে হত্যা কৰি গাড়ী লৈ পেচেঞ্জাৰ উধাও। উত্তেজনাত খুড়াৰ গা কপি উঠে। লগে লগে হাতত তুলি লয় ম'বাইলটো।
“ক'ত আছ?”
“কি হ’লনো?”
“একো হোৱা নাই। এনেয়ে খবৰ লৈছো।”
বিৰক্তিত তাৰ মাত কপি যায়। কেতিয়াবা কিবা দৰ্কাৰি কথাতো খুড়ায়ে ফোন কৰিলে সি নধৰা হয়। ইপিনে টেন্চন বাঢ়ি যায় খুড়াৰ। কি বা হ’ল তাৰ? ফোন যে ৰিচিভ কৰা নাই।
দৌৰি আহি তেওঁ মোৰ ওচৰ পায়হি।
“অ’ মনোজ! আমাৰ ধনলৈ ফোন এটা মাৰ চোন। মই মাৰিছিলো, ৰিচিভেই নকৰিলে সি। কি বা হৈছে তাৰ?”
কিনো কম! ভদ্ৰতাৰ খাতিৰতে ধনলৈ বুলি ফোনটো লগাওঁ। সি “কি হ’ল?” বুলি সুধিলে বজাৰৰ পৰা কিবা এটা বস্তুকে আনিবলৈ কওঁ। নহ'লে সি কি বুলি ভাৱিব।
বাটে-পথে মাৰুতি-ভান দেখিলেই ড্ৰাইভিং চিটৰ ফালে চাওঁ।
সকলো ড্ৰাইভাৰ লৰাকে আমাৰ ধন যেন লাগে।
একেই ডেকা ল'ৰা, একেই গাড়ী, একেই একোটা আশা, একেই [ ৯৪ ] উপাৰ্জনৰ পথ! ইহঁতৰ বিষয়ে কোনো কথা বেয়াকৈ ভাৱিবলৈ মোৰ মন নাযায়। নোৱাৰিও।
ড্ৰাইভাৰ হ'ম বুলি কেতিয়াবা ভাৱিছিলনে ইহঁতে?
আমিহে ইহঁতক নাম ধৰি মাতো, পেচেঞ্জাৰেতো ইহঁতক “অই ড্ৰাইভাৰ” বুলিয়েই মাতে। এইখন লেবেল ইহঁতৰ কপালত বৰ কপ্কপিয়াকৈ লগোৱা থাকে। গাড়ী এৰি কেতিয়াবা ক'ৰবালৈ ফুৰিবলৈ গলেও বাটে-পথে হঠাৎ কোনো চিনাকি পেচেঞ্জাৰে লগ পালে “অ’ ড্ৰাইভাৰ” বুলিয়েই মাতি দিয়ে।
এইবোৰ কথাত ইহঁতে বেয়া পালে নহ'ব। আৰু নাপায়ো।
অন্ততঃ মোৰ এনে যেনেই লাগে। মানে, মই এনেকৈয়ে ভাৱো।
যিবোৰ মানুহে এই ড্ৰাইভাৰ ল'ৰাবোৰক “ড্ৰাইভাৰ” বুলি এখন লেবেল মাৰি দিয়ে, দুৰ্ঘটনা এটা হ'লেই “ড্ৰাইভাৰ পলাবলৈ পালে কেনেকৈ?” বুলি তৰ্জন-গৰ্জন কৰে, ড্ৰাইভাৰক গুৰুলা-গুৰুলকৈ পিটাৰ কথা কয়, সেইসকলক দেখিলেই মোৰ অন্তৰাত্মাই আৰ্তনাদ কৰি উঠে। যেন ধনকে পিটিছে কোনোবাই। গুৰুলা-গুৰুলকৈ।
“কেনে পাইছ গাড়ী চলাই?”
সিদিনা সন্ধিয়া সি আমাৰ ঘৰলৈ আহোঁতে তাক সুধিছিলো। এনেয়ে। কিবা এটাতো সুধিব লাগে, ঘৰলৈ কোনোবা আহিলে। আৰু ধনকনো অন্য কথা সুধিবলৈ আছেনো কিটো?
“বেয়া নহয়। দোকান এখন দি বোন্দাপৰ দি বহি থকাতকৈ ভাল। বহুতেই ভাল।”
মোৰ অলপ হাঁহি উঠিছিল। মই জানিছিলো সি তাৰ পেহীয়েকৰ ল'ৰা সৌৰভৰ কথাই ক’ব বিচাৰিছে।
সৌৰভেও চান্স পালেই আক’ ড্ৰাইভাৰবোৰৰ বদনাম গায়। ড্ৰাইভাৰবোৰক হেনো বিশ্বাস কৰিব নোৱাৰি।
“খালি ৰিস্কৰ কাম আৰু”
“ৰিস্কতো থাকিবই। জীৱনটোৱেই এটা চেলেঞ্জ নহয়জানো? চেলেঞ্জ মীট কৰাটোহে আচল কথা।”
ই দেখোন একেবাৰে ডাঙৰ দাৰ্শনিকৰ দৰে কথা কৈছে। আচৰিত।
নাহাঁহি নোৱাৰিলো মই।
[ ৯৫ ]
লগে লগে চকুৰ আগত ভাঁহি উঠিল এখন সৰু গাড়ী।
সমুখত এটা দীঘল পথ - জীৱনৰ, উপাৰ্জনৰ, আশাৰ...।
ড্ৰাইভিং চিটত এটা ডেকা ল'ৰা।
সেইটো আমাৰ ধন নহয়তো?
আমাৰ মানত সিতো এটা সৰু ল’ৰায়েই। নিয়ম মতে পঢ়া-শুনা কৰি থকা হ'লে এতিয়া সি ডিগ্ৰী চেকেণ্ড ইয়েৰ মানত পঢ়ি থাকিলেহেঁতেন। কিন্তু নাই, নপঢ়িলে। খালি বাইক লৈ ঘূৰা-ফুৰা। ধিতিঙালি। গাত কথা নলগা বিধৰ।
কেতিয়াবাতো মোৰ তাক এটা মুৰ্খ যেনেই লাগে।
ভদ্ৰতাৰ খাতিৰত নকওঁ আৰু তাক তেনেকৈ।
অৱশ্যে টেক্নিকেল প্ৰব্লেম এটা নথকাও নহয়।
মানে, কোন মুহূৰ্তত তাৰ গাড়ীখন লাগি যায় ঠিক নাই নহয়। জোকাইনো লওঁ কিয় তাক?
ইপিনে খুড়ীৰো অঁকৰামী কথা! আজিকালি বোলে পঢ়া-শুনাৰ কোনো কামেই নাই। বেপাৰ বাণিজ্য কৰিলেহে উন্নতি হয়। এটাই মাত্ৰ ল’ৰা খুড়ীৰ। তাৰ জীৱনটো হেনো তেওঁ অন্ধকাৰ কৰিব নোৱাৰে। কৰা এতিয়া কি কৰা!
মইতো একো মাত মাতিবই নোৱাৰো। ভাল ভাৱতে কিবা এটা ক'লেও খুড়ীয়ে মুখপাতি ধৰে, “থ থ মনোজ, তয়েনো পঢ়া-শুনা কৰি কি...ই..ই...তো কৰিছ? আজিলৈকে ভাল চাকৰি এটাকে গোটাব নোৱাৰিলি। ভেঞ্চাৰ কলেজখনতহে সোমাই আছ! সেইখনো কেতিয়া হ'বগৈ কি ঠিক! কেইটানো পইচা পাৱ? নিজৰ ভৰিত থিয় দিবি কেতিয়া, বিয়া বাৰু পাতিবিনো কেতিয়া, সেইবোৰ চিন্তা কৰ, ধনৰ কথা ভাৱিনো মৰিছ কেলৈ?.........”
খুড়ীৰ ডায়েলগ্টো সম্পূৰ্ণকৈ শুনাৰ ধৈৰ্য্য আৰু মানসিক প্ৰস্তুতি মোৰ নথকা হৈ আহে। কথা এষাৰ কোৱাৰতো কথাই নাই, আনকি তেওঁৰ ওচৰত ৰৈ থকাৰ সাহস-শক্তিকনো মই হেৰুৱাই পেলাওঁ।
গতিকে, মোৰ পৰৱৰ্তী পদক্ষেপ হয় অধোমুখে পলায়ন।
নহ'লে কৰিম কি? খুড়ীৰ যিখনহে মুখ!
তেওঁৰ ওচৰত মোৰ মাৰ্কচিট-চাৰ্টিফিকেটবোৰৰ কোনো মূল্যই নাই। এইবোৰ হেনো ডাষ্টবিনলৈ দলিয়াই দিয়াৰহে উপযুক্ত। কথাৰ লগেলগে আক’ তেওঁ মুখখন বেকা কৰি মৰা ঠাট্টাভৰা বিকৃত হাঁহিটো!
[ ৯৬ ]
নাই নাই, নোৱাৰি সহ্য কৰিব।
ইপিনে, মায়ে গম পালে কি হ’বতো জানোৱেই। মাও খাৰাংখাচ মানুহ। কৈ দিব কিবা-কিবি। অযথা পৰিস্থিতি বেয়া হ'ব। কিয়নো লওঁ ৰিস্কটো!
পিছে, এতিয়া খুড়ী নাই।
মানে, এই মায়াৰ পৃথিৱী ত্যাগ কৰি তেওঁ সিপুৰীলৈ গতি কৰিছে।
আজি তিনিবছৰেই হ’ল।
ধনক অৱশ্যে তেওঁ দি গৈছে আশীৰ্বাদ।
ড্ৰাইভাৰ হোৱাৰ আশীৰ্বাদ! এক সফল ড্ৰাইভাৰ!
আৰু, মাকৰ আশীৰ্বাদতো অথলে যাব নোৱাৰে। গতিকে কৃতজ্ঞতাৰ চিৰ স্বৰূপে ধনে গাড়ীখনৰ নাম্বাৰ প্লেটত লিখি ৰাখিছে মাকৰ নাম!
ধন্য হ’ল খুড়ীৰ জীৱন। ধন্য হ’ল তেওঁৰ মৰণো।
এতিয়া আছে মাথো খুড়া আৰু ধন।
ধনে চলাইছে মাৰুতি ভানখন, খুড়াই পাইছে পেঞ্চন।
পইচা-পাতিৰ আকালো নাই, ভড়ালো নাই। বঢ়িয়া চলি আছে খুড়াৰ ঘৰ-সংসাৰ।
অৱশ্যে অসুবিধা এটা হৈছে। মোৰ মায়েও কৈছে কথাটো সিদিনা ঘৰত।
মানে, ৰন্ধা-বঢ়াৰ অসুবিধা অলপ হৈছে।
খুড়াই ৰান্ধিলে ধনে ভাল নাপায়, ধনে ৰন্ধা ভাল নাপায় খুড়ায়ে। তেওঁৰ মানে জ্বলা সহ্য নহয়।
গতিকে, খুড়াই হেনো বেলেগ এটা কথাহে চিন্তা কৰিছে। মোৰ মাৰ আগতো কৈছে কথাটো।
“বেলেগ কথা মানে?”
ক’বতো নোৱাৰি। মানুহৰ মন! কেতিয়া কি বা ভাৱ-চিন্তা আহে! বুঢ়া বুলিতো নিজকে কোনেও সাধাৰণতে নাভাৱে। ডেকা বুলিয়েইতো ভাৱি থাকে।
মানুহ কাক কয়।
পিছে নহয়। মই সন্দেহ কৰা ধৰণৰ কথা নহয়। খুৰাই হেনো ভাৱিছে ধনৰ বিয়াৰ কথাহে। মানে বোৱাৰী এজনী!
ভাৱিবই। ল’ৰা ডেকা হৈছে। উপাৰ্জন কৰিছে। ঘৰখন নচলা হৈছে। মতামানুহ দুয়োটা কেনিবা ওলাই গ'লেই ঘৰখন খালী। উভতি আহি তলা[ ৯৭ ] বন্ধ দুৱাৰখন খুলিব লাগে। মাত এষাৰ মাতিবলৈ,কথা এষাৰ ক’বলৈ, শুনিবলৈ ঘৰখনত মানুহ এজনী নাই। মৰমৰ মাত এষাৰ, মিঠা মাত এষাৰ, কোমল মাত এষাৰ শুনিবলৈ খুড়াই যেন আকৌ হাহাকাৰ কৰি উঠিল! গতিকে তেওঁক লাগে এতিয়া মাথো এজনী বোৱাৰী। লখিমী বোৱাৰী!
ধনক অৱশ্যে নালাগে হেনো। সঁচা?
মাহেকত মোটামোটি বিশহাজাৰ টকা উপাৰ্জন কৰা, মাক, আবিৱৈ বায়েক আদি ঘৰত নথকা, স্বাস্থ্যবান, বিশ-বাইশ বছৰীয়া ডেকাল’ৰা এটাৰ বাবে ছোৱালী এজনীৰ ইমান মহাৰ্ঘ হোৱা নাই আজিৰ যুগত। বৰ বেছি পঢ়া-শুনা কৰা ছোৱালী নহ'লেও হ'ব। খালি ধুনীয়া হ’ব লাগে, মানে সহজে চকুত পৰা হ'ব লাগে। ইন্টেলেক্চুৱেল বিউটীতো নালাগে। কি কৰিবগৈ হাইফাই ইন্টেলেক্চুৱেল এজনীয়ে আমাৰ ধনৰ লগত?
“ই...ই...ইস, তেনেকুৱা কোনো কথা নাই দেই। কেলেই বিপুলৰ ভনীয়েকে কি কৰিলে? নিজৰ ঘৰৰে ড্ৰাইভাৰটোৰ লগতে পলাই যোৱা নাই? ছোৱালীবোৰৰ মানে পঢ়া-শুনা যিমানেই থাকক, এই প্ৰেম-পিৰিতিৰ কথাবোৰত সিহঁত একেবাৰে বুৰ্বকৰ ঘোঁৰা হৈ যায়। মানে, গাধ। বুজিলি?”
“বুজিলো, কিন্তু প্ৰেম-পিৰিতিৰ ক্ষেত্ৰতহে। এইবোৰ ঘৰুৱাভাৱে ঠিক কৰা বিয়া বাৰুত সব চায়, সব বিচাৰে।”
এদিন এইবোৰ কথাকে লৈ এখুন্দা লাগিলো আমাৰ মাহীৰ ল'ৰা জিতুৰ লগত। এনেয়ে। তাৰ লগত যুক্তি-তৰ্ক কৰি জিকিলেও লাভ নাই, হাৰিলেও নাই লোকচান। তথাপি কেতিয়াবা কামবন নাথাকিলে তাৰ লগতেই কেৰম খেলো। লগে লগে চলাই যাওঁ মুখ। নিৰ্দিষ্ট কোনো বিষয় নহ'লেও হয়। কিবা কিবি বিষয় এটাতো ওলায়েই। বচ্, চলি যায় আমাৰ বাকযুদ্ধ।
পিছে এই যুদ্ধবোৰত জিকে সদায় সিহে। সি মানে সেই স্কুলত থাকোতে তাহানিতেই পঢ়া অলিভাৰ গল্ডচ্স্মিথৰ “ভিলেজ স্কুলমাষ্টাৰ” টোৰ নিচিনা। হাৰিলেও হাৰ নামানে। আঁচৰিত!
আৰু তাৰ লগতেই এদিন আলোচনা কৰি আছিলো আমাৰ ধনৰ বাবে ছোৱালী এজনীৰ বিষয়টো।
পাবনে ই ভাল ছোৱালী এজনী? ভাল মানে, মই ঘৰধৰা ছোৱালী এজনীৰ কথাহে কৈছিলো। চেম্পো কৰা চুলিৰ ঢৌ তুলি, লিপষ্টিক লৈ [ ৯৮ ] কাণত ম'বাইলটো লগাই ঘূৰি ফুৰা ছোৱালীৰ কথা কোৱা নাই। এনেকুৱা ছোৱালীৰ কি মাক মৰিছে!
পালে। যেনেকুৱা ছোৱালী এজনী খুড়াইয়ে বিচাৰিছিল, যেনেকুৱা এজনী ছোৱালী ধনৰ কাৰণে উপযুক্ত, ঠিক তেনেকুৱা এজনী ছোৱালীৰে সন্ধান লাভ কৰিলে তেওঁ এজন ঘটকৰ জৰিয়তে।
ছোৱালী যেনে, মিতিৰৰ ঘৰো তেনেই। মুঠ এঘাৰটা ল'ৰা-ছোৱালীৰ মাজত দেউতাকৰ নয়নৰ মণি! ককায়েকহঁতৰ মৰমৰ পুতলা নাম চুনু। ভাল নাম চুম্কী।
সীমাহীন মৰম, আদৰ, সেৱা-শুশ্ৰষা, মিঠামাত, সময়ে সময়ে চাহ-ভাত আদিৰ অলেখ প্ৰতিশ্ৰুতি দি, লৈ চুমকীয়ে প্ৰৱেশ কৰিলে খুড়াৰ ঘৰত, বোৱাৰী হৈ, ধনৰ পত্নী হৈ।
আয়তীৰ উৰুলিৰ মাজতে, বিয়ানামৰ জাউৰিৰ মাজতে গাঁৱৰে নিৰুমাই নবৌৱে মোৰ মাক খোচ্ এটা মাৰিবলৈ নাপাহৰিলে।
“হেৰি নহয় নবৌ, আপোনালোকৰ মনোজৰ বিয়া-বাৰু নাপাতেনি? ধনৰ বিয়াৰ পিছত সি দেখোন বুঢ়াৰ শাৰীতে পৰিলগৈ। অৱশ্যে এতিয়াও সময় আছে। বিচাৰিলে পাব আৰু কোনোবা এজনী। এৰা পায়, তাৰো চাকৰিটো হৈ যোৱাহেঁতেনহে। নহ'লে আমাৰে হিৰণ্য মাহীৰ সৰু মাজু ছোৱালীজনী আছিলে। কেলেই, পদুমীকতো আপুনি দেখিছেই। অলপ ক’লীহে। গঢ়টো কিন্তু ভাল। তাতে স্কুল এখনতো সোমাই আছে। কিন্তু কথাটো উলিয়াও নো কেনেকৈ? মাহীৰ মুখখনতো আপুনি জানেই। সুধিব নহয় ল'ৰাই কি কৰে। ল’ৰাই ভেঞ্চাৰ কলেজৰহে প্ৰফেছাৰ বুলি কলে মোক বাৰু কি বুলিব, হয়?”
নিৰুমাই নবৌৰ খোচ্ মৰা কথাবোৰ শুনি মাৰো চাগে ধৈৰ্য্যচ্যুতি ঘটিছিল। মায়েও সমান উষ্মাৰেই নবৌৰ মুখতে যেন থেকেচি দিলে,“নালাগে, বুইছা নিৰু তুমি আমাৰ মনোজৰ বিয়াৰ কথা উলিয়াই তোমাৰ হিৰণ্য মাহীয়েৰাৰ মুখৰ গালিখিনি খাবলৈ। সি পুৰুষ মানুহ, কৰিব কিবা এটা জীৱনত। তাৰ কথা ভাৱি তোমাৰ প্ৰেচাৰটো উঠাই নল’বা। লোকৰ কথা ভাৱি ভাৱি প্ৰেচাৰ উঠি, ঈশ্বৰে নকৰক, তোমাৰ কিবা এটা হ’ব লাগিলে, তোমাৰ সেই সোণগুটি যেন ছোৱালীজনীক বিয়া বাৰু দিবলৈকে টান হ’ব।”
পিছদিনা মায়ে আমাৰ ঘৰত অলপ হাস্যৰসৰেই সৃষ্টি কৰিলেহি। মইতো [ ৯৯ ] দস্তুৰমত আচৰিত! মাৰ আজি হ’ল কি?
“নহয় অ’, কালি মানে এজনীক একেবাৰে জোকৰ মুখত চূণ দিয়াদি দিছো। মোৰ মানে মনটো ভালেই লাগি আছে।”
“মানে?”
“মানে আৰু কি কম, এই নিৰুমাইৰ মানে অন্য কথা নাই, খালি খোচ্ মৰা কথা আৰু লোকৰ বদনাম। মোৰ মানে এইবোৰ নিগেটিভ কথা একদম ভাল নালাগে। পালো নহয় কালি চান্সটো।”
“চান্সটো?”- মই একো বুজিব পৰা নাছিলো। মাকতো ইমান টেঙৰ যেন নালাগে। দেখাততো একেবাৰে আঁজলী। সেই তাহানিতে চোৱা “আঁজলী নবৌ” ৰ ৰূপ। কিন্তু এতিয়া কি শুনিছো মই?
“এহ্ নহয় অ’,কালি মানে বিয়াৰ ঘৰতে নিৰুমায়ে মোৰ আগত তোৰ বিয়া বাৰুৰ কথা উলিয়াই ডাউন দিব আহিছিল। মইয়ো দিলো নহয় কৈ খেচ্ খেচ্। বোলো হেৰি নহয়....”
অ’,কথা তেন্তে সেইটোহে।
এই মাইকী মানুহবোৰৰ যে কথা!
বিয়াৰ বাহিৰে জীৱনত অন্য কথা যেন নাই। অন্য চিন্তা কৰিবই নোৱাৰে ইহঁতে। মানে,নাজানে। দৈৱ-দূৰ্বিপাকত যদি কোনোবা এজনীৰ বিয়াখন হৈ গ’ল,দৰাটো যেনেকুৱাই হওক, ইহঁতৰ কথাৰ সুৰেই সলনি হৈ যায়। ইহঁত হৈ পৰে মহা ভাগ্যৱতী। নিজৰ কথা ভাৱিবলৈ, চিন্তা কৰিবলৈ ইহঁতৰ নোহোৱা হৈ যায়। তেতিয়া ইহঁতৰ চিন্তা হয় বিয়া নোহোৱাকৈ থকা দুৰ্ভগীয়া (!) সকলক লৈ, কাকনো কি কৰি দিব পাৰি।
অৱশ্যে, কথাৰ এই খোচা-বিন্ধাবোৰ মোৰ এক্দম ভাল নালাগে। সহ্যই নহয়। কিন্তু ধৰ্মসংকটত পৰিছো মাৰ মনৰ আনন্দ-তৃপ্তিটো দেখিহে। অৱশ্যে, মাৰ মতে এনেয়ে মানুহক বেয়া পোৱাব নাপায়। কিন্তু যি খোচ্ মৰা কথা কৈ আনৰ মনত দুখ দিয়ে চান্স পালে তাকো ঠিক্চে এখোচ মাৰিব লাগে। তেতিয়া পাপ নহয়।
অৱশ্যে, পাপ-পুণ্যৰ কথাবোৰ মই অলপ বেলেগ ধৰণেৰেহে বিশ্লেষণ কৰো। মাহঁতৰ নিচিনাকৈ নহয়। মই মানে ভদ্ৰতা, নম্ৰতা, শালীনতা, মানৱীয়তা আদিত হে গুৰুত্ব দিও। পাপ-পূণ্যত নহয়।
[ ১০০ ]
যিয়েই হওক, বিয়াখন হৈ গ'ল।
ৰভা-পৰলাও ভাগিল।
আলহী-অতিথিও গলগৈ।
বোৱাৰীৰ লগত পিছে মোৰহে দেখা-সাক্ষ্যাত নহ'ল।
বোৱাৰী কেনে বুলিতো চাবগৈ নোৱাৰি। তাতে ভাই বোৱাৰী।
বিয়াৰ দিনা ৰভাৰ তলতে বিজুলীৰ ৰেখাৰ দৰে চাৎকৈ অলপ দেখা যেন লাগিছিল। বচ্। সিমানেই।
হ’ব। ওচৰা ওচৰি ঘৰ। ভিতৰ বাহিৰ কৰোতে দেখিম কেতিয়াবা। যেনিবা দুদিন দেৰি হ’ব। সেইটোনো কি কথা।
তাতে মোৰ এটা টেক্নিকেল প্ৰব্লেমো আছে। মানে, মোৰ নিজ বিয়াখনৰ কথা কৈছো। মোৰ নিজৰ বুলি এগৰাকী থকা হ'লে এই জাতীয় সমস্যাবোৰৰ সন্মুখীন নোহোৱাকৈ থাকিব পাৰিলোহেঁতেন।
জীৱনত এই প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলো এটা ডাঙৰ অভাৱ। এগৰাকী পত্নীৰ অভাৱ। আগতে কথাটো ভাৱিবলৈকে নহ’ল, কেৱল চাকৰিটো নোহোৱাৰ বাবেই। এতিয়াও হোৱা নাই। কিন্তু বয়সতো ৰৈ নাথাকে।
সঁচাই, জীৱনত বিয়াখনৰ যথেষ্ট গুৰুত্ব আছে। সকলোতকৈ বেছি গুৰুত্ব আছে এগৰাকী মন-পচন্দৰ পত্নীৰ। যাক কয় মনোমত পত্নী। ক’ত বা আছে তেওঁ? কেতিয়া বা পাম লগ? মোৰ ইমান যুক্তিবাদী মনটোও মাজে মাজে হৈ পৰে অন্ধবিশ্বাসী, মাজে মাজে বিদ্ৰোহী! নিজেইনো ঠিক কৰি নাৰাখিলো কিয় এজনী?
কাম নাই, কাম নাই। মোৰ নিচিনা মানুহৰ সঁচায়েই কাম নাই। হ’পলেচ।
কি কৰি পাৰ কৰিলো বাৰু যৌৱনটো! বেকাৰ নষ্ট কৰিলো দেই।
মাজে মাজে কোনো কোনো অলস মুহূৰ্তত অৱশ্যে পদুমীৰ কথাটোও মোৰ মনলৈ নহা নহয়। ছোৱালী বুলি ক'লে মনটো এনেয়ে দুৰ্বল হৈ পৰে। ওঁঠৰ কোণত হাঁহি এটা ওলমি ৰয়। নিজৰ অলক্ষিতেই ওলাই আহিব খোজে এটা গানৰ কলি। নাইবা, এটা সুৰ।
কোননো হিৰণ্যমাহীৰ সেই সৰু-মাজু ছোৱালীজনী, নাম যাৰ পদুমী!
পদুমী! নামটো অলপ আধুনিক হ'ব লাগিছিল। নাম নাপালে আৰু?
এইটো নাম বৰ ৰোমান্টিক নহয় যেন লাগে।
[ ১০১ ]
বাৰু হ’ব। নামাতিলেই হ’ল সেইটো নামেৰে। মানুহজনী ৰোমান্টিক হলেই হ’ল। অৱশ্যে মোৰ লগতহে দেই। আনৰ লগত ৰোমাণ্টিক হলে নহ’ব। বিয়া পাতি অনাৰ পিছত কাইলৈ আনৰ লগত ৰোমাণ্টিকতা কৰিবলৈ গলে কোনেনো সহ্য কৰিব বাৰু! আৰু কৰবাত আগতে কিবা কিবি কৰি আহিলেও নহ'ব। মানে, একেবাৰে তুমি মোৰ মাথো মোৰ।
আক’ বোলে অলপ ক’লীও।
এইটো কথাহে বৰ ভাল নালাগিল। অৱশ্যে ভাল ভাৱ থাকিলে মানুহে আনক ক’লা বুলি নকয়। মিঠা বৰণৰ বুলিহে কয়। অৱশ্যে নিৰুমাই নবৌয়ে সকলোকে ক’লাই দেখে। কিজানি ইমান ক’লী নহয়েই।
গঢ়টোতো অৱশ্যে ভাল বুলিয়েই কৈছে। গঢ়তো ভাল হ'লে ৰং টোনো কি কথা? মেক-আপতো কৰিবই।
শৰৎদাই আক’ কয় এই গঢ়, এই ৰং এইবোৰ সব অদৰ্কাৰি কথা। আচল কথা হ’ল সহযোগিতা। হাচবেণ্ডৰ লগত প্ৰতিটো কথাতে সহযোগিতা কৰাজনীয়েই ভাল পত্নী। তোমাৰ লগত কথাইপতি ফেপেৰি পাতি ধৰা জনী বিশ্বসুন্দৰী হ'লেও তোমাৰ শান্তি নাই। দেখিছো নহয় কিমানে উপায় নাপাই মদতে ডুবি ডুবি মৰিছে। নহ'লে কৰিব কি? কাজিয়া কৰিবলৈ গ'লে নিজৰেই মান-সম্মান যায়।
আচ্ছা, পদুমীয়েও আগলৈ মোৰ লগত কাজিয়া কৰিব নেকি বাৰু? মোৰতো চাকৰিটো হোৱাই নাই। পইচা-পাতিৰ অসুবিধা অলপতো থাকিবই। যদি.....।
“শুলি নেকি? এ আহ, চাহ খাই ল হি। অথনিৰ পৰা মাতি আছো। শুনা নাই?”
কি? মাতি আছিল মায়ে! শুনা নাছিলো মই।
আৰে, কি হৈছে মোৰ! প্ৰেমত পৰিছো নেকি? এই বুঢ়াকালত।
ধেৎ তেৰি। প্ৰেমত পৰিলেও এনেকুৱাই হয় নেকি? আগতেতো হোৱা নাছিল এনেকুৱা। কিয় বা হোৱা নাছিল? হয়তো যোগ পৰা নাছিল। মানে মানুহে দেখোন এনেকৈয়ে কয়। অৱশ্যে, মোৰ মুখত কথা শুনিলে লগৰবোৰে হাঁহিব। এনেকুৱা কথা শুনিলে মই মানে আগতে অন্ধবিশ্বাস বুলিয়েই কওঁ নহয়। এতিয়া সিহঁতে মোক নোজোকালেহে ৰক্ষা! অইনে নোজোকালেও [ ১০২ ] ছেত্ৰীয়েতো জোকাবই।
দুদিন মান মোৰ এনেকৈয়ে গ’ল। কিবা মানে উদাস উদাস। ক’তো মন নবহা। অৱশ্যে বাহিৰত গহীন হৈয়েই থাকিবলৈ চেষ্টা কৰিলো। তাতে ওচৰতে আছে ন-বোৱাৰীজনী। কোনে ক’ৰ কথা ক'লৈ নি কি পকোৱা গাঁঠি দিবগৈ কি ঠিক!
এই কেইদিন টোপনিটোও কম হৈছে। ভোকটোও বৰকৈ লগা নাই। ছেঃ কি কৰো?
নিৰুমাই নবৌক কথাটো এবাৰ সুধি চালে কেনে হয়?
আচ্ছা, সুধিলে তেওঁ বা কি ভাৱে, কি কয়, কি কৰে?
কিন্তু নুসুধিলেনো হ’ব কেনেকৈ? কিজানি কামটো হৈয়েই যায়। কোনোবা এটা পক্ষতে আগবাঢ়িবই লাগিব। যদি কোনো পক্ষয়েই আগানাবাঢ়ে, কথাটো আগবাঢ়িব কেনেকৈ? আৰু যদি আগেই নাবাঢ়ে কথাটো...।
মাৰ আগতে উলিয়াই চাওঁ নেকি কথাটো আগতে?
ঠিকেই, সেইটোৱেই ভাল হ'ব। কেনেবাকৈ কথাটো আগনাবাঢ়িলেও মাৰ আগত লাজ নালাগিব। কোনো মাকেতো নিজৰ পুতেকক জোকাবলৈ নাযায়। কিন্তু এই নিৰুমাই.....! কম নে এই।
নাই নাই, জপং কৈ জাপ মাৰি দিব নোৱাৰি। সাৱধানেৰে আগবাঢ়িব লাগিব। এইটোতো জীৱনৰ কথা। এদিন দুদিনৰ কথা নহয়। এৰাতি দুৰাতিৰ নাটক নহয়। সাৱধান হ'বই লাগিব। নহ'লে পিছত গোটেই জীৱনটো......।
আৰে, কি হৈছে। কিহৰ হুলস্থূল হঠাৎ?
খুড়াৰ ঘৰত? কি হৈছে? ধনৰ কি হৈছে? উত্তেজিত হৈ কথা কৈছে দেখোন!
চাৰে-আঠহে বাজিছে। কি হ’ল আক' তাৰ?
“কি হৈছে অ’ মা খুড়াহঁতৰ ঘৰত? সোধগৈচোন।”
মই নিজে যোৱাৰ কথা নাভাবিলোঁ। ন-বোৱাৰীজনী আছে। কি বা ভাৱে! গতিকে মা। মোৰ বাবে আটাইতকৈ নিৰাপদ আশ্ৰয়। দেউতা থকা হ'লে কথাটো বেলেগ হ'লহেঁতেন। এতিয়া মায়েই আৰু।
মা গৈছিল। কিন্তু শুদামুখে উভতি আহিল। ধন, খুড়া, বোৱাৰী সব গহীন হৈ দিলে। কোনেও একো নক’লে। আৰু মায়েও খুচৰিবলৈ ভাল নাপালে। [ ১০৩ ] গুচি আহিল। লোকৰ ঘৰুৱা কথাত কি সোমাব আৰু। তাতে মা বৰ খাৰাং খাচ।
হ’ব। আমাক যদি ক’বলৈ বেয়া পাইছে, নালাগে ক’ব। খালি হুলস্থূলখন নকৰিলেই হ’ল। আমাৰনো কি? নিজৰ মান-সম্মানটো ৰাখ। হৈ যাব।
কিন্তু নহ’ল। মানে মই আশা কৰাৰ দৰে নহ’ল। বৰং তাৰ ওলোটাটোহে হ’ল।
ক্ষন্তেক পিছতে ধনে গাড়ী ষ্টাৰ্ট কৰাৰ শব্দ শুনিলো।
গেইট খোলাৰ শব্দ শুনিলো।
তাৰ পিছত তীব্ৰ গতিত গাড়ী দৌৰোৱাৰ শব্দ!
আৰে, কলৈ গৈছে ই?
অলপ পিছতে কোনোবা মাইকী মানুহ এজনীৰ চেপামৰা কান্দোনৰ নিচিনা শব্দ এটা শুনা যেন লাগিল। ন-বোৱাৰী নেকি? কি হৈছেনো? আৰু নক’লেও নহয়।
তাৰ পিছত ঠাণ্ডা। সব ঠাণ্ডা।
আমিও খালো, ধুলো আৰু শুবলৈ গলো।
ৰাতি পুৱাও অস্বাভাৱিক একো নেদেখিলো। খুড়ায়েও নিজৰ কাম কৰিছে। বোৱাৰীয়েও চাগে কৰি আছে। মই অৱশ্যে গম নাপাওঁ। অনুমানহে কৰিছো। কাৰণ কোনো উদ্বেগজনক শব্দ শুনিবলৈ পোৱা নাছিলো। গতিকে খাই বৈ কলেজলৈ বুলি ওলাই গলো। মনত অৱশ্যে চিন্তা এটা হৈ থাকিল। কি হ'ব পাৰে ধনৰ?
ঘৰলৈ উভতিলো আবেলি প্ৰায় চাৰি বজাত।
মুখ-হাত ধুই ডাইনিং টেবুলত বহিছোহি মাত্ৰ। মায়ে কিবা কিবি বনাই আছে।
খোৱা হোৱাই নাই। এনেয়ে কিবা কিবি কথা পাতি আছো মাৰ লগত। ধনৰ কথাটো ঠিক উলিয়াব খুজিছো আৰু ঠিক তেনেতে ওলালহি খুড়া।
মই কিবা ক’বলৈ পোৱাৰ আগতেই তেখেত বহিল মোৰ ওচৰৰ চকীখনতে।
মোৰ এনে লাগিল তেখেতে যেন মোক কিবা গুৰুত্বপূৰ্ণ কথা এটা ক’বলৈহে আহিছে। ধনৰ কথাই নিশ্চয়।
[ ১০৪ ]
কিবা এটা যে হৈছে খাটাং। কিন্তু কি হ’ব পাৰে!
আচ্ছা, চাওঁচোন বাৰু এখেতে নিজেই কি কয়।
কিবা হ’লেতো মোক ক’বই।
মায়ে খুড়ালৈকো লুচি-ভাজি আনিলে। তেখেতে ইমান এটা আগ্ৰহ পিছে নেদেখুৱালে। কি হৈছে খুড়াৰ?
“মনোজ! কথা এটা হ’ল অ’। তই মানে মোক অলপ.....”
মই যথেষ্ট কৌতুহলেৰে তেখেতৰ মুখলৈ চালো। তেখেতৰ মুখৰ অভিব্যক্তি পঢ়ি চাবলৈ যত্ন কৰিলো। মায়েও নিৰৱ হৈ কাণ উনালে। পৰিস্থিতিটো হঠাৎ এক প্ৰকাৰৰ নাটকীয় হৈ পৰিল।
“তই আমাৰ ধনক অলপ বুজাবিচোন। জীৱনটোতো সদায় আমি বিচৰা ধৰণৰ নহয়। সি যে কালি ৰাতি ওলাই গ’ল, অহাই নাই নহয়। আনকি ফোনটোও অফ্ কৰি ৰাখিছে। বৰ চিন্তা হৈছে মোৰ। তই বাৰু তাৰ খবৰ এটা কৰি আহিবগৈ পাৰিবিনে? তাৰ লগৰ ল’ৰাবোৰক এবাৰ......”
আৰু তাৰ পিছত এইয়া মই ৰৈ আছোঁ টেক্সী-ষ্টেণ্ডত।
মোৰ সমুখত এই সৰু সৰু গাড়ীবোৰ। আৰু এই ড্ৰাইভাৰ ল'ৰাবোৰ।
কেইবাটাও মোৰ চিনাকিয়েই। ধনৰ লগত যাওঁতে চিনাকি হোৱা। দুই এটাই মোক “ছাৰ” বুলি মাতে যদিও বেছি ভাগেই মাতে “দাদা” বুলি।
নাজানে। ধনৰ কোনো খবৰ সিহঁতে নাজানে। আনকি মৃদুলেও একো খবৰ নাপায়। আৰু পাবনো কেনেকৈ, ধনৰ ম'বাইলেই যে চুইচড্ অফ্।
কি কথাটো হ'ল বাৰু!
কৰোনো কি বাৰু মই?
ঘৰলৈ উভতি গৈয়ো খুড়াকনো বাৰু ক’মগৈ কি বুলি?
মুঠতে সমস্যা। অথচ খুড়ায়ে ভাৱি আছে মই আহিছো যেতিয়া কিবা এটা কৰিম। কিন্তু কৰোনো কি বাৰু!
আইডিয়া!
কানুলৈকে ফোন এটা নকৰো কিয়? ওঁ... সি জানিব পাৰে। দুইটা বৰ নলে গলে লগা। আৰু কি থিক ই কিজানি কানুৰ ঘৰতে আছে। নহ'লে ৰাতিখন সি থাকিল ক’ত? আৰু এই সদ্য-বিবাহিতা পত্নীক এৰি অইনত থাকিবলৈ গ’লেও মানুহৰ এশটামান প্ৰশ্নৰ উত্তৰ দিব নালাগিবনে সি? কাৰ কি প্ৰশ্নৰ [ ১০৫ ] উত্তৰ দিব সি? কিন্তু কানুৰ ঘৰখন তাৰ কাৰণে নিৰাপদ। দুইটা সৰুৰে পৰাই নলে-গলে লগাতো হয়য়েই, তদুপৰি কানুৰ ঘৰত বুঢ়ী মাকজনীৰ বাহিৰে কোনো নাই। আৰু সেই বুঢ়ী মানুহজনীয়ে ইয়াক যা-তা প্ৰশ্ন সুধি বিব্ৰত নকৰে চাগে।
ভৱা মতেই কাম। ফোন লগালো কানুলৈ।
মোৰ অনুমান ভুল হোৱা নাছিল। তাতে আছিল ই।
কানুৰ ধমক উপেক্ষা কৰিব নোৱাৰি চাগে ধনে ফোনটো ধৰিলে।
কিবা কিবি দুই এটা আপত্তি দেখোৱাৰ পিছত সি যেনিবা নিজেই আহি মোক লগ কৰিবলৈ মান্তি হল।
আৰু এতিয়া তাৰ গাড়ীৰ ভিতৰত ধন আৰু মই।
গাড়ী আহি আছে যোৰহাটৰ দিশেৰে। গতি মন্থৰ। যামনো কলৈ। এনেয়ে ওলাইহে আহিছো, তাৰ লগত কথা পাতিবৰ বাবে। ষ্টেণ্ডততো বাকীবোৰৰ সমুখত ঘৰুৱা কথা পাতিব নোৱাৰি।
“ক চোন।”
সিও যেন বাট চাইহে আছিল মোৰ এই প্ৰশ্নটোলৈকে। সি যেন অন্তৰ খুলি দিব। হঠাৎ যেন আতৰি গ'ল আমাৰ মাজৰ বয়সৰ পাৰ্থক্য। আতৰি গ'ল আমাৰ মাজৰ সম্বন্ধৰ জটিল বান্ধোন।
“নহয় অ’ মন্ দা (সি সৰুৰে পৰাই মোক এইদৰে মাতে),তই নুবুজিবি। কথাটো মানে ডাঙৰেই। মই নালাগে তই হোৱাহেঁতেনো “ৰিএক্ট” কৰিলিহেঁতেন। মানে কালি সন্ধিয়া এইৰ ডাঙৰ ভিনিহীয়েকে তাইক ফোনত সুধিছে এইকেইদিন তাই পূৰা “এন্জয়” কৰি আছে নেকি। সিঁহতক পাহৰিলেই নেকি। মানে অৰ্থটো হ’লগৈ কি? সিহঁতক পাহৰাৰ কথা নে তাক পাহৰাৰ কথা সুধিছে সি চুৱৰ কা বাচ্চাই। মই তাক ফোনতে পূৰা দম্ দিছো। আৰু এইকো দিছো। সি তাইক এইবোৰ কথা ক’বলৈ সাহ পালে কেনেকৈ? তাই চল দিছিল তাক। আৰু এই চল বা কি পৰ্য্যায় পাইছিলগৈ। তাতে তাই মোক ক'লে ভিনিহীয়েকে বোলে তাইক বহুত মৰম কৰিছিল। কথাটো শুনি মোৰ মানে এনেকুৱা লাগিল যে...”
অস্ সিদিনা যে নিমাই নবৌৱে কৈছিল পদুমী সৰু-মাজু ছোৱালী বুলি, তাৰ মানে তাইৰো দুটামান ভিনিহীয়েক থাকিব লাগে। কেনেকুৱা বা সেই কেইটা? কি বা সিহঁতৰো স্বভাৱ-চৰিত্ৰ? কেনেকুৱা বা সিহঁতৰো ভিনিহী-খুলশালীৰ মাজৰ মৰম-চেনেহ? কিবা স্বৰূপত যদি বিয়াখন হয়গৈয়ো আৰু [ ১০৬ ] মোৰ ক্ষেত্ৰতো যদি এই ধনৰ নিচিনাই কিবা এটা ঘটনা হয়, তেতিয়া? হয়, এইবোৰ সৰু কথা। কিন্তু দাম্পত্য জীৱনত পতি-পত্নী বিৰাট “পজেচিভ” হয়।
আৰু যদি ঘটনাই অন্য মোৰ লয়, তেতিয়া? টি–ভি টো অন কৰিলেই কিমান ধৰণৰ যে খবৰ! পতি হত্যা, পত্নী হত্যা, অমুক কাৰাগাৰলৈ, তমুক ৰঙাঘৰলৈ। এনেই এনেই ঘটে নে এই ধৰণৰ ঘটনাবোৰ? কথাবোৰ নিশ্চয় আৰম্ভণীতে এনেদৰেই আগবাঢ়ে। তাৰ পিছত এদিন ঘটে সেই ব্ৰেকিং-নিউজৰ ঘটনাবোৰ। পতিগৃহত শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাতৃ গৃহলৈ প্ৰস্থান সদ্য–বিবাহিতাৰ। গোচৰ ৰুজু। স্বামী পলাতক। শাহু কৰায়ত্ব। জেৰা অব্যাহত। নাইবা, নৱ-বিবাহিতাৰ ৰহস্যজনক মৃত্যু। স্বামী-শাহু কাৰাগাৰলৈ.. ইত্যাদি, ইত্যাদি। কিন্তু এই গুপুত কথাবোৰতো কোনোদিনেই প্ৰকাশ নাপায়। ভুক্তভোগীয়েও নকয় সন্মানৰ খাতিৰত। ক’লেও কোনেও বিশ্বাস নকৰে। কৰিলেও তিত্কাৰীহে মাৰিব। আৰু মেডিয়াতো সদায় মাইকী মানুহৰ পক্ষতেই যিমানেই দোষ কৰক টি-ভিত মাইকী মানুহৰ মুখখন সদায় আঁৰ কৰিহে ৰাখে। কিন্তু মতা মানুহ হওঁকচোন, তিলটোকে তালটো কৰি সকলোৱে হেঁচা মাৰি ধৰিব। মতা মানুহৰ কোনো সন্থা বা সংগঠন নাইযে। অকলশৰীয়া!
সমস্যা!
সমস্যাটো কিন্তু এৰাই চলিব পৰা বা উপেক্ষা কৰিব পৰা বিধৰ একেবাৰেইনহয়। ভুক্তভোগীয়েহে জানে,বুজে। অইনে নাজানেও, বুজিবলৈয়ো চেষ্টা নকৰে। আচলতে কাৰনো কি দৰকাৰ পৰিছে বাৰু লোকৰ সমস্যাৰ সমাধান। বিচাৰি উলিয়াই দিবলৈ? লাভ কি?
এদিন যে সীমান্তই হাঁহি হাঁহি মোক কৈছিল, “বুজিলি? ক'ত বুজিবি? তইতো বিয়া-বাৰু পতাই নাই। গতিকে আগতে বিয়াখন পাতি ল। তাৰ পিছত সব নিজেই বুজিবি।” ইয়াৰ অৰ্থ?
আৰু এই কথাবোৰ বুজিবৰ কাৰণেই মই এতিয়া বিয়া পাতি ল'ব লাগে।
আৰু মই নিজেও কোনোবা পদুমীৰ কথা ভাৱি ভাৱি খাৱন-শোৱন বৰ্বাদ কৰিছো, কল্পনাৰ ৰাজকাৰেং সাজি সাজি বুৰ্বকৰ দৰে মিচিকিয়াই হাঁহি আছো আৰু একেবাৰে চকুপাৰি দেখিব নোৱাৰা নিৰুমাই নবৌৰ সহায়
বিচাৰিবলৈয়ো ঠেং ডাঙি আছো। আচল ইডিয়টটো দেখোন মই নিজেই! হাঃ
[ ১০৭ ]
“কথাটো সেইয়াই। কি হ’ল? নাম আক’।”
ধনৰ মাতষাৰ শুনি যেন উচপ খাই উঠিলো।
সিতো আচৰিত।
(আচৰিত আনকি মইয়ো। কি কৈছে আক’ ই? )
“মানে?”
মানে ধনে কিবা কিবি কৈ আছিল। মই মনেই কৰা নাছিলো। কি কৈ আছিল বাৰু সি? অ’ ইয়েচ্, তাৰ ওৱাইফৰ কথা কৈ আছিল। কিবা বোলে তেওঁৰ ভিনিহীয়েকে কিবা অশ্লীল শব্দ প্ৰয়োগ কৰি ফোন কৰাৰ কথা কৈ আছিল সি। তাৰ পিছত কি কৈ আছিল বাৰু সি?
জানো, বাদ দিয়া। কি লাভ এইবোৰ বাৰেবাংকৰা কথা চিন্তা কৰি থাকি!
লোকৰ কথা, লোকৰ বতৰা। মোৰনো কি আহে যায়?
মতা-মাইকীৰ কথা। কাইলৈ ভাল হৈ যাব। কাইলৈ কিয়? আজি ৰাতিয়েই.....!
যাওঁ নামি। ন বাজিলেই। মা চাগে ভাত বাঢ়িবলৈ ৰৈহে আছে। মাৰ চাগে খংহে উঠিছে। এনেও মা বৰ খাৰাংখাচ মানুহ। এইবোৰ আল্ট-ফাল্টু কথা ভালেই নাপায়। মায়ে বাৰু খুড়াহঁতক একো নোকোৱাকৈ আছেনে? অৱশ্যে, যাওঁতে মই মাক দহাই দহাই কৈ গৈছিলো, বোলো ন-বোৱাৰীজনীৰ আগত একো নকবি। কিবাকিবি ক’লে, লাগিলে হক্ কথাতে হওঁক, কাইলৈ মাকহে বেয়া পাব। বেয়াও বুলিব। সিহঁত ঘৰুৱা মানুহ ভালহৈ যাব। বেয়া হ'ব লাগিব আমিহে।
অৱশ্যে, মা বুজা মানুহ। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব পৰা কাম মায়ে নকৰে। আৰু নকয়ো তেনেকুৱা কথা।
কিন্তু ই কি, মাৰ মুখত দেখোন খং!
“কি হ’ল আক’?”
“হ'বলৈ আছে কিটো? গৈছিলিনো ক’লৈ? অথনি নিৰুমাই আহিছিল।”
“নিৰুনবৌ?”
“অ’ ”
“কেলৈ?”
“সেই কথাটো উলিয়াইছিলহি......”
“সঁচা? তই কি ক’লি?”
ৰচনা কাল - এপ্ৰিল, ২০০৯
০০০০০০০০০০
০০০০০০০০০০
নাট্যপ্ৰেমী
বৃহৎ পেণ্ডেলটোৰ পিছৰ অংশটো যাৰ প্ৰৱেশ পথৰ সমুখত “বিশেষ শ্ৰেণী” বুলি লিখা থাকে, যি অংশত আসন সংৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তা বোধ নকৰে, যি অংশৰ আসন দৰ্শকক দেখুৱাই দিবলৈ স্বেচ্ছাসেৱক বাহিনীৰ এজনো সদস্যই আগ্ৰহ নেদেখুৱায়, সেই অংশৰ এটা চুকৰ আসন কেইখনমান অধিকাৰ কৰি বহি থাকে বৰুৱাৰ পৰিয়ালটো। মানে বৰুৱা, বৰুৱানী আৰু জীয়েক নন্দিনী। তেওঁলোকৰ বৰপুত্ৰ অৱশ্যে তেওঁলোকৰ লগত নাথাকে। লাজ কৰে। তাৰ এটা প্ৰেষ্টিজৰ কথা আছে। এনেয়ে বিশেষ শ্ৰেণী। তাতে আকৌ মাক-দেউতাকৰ লগত! নাই দেই। ভাৱিবই নোৱাৰে সি ইমান তললৈ। গতিকে সি থাকে নিলগে। লগৰ ল'ৰাবোৰৰ লগত, মানে স্বেচ্ছাসেৱক বাহিনীটোৰ লগত। সৌ চীফ-পেট্ৰনৰ আসনখিনিৰ ফালে। পৰিয়ালটোৰ আঁৰত।
তাৰ জেকেটৰ ওপৰত স্বেচ্ছাসেৱকৰ বেজ এটাও থাকে নেকি?
নাজানে। এইবোৰ কথাৰ খবৰ খাতি বৰুৱাই নাৰাখে। তাক এৰি দিছে তেওঁ। ডাঙৰ হৈছে, ডেকা হৈছে, ভাল-বেয়া বুজি পোৱা হৈছে। গতিকে যলৈ যায়, যি কৰে কৰি থাকক। খালি, ক’তো কাৰো লগত কাজিয়া-পেচাল কৰি নাক-দাঁত ভাঙি নাহিলেই হ’ল। নহ'লেনো তেওঁ কৰিব কি? কান-সমনীয়া পুতেক।
বৰুৱাই বিশেষ নাভাৱিলেও বা আন কথাত ক'বলৈ গ'লে, ভাৱে যদিও প্ৰকাশ নকৰাকৈ নিৰ্লিপ্ত হৈ থাকিলেও, নন্দিনীয়ে কিন্তু কিছুমান কথা ভাৱে। ভাৱিবলৈ বাধ্য হয় তাই।
গোটেইবোৰ তাইৰ চিনাকি মানুহ। মেইন গেইটৰ গেইট-কীপাৰ কেইটাৰপৰা ধৰি পেণ্ডেলৰ ভিতৰত ঘূৰি-ফুৰা স্বেচ্ছাসেৱক ল’ৰা কেইটালৈকে। লাজ নালাগে নেকি তাইৰ? আৰু বিজুলী বাতিৰ ইমান ছাঁ-পোহৰৰ লুকা-ভাকুৰ মাজতো, চুৱেটাৰ, শ্বল, টুপীৰ কপ্কপীয়া আৱেষ্টনীৰ মাজতো সিঁহতবোৰে তাইক ঠিকেই চিনি পায়। দুই এটা আগবাঢ়ি আহেও। বিশেষকৈ এই প্ৰাঞ্জল।
“আহিলা!”
[ ১০৯ ]
“ওঁ”
“নাটক চাবা!”
“ওঁ”
বচ ইমানেই। বেছি কথা নাই। কথা পাতিবলৈ সময়ো নাথাকে। সুবিধাও নাথাকে। বেলেগ দুটামান আহি তাক টানি নিয়েই নহয়। নিবই। সিহঁতো ডেকা ল’ৰা। ইৰ্ষা কি নহ’ব? কথা পাতিছে সি বেটাই কাৰ লগত!
নন্দিনীয়ে জানে। কি হৈছে, কিয় হৈছে সব জানে তাই। বেছ উপভোগো কৰে তাই প্ৰাঞ্জলহঁতৰ এই টনা-আজোৰাবোৰ। বিশেষকৈ থিয়েটাৰ পেণ্ডেলৰ বাহিৰত, চাৰিওফালে মানুহে গিজগিজাই থকাৰ সময়কণত। পৰিৱেশটো কেনেকুৱা!
কিন্তু তাইৰ এই সুখানুভূতিত যতি পৰে। আধা ফুটা হাঁহিটো লাহে লাহে জাপ খাই আহে। মাকৰ পিছে পিছে সোমাই গৈ থাকে তাই পেণ্ডেলৰ পিছৰ অংশৰ সেই বিশেষ শ্ৰেণীটোৰ দিশে। ঘন ঘনকৈ পাৰি থোৱা চকীবোৰৰ সমুখৰ ঠেক বাটটোৱেদি তাই গৈ থাকে, গৈ থাকে। শেষত, যেতিয়া তেওঁলোক নিৰ্দিষ্ট নম্বৰ লগাই থোৱা আসন কেইখনত বহি সমুখলৈ দৃষ্টি দিয়ে, তেতিয়া তাই হতাশ হৈ পৰে। সমুখত মানুহ আৰু মানুহ। কেৱল ক’লা ক’লা মূৰবোৰ। বোলে তাই মঞ্চখন দেখা পায়, না বোলে অভিনয়। কাণত মাথো আঘাত কৰেহি উচ্চ গ্ৰামৰ শব্দবোৰে, বাদ্যযন্ত্ৰৰ ঢেৰেকণিবোৰে আৰু অভিনেতা-অভিনেত্ৰীসকলৰ উত্তেজিত বচনবোৰে। কিনো হৈছে বুলি ডিঙি মেলিও চাব নোৱাৰে তাই। তাই নিজে যেনেকৈ চাপৰ, চকীখনো চাপৰ। চাওঁ বুলি ভাৱিলে তাই থিয় হ'ব লাগিব। আৰু তেনে কৰিলেতো কি হ’ব তাই নজনা নহয়।
“আগৰ মানুহ বহি দিয়ক!”
গতিকে? কি কৰে তাই?
যিমান আগ্ৰহ, আশা, উত্তেজনা লৈ তাই নাটক চাবলৈ ওলায়, তাৰ কেইবা গুণো অধিক অসন্তুষ্টি, বিৰক্তি, হতাশা আৰু খং মনত লৈ উভতি আহে তাই। ঘৰ পায়েই ঠেং-ভৰি আচাৰিবলৈ ধৰে। মুখখন গোমোঠা কৰি ৰাখে। দেউতাকৰ ফালে পোণ্ডোৱাকৈ চাই মুখেৰে অষ্পষ্ট-অদ্ভুত ধৰণৰ শব্দ দুটামান বাহিৰ কৰে। বৰুৱানীয়ে গোজোৰা মাৰি কয়,
“কি হ’ল অ’এইজনীৰ.....!” [ ১১০ ]
“একো হোৱা নাই”
তাইয়ো সমান উষ্মাৰেই উত্তৰ দিয়ে। (নে, ফেপেৰী পাতি ধৰে?)
বৰুৱানীয়ে বুজে। বৰুৱাইয়ো ভালকৈয়ে বুজে কি হৈছে নন্দিনীৰ। কিন্তু নিৰুপায় তেওঁ। অন্য সব কৰিব পাৰিলেও, পেট্ৰনৰ টিকেট এটা যোগাৰ কৰিব নোৱাৰে তেওঁ। মানে বিচাৰি যাব নোৱাৰে। এইবোৰ টিকেট বিচাৰি নাযায়। আয়োজকে ঘৰে ঘৰে দিয়েহি। আৰু দিয়েহি সেই সকলৰ ঘৰতহে যাৰ থাকে একোটা সুদৃশ্য ঘৰ, এখন বিলাসী গাড়ী।
সিদিনা আবেলি, আগফালৰ ষ্টেপতে বহি মাকৰ লগত কথাৰ কটা-কটি কৰি আছিল তাই। তেনেতে গেইটৰ মুখত উপস্থিত হ’লহি বৰুৱা। অফিচৰ পৰা আহিছে তেওঁ। দেউতাকক দেখিয়েই তাইৰ মনটো তীব্ৰভাৱে অভিমানী হৈ উঠিল। দেউতাকক নেদেখাৰ ভাও জুৰি তাই অলপ ডাঙৰকৈয়ে কৈ উঠিল, “এইবাৰ, বুইছ মা, দেউতাক ক’বি, কোনো থিয়েটাৰৰ টিকেট-চিকেট ল’ব নালাগে। ভাল নালাগে দেখোন এইবোৰ........”
বৰুৱাই নুশুনাৰ ভাও ধৰিলে কথাটো। নহ'লে উপায়ো নাই তেওঁৰ। সোধেনো কি বুলি জীয়েকক। আৰু সুধিলেও সঁচা কথাটো ক’ব জানো তাই? নকয়। আত্মাভিমান ইমান সহজে ত্যাগ কৰিবলৈ যে প্ৰস্তুত নহয় নন্দিনী।
ৰাতি বিচনাত পৰিও বৰুৱাৰ কিবা এটা ভাল নালাগিল। একমাত্ৰ জীয়েক তেওঁৰ। কিবা এটা বিচাৰে তাই। তাইৰ লগৰ আন দহজনী ছোৱালীয়ে পোৱা বস্তু এটাহে তাই বিচাৰিছে। কোনেও ক’তো নোপোৱা, নথকা বস্তু এটা বিচাৰি হাহাকাৰ কৰা নাই। কিন্তু কৰে কি তেওঁ? কোনটো নাকেৰে পেট্ৰনৰ টিকেট এটা বিচাৰি যায় তেওঁ! কথাটো ওলাই পৰিলে নাহাঁহিবনে মানুহে? এইবোৰ টিকেট পোৱা মানে সন্মানৰ কথা। সামাজিক প্ৰতিষ্ঠাৰ কথা। একোটা সামাজিক চিনাকিৰ কথা। এইবোৰ টিকেট ঘৰত আহি দিয়েহিহে। বিচাৰি নাযায় নহয়। গতিকে..........
“হে’ৰা.......শুলাই নেকি?”
আজি অলপ দিনৰ আগলৈকে, বৰুৱাৰ এনে প্ৰশ্নৰ উত্তৰ বৰুৱানীয়ে নিদিছিল। কাষত শুই থকা নন্দিনীয়ে যিমানেই টোপনিত লালকাল হোৱা নেদেখুৱাওঁক কিয়, বৰুৱানীয়ে তাইক কোনো কাৰণতে বিশ্বাসত ল’ব পৰা নাছিল। গতিকে বৰুৱাৰ এনে এক প্ৰশ্নৰ উত্তৰ হিচাপে তেওঁ মাথো হুমুনিয়াহ [ ১১১ ] এটা এৰি ইকাটি-সিকাটি কৰি টোপনি অহাৰ ভাও দিয়ে। বৰুৱাইয়ো প্ৰশ্নটো দ্বিতীয়বাৰ নকৰিছিল।
এতিয়া কিন্তু কথাবোৰ বেলেগ হৈছে। বৰুৱা-বৰুৱানী দুয়ো চুলিত কলপ লগাবলগীয়া হৈছে। উচ্চ ক্ষমতা সম্পন্ন চশমা পৰিধান কৰিবলগীয়া হৈছে। দুয়োজনে এটানে দুটামান দাঁত সৰুৱাই আহিবলগীয়াও হৈছে। ইফালে, নন্দিনীও ডাঙৰ হৈ আহিছে। দুই-এবছৰৰ পিছত দৰা বিচাৰিবৰ হ’বই। এতিয়া ঘৰখনৰ পৰিৱেশ-পৰিস্থিতি যথেষ্ট বেলেগ হৈছে। গতিকে, বৰুৱাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বৰুৱানী প্ৰস্তুত। লাগিলে শোৱাপাটিৰ পৰা উঠায়েই নিয়ক তেওঁক।
“কি হ’লনো?”
“এটা কথা ভাৱিছোহে।”
বৰুৱানী নিৰৱ। কিনো ভাৱিছে শুনি লওক প্ৰথমে। তাৰ পিছত দেখা যাব কি হয়।
“মানে, গাড়ী এখন লোৱাৰ কথা ভাৱিছো। চেভ্ৰলেট জাতীয় এখন নহ'লেও, টাটাৰ ইণ্ডিগ’ এখনকে.....”
সঁচা? কি শুনিছে বৰুৱানীয়ে!
গাড়ী ল’ব বৰুৱাই!
কিমান দিনৰ যে তেওঁৰ আশা নিজৰ গাড়ী এখনত উঠাৰ, নিজৰ গাড়ীত উঠি বিয়া-সকামলৈ যোৱাৰ। “আপুনি নহলে আমাৰ গাড়ীতে যাব পাৰিলেহেঁতেন, কিন্তু আমি আক’ মাৰ ঘৰতো সোমাই যাম নহয়”,বুলি চিনাকি কোনোবা এজনীক জোকাই চাবলৈ, “আজিকালি তেলৰ দাম যি বাঢ়িছে, এইবোৰ গাড়ী-মটৰ চলোৱাই মস্কিল হৈছে জানেনে?” বুলি বুদ্ধি কৰি আনৰ আগত বাহাদুৰি মাৰিবলৈ তেওঁৰ মনত যে কিমান হেঁপাহ! এইবাৰ তেন্তে পূৰণ হ’ব তেওঁৰ সেই দুৰ্বাৰ হেঁপাহ! সঁচায়, কি ভাগ্য তেওঁৰ।
কথাবোৰ ভাৱি ভাৱি বৰুৱানী অন্য এখন সপোন পুৰীলৈ গুচি গ'ল। বৰুৱাৰ কথাৰ কোনো উত্তৰ নিদিলে তেওঁ। ইপিনে বৰুৱাতো আচৰিত। ইমান সোনকালে টোপনি গ’লনে মানুহজনীৰ! কি মানুহ!
“হে’ৰা, একো নক’লা যে.........”
“বাজেট মিলাব পাৰে যদি লওঁক। মোৰনো কি?”
[ ১১২ ] কোনো কথাত আগ্ৰহ দেখুওৱাটো বৰুৱানীৰ স্বভাৱৰ পৰিপন্থী। লাগিলে সেই বস্তুটো পাবৰ বাবে মনে মনে তেওঁ যিমানেই হাহাকাৰ কৰি নাথাকক।
গতিকে এক স্বভাৱসূলভ নিৰ্লিপ্ততাৰে মোখনি মাৰি থ'লে তেওঁ।
“কিন্তু দে....তা...., হঠাৎ যে গাড়ী লোৱাৰ কথা ভাৱিলে আপুনি!”
নন্দিনীৰ টোপনি যোৱা নাছিল। মাক-দেউতাকৰ টোপনি অহা বুলি নিশ্চিত নোহোৱালৈকে কোনো দিনেই টোপনি নাযায় তাইৰ। হয়, তাই মুখেৰে একো নামাতে। চকু মুদি পৰি থাকে। কাণ কিন্তু থিয় কৰি ৰাখে তাই। কি বা কয়! কি বা হয়!
এইবাৰ অৱশ্যে মাত নামাতি নোৱাৰিলে তাই। নিজৰ গাড়ী এখনত উঠাৰ হেঁপাহটো তাইৰ বহুদিনীয়া। গতিকে.........।
“কথা আছে অ’ মাজনী। পিছত কম।”
নন্দিনীক এক ৰহস্যৰ মাজত এৰি থৈ বৰুৱাই বেৰৰ ফালে মূৰ কৰি শুবলৈ চেষ্টা কৰিলে। নন্দিনীয়ে মূৰ ডাঙি দেউতাকক এবাৰ চাবৰ যত্ন কৰিলে। কিন্তু ডিম লাইটৰ পোহৰত, দুখন আঠুৱাৰ মাজেৰে, কোঠাটোৰ সিটো মূৰৰ বিচনাখনত শুই থকা দেউতাকৰ মুখৰ অভিব্যক্তি তাই দেখিবও নোৱাৰিলে, জানিবও নোৱাৰিলে।
মাত্ৰ দহটা দিন।
এখন ক্ৰীম ৰঙৰ ইণ্ডিগ’ কাৰ আহি ৰ’লহি বৰুৱাৰ গেইটৰ সমুখত। সমুখৰ আসনৰ পৰা নামি আহিল নন্দু। মানে নন্দন। বৰুৱাৰ বৰপুত্ৰ। ক্ষন্তেক পিছতে পিছফালৰ দুৱাৰখন খোল খালে। নামি আহিল বৰুৱা।
গাড়ীৰ হৰ্ণ শুনি নন্দিনী ঢপলিয়াই ওলাই আহিল।
“ৱাহ! দাদা.....তই চলাই আহিলি?”
“নহয়। ড্ৰাইভাৰ আহিছে। মই কিন্তু শিকি লম। তই তেতিয়া উঠিবি, বুজিলি?”
“ই-ই-স। তোৰ লগত নুঠিহে পাৰিছো, নহয় মা.....”
“এহ, ৰহচোন এইজনী। আহি পাওঁতেই চুপতি আৰম্ভ হ'লেই.....” মাতষাৰত এক আভিজাত্যৰ চাপ, এক গাম্ভীৰ্য্যৰ চাপ আনিবলৈ চেষ্টা কৰি বৰুৱানীয়ে জীয়েকক শাসন কৰিবলৈ বিচাৰিলে।
বৰুৱাৰ খোজ-কাটলত কিন্তু সামান্য চঞ্চলতা প্ৰকাশ পাইছে। “দেখিলা! [ ১১৩ ] কি বুলি ভাৱা মোক? আনিম বুলি কৈছিলো যেতিয়া, আনিহে এৰিলো...” থিক এনে এক ভাৱেই প্ৰকাশ কৰিব বিচাৰিলে তেওঁ তেওঁৰ শৰীৰি ভাষাৰে।
পিছৰ দহটা মান দিন বিৰাট ব্যস্ততা।
বাই-ভনী, মাহী-পেহীৰ পৰা আৰম্ভ কৰি, চিনাকি মহিলা, বান্ধৱী সকলোলৈকে বিভিন্ন উজুহাতত বৰুৱানীয়ে ফোন কৰিবলৈ ধৰিলে। ইটো-সিটো কথা পতাৰ পিছতে প্ৰসঙ্গটো টানি আনে এপাক ফুৰিবলৈ যোৱাৰ, নিজৰ গাড়ীত যোৱাৰ, আজিৰ যুগত নিজৰ গাড়ী এখন কিমান জৰুৰী, ইত্যাদি ইত্যাদি। ইফালে নন্দু ব্যস্ত ড্ৰাইভিং শিকাত। আৰু নন্দিনী?
অন্য হাজাৰটা কথাৰ মাজতো তাইৰ মনত কুট্কুটাই থাকে এটা প্ৰশ্নই, এই গাড়ীখন কিনাৰ কথাটোত দেউতাকৰ বাৰু অন্য কি কথা থাকিব পাৰে।
কথাটো দেউতাকক পোনে পোনেই সুধি ল’ব পাৰে তাই। কিন্ত নুসুধিলে। ৰহস্যটো নিজেই বাহিৰ কৰিব এদিন তাই। তেতিয়াহে মজাটো পাব। আনে ভেদ ভাঙি দিয়া ৰহস্যৰ মজাই বা ক’ত?
এই ভেদ ভাগিবৰ বাবে অৱশ্যে বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ল তাই।
পিছৰ দেওবাৰে, আবেলি থিক তিনি মান বজাত নন্দিনীহঁতৰ গেইটৰ সমুখত বাইকৰ পৰা নামিলহি প্ৰদীপ ফুকন।
এই কেইদিন নগৰখনৰ বিভিন্ন স্থানত নন্দিনীয়ে দেখি আহিছে সৰু-ডাঙৰ অনেক প'ষ্টাৰ। ৰামধেনু থিয়েটাৰ'ৰ প'ষ্টাৰ, বেনাৰ, হৰ্ডিং। প্ৰায় প্ৰতিখন প'ষ্টাৰ, বেনাৰতেই শোভা কৰিছে বিশিষ্ট অভিনেতা-অভিনেত্ৰীসকলৰ বিভিন্ন নাটকীয় ভঙ্গিমাৰ চিত্ৰ। বেছিভাগ প'ষ্টাৰতে শোভা পাইছে এক ডেকা-গাভৰু যুতিৰ নিবিড় আলিঙ্গনাবদ্ধ ভঙ্গিমাৰ চিত্ৰ। সিহঁত হালৰ কাষতে সাতোটা ৰঙৰ সংমিশ্ৰণেৰে লিখি থৈছে, “কেৱল তোমাৰ বাবেই”।
নন্দিনীয়ে জানে, এই নগৰখনত ভ্ৰাম্যমান থিয়েটাৰ মানেইতো প্ৰদীপ ফুকন!
কাৰোবাৰ ঘৰৰ সমুখত তেওঁৰ বাইকখন ৰোৱাৰ অৰ্থই হৈছে এটা টিকেট। হয় চীফ-পেট্ৰন, নহয় পেট্ৰন। নামটো শুনিলেই মনটো ভাল লাগি যোৱা, গহীন-গহীন লাগি যোৱা, থিয়েটাৰ-থিয়েটাৰ লাগি যোৱা এটা টিকেট।
দামটো?
[ ১১৪ ]
নাই নাই, দাম বুলি নক’ব। মূল্য বুলি কওঁক, এইবোৰ টিকেটৰ দাম নাথাকে। মূল্যহে নিৰ্দ্ধাৰণ কৰা থাকে। এই টিকেট হ’ল সন্মানৰ প্ৰতীক, সামাজিক
প্ৰতিষ্ঠাৰ প্ৰতীক। এনে সন্মানৰ দাম নাথাকে। থাকে মূল্য। তথাপিও........।
“কিমান দিব লাগিব জানো এইবাৰ?” বৰুৱাই এনেকুৱা এটা সুৰত কথাষাৰ সুধিলে যেন তেওঁ প্ৰত্যেক বছৰে, প্ৰত্যেক বাৰেই চীফ পেট্ৰনৰ টিকেট একোটা পায়েই থাকে।
বৰুৱাৰ কথাষাৰৰ মাজত লুকাই থকা তীৰ্যক ভাৱটো বুজাত অকণো অসুবিধা নহ’ল প্ৰদীপ ফুকনৰ। তথাপিও এক নাটকীয় কায়দাত পৰিস্থিতি চম্ভালি ল’ব জানিলে তেওঁ। জানিবই, নহলেনো হাতত কোনো কেপিটেল নোহোৱাকৈ এনে এক সুন্দৰ ব্যৱসায় কৰি থাকিব পাৰেনে!
“না না, বেছি নহয়। এহেজাৰ মাত্ৰ।”
“নাটকতো তিনি ৰাতিহে...”
“হয়। তিনি ৰাতি। তিনিটা শ’। অৱশ্যে দৰ্শকৰ ডিমাণ্ড বেছি হ'লে আৰু এটা শ্ব’......”
“বাৰু হ’ব....... চিট নম্বৰ কিমান দিলে জানো.......?”
“না না, ভাল চিট। একেবাৰে প্ৰথম শাৰীতে দিছো। আপোনাৰ ওচৰত মানে সোঁফালে থাকিব সন্দিকৈ, এই হেৰি যে....”
“আচ্ছা, আচ্ছা...... হৈ যাব.....। আৰু এই হেৰি মানে, টিকেট আপোনাৰ কিমান বাকী আছেগৈ.......বহুতকে দিব লাগিব নহয়,নহয় জানো?”
“আছে আছে। আৰম্ভ কৰিছোহে। মানে, বাচি বাচি আপোনালোক কেইজনমানক প্ৰথমে দি লৈছো। তাৰ পিছত লাহে লাহে, এজন এজনকৈ...”
ভাল, ভাল। ফুকন ল'ৰাজন ভাল।
কথা ক'ব জানে। কেতিয়া, কাক, কেনেকৈ সন্মান দিব লাগে জানে। কথাবোৰো ৰস লগাই ধুনীয়াকৈ ক'ব জানে। এৰা দেই, এইবোৰহে ল’ৰা। এনে ল’ৰাই যেনেকৈয়ে নহওঁক জীৱনত কিবা এটা কৰিবই, একঠা খাবই। কোনে বাধা দিব পাৰে এনেবোৰ ল’ৰাক!
বৰুৱাৰ মনটো ভাল লাগি গ'ল। বি-ৰা-ট ভাল লাগি গ'ল। আইনাখনত নিজকে এবাৰ চাই ল’বলৈ মন গল। ভাল কাপোেৰ এসাজ পিন্ধি এপাক ওলাই যাবলৈ মন গ'ল। বৰুৱানীৰ চকুত আঙুলি থৈ ক’বলৈ মন গ’ল, “দেখিলা? [ ১১৫ ] তুমিহে মোক.......”
নাই নকৰিলে। এই জাতীয় কোনো কামেই বৰুৱাই নকৰিলে। তেওঁ মাত্ৰ গহীন হৈ বহি থাকিল। বিদায় ল’বলৈ থিয় হোৱা প্ৰদীপ ফুকনৰ ফালে চাই মাথোন “অহ হ’ব” বুলি ক'লে আৰু ফুকন ওলাই যোৱাৰ পিছতেই ভিতৰলৈ বুলি মুখখন ঘূৰাই জীয়েকক চিঞৰিলে।
“এই মাজনী! চাওঁ, এইফালে আহ।”
এবাৰ মাতিলে, দুবাৰ মাতিলে, তিনিবাৰ মাতিলে। নাই। নন্দিনীৰ কোনো সাৰসুৰ নাই। ক’ত গ'ল তাই? বৰুৱাতো আচৰিত। আৰু, ভিতৰতে আছে যেতিয়া তেওঁৰ মাতষাৰতো শুনিব লাগিছিল। আৰু শুনাৰ লগে লগে ওলাইয়ো আহিব লাগিছিল। তেন্তে তাইৰ হ’ল কি? তাই লুকাল ক’ত?
টিকেটটো হাতত তুলি লৈ, চেণ্ডলযোৰ আধা পিন্ধাকৈয়ে চোঁচৰাই চোঁচৰাই ভিতৰলৈ সোমাই গ'ল তেওঁ।
ঊঃ মহাৰাণী বহি আছেগৈ পিছ বাৰাণ্ডাত! কিবা ৰিম’ভাৰ ঘহি ঘহি চাফা কৰি আছে আঙুলিৰ নখ। ব্যস্ত। বিৰাট ব্যস্ত তাই। বৰুৱাৰ ফালে মূৰ তুলিও চোৱা নাই।
“হো, ল।”
“কি-ই-নো?”
“চাই ল”
“অ’, থিয়েটাৰৰ টিকেট! ঊঃ চীফ পেট্ৰন একেবাৰে.....”
বৰুৱাৰ অলপ খঙেই উঠি আহিল।
ইমান আগ্ৰহেৰে টিকেটটো আনি জীয়েকৰ কোলাত পেলাই দিছেহি, তাই কিন্তু সামান্যতম আগ্ৰহো দেখুওৱা নাই। অথচ এনে এটা টিকেট নোপোৱাৰ বাবে সৌ সিদিনালৈকে তাইৰ যিহে ঠেন্ ঠেন্, পেন্ পেন্, গেন্ গেন্! গত্যন্তৰ নেদেখি শেষত তেওঁ আনিবলগীয়া হ’ল ছয় লাখ টকীয়া এই গাড়ীখন! ধেমালি নেকি?
“কি হল? থৈ দেগৈ যাঃ”
“মাকে দিয়কগৈচোন। মই ৰিম’ভাৰ লগাই আছো....মা!...অ’ মা.”
বৰুৱাৰ এনে খং এটা উঠি আহিছিল যেন জীয়েকক এচাট লগায়েই দিব। এনে লাগিল যেন ৰিমভাৰ নে কি সেইটো দলিয়াই পেলায়েই দিব...।
[ ১১৬ ]
কিন্তু একো নকৰিলে তেওঁ।
আৰু কৰিবই বা কেনেকৈ নন্দিনী যে তেওঁৰ মৰমৰ পুতলা। একমাত্ৰ জী। হয়তো তাইৰ অভিমান হৈছে। ইমানদিনে এই প্ৰদীপ ফুকনটো আছিল ক’ত! এওঁলোকক সি কি চিনি নেপাইছিল? নে, পেট্ৰন টিকেটৰ উপযুক্ত বুলি ভৱা নাছিল? মানে এওঁলোেকক সি পাত্তা দিয়া নাছিল। কিন্তু, এতিয়া যে হঠাৎ! অ’... ৰাস্তাত তেওঁলোকৰ গাড়ীখন দেখিলে। আৰু লগে লগে তেওঁলোক হিচাপত আহি গল। পেট্ৰন টিকেট লৈ হাজিৰ একেবাৰে!
কথাবোৰ ভাৱি ভাৱি নন্দিনীৰ নাকৰ পাহি ফুলি গ'ল। সেয়ে, পৰ্দাৰ ফাঁকেৰে প্ৰদীপ ফুকনক দেখাৰ লগে লগেই তাই বহা কোঠাৰ পৰা উঠি গৈ একেবাৰে পিছ বাৰাণ্ডা পালেগৈ। মনৰ সমস্ত খং, উত্তেজনা, অভিমান আতৰাই পেলাবলৈ বুলি তাই হাতত তুলি ল'লে ৰিম’ভাৰটো আৰু মূঢ়া এটাত বহি লাগি গ'ল নখৰ পৰা নেইল-পলিচ আতৰাবলৈ। কি বুলি ভাবে, হাঃ।
নন্দনৰ এইবোৰ পেট্ৰন-ফেট্ৰনৰ কথা নাই। নাচাইয়ো সি এইবোৰ চিটত বহি। সি থাকিব লগৰ গালৰ লগত। স্বেচ্ছাসেৱকৰ দলত। গতিকে টিকেটটোৰ কথা তাক কৈ কামেই নাই। এনেয়েও সি ঘৰত নাই! আৰু থাকিলেও সি এইবোৰত আগ্ৰহ নেদেখুৱায়। কথাটো বৰুৱাই ভালকৈয়ে জানে। এতিয়া, বাকী থাকিল মাথোন বৰুৱানী।
“অ’! প্ৰদীপ ফুকনে আমাক এতিয়াহে চিনি পালে নে? ভালেই হৈছে। থৈ দিয়কগৈ। সময়ত যাম আৰু থিয়েটাৰ চাবলৈ.....।”
বৰুৱাৰ এনেকুৱা লাগিল যেন টিকেটটো ইহঁত দুজনীক দেখুওৱাটোৱেই ভুল হ’ল। আচলতে, টিকেটটো তেওঁ ৰখাটোৱেই ভুল হ’ল। সঁচায়, কি যে কাম কিছুমান কৰি পেলায় তেওঁ!
এবাৰ তেওঁৰ এনে লাগিল যেন ফুকনক লগ ধৰি ঘূৰায়ে দিব টিকেটটো।
অৱশ্যে ঘূৰাই নিদিলে।
বহুত কথা চিন্তা কৰি টিকেটটো ৰাখি থ’লে। টেবুলৰ দ্ৰয়াৰটোতে থৈ দিলে। হ’ব। থাকিব। কোনেনো নিব?
ৰাতি মুখ-হাত ধুই, শুবলৈ বুলি কোঠালৈ সোমাই আহিল বৰুৱা। তেনেতে তেওঁৰ আচৰিত হোৱাৰ পাল।
দ্ৰয়াৰৰ পৰা টিকেটটো উলিয়াই একান্তমনে চাই আছে নন্দিনীয়ে।
[ ১১৭ ]
হাঃ কি কথা!
অৱশ্যে হঠাৎ তেওঁৰ খোজৰ শব্দ শুনিয়েই তাই সচকিত হৈ উঠিল। টিকেটটো লৰালৰিকৈ দ্ৰয়াৰত পেলাই দি দ্ৰয়াৰটো ঠেলা মাৰি দিলে। তাৰ পিছত তাই আগৰদৰেই। উদাসীন।
বৰুৱাৰ মনটো অৱশ্যে ভাল লাগি গ'ল।
“মই জা-নো-তো।” এনে এটা ভাৱত তেওঁৰ মনটো ভৰি উঠিল।
এই যে, তেওঁৰ মনটো এক অবুজ তৃপ্তিত ভৰি উঠিল, সেই তৃপ্তিটো তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিলে সম্পূৰ্ণ পোন্ধটা দিন। তাৰ পিছত এইয়া তেওঁ বহি আছে থিয়েটাৰ হলৰ ভিতৰত, চীফ পেট্ৰনৰ আসনত। তাকো একেবাৰে প্ৰথম শাৰীত! লগত তেওঁৰ পৰিবাৰ। মাজতে বহিছে নন্দিনী। নন্দনৰ খবৰ তেওঁ কৰা নাই। আছে চাগে সি ক'ৰবাত।
মনটো ভাল লাগি আছে তেওঁৰ।
মেইন গেইটত তেওঁৰ টিকেটটো পৰীক্ষা কৰি, পিছফালে “পেইড” বুলি মাৰি থোৱা ষ্টাম্পটো আৰু লগতে প্ৰদীপ ফুকনৰ চহীটো দেখি যেন তেওঁলোক কিছু হতাশ হৈছিল। তথাপিও, তেওঁলোকে সম্ভ্ৰমেৰেই বাট এৰি দিছিল তেওঁক। বৰুৱাৰ মনটো গহীন গহীন লাগিছিল।
তাৰ পিছত তেওঁ আহি পৰিছিলহি আসন দেখুওৱা স্বেচ্ছাসেৱকৰ দলটোৰ হাতত।
“নন্দিনী, আহিলা! ব’লা চিটটো দেখুৱাই দিওঁ গৈ,...... আহক খুড়া...”
সেইটো প্ৰাঞ্জল নহয়নে?
সি কি আগতেই জানিছিল নন্দিনীহঁত চীফ পেট্ৰনৰ দৰ্শক বুলি?
হয়তো খবৰ ৰাখিছিল। নহ'লে.......।
নিজৰ চিটত বহি লৈ বৰুৱাই চাৰিওফালৰ পৰিস্থিতিটো অধ্যয়ন কৰিবলৈ লাগিল।
একেবাৰে প্ৰথম শাৰী।
সমুখত নাই কোনো বাধা।
নাই কোনো ক’লা ক’লা মূৰৰ এখন বিশাল প্ৰাচীৰ। ডিঙি মেলি মেলি চাবলগীয়া হোৱাৰ প্ৰশ্নই নাহে। ভালেই লাগিব নিশ্চয় আজি নাটকখন চাই।
মাজে মাজে তেওঁ মুখখন ঘূৰাই পিছৰ ফালে চায়। মানুহে ভৰ্তি হৈ [ ১১৮ ] আহিছে। গেলাৰীও পূৰা ভৰ্তি। ভালকৈ চাব পাৰিবনে বাৰু সৌ পিছৰ মানুহখিনিয়ে? বিশেষকৈ, বিশেষ শ্ৰেণীৰ মানুহখিনিয়ে?
এক অদ্ভুত তৃপ্তিত তেওঁৰ মনটো ভৰি উঠিল। অৱস্থান-অৱস্থিতিৰ সুযোগ-সুবিধাই তেওঁলৈ আনি দিয়া এক তৃপ্তি। চীফ-পেট্ৰনৰ দৰ্শক হ’বলৈ পোৱাৰ তৃপ্তি। একেবাৰে সমুখৰ শাৰীতে চিটটো পোৱাৰ তৃপ্তি। এইয়া কি ধেমালি!
মাজে মাজে তেওঁ নন্দিনীলৈ চায়।
গহীন হৈ থাকিবলৈ হাজাৰ চেষ্টা কৰিলেও তাইৰ চকুৱে-মুখে বিৰিঙি উঠিছে তাইৰ মনৰ সুপ্ত আনন্দৰ বৰ্ণিল ৰামধেনু।
বৰুৱানীও তৃপ্ত। সমুখেৰে পাৰহৈ যোৱা চিনাকি মহিলাৰ লগত ভদ্ৰতাসূচক দুই-এটা ভাৱ-বিনিময় আৰু নিয়ন্ত্ৰিত পৰিসৰৰ একোটা হাঁহি। বচ ইমানেই। তথাপিও........।
থিয়েটাৰ হলৰ ভিতৰৰ উচ্চগ্ৰামৰ গান-বাজানাৰ শব্দবোৰে আন সকলো শব্দ আৰু কথা-বাৰ্তাক যেন গিলি পেলাইছে। তাৰ মাজতো বৰুৱাৰ কাণত মাজে মাজে উফৰি পৰিছেহি কোনো কোনো চিনাকি কণ্ঠৰ একোটা সম্বোধন
“আহিছে, বৰুৱা।”
“বহিছে।”
“খুড়া, ভালনে?”
“আপুনি ভাল চিটেই পালে দেখোন হে’ বৰুৱা..... হেঃ হেঃ হেঃ...”
তেওঁৱে হাঁহি এটাৰেই প্ৰত্যুত্তৰ দিয়ে।নহ’লেনো কৰে কি তেওঁ? *
নৃত্য-নাটিকাখন সঁচায়ে ভাল হৈছে। বৰ প্ৰাণৱন্ত নৃত্যানুষ্ঠান। তাতে বিজুলী বাতিৰ ৰঙীন ছাঁ-পোহৰৰ খেলা। বৰ সুন্দৰ নন্দিনীৰতো কথাই নাই, বৰুৱানীও তৃপ্ত। লগতে বৰুৱাও। এৰা দেই, থিয়েটাৰৰ নাটক যদি সঁচায় চাবই লাগে, তেন্তে চাব লাগে এই চীফ-পেট্ৰনৰ চিটত বহিহে। থিক থিক। সেয়েহে এইবোৰ টিকটৰ দামো বেছি। নামো বেছি। ভালেই হ’ল যে তেওঁ একেবাৰে প্ৰথম শাৰীৰ চিট এটাই পাই গ'ল।
হঠাৎ দৃশ্য পৰিৱৰ্তন।
খবৰ কাগজ এখনেৰে মুখখন ঢাকি এজন মানুহ দ্ৰয়িংৰূম এটাত বহি আছে। সুসজ্জিত দ্ৰয়িংৰূম। হঠাৎ কাষৰ দুৱাৰ এখনেদি পৰ্দা আতৰাই কোনোবা [ ১১৯ ] এজনে মূৰটো উলিয়াই বহি থকাজনক মাত লগালে।
“কাগজ পঢ়িছে, বৰুৱা!”
বৰুৱা! অন্য এটা উপাধি দিব নোৱাৰিলেহেঁতেন নে বাৰু? বাৰু হ’ব। চাই যাওঁকচোন তেওঁ, কি বা হয়, কি বা ওলায়!
অতিথিজন বহিল। বাৰ্তালাপ আৰম্ভ। মাজতে আহিল চাহৰ প্ৰস্তাৱ। বৰুৱা উপাধিৰ চৰিত্ৰটোৱেইখন দুৱাৰৰ পৰ্দা দাঙি ভিতৰলৈ বুলি চিঞৰ লগালে।
“এইনন্দিনী!.......চাওঁ, চাহ দুকাপ কৰাচোন। অমল খুড়া আহিছে...আৰু মাৰাকো ওলাই আহিবলৈ কোৱা...”
উৱা! তাতো দেখোন নন্দিনী!
কি নাটক হ’ব এইখন!
কি কাৰবাৰ! কিবা গণ্ডগোল হোৱা নাইতো? তাতে আক’ ওলাইছেহি অমল নামৰ চৰিত্ৰ এটা, মানে বৰুৱাৰ গাঁৱৰ অমলৰ কথা নহয়তো? কি নাটক হ’ব এইখন? কোনে লিখা নাটক বাৰু এইখন?
কিবা এক গভীৰ ৰহস্যৰ গোন্ধ পালে তেওঁ। ইয়াত এক ভয়ঙ্কৰ অভিসন্ধি নাইতো? আৰু থাকিলেও, কাৰনো অভিসন্ধি হ’ব পাৰে? প্ৰদীপ ফুকনৰ?
ইফালে, নন্দিনীও আচৰিত হোৱাৰ পাল। কি বা ওলায়! কি বা হয়! তথাপিও শান্ত হৈয়েই বহি থকাৰ সিদ্ধান্ত ল'লে তাই। মনত অৱশ্যে উৎকণ্ঠা।
ইপিনে, বৰুৱাহঁতৰ কাষে-পাজৰে বহি থকা দৰ্শকসকলে নাটকখনৰ দৃশ্যাংশবোৰ উপভোগ কৰিবলৈ লৈছে। বিশেষকৈ, যি সকলে বৰুৱাহঁতক জানে।
অমলে গাঁৱৰ খবৰ আনিছে।
বৰুৱাৰ মাক শয্যাশায়ী। তেওঁৰ সৰু ভায়েকটোৱে চিকিৎসা কৰাব পৰা নাই। অৰ্থৰ অভাৱ। খেতিটোও ভাল নহ’ল এইবাৰ। তাতে ভূতৰ ওপৰত দানহ্ পৰাদি আহি পৰিলহি বৰুৱাৰ বিয়া হোৱা ভনীয়েকজনী। গিৰিয়েকৰ ঘৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ চূড়ান্ত পৰ্য্যায় পোৱাৰ বাবে শেষত উপায় নাপাই, ছোৱালীজনীক কোলাত লৈ মাকৰ ঘৰলৈ উভতি আহিছে। গতিকে, যেনেতেনে হ'লেও বৰুৱাই এপাক মাৰি আহিব লাগে.......।
আৰে, এইবোৰ সব দেখোন জগত বৰুৱাৰ ঘৰখনৰ কথাই। একেবাৰে সঁচা কথাবোৰ। অমিল বুলিবলৈ সামান্য কথা এটাও নাই।
[ ১২০ ]
লগে লগে তেওঁৰ মনৰ চকুৰ আগত ভাহি উঠিল তেওঁৰ গাঁৱৰ ঘৰখন, আগ চোতালৰ সমুখৰ নাৰিকল দুজোপা, খেৰী ঘৰটোৰ চালত পৰি থকা কোমোৰা কেইটা! তেওঁৰ সমুখত যেন জিলিকি উঠিল দুৱাৰ মুখতে পেট পেলাই পৰি থকা কুকুৰটোও!
লাহে লাহে তেওঁ যেন ভিতৰ সোমাই গ'ল। লেতেৰা, অপৰিপাতি বিচনা এখনত যেন কাহি-কাহি পৰি আছে তেওঁৰ মাকজনী। বৰ কাতৰ ভাৱে যেন তেওঁ বৰুৱালৈকে চাই আছে। হঠাৎ দুৱাৰ মুখত যেন দেখা দিলেহি ৰেণু। শুকাই-খীনাই অৱস্থা নাইকিয়া হোৱা ৰেণুজনীয়ে যে এতিয়াও শিৰত সেন্দুৰকণ লৈয়েই আছে। এদিন নহয় এদিন গিৰিয়েক আহি যেন তাইক পুনৰ ওভোতাই নিব, সিহঁতৰৰ এখন সুখৰ ঘৰ হ’ব, এই আশাত।
হঠাৎ খেৰেংকৈ হোৱা এক উচ্চ গ্ৰামৰ শব্দত বৰুৱাৰ সম্বিত ঘূৰি আহিল। মানে নাটক পুৰ্ণোদ্দমে চলি আছে। এগৰাকী মহিলা, নিশ্চয়কৈ বৰুৱা উপাধিৰ চৰিত্ৰটিৰ পৰিবাৰ হ'ব, কঁকালত এখন হাত থৈ আনখন হাতৰ আঙুলি জোকাৰি জোকাৰি তেওঁক টান টানকৈ কথা শুনাই আছে।
“নোৱাৰে যাব বুলিছো নহয়.... আমাৰ নিজৰেই ইমান লেঠা। ঘৰটোও আজি ইমান দিনে সম্পূৰ্ণ নহ'লগৈয়ে... ইপিনে নন্দনৰ পঢ়াৰ নামত খৰচ পাতিবোৰ আছেই। ছোৱালীও ডাঙৰ হৈ আহিছে, সেইবোৰৰ খবৰ হ’লে নাই। তেওঁক যাবলৈ লাগে আক’ ভায়েক-ভনীয়েকৰ সংসাৰৰ জোৰা টাপলি মাৰিবলৈ.... কোনো দৰকাৰ নাই....বিয়া হৈছিল নিজেই, গিৰিয়েকৰ লগত কাজিয়া কৰি এতিয়া ঘৰ সোমাইছেহি, তাত আমাৰ কি দোষ? কিবা আমাক সুধি বিয়া হৈছিলনে? নে, আমিয়েই তাইক সেই অলৰ্গদ্ধটোৰ লগত বিয়া পাতি দিছিলো? গতিকে কোনো দৰকাৰ নাই আমাৰ। সেই অমলনে কোনআহিছে স্পষ্টকৈ কৈ দিয়কগৈ যে আপুনি নাযায়......”
জগত বৰুৱাৰ মূৰটো ঘুৰাই গ’ল। চকুৰে ধুৱলী কুঁৱলী দেখিবলৈ ধৰিলে তেওঁ। চশমাজোৰ খুলি, ৰুমালখনেৰে মুখখন মহাৰি ললে তেওঁ?
“অ’ মাজনী, আমি যাওঁ গৈ ব’ল।”
নন্দিনী উচপ খাই উঠিল।
কি কৰে দেউতাই?
এতিয়া উঠি গ'লে অৰ্থটো কি হ'ব?
[ ১২১ ]
চিনাকি মানুহবোৰে কি ভাৱিব?
ইমানলৈকে যিয়ে যি ভাৱিছে, ভাৱিছে আৰু। কিন্তু তেওঁলোক এনেকৈ হঠাৎ উঠি গলে?
নন্দিনীয়ে দেউতাকৰ হাতখনত হেঁচা এটা মাৰি ফুঁচফুঁচাই ক'লে,
“নালাগে। বহি থাকক। শেষ হ’বই এতিয়া....”
ইপিনে বৰুৱানীৰ কি অৱস্থা হৈছে বৰুৱাই নাজানে। অনুমান অৱশ্যে তেওঁ কৰিছে। বৰুৱানী নিশ্চয় খঙত জ্বলি উঠিছে। এক নিস্ফল খং।
অগত্যা, বহি থাকিল তেওঁ। চকু দুটা মুদি দিলে। নাচায় আৰু তেওঁ নাটকখনৰ বাকীছোৱা। কিন্তু, কাণ দুখনৰ কি কৰে তেওঁ? নাটকৰ বচনবোৰ আৰু বাদ্য-যন্ত্ৰবোৰৰ উচ্চ গ্ৰামৰ ধ্বনিবোৰে তেওঁৰ কৰ্ণ কুহৰত ভীষণ নিষ্ঠুৰ ভাৱে আঘাত কৰি থাকিলহি।
এবাৰ প্ৰাঞ্জল’ নামটো শুনি তেওঁ চকু মেলি দিলে। আচলতে নাচাই নোৱাৰিলে তেওঁ। মঞ্চত নন্দিনী আৰু প্ৰাঞ্জলৰ গভীৰ প্ৰেমৰ নিবিড় বাৰ্তালাপ!
“তুমি মোক সঁচায় কিমান ভাল পোৱা প্ৰাঞ্জলদা?...”
“ক'ব নোৱাৰো। মাথো ইমানেই জানো, মই যেন জীয়াই আছো কেৱল তোমাৰ বাবেই, কেৱল তোমাৰ বাবেই নন্দিনী!”
লগে লগে সিখন মঞ্চৰ পৰ্দাত জিলিকি উঠিল বৰ্ণিল আখৰৰ নামটো,
“কেৱল তোমাৰ বাবেই”
বেকগ্ৰাউণ্ডত বাজি উঠিল এটি ৰোমাণ্টিক গীত। পৰ্দাত জিলিকিবলৈ ধৰিলে নেইম-কাষ্টিং।
এইবাৰ নন্দিনীৰ অৱস্থা বেয়া হৈ গ’ল। গেলেৰীৰ পৰা বিভিন্ন কৌতুকপূৰ্ণ চিঞৰ উফৰি উফৰি আহি থাকিল। তাইৰ লাজ লাগিবলৈ ধৰিলে। তাতে চীফ-পেট্ৰনৰ বহুতো চিনাকি দৰ্শকেও কৌতুকপূৰ্ণ মন্তব্য কৰি থকা তাইৰ কাণত নপৰাকৈ থকা নাই। গতিকে............।
আগ-পিছ নুগুনি এইবাৰ বৰুৱানী উঠি দিলে।
বৰুৱা যেন উচপ খাই উঠিল, “কি কৰা?”
০০০০০০ ০০০০০০
০০০০০০ ০০০০০০
ৰচনা কালঃ আগষ্ট, ২০১৩
আত্মশুদ্ধি
পাপুৰ ধৈৰ্য্য কমি আহিছিল।
সি হৰ্ণটো মাৰি দিলে।
কেই মিনিটমানৰ অপেক্ষা।
হৰ্ণটো আকৌ মাৰিলে।
আকৌ প্ৰতীক্ষাৰ পাঁচ মিনিট।
হৰ্ণটো আকৌ এবাৰ মাৰিলে।
নাই, ভাগৱতী ওলাই নাহিল।
এইবাৰ সি দেউতাকক চিঞৰি মাতিলে।
সি চিঞৰি মতা শুনি অভিনন্দনেও চিঞৰিলে, “অই ককা! আহ।”
ইপিনে, বোৱাৰীয়েও বিৰক্তি প্ৰকাশ কৰি মুখৰ ভিতৰতে ভোৰভোৰাবলৈ লাগিল, “কি-ই-নো কৰি আছে জানো পাই! আমাৰতো অথনিয়েই হ’ল!”
পাপুৰ ভাৱ হ’ল, দেউতাকে চাগে আইনাৰ সমুখত ৰৈ বিভিন্ন কোণৰপৰা তেওঁৰ সাজ-সজ্জা পৰীক্ষা কৰি আছে।
ডেকা হৈ থাকিবলৈ বৰ মন তেওঁৰ। বুঢ়া হ’ব বুলি, কোনোবাই তেওঁক বুঢ়া বুলি কয় বুলি ভীষণ ভয় তেওঁৰ। গতিকে যিমান পাৰে ডেকা হৈ থাকিবলৈ চেষ্টা কৰে। চুলিত কলপ লগায়। প্ৰতিদিনেই দাড়ি খুৰায়। খাৰা ইস্ত্ৰী কৰা, চাফা,ঢক্ঢকীয়া বগা চাৰ্ট-পেণ্ট আৰু নিতৌ পলিচ কৰা ক’লা জোতা পৰিধান কৰে। আকৌ, ম'বাইল ফোনটোতো পকেটত থাকেই। নথকাৰ ভিতৰত কেৱল বাইক এখনহে নাই। যৌৱনৰ বাকী সকলো সম্ভাৰেই আছে তেওঁৰ।
ঘৰত অৱশ্যে বাইক এখন নথকা নহয়। পাপুৰ বাইকখন আছে। কিন্ত চলাবহে নাজানে তেওঁ। আৰু, এই বয়সত এইবোৰ চলাবলৈ শিকিবলৈ সাহসো নাই তেওঁৰ। কেনেবাকৈ পৰি-ধৰি হাত-ভৰি ভাগিব লাগিলে হ’লেই আৰু।
অৱশ্যে এইটোও ঠিক যে পো-বোৱাৰী, জী-জোৱায়ে তেওঁৰ আলৈ-আথানি হ’বলৈ নিদিয়ে। সিহঁতৰ পিতৃ-ভক্তি হ’ল অতুলনীয়। লাগিলে সিহঁত নিজেই নৰকলৈ যাব, তথাপি দেউতাকক স্বৰ্গসুখত ৰাখিবই। গতিকে তেওঁক [ ১২৩ ] আৰু লাগে কি?
কিন্তু কথা সেইটো নহয়।
তেওঁক এনে এটা ঐশ্বৰিক শক্তি লাগে যাৰ সহায়ত তেওঁ চিৰকাল ডেকা হৈ থাকিব পাৰে, সদায় সকলোৰে বাবে “প্ৰসেনদা” হৈ থাকিব পাৰে, ঠিক যেনেকৈ ড° ভূপেন হাজৰিকা চিৰদিন “ভূপেনদা” হৈয়েই থাকিল। কোনো কাৰণতে “বৰদেউতা” বা “খুড়া” হ’বলৈ ভাল নাপায় তেওঁ। “ককা”ৰতো কথাই নাই।
অৱশ্যে, তেওঁৰ জোৱায়েকে মুখৰ ভিতৰতে অস্পষ্টভাৱে তেওঁক “বৰ্তা” বুলি মাতে।
আক’,নাতি দুটাকো “ককা” বুলি মাতিবলৈ তেওঁ বাৰু নিজেই শিকাই দিলে। নহ'লে অৱশ্যে অন্য কোনো উপায়ো নাছিল তেওঁৰ। সিহঁতকতো তেওঁ তেওঁক “দাদা” বা “ছাৰ” বুলি মাতিবলৈ শিকাব নোৱাৰে।
“পিতাশ্ৰী! হ’লনে নাই?”
ৰাস্তাৰ পৰা এনেকৈ কাৰোবাক চিঞৰি মাতি থাকিবলৈ ভাল নালাগে। তথাপিও চিঞৰ এটা নামাৰি নোৱাৰিলে সি। সময়ৰ কথা আছে। দূৰত্বৰ কথা আছে।
তাক এনেকৈ চিঞৰা শুনি এইবাৰ চিঞৰ লগালে অভিয়েও, “অই ককা।”
কিন্তু কোনো সঁহাৰি নাহিল ভাগৱতীৰ পৰা।
“এই পিতাশ্ৰীযে আৰু! যিমানেই বুঢ়া হৈ আহিছে সিমানেই ধুন-পেচটো......!”
সি ভোৰভোৰাবলৈ ধৰিলে।
পাপু আৰু পৰিণীতাই ভাগৱতীক দেউতা বুলি নামাতে। “পিতাশ্ৰী” বুলিহে মাতে। তাহানিৰ দূৰদৰ্শনৰ মহাভাৰতৰ প্ৰভাৱটো থাকি গ'ল।
বাৰু, যিয়েই নহওঁক, ভোৰভোৰোই ভোৰভোৰাই পাপু গাড়ীৰ পৰা নামি গ'ল। ইপিনে, আগচিটত বহি থকা অভিনন্দনে “ষ্টিয়েৰিং” ডালকে যিমান পাৰে ঘূৰাবলৈ চেষ্টা কৰিলে। হৰ্ণটো বজাবলৈয়ো চেষ্টা কৰিলে। একো এটা কৰিব নোৱাৰি শেষত সি যিহকে পাৰে তিহকে টনা আজোৰা কৰিবলৈ ধৰিলে।
“অ’ সোণ! অ’ সোণ! নকৰিবা, নুচুবা।”
[ ১২৪ ]
নাই। মাকে পিছৰ চিটৰ পৰা যিমানেই মাতি থাকক লাগিলে, সি শুনাত নাই। গাড়ী সি চলাবই। কোনে বাধা দিব পাৰে তাক! বেটা কাৰ!
সৌ তিনি আলিত ৰখাই থোৱা ৰাজেশ কাশ্যপৰ গাড়ীখনৰ হৰ্ণটোও তিনিবাৰমান বাজিল।
কাশ্যপে আচলতে আজি গাড়ীখন লৈ নোলোৱা হ'লেও হ'লহেঁতেন। পাপুৰ গাড়ীতে দুইটা মানুহ “এডজাষ্ট”কৰি যাব পাৰিলেহেঁতেন। কিন্তু, নতুন গাড়ীখন মিতিৰৰ মানুহখিনিক দেখুৱাও দেখুৱাও লাগি থাকে যে, সেয়েহে, পৰিণীতাই বোলে, “লৈয়ে যাওঁ নিজৰ গাড়ীখন। “ষ্টেণ্ডাৰ্ড” এটাৰ কথাও আছে নহয়।” তাতে কাশ্যপ হ’ল জিলা শিক্ষা বিষয়া। সমগ্ৰ জিলাখনৰ শিক্ষাৰ চাবি-কাঠিটো তেওঁৰ হাততে আছে। তেনে ক্ষেত্ৰত.....।
পাপুৰ ফোনটো ৰিং হ’ল।
বায়েকৰ ফোন।
“এই ৰহ্... পিতাশ্ৰী ওলাই অহাই নাই নহয়। কি..ই..নো কৰি আছে জানো!”
ক'ৰবালৈ যাবলৈ বুলি ওলাই এনেকৈ ৰাস্তাত ৰৈ থাকিবলগীয়া হ'লে কাৰনো খং নুঠিব বাৰু?
“ৰ’বাচোন, মই গৈ চাই আহোঁ এবাৰ।”-পৰিণীতা গাড়ীৰ পৰা নামি আহিল।
বাওঁ হাতেৰে শাৰীখন আৰু সোঁ হাতেৰে ম'বাইল ফোনটো ধৰি খৰ খোজেৰে আগবাঢ়ি আহিল তাই। যেন তাই নিজে নাহিলে নহৈছে।
মাথো দহ খোজৰ বাট। কিন্তু সময়ৰ যেতিয়া টনাটনি হয়, তেতিয়া দহ খোজৰ বাটকনো দহ মাইল দূৰ যেন লাগে।
“জেঠী! জেঠী! জেঠী।”
পৰিণীতাক দেখি অভিনন্দনে গাড়ীৰ ভিতৰৰ পৰাই চিঞৰিলে।
“অ’ সোণ! অ’ সোণ! জেঠাই বুলি মাতা। জেঠী বুলি নামাতে নহয়।”
নাই। মাকে যিমানেই শিকাওঁক সি জেঠাই বুলি নামাতে। উপায় নাই।
ভূৱন ভুলুৱা হাঁহি এটা মাৰি সি আকৌ এবাৰ চিঞৰিলে, “জেঠী!”
পিছে এতিয়া এইবোৰলৈ চকু-কাণ দিবলৈ তাইৰ সময়ো নাই, ইচ্ছাও নাই।
[ ১২৫ ]
“পিতাশ্ৰী! কি কৰি আছানো? চাৰে ন বাজিলেই নহয়।”- দেউতাকক উদ্দেশ্যি কৈ কৈ তাই ভিতৰলৈ সোমাই গ’ল।
কিন্তু, দেউতাকৰ কোঠাত সোমায়ে তাই যেন উচপ খাই উঠিল।
সাজ-সজ্জা দেখোন একোকে কৰা নাই তেওঁ। খালি গেঞ্জীটো আৰু গামোচা এখনহে গাত আছে। চাৰ্ট-পেন্ট সব দেখোন বিচনাৰ ওপৰতে পৰি আছে। কি হৈছে তেওঁৰ?
“কি হ’ল আক’ তোমাৰ? গা বেয়া নেকি?” - উদ্বিগ্ন হৈ পৰিল তাই।
ভাগৱতীয়ে কিন্তু একোকে নক'লেও আৰু কাপোৰ কানি পিন্ধাৰো আয়োজন নকৰিলে। তেওঁ মাথো হাতযোৰ কৰি, চকু মুদি ভগৱানৰ নাম ল’বলৈহে লাগিল।
“ভগৱান! ভগৱান! কৰুণাময়, জগদীশ্বৰ প্ৰভু দয়াময়! মোক দয়া কৰা, কৃপা কৰা প্ৰভু!”
দেউতাকৰ ভগৱানৰ প্ৰতি ভাৱ-ভক্তি সৰুৰে পৰাই দেখি দেখি অভ্যস্ত হৈ পৰিছে তাই।
তাই দেখে, যিকোনো স্থানতে, যিকোনো সময়তে তেওঁ এনেকৈ ওপৰলৈ হাতযোৰ কৰি “ভগৱান! ভগৱান!” বুলি মাতিবলৈ লয়।
তদুপৰি, নিজৰ ঘৰৰ দুৱাৰ মুখতে সাজি লৈছে এটা মন্দিৰো! তাত পুৱা-গধূলি পূজা-পাঠৰ আদি-অন্ত নাই। নিজৰ সাত্বিকতা সম্পূৰ্ণৰূপে বজাই ৰাখে তেওঁ। গতিকে কিবা এটা কৰাৰ আগতে বা ক'ৰবালৈ যোৱাৰ আগতে তেওঁতো ভগৱানৰ নাম ল’বই। দস্তুৰমত ল’ব। লাগিলে হাজাৰ বাৰ ল’ব।
লওঁক। কিন্তু এতিয়া যে সময়ৰ বিৰাট টনাটনি!
“চাওঁ, চাওঁ পিতাশ্ৰী, ওলোৱা, দেৰি নকৰিবা। আমিতো ৰেডি হ’লোৱেই।”
তাই চাৰ্ট এটা তেওঁলৈ বুলি আগবঢ়াই দিলে।
ভাগৱতী কিন্তু দুখোজ পিছুৱাইহে গ’ল।
“নিপিন্ধো অ’ দেহা সেইবোৰ। সেইবোৰ লেতেৰা হ’ল। দাগ লাগি আছে তাত।”
পৰিণীতাই চোলাটো বহলকৈ মেলি ধৰি তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ ধৰিলে।
[ ১২৬ ]
নাই। ক’তো দাগ-চাগ নাই। সম্পূৰ্ণ পৰিস্কাৰ। বগলীপাখি যেন ঢক্ঢকীয়া বগা কাপোৰ সাজ। কোনো ধৰণৰ দাগ বা চেকাই নাই তাত।
“চোৱা পিতাশ্ৰী! ইয়াত ক’তো কোনো দাগ-চাগ নাই। সম্পূৰ্ণ চাফা হৈ আছে। পিন্ধা। দেৰি নকৰিবা।” -তাইৰ আকুল আহ্বান।
“নহয় অ’ দেহা! ভালকৈ চোৱাচোন, দাগ লাগি আছে তাত। মই দেখিছো নহয়। তুমি দেখা নাইনে? চোৱাচোন ভালকৈ...”
এটা কেঁচুৱাৰ নিচিনাকৈয়ে ঠেন্ঠেনাবলৈ ধৰিলে তেওঁ। তেওঁৰ চকু-মুখত ফুটি উঠিল এক তীব্ৰ অসন্তুষ্টিৰ ভাৱ।
ইফালে পৰিণীতাৰতো হাহাকাৰ অৱস্থা।
ক’ত বা দাগ দেখিলে পিতাশ্ৰীয়ে।
কিন্তু অন্য উপায়তো নাই। দাগটো দেখিছে অকল তেওঁহে।
“আচ্ছা, ঠিক আছে বাৰু, এইবোৰ যদি লেতেৰা হৈছে তেন্তে বেলেগ এযোৰ পিন্ধা। দেৰি নকৰিবা।”
ঠিক তেনেতে দুয়োখন গাড়ীৰে হৰ্ণ অগা পিছাকৈ বাজিবলৈ ধৰিলে। তাই মাথো “গৈ...ছো” বুলি চিঞৰ এটা মাৰিলে আৰু আলমিৰাটোৰ ফালে আগবাঢ়ি গ'ল।
ধুই কৰি ইস্ত্ৰী কৰি থোৱা বেলেগ চাৰ্ট-পেন্ট এযোৰ উলিয়াই তাই মৃদু ভাষাৰেই দেউতাকক অলপ দমেই দিলে, “চাওঁ এইযোৰ পিন্ধা। দেৰি নকৰিবা।”
কিন্তু দুৰ্ভাগ্য আৰু কাক কয়! ভাগৱতীয়ে কাপোৰযোৰ হাতত তুলি লৈয়েই বিচনালৈ দলিয়াই দিলে। তাৰপিছত তেওঁ ভোৰভোৰাবলৈ ধৰিলে, “কোনেনো বাৰু এইবোৰ বদমাচি কৰিলে জানো! ধুই কৰি থোৱা কাপোৰবোৰত কোনেনো বাৰু দাগ লগাই থৈ গ'ল! ভগৱান প্ৰভু জগদীশ্বৰ দয়াময়!”
কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰিল পৰিণীতা।
ইপিনে দুয়োখন গাড়ীৰ হৰ্ণ অগা-পিছাকৈ বাজিয়েই থাকিল।
অলপ পিছতে বলকি বলকি সোমাই আহিল পাপুও, “এহ্, পিতাশ্ৰীৰ হ’ল কি?”
পৰিণীতাই চকুৰেই ইঙ্গিত দি তাক বাহিৰলৈ মাতি লৈ গ'ল আৰু যিমান পাৰে চমুৱাই দেউতাকৰ সমস্যাটো তাক ক'লে। এইবাৰ তাৰ আচৰিত হোৱাৰ পাল।
[ ১২৭ ]
“তই সঁচায়ে কৈছনে?”
“মিছা ক'বলৈ মোৰ হ’ল কি?”
“ছেঃ বৰ বেয়া কথাটো হ'ল নহয়। কি কৰ এতিয়া?”
ঠিক তেনেতে তাইৰ ফোনটোৰ ৰিং হ’ল।
ফোনটো ৰিচিভ কৰি তাই মাত্ৰ “এক মিনিট” বুলি ক'লে আৰু ভিতৰলৈ সোমাই গ'ল।
দুখোজ যাওঁতেই তাই দেখিলে ভাগৱতীয়ে হাতত কাপোৰ কেইযোৰ লৈ বাথৰুমৰ ফালে গৈ আছে। তেওঁ নিশ্চয় কাপোৰখিনি ধুব এতিয়া।
“তোমালোকেই যোৱা অ’ দেহা। মই কাপোৰখিনি ধুই লওঁ। কাৰনো বদমাচি বাৰু এইবোৰ, চোৱাচোন।”
পৰিণীতাৰ অন্তৰখন যেন জিকাৰ খাই উঠিল। কিন্তু ধৈৰ্য্য নেহেৰুৱালে তাই।
এতিয়া অধৈৰ্য্য হলে পৰিস্থিতি বেয়াহে হ'ব। তাতে দেউতাকে যদি তাইৰ মনৰ কথা বুজিব পাৰে তেতিয়া? গতিকে উপস্থিত বুদ্ধি খটালে তাই।
“বাৰু হ’ব দিয়া। ধুই লোৱা তুমি। আমি বাৰু সোনকালেই উভতি আহিমগৈ। বুইছা পিতাশ্ৰী?”
পৰিণীতা ধীৰে ধীৰে ওলাই আহিল।
পিছৰ কথা বাৰু পিছত হ’ব।“ আমাৰ এওঁৰ লগতো আলোচনা কৰিব লাগিব। সদ্যহতে তেওঁ যি কৰে কৰি থাকিবলৈকে দিব লাগিব। এইটো যেন নিত্যান্তই সাধাৰণ কথা ঠিক এনে ব্যৱহাৰ কৰিব লাগিব। কাৰো মনত কোনো প্ৰকাৰৰ সন্দেহ হ’বলৈ দিবই নালাগে। গতিকে সাৱধান হ’ব লাগিব। ইফালে, কথাটো মনাইয়ে গম পালে হ’লেই আৰু!
বিয়া বাৰু হোৱাৰ আগলৈকে তাই সিহঁতৰ দদায়েকক যি বুলি সম্বোধন কৰিব লাগে তেনেকৈয়ে কৰিছিল বা উল্লেখ কৰিছিল। কিন্তু পূৰ্বজন্মৰ কিবা পূণ্যৰ বলত জিলা শিক্ষা বিষয়া ৰাজেশ কাশ্যপৰ লগত বিবাহ-পাশত আবদ্ধ হ’বলৈ পোৱাৰ পৰৱৰ্তী কালত তাই দদায়েকক পূৰ্বৰ অৱস্থানৰ পৰা পদচ্যুত কৰিলে আৰু প্ৰদান কৰিলে এক নতুন অভিদা, “মনাই”।
বাৰু যিয়েই নহওঁক, তাই পৰিস্থিতি ক্ষীপ্ৰভাৱে চম্ভালি ল’লে।
ওঁঠত এটা সৰল হাঁহি ওলোমাই লৈ তাই ওলাই গ’ল।
[ ১২৮ ]
দুৱাৰ মুখত বাট চাই থকা পাপুক গাড়ীলৈ যাবলৈ ক’লে আৰু নিজেও খৰ খোজেৰে গৈ গাড়ীত উঠিল গৈ।
“বৰ্তা নাযায়নি?” -ৰাজেশৰ স্বাভাৱিক প্ৰশ্ন।
“পিতাশ্ৰীৰ হেনো গা-টো বৰ ভাল লগা নাই। আমিও সোনকালেই উভতি আহিম দিয়া।”
গাড়ী আগবাঢ়িল।
লক্ষ্যস্থান দেৱেন্দ্ৰ নগৰ। পাপুৰ শহুৰেকৰ ঘৰ।
উদ্দেশ্য, এটা জন্মদিনৰ উৎসৱত অংশ গ্ৰহণ।
সুন্দৰ মিহি ৰাস্তা, নতুন গাড়ী, মনত উদ্যম।
গাড়ী আগবাঢ়িছে কোঁ-কোঁৱাই।
ৰাজেশে চকু ৰাখি গৈছে সমুখলৈ। পৰিণীতা কিন্তু গুম হৈ বহি গৈছে। তাইৰ মনৰ মাজত লাহে লাহে সঞ্চাৰ হ’বলৈ ধৰিলে এক ভয়, এক সন্দেহ, এক উৎকণ্ঠা। কি হ'ব পাৰে বাৰু পিতাশ্ৰীৰ?
ইমান পৰিস্কাৰ, বগলী-পাখি যেন ঢক্ঢকীয়া কাপোৰখিনিতো তেও দেখিছে দাগ। দাগ! সেই চাফা কাপোৰখিনিও ধুবলৈ লৈ গৈছে। এতিয়া চাগে তেওঁ কাপোৰখিনি ঘঁহি ঘঁহি ধুই আছে। দাগবোৰ চাগে যোৱাৰ নাম নাই। আৰে, দাগ থাকিলেহে যাব। নাথাকিলে ক’ৰ পৰা যাব? কিন্তু তেওঁতো নুবুজে। তেওঁ চাগে ভয়াৰ্ত হৈছে। ভগৱানৰ নাম লৈছে। মা-দুৰ্গাৰ নাম লৈছে। হয়তো কাৰোবাক উদ্দেশ্যি গালিও পাৰিছে। হয়তো কান্দিছে। হয়তো......।
হঠাৎ তাইৰ মনলৈ আহিল লেডী মেকবেথে বাৰে বাৰে হাত ধুই থকা দৃশ্যটো। আৰবৰ সমগ্ৰ আঁতৰেও সুগন্ধী কৰিব নোৱাৰা সেই হাত দুখন!
পৰিণীতাৰ এনে লাগিল “পিতাশ্ৰী”য়েও বাৰু ভোৰভোৰাই আছে নেকি, “ভাৰতৰ সমস্ত চাৰ্ফ-চাবোনেও পৰিস্কাৰ কৰিব নোৱাৰা মোৰ এই কাপোৰবোৰ।”
কি হ'ব পাৰে বাৰু তেওঁৰ?
অতীতৰ কিবা?
নাই নাই, তেনেকুৱা নহয়। অন্যতো বাদেই, আঠুৱাৰ ভিতৰত সোমোৱা মহ এটাও নামাৰে তেওঁ। কাৰো অন্যায় নকৰে। ধৰ্ম-কৰ্মতে লাগি থাকে। মঠ-মন্দিৰৰতো কথাই নাই, সেন্দুৰ অকণ সানি থোৱা শিল এটা দেখিলেও তিনিবাৰ [ ১২৯ ] নমস্কাৰ কৰে। দিনে-ৰাতিয়ে কেৱল ভগৱানৰ নাম!
অতিভক্তি!
নাই নাই। নিজৰ দেউতাকৰ বিষয়ে এনেকৈ ভাৱিব নাপায়। মনাইয়েহে কয় এনে কথা। ক’বই। সি এটা মহা নাস্তিক নহয় জানো!
ছেঃ কি কথাবোৰনো মনলৈ আহি থাকে জানো!
স্বাভাৱিকভাৱেই ওঁঠত বিৰিঙি উঠিব খোজা হাঁহিটো তাই জোৰ কৰি সম্বৰণ কৰি থ'লে।
“কি হল? হাঁহিলা যে!”-ৰাজেশৰ পোনপটিয়া প্ৰশ্ন।
“নাই, কথা এটা মনলৈ আহিছে।” -তাইৰ গা-এৰা উত্তৰ।
“মনাইৰ কথা?”-ৰাজেশৰ আকৌ পোনপটিয়া প্ৰশ্ন।
উত্তৰ নিদিলে তাই। এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিলেও হয়।
তাই আকৌ উভতি আহিল পূৰ্বৰ কথালৈ। পিতাশ্ৰীৰ কথালৈ।
কলেজৰ মীনা বাইদেৱে কয়, “পৃথিৱীৰ সকলো মানুহ এই ভাগৱতী ছাৰৰ দৰে হোৱা হ'লে পুলিচৰ দৰকাৰেই নহ'লহেঁতেন। কিন্তু এনে হোৱাটোতো সম্ভৱ নহয় আৰু সেইয়া হোৱাৰ কোনো সম্ভাৱনাও নাই কোনো কালে।”
মীনা বাইদেউ সঁচাকৈয়ে বৰ সৰল। নহ'লেনো আমাৰ পাপুয়ে খুজিলেই পইচা-পাতি দি দিয়েনে! ওভভাতাইতো কোনোদিন নিবিচাৰে। আৰু সিওতো নিদিয়ে ঘূৰাই। তেওঁৰ ঠাইত অন্য হোৱা হ'লে?
আচ্ছা, আমাৰ পিতাশ্ৰীও পইচা-পাতিৰ ক্ষেত্ৰত বিৰাট চাফা মানুহ। তেওঁ নিজেই কয় তেওঁৰ হাতত যদি (যদি!) কোনোবাই পইচা-পাতি জমা ৰাখে, তেন্তে এক পইচাৰৰ হৰণ-ভগন নোহোৱাকৈ সময়ত ঘূৰাই পাব। এই পাৰ্থিব জগতৰ ধন-সম্পত্তিৰ প্ৰতি তিল মাত্ৰও লোভ নাই তেওঁৰ। তেওঁক লাগে মাথো ভগৱানৰ নিৰ্মল আশীৰ্বাদ। স্বৰ্গলোকত এটা গজগজীয়া “চিট”! বাকীবোৰতো অসাৰ সংসাৰ।
তেন্তে কেণাটো ক’ত?
কাৰণ এটাতো থাকিবই লাগিব। বিনা কাৰণত গছ-পাত এটাও নিহিলে। তেন্তে?
“কি হল? নামা আক’।”
হঠাৎ ৰাজেশৰ দম খাই বাস্তৱলৈ ঘূৰি আহিল তাই। আচলতে, কেতিয়া [ ১৩০ ] গাড়ী আহি দেৱেন্দ্ৰ নগৰ পালেহি খেয়ালেই নকৰিলে তাই।
বাওঁহাতেৰে ম'বাইল ফোনটো আৰু সোঁ হাতেৰে মিঠাইৰ টোপোলাটো লৈ নামি গ'ল তাই।
কথাৰ প্ৰসঙ্গত পাপুৰ শাহুৱেকে ক’লে, কেইদিন মানৰ আগতে সিহঁতৰ দদায়েক বোলে তালৈ গৈছিল।
“সি ইয়ালৈ আক’ কেলৈ আহিছিল?”-পৰিণীতাই নুসুধি নোৱাৰিলে।
“অ’ কিবা বোলে পাপুহঁতক হেনো বহুত টকা-পইচা দি থৈছিল। তেওঁলোকৰ ইণ্ডিকাখন ল’বৰ সময়তো বোলে তেওঁ সত্তৰ হেজাৰ টকা ককায়েকক দিছিল। পিছত বোলে তোমালোকে সম্পৰ্কই নৰখা হ’লা। ফোন কৰিলেও বোলে নধৰা। বহুত কিবা কিবি কৈছিল তেওঁ। অৱশ্যে আমাৰ আনন্দ আৰু ইহঁতৰ দেউতাকৰ আগতহে কৈছিল। মই আক’ সববোৰ কথা শুনা নাই। অ’ হেৰি নহয়, তোমালোক আজিকালি খুড়াৰ ঘৰলৈ নোযোৱা নেকি?”
পাপুৱে হঠাৎ উপস্থিত বুদ্ধি খটাই, “অ’ সোণ, অ’ সোণ, গৈছো ৰ’বা।” -বুলি কৈ কৈ আগ চোতাললৈ ওলাই গ'ল।
পৰিণীতা থৰ হৈ ৰ’ল।
অ’ ইয়েচ! পৰ্দা ফাচ। ই মনাইয়েই যত কুটৰ ঘাই!
ই নিশ্চয় পিতাশ্ৰীক পইচা বিচাৰিছিল। পিতাশ্ৰীয়ে নিদিলে। আৰু দিবনো কেনেকৈ? ইয়াৰ লগত কোনো সম্পৰ্ক নাৰাখিবলৈ মায়েতো পিতাশ্ৰীক শপত দি থৈ গৈছে। অৱশ্যে তাৰ পৰা পইচা-পাতি লোৱাত কোনো বাধা নাই। বাধা কেৱল তাক পইচা-পাতি দিয়াতহে। মা-কো কিন্তু মানিবই লাগিব। কি সাংঘাতিক বুধিয়ক মানুহ আছিল মা! গতিকে পিতাশ্ৰীয়ে চাগে তাক পইচা নিদিও বুলি ক’লে আৰু তেতিয়া চাগে ই নিজে দি হোৱা পইচাখিনি বিচাৰিলে। পিতাশ্ৰীয়ে চাগে সেইটোও নহ'ব বুলি ক'লে। আৰু দিবনো কেনেকৈ তাক ইমানখিনি টকা। টকা হয়। গছপাততো নহয়। আৰু তেতিয়াই চাগে ই.....।
ৰাজেশে স-প্ৰতিভ হাঁহি এটা মাৰি আলোচনাৰ বিষয়টো বেলেগ ফালে নিবলৈ চেষ্টা কৰিছিল। কিন্তু, মানুহজনীয়ে ক'বলৈ চালে কাৰো মুখলৈ নাচায়।
“অ’ হেৰি নহয় পৰিণীতা, তেওঁ আক’ পাচবুক এখনো লৈ আহিছিল নহয়। আমাৰ আনন্দহঁতক দেখুৱাইছিল। কেতিয়া কেতিয়া কিমান কিমান পইচা দিছিল সব দেখুৱাই ফুৰিছিল, জানিছা? এহ্ চাহকণ চাগে চেচাঁই হ’ল। [ ১৩১ ] আৰু অকণ দি দিওঁ নি?”
“নালাগে, হ’ব দিয়ক খুড়ী।”
“এৰা, দিলে দিলে আৰু। তাকেনো বাৰু এতিয়া তেওঁ হেকান পাৰি থাকিব লাগেনে!”
“এ্ সি তেনেকুৱাই”-পৰিণীতাৰ মোখনি মৰা উত্তৰ।
তামোল একোখনকৈ মুখত ভৰাই সিহঁত আগচোতাল পালেহি।
জেওৰা এখনত ভেজা দি জেঠেৰীয়েক আনন্দমাধৱে পাপুৰ লগত কথা পাতি আছিল।
তেনেতে পৰিণীতা আৰু ৰাজেশক দেখি আনন্দই সহাস্যবদনে তেওঁলোককো কথাৰ ভাগ দিয়াৰ চেষ্টা কৰিলে।
“আহক আহক কাশ্যপ! ৰ’ব, চকী দুখন লৈ আনো।”
“নাই নালাগে, হ’ব দিয়ক। এনেকৈয়ে হ’ব।” -ৰাজেশে সৌজন্যতা প্ৰদৰ্শন কৰিলে।
“মই মানে পাপুক কৈছো,বুইছা পৰিণীতা, বোলো যাওঁতে তোমালোকে খুড়াৰ ঘৰতো এপাক মাৰি যাবা। আগতেতো গৈয়েই থাকা। যেনেকৈয়ে নহওঁক তেওঁতো পাপুক দিল্লী-জয়পুৰ-আগ্ৰা ফুৰায়ো আনিলেগৈ। যোৱাবাৰ কেলেই এওঁক শ্বিলঙলৈকো ফুৰাবলৈ নিয়া নাছিল জানো? বাকী, মাজে মাজে দিয়া হাজাৰ বাৰশৰ কথা বাৰু বাদেই দিয়া। আক’, গাড়ী কিনোতেও বোলে তেওঁ বহুত পইচা দি থৈছে। এতিয়া মানে কথাটো হৈছে কি, তোমালোক পইচা লৈ “গায়েব” হৈ দিয়াৰ নিচিনা হৈছে। সেয়েহে মই ভাৱো, হয় তোমালোকে তেওঁৰ লগত বুজাবুজি কৰা, নহয় তেওঁৰ পইচাখিনি দি দি লেঠাটো মাৰি পেলোৱা। নে মই বেয়া কৈছো?”
পাপু, পৰিণীতাই মিচিক্ কৈ হাঁহি দিলে।
অৰ্থ, তৃতীয় বিকল্প।
মানে মনাইক কোনো পাত্তা নিদিলেই হল।
ইপিনে, ছোৱালী এজনীহে তাৰ। ল’ৰাটো নায়েই।
আগলৈ কোনে খাব তাৰ সা-সম্পত্তি? কালৈনো গোটাব খুজিছে জানো সি এই সা-সম্পত্তি।
কাম নাই, কাম নাই। বে’কাৰ। তাতকৈ সি আমাৰ পাপুকে দিলেই [ ১৩২ ] হ’ল। এনেও কাইলৈ তাৰ বিপদ এটা হলে আমিহে চাবগৈ লাগিব। আমি আগতে যোৱা নাছিলো বেলেগ কথা। তেতিয়া তাৰ আৰ্থিক অৱস্থা বেয়া আছিল। কিন্তু এতিয়াতো আমি যাম। তাৰ শহুৰেকৰ ঘৰৰ মানুহখিনিৰ লগততো তাৰ বেয়াই। আৰু খুড়ীও যিহে মানুহ, তেওঁও মাকৰ ঘৰলৈ গুচিহে যাব। গতিকে থাকচোন আমাৰ লগতে মিলিজুলি। নে কি কয়?
ক’বলৈতো নায়েই। কথাটো জলজল-পট্পট্কৈ ওলায়েই আছে।
গতিকে ৰাজেশৰ ব্যস্ততাৰ দোহাই দি তেওঁলোকে সোনকালেই বিদায় ল’লে।
দদায়েকৰ কথাবোৰ বাৰে বাৰে মনলৈ আহি থকাৰ বাবে পাপুৰ খংটো ৰিম্ৰিম্কৈ উঠি থাকিল। এইবোৰ কথাওনো ক’বলৈ সি আহিব লাগেনে বাৰু? তাকো তাৰ মিতিৰৰ ঘৰত! ইয়াৰ আৰু সংশোধন নহ'ল। আৰু নহ'বও।
দদায়েকৰ ওপৰত উঠি অহা খংটো সি জাৰিলে এক্সেলেটৰডালৰ ওপৰত।
ইপিনে পৰিণীতাৰ ভাল খং এটা উঠি আহিছিল।
হয়, সি পিতাশ্ৰীক পইচা-পাতি অলপ মাজে মাজে দিছিল। পাপুকো বাৰু সহায়-সাৰথি কৰিছিল। কিন্তু সি কোনো ভাল উদ্দেশ্য লৈ এইবোৰ কৰিছিল বুলি মনে নধৰে। এনেও সি তো মোৰ লগত সম্পৰ্কই নাৰাখে। মোৰ বিয়াতো নগ’ল সি। আনকি মাৰ অসুখ হৈ থাকোতেও নগ’ল সি। মাৰ মৃত্যুৰ পাছৰ পৰাহে সি যাবলৈ ল’লে।
কিয় নগৈছিলি? অ’,মায়ে গালি দিয়াৰ বাবে? ঘৰৰ পৰা ওলাই যাবলৈ কোৱাৰ বাবে?
কিয় নক’ব? ক’বই। মা নহৈ অইন এগৰাকী হোৱা হ'লেও ক’লেহেঁতেন।
আচলতে সি কোনো মহান উদ্দেশ্যত আমাক পইচা-পাতিবোৰ দিয়া নাছিল।
সি মানে আমাক লাজ দিবলৈহে এইবোৰ কৰিছিল। নাটকে চিনেমাই ভায়েকবোৰে মৰমীয়াল ককায়েকবোৰক পিছত লাথ মৰাৰ ঘটনাবোৰ দেখুৱাই থাকে যে। গতিকে, সি নিজকে ভাল বুলি দেখুৱাবলৈয়েই এইবোৰ কৰিছিল। কিন্তু কিয় ক’ম তাক ভাল বুলি? কিয় মানি ল’ম? তাক ভাল বুলি ক'বলৈ যোৱা মানে আমি নিজকে বেয়া বুলি স্বীকাৰ কৰি লোৱাহে হ’ব। কিয় কৰিম [ ১৩৩ ] স্বীকাৰ?
এই পৃথিৱীত কোনো কাৰো কাৰণে অপৰিহাৰ্য্য নহয়। মানুহ সদায় বিকল্পৰ সন্ধানতে থাকে। মনাইৰ বিকল্প আমাৰ বাবে নোহোৱা নহয়। আমাৰ এওঁ আছেই। তাতে সি হেনো এতিয়া ঘৰ সজাই আছে। ঘৰ সজালেতো পইচাৰ টনাটনি হ’বই। গতিকে সিতো পিতাশ্ৰীকে হওঁক বা পাপুকে হওঁক পইচাতো বিচাৰিবই। কি দৰকাৰ পৰিছে আমাৰ তাক পইচা দিবলৈ? কি কৰিবলৈ লাগে তাক ঘৰ-দুৱাৰ? সম্পত্তি খাবলৈ তাৰ আছে কোন?
হয়নে নহয় মোৰ কথাবোৰ?
হয়তো হয়েই। নহয় বুলিবৰতো সাধ্যই নাই।
সেইবাবেইতো পিতাশ্ৰীয়েই হওঁক বা পাপুয়েই হওঁক মোৰ কথাবোৰ মানি লয়।
এইটো কথাও মানি ল’লে।
নহ'লে পিতাশ্ৰী যিহে মানুহ মনাইক তাৰ লাখ টকা ঘূৰাই দিবলৈকে গ'লহেঁতেন।
তেতিয়াতো কথা সাংঘাতিকেই হ’লহেঁতেন।
কিন্তু এতিয়াওতো কথাটো কম সাংঘাতিক হোৱা নাই। পিতাশ্ৰী, অ’ ইয়েচ, পিতাশ্ৰীয়ে বাৰু এতিয়া কি কৰি আছে? নাই, ফোন এটাকে কৰা যাওঁক।
তাই দেউতাকৰ নামটো উলিয়াই লৈ ডায়েল কৰিলে। এবাৰ, দুবাৰ, তিনিবাৰ।
নাই, ফোন ৰিচিভেই নকৰিলে তেওঁ।
ভয় খাই গ'ল তাই। কি হ'ব পাৰে তেওঁৰ।
“হে’ৰা অলপ স্পীড দিয়াচোন। পিতাশ্ৰীয়ে বা কি কৰি আছে?”
ফাওঁফোৱাই গাড়ী চলিছে। ৰাস্তাও ভাল। বতৰো ভাল।
নিজৰ ঘৰৰ গেইটৰ সমুখত গাড়ী নৰখালে কাশ্যপে। চিধা শহুৰেকৰ ঘৰৰ গেইটৰ সমুখতহে ৰখালেগৈ।
গেইটৰ সমুখত গাড়ী ৰোৱাৰ লগেলগেই তাই নামি গ'ল।
“পিতাশ্ৰী! পিতাশ্ৰী!” বুলি মাতি মাতি তাই যেন ঢপলিয়ায়েই গ'ল।
উৱা। পিতাশ্ৰী দেখোন এতিয়াও বাথৰূমতে!
ধুইয়েই আছে তেওঁ কাপোৰবোৰ।
ধোৱাৰ লগে লগে তেওঁ আওঁৰাই আছে ভগৱানৰ নাম।
তাইৰ অন্তৰখন যেন মোচোকা খাই গ'ল৷ দেউতাকৰ প্ৰতি তাইৰ মৰম [ ১৩৪ ] যেন উঠলি উঠিল।
বৰ মৰমেৰে তাই দেউতাকৰ হাতত ধৰি উঠাই আনিলে। পিছ বাৰাণ্ডাৰ চকী এখনতে তেওঁক জোৰ কৰি বহুৱাই দিলে।
“চাহ খাবা, পিতাশ্ৰী?”
তেওঁ মাথো মূৰটো দুপিয়ালে। মানে, খাব।
বৰ পিয়াহ লাগি আছিল চাগে তেওঁৰ।
চাহৰ খালী কাপটো নমাই থোৱাৰ লগেলগে তাই সুধি পেলালে, “তোমালৈ বাৰু মনাইয়ে ফোন কৰিছিল নেকি, পিতাশ্ৰী?”
ভাগৱতী যেন উচপ খাই উঠিল।
তাৰ পিছতে তেওঁ মূৰ দুপিয়ালে। মানে, কৰিছিল।
তেওঁক আৰু অন্য একো কথা সোধাৰ প্ৰয়োজনীয়তাই বোধ নকৰিলে তাই।
তাইৰ বাবে সব কথাই দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ গল। মনাইয়ে নিশ্চয় পিতাশ্ৰীৰ ঢক্ঢকীয়া বগা সাজযোৰৰ বিষয়েই কোনো তীৰ্যক মন্তব্য কৰিছিল। সি মানে আগতেও মাজে মাজে পিতাশ্ৰীৰ বগা সাজযোৰৰ কথা কৈ মজাক্ কৰে। মনস্তত্বৰ মতে হেনো মানুহে নিজৰ মনৰ ভিতৰৰ এন্ধাৰবোৰ ঢাকি ৰাখিবলৈ বাহিৰত সুন্দৰ বগা সাজ পৰিধান কৰে। কথা আৰু এই পণ্ডিতবোৰৰ!
বাৰু যিয়েই নহওঁক, কিবা এটাতো কৰিবই লাগিব।
অৱশ্যে, মনাইৰ লগত বুজাবুজিলৈ আহিব নোৱাৰি। সি চল পাব। তাক ইমান চল দিব নোৱাৰি। এনেও অৱশ্যে তাৰ ওচৰলৈ যাবই নোৱাৰি। গ’লেই সি পইচা বিচাৰিব। আৰু পাপুৰ গাড়ীখন লৈতো তাৰ ঘৰলৈ যাবই নোৱাৰি।
উপায় এতিয়া এটাই আছে। কোনোবা ভাল ডাক্তৰ......।
মানে চাইকিয়াট্ৰিষ্ট!
ইচ্ ৰাম! পিতাশ্ৰীয়ে গম পালে কি সাংঘাতিক কথা হ’ব বাৰু!
কিন্তু যি দেখিছো তাকে নকৰিলে নহ'বগৈ। আমাৰ এওঁ আক’ কি ভাৱে, কি কয়?
এটা কাম কৰো, প্ৰথমে পাপুক কথাটো কৈ চাওঁ। সি বা কি কয়।
তাই পাপুক অলপ নিলগাই মাতি আনিলে।
সিতো উচপ খাই উঠিল, “কিমান দিন লাগিব বাৰু ভাল হওঁতে? অহা [ ১৩৫ ] ত্ৰিশ তাৰিখৰ ভিতৰত ভাল হলেই হয় পায়!”
“অহা ত্ৰিশ তাৰিখৰ ভিতৰত? ক'ৰবালৈ যাবলগীয়া আছেনেকি?” -পৰিণীতাৰ সৰল প্ৰশ্ন।
“নহয় মানে, এক তাৰিখে আক’ পিতাশ্ৰীৰ পেন্চনটো.....”
“কি! কি কৈছ তই?” পৰিণীতা যেন গৰ্জি উঠিল।
তাইৰ ওঁঠ দুখন কপিবলৈ ধৰিলে। চকু যুৰিও ঢুলঢুলীয়া হৈ আহিল।
ঘৰলৈ উভতি গৈয়েই তাই ফোনটো হাতত তুলি ল'লে। খুড়াকলৈ ফোন কৰিব তাই।
ৰচনা কাল – চেপ্তেম্বৰ, ২০১৩ চন।
⸻⸻⸻⸻⸻
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।