জানিব পাৰিলো। ৰক্ষা!
ৰোৱা নাই আৰু৷ ৰূমলৈ বুলি দৌৰিছো।
ক্ষন্তেক পিছতে দেখিলো ছেত্ৰীয়ে ওপৰলৈ মুখ কৰি নাক বজাই শুই আছে। ঘোঁ-ঘোঁহ। কি মস্কিল! ইয়াত এওঁক জোকাই ল’বলৈয়ো মন যোৱা নাই। কি কৰোঁ?
অগত্যা বেৰৰ ফালে মুখ কৰি পৰি থাকিলো।
টোপনিৰ কিন্তু দেখা-সাক্ষ্যাত নাই।
দহ। দহ-পোন্ধৰ। দহ-পঞ্চলিছ। এ-ঘা–ৰ.....
অ....কিহে পালে মোক! টোপনি নাহিলে মৰিলো আৰু। গোটেই দিনটো কানীয়া–কানীয়া লাগি থাকিব। ইফালে পুৰা ঘোঁ-ঘোঁহ চলি আছে।
কেনেকৈ কি হ’ল জানো, হঠাৎ এলাৰ্মৰ শব্দত উচপ্ খাই উঠিলো। তাৰ মানে মোৰ টোপনি আহিছিল। হা, ৰক্ষা।
হোটেলৰ মেনেজাৰক জগুৱাই, চাটাৰ খোলাই, কুকুৰ-খোজেৰে আগবাঢ়িলো বাচষ্টেণ্ডলৈ বুলি।
কেইবাখনো গাড়ী ষ্টাৰ্ট দি থৈছে। কিন্তু আমাৰ গাড়ী কোনখন?
বাচৰ নাম নম্বৰ সব নেপালীত লিখা। একো বুজিব পৰা নাই।
অঁকৰাৰ দৰে ইফালে সিফালে চাইছো।
এখন বাচ ইতিমধ্যে আগুৱাই আহিলেই।
অৱশ্যে, ছেত্ৰী লগত আছে। কিন্তু টিকেটটো আছে মোৰ পকেটত।
“হেই ছেত্ৰী, গাড়ী ক’ত?”
“আহি থাকক”
গৈ আছো আৰু। মই যেন ছেত্ৰীৰ একান্ত বাধ্য ছাত্ৰহে।
শেষত যেনিবা বাচ এখনত উঠিলোগৈ। আমি উঠাৰ ক্ষন্তেক পিছতে বাচখন চলিবলৈ ধৰিলে। ৰক্ষা!
“আমাৰ চিট?”
“সৌৱা, পাঁচ-ছয়। ব’লক ব’লক”
নেপালী নজনাৰ চেজাইটো খোজেপ্ৰতি পাইছো। এতিয়াতো ছেত্ৰীয়েই মোৰ বাবে অগতিৰ-গতি ত্ৰিজগতৰ পতি। এনে পৰিস্থিতিত পৰিলে হিন্দীত কোৱা বিশেষ অৰ্থবহ উক্তি এটা পাইছিলো। এতিয়া থিক পাহৰিছো। কি আছিল,
॥ ৪২ ॥