পৃষ্ঠা:মুখামুখি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখেত? তাৰ পিছত কোনে খাব এই সা-সম্পত্তি? পিছৰ কথা বাৰু পিছত। কিন্তু এতিয়াওতো ঘৰটো ইমান নিজান! নাই কোনো হাঁহি খিকিন্দালি, নাই কোনো নাচ-গান.... কৌতুক... নাই কোনো কেঁচুৱাৰ কল-কাকলি....হাঁহি-কান্দোন...., এইফালে নাযাবা নাযাবা..... পৰিবা..... এইটো নুচুবা নুচুবা......ভাঙিব... খালা খালা..... তোমাক এইটো চুবলৈ হাক দিছিলোনে নাই। ......খালি বদমাচি..... তোমাক নেওতা মুখস্থ কৰি থাকিবলৈ কৈছো নে নাই.....? লাগে। এইবোৰ লাগে। ঘৰ এখনক ঘৰ কৰি ৰাখিবলৈ এইবোৰ লাগেই। কিন্তু কোনে কৰিব এইবোৰ হাল্লা-হুলস্থূল? কোনে গাব গান? কোনে হাঁহিব, কোনে কান্দিব? ইমান নিজান! ইমান নিৰ্জনতা! শান্তা বাইদেউৰ ভয় লাগিবলৈ ধৰিলে। তাতে, ক’ৰ পৰা জানো ওলালহি আপদীয়া ফেঁচা এটা। পুৱা-গধুলি চাদৰ ওলাই থকা ৰড্‌ এডালতে পৰি লৈ খালি, “নিউ....... নিউ......”।

 শান্তা বাইদেউৰ অন্তৰখন ভয়ত কপিবলৈ ধৰিলে। তেওঁৰ মনত এক প্ৰচণ্ড বা-মাৰলিৰ সৃষ্টি হ’ল। দুই হাতেৰে মূৰটো টেপা মাৰি ধৰি তেওঁ ইটো কোঠালৈ গ'ল। উদং! সিটো কোঠালৈ গ’ল। উদং! ঘৰটোৰ চুকে-কোণে শূন্যতা। কেৱল শূন্যতা! তেওঁ পিছফালে গ’ল, আগফালে গ’ল..... নাই নাই, ইমান নিৰ্জন! ইমান নিজান! কিন্তু তেওঁৰ মনৰ মাজত কিহৰ ধুমুহা? ক’ৰ বা-মাৰলী?

 এক দুৰ্দান্ত ধুমুহাৰ পিছত নামি অহা এক ভয়াবহ শান্তিৰ কোলাত শান্তা বাইদেউ ঢলি পৰিল। হেৰাই গ'ল। পৰি ৰ'ল মাথোন এক ভয়ংকৰ ইতিহাসৰ সাক্ষী হৈ “শান্তা কুটিৰ”!

 ভাল নালাগে। এই ঘৰটোৰ কাষেৰে অহা-যোৱা কৰিবলৈ চৌধুৰীৰ ভাল নালাগে। ঠিক ভূত ওলাব বুলি নহয়। কিন্তু ভাল নালাগে। হয়তো কাৰো ভাল নালাগে। যিটো ঘৰৰ ভৱিষ্যৎ আছে সেইটো ঘৰ ভাল লাগে। কিন্তু যাৰ কেৱল অতীতহে আছে, তাক?

 কিন্তু চৌধুৰীয়ে এটা ঘৰ বনাব। এটা সৰু ঘৰ। তিনিটা কোঠাৰ এটা সৰু ঘৰ। আগফালে এখন সৰু চোতাল। দুই-চাৰিজোপা ফুল। আবেলি আবেলি চোতালখনত তেওঁ অলপ বহিব। ৰঙালী বিহুত হুঁচৰি আহিব, দুই-এক বন্ধু বান্ধৱ আহিব। ছোৱালীজনীয়ে জপিয়াই ফুৰিব, গান গাব, হাঁহিব, অভিমান কৰিব....। “দেউতা অ..” বুলি মাতিব। চৌধুৰীৰ ঘৰ ভৰি পৰিব। নিৰ্জনতাই

॥ ৩১ ॥