পৃষ্ঠা:মুখামুখি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবাৰ তেওঁৰ মানে নিজৰ ওপৰতে খং এটা উঠি আহিল। হ’পলেচ ক'ৰবাৰ!

 তেওঁ এইবাৰ বিচনাখনতে উঠি ল'লে। ম'বাইলটোত নতুনকৈ চাৰে-চাৰি বজাৰ সময়ত এলাৰ্মটো চে’ট কৰিলে আৰু শুই পৰিল। টোপনি আহিলেই হয় আৰু!

 ঠিক চাৰে-চাৰি বজাৰ লগে লগে ম'বাইলৰ ৰিংট’নটো বাজি উঠিল। তেওঁৰ টোপনিটো চিলমিলকৈ অলপ আহিছিলহে। সাৰ পালেই নহয়। উঠিবতো লাগিবই। ইফালে, উঠিবৰ তেওঁৰ মনেই যোৱা নাছিল। টোপনিটো পূৰা হোৱাই নাছিল। কিন্তু হঠাৎ এটা কথা মনলৈ অহাত তেওঁ জাপ মাৰি উঠিল। বাহিৰ ফুৰিবলৈ যাব লাগিব হয় ওচৰৰ বাঁহনিখনলৈ নহয় ওচৰৰ পথাৰখনলৈ। এই শেষ ৰাতিখন বাঁহনিখনলৈ যোৱাৰ কথা তেওঁ নাভাৱিলে টেক্‌নিকেল কাৰণত। মানে ইয়াত টেক্‌নিকেল প্ৰব্লেম এটা আছে। নাজানি কিবা কাৰণে তেওঁ গৈ গৈ কেঁচা মৰিশালি এখনতে ওলালেগৈ কি হ’ব? ইমান দিনে গাই–বাই থকা চাৰ্বাক দৰ্শনৰ দাৰ্শনিক ব্যাখ্যাৰ শক্তি টিলিকতে কৰ্পূৰৰ দৰে উৰি যাব। তেওঁৰ বৈজ্ঞানিক মানসিকতা আৰু যুক্তিবাদী মনটোৱেও তেওঁক এনে ধৰণৰ “ৰিস্ক” ল’বলৈ অনুমতি নিদিলে। গতিকে, যাব লাগিব ওচৰৰ পথাৰখনলৈ। শুকান পথাৰ। মুকলি। তাতে পূৰ্ণিমাৰ ফৰিং ফুটা জোনাক। কুঁৱলীও বেছি নাই। গতিকে, কোন কেনি গৈছে, কিয় গৈছে, দূৰৰ পৰাই দেখা পোৱা যায়। (সেইয়া, গৈ আছে, গৈ আছে, গৈ আছে... অ... অ... বহিলে। এহঃ ছাৰ বৰ ওচৰতে বহিলে!) কিন্তু কি কৰিব তেওঁ? উপায়তো নাই। গতিকে পানীৰ বটল এটাকে লৈ তেওঁ আগবাঢ়িল। তেওঁ ভাৱিলে,বাকী সকল উঠাৰ আগতেই তেওঁ বাহিৰ ফুৰিবলৈ যাব লাগিব। নহ'লে জোনৰ কম পোহৰত ভালকৈ নেদেখি লোকৰ “হেৰি”তে ভৰি দিবলৈ হ'লে, হলেই আৰু! ইফালে, পানীৰ নামত সেই এবটলেই আৰু। সাফৰ নথকা বটলটো কিবা কাৰণত কাতি হৈ পানীখিনি পৰি যাব লাগিলে, হ'লেই আৰু। ইয়াৰ পিছৰ খিনি ভাৱিবলৈকে তেওঁৰ ভয় লাগিল। কাৰণ, মুখ-হাত ধোৱাৰ কথা বাৰু বাদেই দিলে তেওঁ, কিন্তু “হেৰি”টোতো ধুবলৈ পাবই লাগিব। নহয় জানো? এট এনি কষ্ট্ ধুবলৈ পাবই লাগিব। গতিকে সাৱধান হ’ল তেওঁ।

 বাহিৰ ফুৰি অহাৰ পিছতে তেওঁ লাগি গ'ল নিজৰ বেডিং-পত্ৰখিনি বান্ধি-কুন্ধি বেগটোত ভৰোৱাত। লগে লগে বাকী সকলকো তেওঁ জগুৱাই

॥ ৭৫॥