সমললৈ যাওক

পৃষ্ঠা:মুখামুখি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আন আন ভাষাও ইহঁতে শিকে। আৰু ইয়াৰ মানুহে ইংৰাজী ক’লে একদম ফৰেইনাৰৰ দৰে কয়। আপোনালোকৰ দৰে ইণ্ডিয়ান ইংলিচ নকয়। জানে?”

 “কি কয় আপুনি?”

 “ঠিকেই কৈছো। কাঠমাণ্ডু গলে দেখিব নহয়।”

 “ঠিক আছে, চাম বাৰু।”

 পিছে হয় যি হয়। কাঠমাণ্ডুত টুৰিষ্ট গাইডবোৰৰ মুখত ইংৰাজী একেবাৰে আখৈ ফুটাদি ফুটে। ইমপ্ৰেচড্!

 ছেত্ৰীৰ মুখলৈ চালো। তেওঁৰ মুখত আত্মসন্তুষ্টিৰ হাঁহি। যেন ইহঁতক ইংৰাজী ক’বলৈ তেওঁহে শিকাইছিল। (নেপায় নেপায় ছেত্ৰী, এনেকুৱা কৰিব নেপায়)।বহুত দিনৰ আগতে চোৱা “গাইড” নামৰ চিনেমাখনলৈ মনত পৰিল। দেৱানন্দৰ অভিনয়! মোৰ ওঁঠৰ ফাকেদি হাঁহি এটা সৰকি গ'ল।

 “কি হল?”

 “নাই, একো নাই।”

 এওঁকনো ইয়াত কিয় জোকাই লওঁ?

 আচলতে, যিমানেই চিৰিয়াছ কথা বা বিষয় বা ঘটনাই নহওঁক কিয়, মোৰ বাবে কৰবাত নহয় ক'ৰবাত কৌতুকৰ উৎস একোটা ধৰা পৰেই। লগে-লগে হাঁহি এটা সৰকি যায়। সহৃদয় শ্ৰোতা পালে আনন্দৰ ভাগ দিওঁ। নহ'লে মনৰ বুৰবুৰনি মনতে মাৰ যায়।

 সময় চাওঁ বুলি ম'বাইলটো উলিয়ালো।

 “হেই ছেত্ৰী, মোৰ ম'বাইলত টাৱাৰ দেখাই আছে, চাওঁকনা”

 “ঠিকেই আছে, বৰ্ডাৰত টাৱাৰ দেখায়েই। ফোন মাৰি চাওঁক না।”

 “কিন্তু কালৈ?”

 “কালৈ আৰু ঘৰলৈ, মানুহজনীলৈ।”

 এৰা, ঠিকেই। তাকে কৰা হওঁক।

 লগে লগে মানুহজনীৰ নাম্বাৰটো ডায়েল কৰিলো। নম্বৰটোৰ আগত শূন্য এটা বহুৱাই ল’বলৈ নিৰ্দেশ আহিল। দিলো। ক্ৰিং ক্ৰিং ক্ৰিং....হাঃ ৰিং হৈছে।

 অৱশ্যে, ফোন ৰিচিভ কৰিবনে নাই সন্দেহো হ’ল। বেচেৰীক মাকৰ ঘৰলৈ পঠিয়াই টুৰলৈ বুলি ওলাই আহিছো। মাকৰ ঘৰত চাগে কোনোবাই

॥ ৩৮ ॥