পৃষ্ঠা:মুখামুখি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যদি অলপ জ্ঞান-উপলব্ধি হয় ইহঁতৰ।

 ৭ বাজিলেই। নিউজ আৰম্ভ।

 সাংঘাতিক সাংঘাতিক নিউজ! একোটা নিউজ দিয়াৰ পিছতেই আক’ আৰম্ভ হয় বিজ্ঞাপন।

 অনিডা টি ভি, ম'বাইল, নকিয়া, জি-ফাইভ, আইডিয়া, এডিক্‌শ্বন, পাচপৰ্ট, প্ৰেগানিউজ, কেচুঁৱাৰ টিকাকৰণ, ডিলাক্স গৰ্ভনিৰোধক আহিলা আদিৰ মাজে মাজে সৰকি আহি থাকিল কেইবাটাও সাংঘাতিক সাংঘাতিক নিউজ। ইন্ধনৰ দাম বাঢ়িছে, লগতে বাঢ়িছে দাম খাদ্য-দ্ৰব্যৰ। ইপিনে খাদ্য নিগমৰ গুডামত পঁচিছে চাউল, ডাইল, চেনী। ৰদৰ দাম বাঢ়িছে, দাম বাঢ়িছে চিমেণ্টৰ। উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী ওলাইছে। নদীবান্ধ সম্পৰ্কে অখিল গগৈয়ে কি ক'লে, মন্ত্ৰী জয়ৰাম ৰমেশে কি ক’লে, মুখ্যমন্ত্ৰীয়ে কি স্থিতি গ্ৰহণ কৰিছে। দিল্লীৰ পতিতালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে কেইগৰাকীমান অসমীয়া যুৱতী। দালাল ধৃত। ওচৰতে চুণীৰে মুখ ঢাকি শাৰী পাতি ৰৈ আছে উদ্ধাৰ হোৱা যুৱতী কেইগৰাকী। আকৌ আহিল ডিলাক্স নিৰোধ, আইডিয়া, প্ৰেগা নিউজ.....।

 উঠি গ’লো।

 বহুত দেৰিৰ পৰা ইউৰিনেললৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আছিলো। বিজ্ঞাপনবোৰ শেষ হয় মানে আহি পামহি। আফ্‌টাৰ দি ব্ৰেক!

 ইউৰিনেলত থাকোতেই শুনিলো মোৰ চেলটো বাজি আছে। চাল্লা, ইডিয়ট। খং উঠাৰ লগতে মোৰ হাঁহি এটাও উঠিল।

 পুৱাৰ পৰা সন্ধিয়ালৈকে ম'বাইল ফোনটোকে গালি পাৰি থাকো, অথচ এৰিবও নোৱাৰো। থিক যেন.....।

 বাৰু হ’ব। থওঁক এইবোৰ কথা। কিছুমান কামৰ সময়ত মুখ মেলি থাকিব নাপায়।

 তথাপিও দেখিলো মই হাঁহি আছো।

 পিছে দাঁত কামুৰি ধৰি হাঁহিটো বন্ধ কৰি ল’লো। এওঁৰ সমুখত হাঁহি হাঁহি ওলাবগৈ নোৱাৰি। কিবাহে ভাৱিব। অৱশ্যে এইটোও থিক যে এওঁৰ গহীন মুখখন দেখিলে মোৰ হাঁহি আপোনা আপুনি বন্ধ হৈ যায়। আনৰো এনেকুৱাই হয় বা হ'ব বুলি ভাৱিবলৈ মই ভাল পাওঁ।

॥ ৮ ॥