পৃষ্ঠা:মুখামুখি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টলকত বিজুলী খেলি মন আকাশত জিলিকি উঠেহি ক’ব নোৱাৰো। আচলতে জীৱনৰ বহুত কথা সংবিধানৰ আওঁতাৰ বাহিৰত উৰি ফুৰে। বন্ধনহীন।

 আক’,কালি কি হ’ল জানে?

 ইয়াৰে দোকান এখনত এক কেঃ জিঃৰ হৰলিক্স এটা জোৰ কৰি দি পঠিয়ালে। মই ক’লো, “নিনিও, বাজেট নিমিলিব। এওঁ খং কৰিব।” দোকানীয়ে ক'লে কি?.....“নিয়ক নিয়ক....... আপোনাৰ পইচা এতিয়া খাব কোনে? বহুত পইচা আহি আছে... ৰিভাইজড্‌ স্কে’ল আহি আছে.... দিবই বোল দুই এদিনতে........”

 এইবোৰে বাৰু মানুহ নামাৰিবনে, কওঁকচোন?


ৰচনা কাল - ফেব্ৰুৱাৰী, ২০১০

( দেৰগাৱঁৰ পৰা ওলোৱা মাহেকীয়া কাকত “প্ৰত্যুষ”য়ে ২০১০ বৰ্ষত সদৌ অসম ভিত্তিত আয়োজন কৰা স্বৰচিত গল্প প্ৰতিযোগিতাত এই গল্পটিয়ে শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে )
০০০০০০ ০০০০০০
০০০০০০ ০০০০০০

॥ ২৪ ॥