সমীকৰণ
কথা বেছি আৰু কাম কম হোৱাৰ অপৰাধত চৌধুৰীয়ে ইতিমধ্যে যোগেন মিস্ত্ৰীক বিদায় দিছে বা খেদাইছে। এতিয়া তেওঁ বেলেগ এজন ভাল মিস্ত্ৰীৰ সন্ধান কৰি আছে। আবেলিলৈ গোপাল নামৰ মিস্ত্ৰী এজন আহিব বুলি কৈছে।
চৌধুৰীয়ে কথা পাতি চাব। প্ৰধানকৈ তেওঁ মিস্ত্ৰীজনৰ আইডিয়া কিমান আছে চাব। কাৰণ, চৌধুৰীয়ে জানে, আইডিয়াটো মূল কথা। ভাল আইডিয়া নাথাকিলে ভাল কাম নহয়। তেওঁ ঠিক কৰিছে যে তেওঁ গোপালক বিভিন্ন ধৰণেৰে ‘ক্ৰছ’ কৰিব। যদিহে তেওঁ দেখে যে গোপালৰ আইডিয়া আছে তেন্তে তেওঁ তাক কামত লগাব, নহ'লে,.......
ঘৰ এটা সজোৱাটো যে কিমান ডাঙৰ কথা সেইটো কথা অলপ দিনৰ আগলৈকে চৌধুৰীয়ে জনাই নাছিল। নজনাটো স্বাভাৱিক। তেওঁতো নিজাকৈ আজিলৈকে ইটা এচপৰাও কিনিবলগীয়া হোৱা নাই। গতিকে তেওঁ ভাৱিছিল, “হৈ যাব। চলি যাব। যত যি মেটেৰিয়েলচ্ লাগে দোকানৰ পৰা অনাই দিম...। মিস্ত্ৰীয়ে ঘৰ বনাই যাব। বচ। আৰু এদিন ডাঙৰকৈ ঘৰলোৱা সকাম এটা পাতি......।”
কিন্তু বৰুৱা ছাৰে কয় কি?
“নহয় নহয়, ঘৰ এটা সজোৱাটো মুখৰ কথা নহয়। চুলি পকি যায়.....”
“কিন্তু আপোনাৰতো চুলি ক’লা হৈয়েই আছে। আপুনি মোক কিয় ভয় খুৱাইছে.....?”
চৌধুৰীয়ে সেইদিনা বৰুৱা ছাৰক প্ৰায় উভতি ধৰাদিয়েই ধৰিছিল।
যিকোনো ধৰণৰ প্ৰত্যাশিত বা অপ্ৰত্যাশিত আক্ৰমণৰ মোকাবিলা কৰিবৰ বাবে সততে সাজু হৈ থকা বৰুৱা ছাৰে চকীখন ঘূৰাই চৌধুৰীৰ মুখামুখিকৈ বহি লৈছিল।
“নাই নাই, তোমাক মই ভয় খুওঁৱা নাই। সঁচা কথাহে কৈছো। ঘৰৰ কাম এবাৰ আৰম্ভ কৰিলে নিজেই বুজিবা। আনে ক’বই নালাগে। আৰু তুমি মোৰ চুলিৰ কথা কৈছা? গোটেই পকিল। ৰং সানি থৈছো। দেখিছা? হেঃ হেঃ