পৃষ্ঠা:মুখামুখি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি দিম। পাছত আপুনিহে ফচিব। (চৌধুৰীয়ে তেওঁৰহে অসুবিধা হ’ব বুলিনো কেনেকৈ কয়?) আচ্ছা, হেৰি নহয়, আপোনাৰনো নামটো কি আছিল?”

 “ৰাধিকা, ৰাধিকা কুৰ্মী।” বেচ গৰ্বেৰেই কলে তেওঁ। যেন তেওঁৰ নামটো নাজানি আৰু এনেকৈ সুধি তেওঁ এটা ভুলেই কৰিলে। বেটাৰ ডেমাকী চোৱা!

 চৌধুৰীয়ে বৰ কষ্ট কৰি হাঁহিটো সম্বৰণ কৰিলে। “নামো আৰু নাপালা বোপাই! এনেকুৱা উভয়–লিঙ্গ নামত খেলিমেলি লাগিবই।” যোৱাবাৰো তেনেকৈ অৱনী নে ৰঞ্জুমণি নামৰ কোনোবা এজন ডেকা ল'ৰা আহিও টেণ্ডাৰ ভোটৰ বাবে হাল্লা লগাইছিলহি। পিছত যেনিবা বুজাই বঢ়াই ঘূৰাই পঠিওৱা হ’ল। এবাৰ হেনো কোনোবা আদিবাসীৰ গাওঁ এখনত গগৈদাৰ সাংঘাতিক অসুবিধা হৈছিল। নামবোৰ হেনো এনেকুৱাই “পাজল্‌” লগা যে প্ৰায়েই তেওঁৰ হঁহা–কন্দাৰ অৱস্থা। মেখ্লা, তৰ্বী, গুগু, কানিয়া, শুকানী, লখা, মৈদা, কঠাল, চেঙেলী, হুদু....। এইবোৰ মানুহেইনে জন্তুৱেই, মতাইনে মাইকীয়েই একো ধৰিব নোৱাৰি। স্থানীয় পোলিং এজেন্টৰে খেলিমেলি লাগি যায়। বাকীবোৰ কোন? কিন্তু মানিব নেকি সিহঁতে? “আমাৰ ঠাইলৈকে আহি আমাৰে নাম চিনি নাপাৱ। পানীত নামিও ঘৰিয়ালৰ লগত যুদ্ধ কৰিবলৈ আহ। ইমান সাহ তহঁতৰ। মানুহ চিনি নাপাৱ। চিনাই দিম বাপ্পেকে......।”

 চৌধুৰীয়ে এঙামুৰী এটা দিলে। উসঃ নোৱাৰি দেই। আমনি লাগি যায়। চাহ একাপ পোৱা হ'লে!

 চৌধুৰী উঠি গ’ল। প্ৰস্বাৱ কৰিব লাগিছিল তেওঁৰ। ভৰি-হাত কেইটাও জঠৰ লাগিছিল।

 হাঃ ইমান দীঘল শাৰীনে? এনেকৈ মানুহ আহিবলৈ ল’লে দেখোন তেওঁলোকৰ আজি খোৱা-বোৱাও নহ’বগৈ। ভোকত মৰিব লাগিব। কি যে অসুবিধা!

 যিমানেই অসুবিধা হওঁক লাগিলে এই নিৰ্বাচনবোৰৰ এটা নিজস্ব ঢং আছে। ভোটিং চলি থকালৈকে প্ৰিজাইডিং বিষয়াজনৰ বিৰাট বাহাদুৰী থাকে। বিৰাট বিৰাট পুলিচ বিষয়াইয়ো সমীহ কৰি থাকে। কিবা অসুবিধা পালে পুলিচ-

বিষয়াকো দম্ দিব পাৰি। কিন্তু, যেই ভোটিং শেষ হ’ল আৰু বেলট বাকচ বন্ধ কৰিলে, তেতিয়া..... ভাং কুটা মাৰি! চিকিওৰিটিৰ পৰা আৰম্ভ কৰি

॥ ৭৮ ॥