কিবা এটা যে হৈছে খাটাং। কিন্তু কি হ’ব পাৰে!
আচ্ছা, চাওঁচোন বাৰু এখেতে নিজেই কি কয়।
কিবা হ’লেতো মোক ক’বই।
মায়ে খুড়ালৈকো লুচি-ভাজি আনিলে। তেখেতে ইমান এটা আগ্ৰহ পিছে নেদেখুৱালে। কি হৈছে খুড়াৰ?
“মনোজ! কথা এটা হ’ল অ’। তই মানে মোক অলপ.....”
মই যথেষ্ট কৌতুহলেৰে তেখেতৰ মুখলৈ চালো। তেখেতৰ মুখৰ অভিব্যক্তি পঢ়ি চাবলৈ যত্ন কৰিলো। মায়েও নিৰৱ হৈ কাণ উনালে। পৰিস্থিতিটো হঠাৎ এক প্ৰকাৰৰ নাটকীয় হৈ পৰিল।
“তই আমাৰ ধনক অলপ বুজাবিচোন। জীৱনটোতো সদায় আমি বিচৰা ধৰণৰ নহয়। সি যে কালি ৰাতি ওলাই গ’ল, অহাই নাই নহয়। আনকি ফোনটোও অফ্ কৰি ৰাখিছে। বৰ চিন্তা হৈছে মোৰ। তই বাৰু তাৰ খবৰ এটা কৰি আহিবগৈ পাৰিবিনে? তাৰ লগৰ ল’ৰাবোৰক এবাৰ......”
আৰু তাৰ পিছত এইয়া মই ৰৈ আছোঁ টেক্সী-ষ্টেণ্ডত।
মোৰ সমুখত এই সৰু সৰু গাড়ীবোৰ। আৰু এই ড্ৰাইভাৰ ল'ৰাবোৰ।
কেইবাটাও মোৰ চিনাকিয়েই। ধনৰ লগত যাওঁতে চিনাকি হোৱা। দুই এটাই মোক “ছাৰ” বুলি মাতে যদিও বেছি ভাগেই মাতে “দাদা” বুলি।
নাজানে। ধনৰ কোনো খবৰ সিহঁতে নাজানে। আনকি মৃদুলেও একো খবৰ নাপায়। আৰু পাবনো কেনেকৈ, ধনৰ ম'বাইলেই যে চুইচড্ অফ্।
কি কথাটো হ'ল বাৰু!
কৰোনো কি বাৰু মই?
ঘৰলৈ উভতি গৈয়ো খুড়াকনো বাৰু ক’মগৈ কি বুলি?
মুঠতে সমস্যা। অথচ খুড়ায়ে ভাৱি আছে মই আহিছো যেতিয়া কিবা এটা কৰিম। কিন্তু কৰোনো কি বাৰু!
আইডিয়া!
কানুলৈকে ফোন এটা নকৰো কিয়? ওঁ... সি জানিব পাৰে। দুইটা বৰ নলে গলে লগা। আৰু কি থিক ই কিজানি কানুৰ ঘৰতে আছে। নহ'লে ৰাতিখন সি থাকিল ক’ত? আৰু এই সদ্য-বিবাহিতা পত্নীক এৰি অইনত থাকিবলৈ গ’লেও মানুহৰ এশটামান প্ৰশ্নৰ উত্তৰ দিব নালাগিবনে সি? কাৰ কি প্ৰশ্নৰ
॥ ৯৭॥