পৃষ্ঠা:মুখামুখি.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “একো হোৱা নাই”

 তাইয়ো সমান উষ্মাৰেই উত্তৰ দিয়ে। (নে, ফেপেৰী পাতি ধৰে?)

 বৰুৱানীয়ে বুজে। বৰুৱাইয়ো ভালকৈয়ে বুজে কি হৈছে নন্দিনীৰ। কিন্তু নিৰুপায় তেওঁ। অন্য সব কৰিব পাৰিলেও, পেট্ৰনৰ টিকেট এটা যোগাৰ কৰিব নোৱাৰে তেওঁ। মানে বিচাৰি যাব নোৱাৰে। এইবোৰ টিকেট বিচাৰি নাযায়। আয়োজকে ঘৰে ঘৰে দিয়েহি। আৰু দিয়েহি সেই সকলৰ ঘৰতহে যাৰ থাকে একোটা সুদৃশ্য ঘৰ, এখন বিলাসী গাড়ী।

 সিদিনা আবেলি, আগফালৰ ষ্টেপতে বহি মাকৰ লগত কথাৰ কটা-কটি কৰি আছিল তাই। তেনেতে গেইটৰ মুখত উপস্থিত হ’লহি বৰুৱা। অফিচৰ পৰা আহিছে তেওঁ। দেউতাকক দেখিয়েই তাইৰ মনটো তীব্ৰভাৱে অভিমানী হৈ উঠিল। দেউতাকক নেদেখাৰ ভাও জুৰি তাই অলপ ডাঙৰকৈয়ে কৈ উঠিল, “এইবাৰ, বুইছ মা, দেউতাক ক’বি, কোনো থিয়েটাৰৰ টিকেট-চিকেট ল’ব নালাগে। ভাল নালাগে দেখোন এইবোৰ........”

 বৰুৱাই নুশুনাৰ ভাও ধৰিলে কথাটো। নহ'লে উপায়ো নাই তেওঁৰ। সোধেনো কি বুলি জীয়েকক। আৰু সুধিলেও সঁচা কথাটো ক’ব জানো তাই? নকয়। আত্মাভিমান ইমান সহজে ত্যাগ কৰিবলৈ যে প্ৰস্তুত নহয় নন্দিনী।

 ৰাতি বিচনাত পৰিও বৰুৱাৰ কিবা এটা ভাল নালাগিল। একমাত্ৰ জীয়েক তেওঁৰ। কিবা এটা বিচাৰে তাই। তাইৰ লগৰ আন দহজনী ছোৱালীয়ে পোৱা বস্তু এটাহে তাই বিচাৰিছে। কোনেও ক’তো নোপোৱা, নথকা বস্তু এটা বিচাৰি হাহাকাৰ কৰা নাই। কিন্তু কৰে কি তেওঁ? কোনটো নাকেৰে পেট্ৰনৰ টিকেট এটা বিচাৰি যায় তেওঁ! কথাটো ওলাই পৰিলে নাহাঁহিবনে মানুহে? এইবোৰ টিকেট পোৱা মানে সন্মানৰ কথা। সামাজিক প্ৰতিষ্ঠাৰ কথা। একোটা সামাজিক চিনাকিৰ কথা। এইবোৰ টিকেট ঘৰত আহি দিয়েহিহে। বিচাৰি নাযায় নহয়। গতিকে..........

 “হে’ৰা.......শুলাই নেকি?”

 আজি অলপ দিনৰ আগলৈকে, বৰুৱাৰ এনে প্ৰশ্নৰ উত্তৰ বৰুৱানীয়ে নিদিছিল। কাষত শুই থকা নন্দিনীয়ে যিমানেই টোপনিত লালকাল হোৱা নেদেখুৱাওঁক কিয়, বৰুৱানীয়ে তাইক কোনো কাৰণতে বিশ্বাসত ল’ব পৰা নাছিল। গতিকে বৰুৱাৰ এনে এক প্ৰশ্নৰ উত্তৰ হিচাপে তেওঁ মাথো হুমুনিয়াহ

॥ ১০৩ ॥