পৃষ্ঠা:মুখামুখি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খিৰিকি। টাৱাৰৰ ভিতৰত পোহৰ আৰু বতাহৰ অৱগমণৰ বাবে। থিকে আছে। গৈ আছো। গৈ আছো। অৱশেষত অষ্টম মহলাত এখন দুৱাৰ। দুৱাৰেদি বাহিৰ ওলাই দেখিলো এটা বেলকণী। চাৰিওফালে লোৰ জালনাৰে আৱৰি থোৱা। পিছে, তললৈ চাই মোৰ মূৰ ঘূৰাই গ'ল। ষ্টেপতে বহি দিলো। ছেত্ৰী কিন্তু থিয় হৈ থাকিল। নেপালীৰ কলিজা যে ! চাব্বাচ দিবই লাগিব।

 নাই নাই এনেকৈ কানীয়া লাগি বহি থাকিলে নহ'ব। উঠি লোৱাহে কথা। জাপ মাৰি থিয় হ'লো। লাহে লাহে চকু মেলি চাৰিওফালে দৃষ্টি প্ৰসাৰিত কৰিলো। ওৱাও ! গোটেই কাঠমাণ্ডু উপত্যকাটো দেখা যায়। চাৰিওফালে ওখ ওখ পৰ্বতমালা। মাজতে কাঠমাণ্ডু উপত্যকাটো। তাতে মহানগৰখন। লাহে লাহে দৃষ্টি ওচৰ চপাই আনিলো। তলৰ ৰাস্তাত গাড়ী-মটৰৰ দৌৰা দৌৰি। মূৰ ঘূৰাই যায়।

 “অই ছেত্ৰী, মই হলে নামো দেই”

 তেওঁৰ উত্তৰলৈ বাট নাচাই লাহে লাহে নামিব ধৰিলো। অৱশ্যে তেওঁৱো নামি আহিল। অকলে অকলেনো কি কৰিব।

 মাজে মাজে একোটা ষ্টেপত জিৰণি লৈ খুপি খুপি তললৈ নামি আহিলো।

 শেষত, টাৱাৰৰ পৰা বাহিৰ হৈ পাৰ্কৰ বেঞ্চ এখনতে বহি দিলো। উসঃ ৰক্ষা!

 আকৌ টাৱাৰটোলৈ চালো ৷ মই সঁচাকৈয়ে উঠিছিলোনে ইমান ওখ টাৱাৰটোত !

 বাপ্‌ৰে! নিজকে ধন্যবাদ দিলো। (চাব্বাচ বৰঠাকুৰ! তোমাৰ মনতো ইমান সাহস আছে বুলি আগতে ভৱাই নাছিলো।)

 দিনটো ইমান ঘুৰাপকা কৰি মোৰ ইমানেই ভাগৰ লাগিল যে চকু মুড্‌ খাই গ'ল। এখন বিচনা পোৱা হ'লে ! পোৱা হ'লে একাপ চাহ !

 একাপ চাহ যেনিবা পোৱা হ'ল। কিন্তু, বিচনা ক’ত?

 বাধ্য হৈ উভতি আহিলো খান্নালৰ ফ্লেটলৈ। যেন নিজৰ ঘৰলৈহে উভতিছো। বিদেশত আপোন মানুহ ! আচলতে গা-য়েই ধুব লাগিছিল। কিন্তু পানীখিনিত হাত দিয়েই সিঁয়ৰি উঠিলো। ই-ম-মা-আ-ন ঠাণ্ডা ! নাই নাই, এই পানীৰে গা ধুই মৰিব নোৱাৰি দেই। অগত্যা, মুখ-হাত ধুয়েই সামৰিলো। কি

॥ ৫১॥