পৃষ্ঠা:মুখামুখি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পিছে, আজিকালি হ’ল মিডিয়াৰ যুগ। দেশত শতাধিক নিউজ চ্যেনেল! আলিয়ে-গলিয়ে সংবাদদাতা পিন পিনাই ফুৰে। কিন্তু এখন তৃতীয় বিশ্বৰ দেশত ক’ৰপৰানো ইমানকৈ ব্ৰেকিং-নিউজবোৰ ওলাই থাকিব? গতিকে কাৰোবাৰ ঘৰত মেকুৰী পোৱালীয়ে কুকুৰৰ গাখীৰ খালেও হয় এটা ব্ৰেকিং নিউজ। একেজোপা গছৰে দুথোকা কল ওলালেও হয় এটা ব্ৰেকিং নিউজ। কোনোবা দুৰন্ত তৰুণে বাৰ্ধক্যক বুঢ়া আঙুলি দেখুৱাই, দোলাত উঠি গৈ হলেও কোনো বিজ্ঞাপনৰ চুটিং কৰিলেও হয় এটা ব্ৰেকিং নিউজ! কি কৰিব? উপায়তো নাই। সকলোৰে নিজৰ নিজৰ প্ৰফেচন। জীৱিকা।

 কিন্তু এটা প্ৰশ্ন হয়, কিয় প্ৰচাৰ কৰে এইবোৰ নিউজ? গণ-সচেতনতা সৃষ্টি, নে নিউজৰ অভাৱ?

 যদি গণ-সচেতনতা সৃষ্টিয়েই উদ্দেশ্য হয়, তেতিয়াও এটা প্ৰশ্নৰ অৱকাশ থাকি যায়, সচেতন হৈছে জানো মানুহ? সচেতন হৈছে জানো সমাজ? আৰু আমিবোৰ? (মানে আমাৰ শিক্ষিত সমাজখন)

 এতিয়া, এই ম'বাইল ফোনটোৱেই!

 বাটে-ঘাটে, টি-ভিয়ে চিনেমাই কিমান কোম্পানীৰ কিমান বিজ্ঞাপন! কিমান যে অফাৰ! বাটে-পথে, কলেজে-কেণ্টিনে দেখো কাণত ম'বাইল ফোনটো লগাই লৈ নিৰৱছিন্ন বাৰ্তালাপত মচগুল যুৱক-যুৱতীসকল। কেতিয়াবাতো ৰাস্তাৰ একেবাৰে সোঁ-মাজেদিয়েই ফোনত কথা পাতি গৈ থাকে। হৰ্ণ দিলেও চাইড নিদিয়ে। ক’ত আছে, কি কৰি আছে একো খেয়ালেই নাথাকে। আচৰিত !

 কাৰ লগত ইমান কথা ? কিনো ইমান দৰ্কাৰী কথা ?

 হঠাৎ এটা দুৰ্ঘটনা হলে কি হ’ব?

 প্ৰায়ে দেখো কান্ধত ফোনটো লৈ, মূৰটো বেকা কৰি চেলটো ধৰি থাকিয়েই বাৰ্তালাপ কৰি কৰি জোৰত বাইক চলাই যোৱা যুৱক কিছুমান। স্কুটি চলাই ঘুৰি ফুৰা যুৱতী কেইগৰাকীমানো এইক্ষেত্ৰত পিছ পৰি থকা নাই।

 আৰে’, হঠাৎ যদি কিবা এটা হৈ যায়, নিজেতো মৰিবই, আনকো নামাৰিবনে ইহঁতে?

 ইহঁতৰ ইমাননো কাণ্ডজ্ঞান নাইনে?

 ভয়টো লাগে মোৰহে।

॥ ২॥