হ’ল। এনেও কাইলৈ তাৰ বিপদ এটা হলে আমিহে চাবগৈ লাগিব। আমি আগতে যোৱা নাছিলো বেলেগ কথা। তেতিয়া তাৰ আৰ্থিক অৱস্থা বেয়া আছিল। কিন্তু এতিয়াতো আমি যাম। তাৰ শহুৰেকৰ ঘৰৰ মানুহখিনিৰ লগততো তাৰ বেয়াই। আৰু খুড়ীও যিহে মানুহ, তেওঁও মাকৰ ঘৰলৈ গুচিহে যাব। গতিকে থাকচোন আমাৰ লগতে মিলিজুলি। নে কি কয়?
ক’বলৈতো নায়েই। কথাটো জলজল-পট্পট্কৈ ওলায়েই আছে।
গতিকে ৰাজেশৰ ব্যস্ততাৰ দোহাই দি তেওঁলোকে সোনকালেই বিদায় ল’লে।
দদায়েকৰ কথাবোৰ বাৰে বাৰে মনলৈ আহি থকাৰ বাবে পাপুৰ খংটো ৰিম্ৰিম্কৈ উঠি থাকিল। এইবোৰ কথাওনো ক’বলৈ সি আহিব লাগেনে বাৰু? তাকো তাৰ মিতিৰৰ ঘৰত! ইয়াৰ আৰু সংশোধন নহ'ল। আৰু নহ'বও।
দদায়েকৰ ওপৰত উঠি অহা খংটো সি জাৰিলে এক্সেলেটৰডালৰ ওপৰত।
ইপিনে পৰিণীতাৰ ভাল খং এটা উঠি আহিছিল।
হয়, সি পিতাশ্ৰীক পইচা-পাতি অলপ মাজে মাজে দিছিল। পাপুকো বাৰু সহায়-সাৰথি কৰিছিল। কিন্তু সি কোনো ভাল উদ্দেশ্য লৈ এইবোৰ কৰিছিল বুলি মনে নধৰে। এনেও সি তো মোৰ লগত সম্পৰ্কই নাৰাখে। মোৰ বিয়াতো নগ’ল সি। আনকি মাৰ অসুখ হৈ থাকোতেও নগ’ল সি। মাৰ মৃত্যুৰ পাছৰ পৰাহে সি যাবলৈ ল’লে।
কিয় নগৈছিলি? অ’,মায়ে গালি দিয়াৰ বাবে? ঘৰৰ পৰা ওলাই যাবলৈ কোৱাৰ বাবে?
কিয় নক’ব? ক’বই। মা নহৈ অইন এগৰাকী হোৱা হ'লেও ক’লেহেঁতেন।
আচলতে সি কোনো মহান উদ্দেশ্যত আমাক পইচা-পাতিবোৰ দিয়া নাছিল।
সি মানে আমাক লাজ দিবলৈহে এইবোৰ কৰিছিল। নাটকে চিনেমাই ভায়েকবোৰে মৰমীয়াল ককায়েকবোৰক পিছত লাথ মৰাৰ ঘটনাবোৰ দেখুৱাই থাকে যে। গতিকে, সি নিজকে ভাল বুলি দেখুৱাবলৈয়েই এইবোৰ কৰিছিল। কিন্তু কিয় ক’ম তাক ভাল বুলি? কিয় মানি ল’ম? তাক ভাল বুলি ক'বলৈ যোৱা মানে আমি নিজকে বেয়া বুলি স্বীকাৰ কৰি লোৱাহে হ’ব। কিয় কৰিম
॥ ১২৫॥