পৃষ্ঠা:মুখামুখি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

স্কে’লৰ দৈৰ্ঘ্য


 সেই তাহানি, আমি স্কুলত পঢ়ি থকাৰ দিনত, ৰচনা লিখিবলৈ দিছিল, “তোমাৰ জীৱনৰ লক্ষ্য”। লিখিছিলো। বৰ উৎসাহেৰে লিখিছিলো। “ভৱিষ্যতে মই এজন কলেজ-শিক্ষক হ'ম।” যুক্তিও আগবঢ়াইছিলো ইটো-সিটো,বহুতো। মোৰ চৌধ্য-পোন্ধৰ বছৰ বয়সীয়া মগজেৰে ঢুকি পোৱা কথাবোৰকে যিমান পাৰো সিমান সুন্দৰকৈ, সাৱলীলকৈ লিখিবলৈ যত্ন কৰিছিলো। এই ৰচনাখন লিখিলেই যদি মোৰ জীৱনৰ লক্ষ্যটো পূৰণ হয় তেন্তে.......।

 ৰচনাখন লিখি অতাই এক আত্মবিশ্বাস অনুভৱ কৰিছিলো। চকুৰ আগত ভাঁহি উঠিছিল কটন কলেজৰ চিত্ৰ, জে-বি কলেজৰ চিত্ৰ, ইখন কলেজ, সিখন কলেজকৈ গৈ গৈ শেষত স্থানীয় ডি-কে-ডি কলেজৰ চিৰ-চিনাকি চিত্ৰখন........ যদি কেনেবাকৈ.......!

 কি প্ৰচণ্ড আত্মবিশ্বাসেৰে ৰচনাখন তুলি দিছিলো পূৰ্ণ শইকীয়া ছাৰৰ হাতত!

 ৰচনাখন পঢ়ি চাই শইকীয়াছাৰে অ'ত-ত'ত ৰঙা চিঞাহীৰে টিক্‌ মাৰ্ক দুটামান দি ক'লে, “হেৰৌ তই দেখোন আচল কথাটো লিখাই নাই.......।”

 আচল কথা?

 “হেৰৌ, আচল কথাটো হ'ল টকা।.....শুন! কলেজ-শিক্ষকৰ দৰ্মহা-পাতি বহুত বেছি। ইউ-জি-চি স্কে’লৰ নাম শুনিছ?......”

 “শুনিছো”

 “কোনে ক'লে? ....ককায়েৰে ক'লে চাগে। পিছে সেই স্কে’লটো খাবলৈ পোৱাটো বৰ মুখৰ কথা নহয়। .....ভালকৈ পঢ়িব লাগিব,কষ্ট কৰিব লাগিব, .....ভালকৈ পঢ়িবি যাঃ......”

 তেখেতে স্কে’ল এপাতেৰে মোৰ পিঠিত একচাট লগাই দিলে। অপ্ৰস্তুত হৈ থকাৰ বাবে মই উচপ খাই উঠিলো। বৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতলৈ অলপ পোন্দোৱাকৈয়ে চালো। তেখেতে স্কেলপাত এক নাটকীয় কায়দাত জোকাৰি জোকাৰি হাঁহি এটা মাৰিলে। হাঁহিটো আনন্দৰ, নে দুখৰ,

॥ ১৮ ॥