.....হ’ব দিয়া, এইটো স্কে’লো বৰ এটা বেয়া নহয়..... তোমাৰ চলি যাব.....। আমি পিছে নোৱাৰো...... আমাৰ বহুত খৰচ বুইছা.....এই ষ্টেটাচ, ষ্টেণ্ডাৰ্ড আদিবোৰেই আমাক খাই মাৰিছে.....। কিন্তু তোমাৰতো এইবোৰ কথা নাই....তুমি পাৰিবা...... পাৰিলে টিউচনৰ বেচ্ দুটামানো গোটাই লোৱা....।”
দুষ্টালি (?) কৰাৰ বাবে সৰুতে বাইদেউৰ হাতৰ পৰা ঠাচ ঠাঁচকৈ কেইবাটাও চৰ খাইছিলো। মনত আছে। কিন্তু এনেকৈ কথাৰেও যে কোনোবাই চৰিয়াব পাৰে...!! বেয়া লাগিল। তথাপিভদ্ৰতাৰ খাতিৰত শলাগিলো, “হয়”। আৰুনো কি কম?
সিদিনা শুনিলো, চৰকাৰে বোলে ৰিভাইজড্ স্কে’ল এটা দিব!
কলেজৰ কমন ৰূম, কেন্টিন, লাইব্ৰেৰী, ৰাস্তা-ঘাট, বজাৰ-সমাৰ সকলোতে খালি ৰিভাইজড্ স্কেলৰ কথা। খবৰ কাগজ মেলিবই নোৱাৰো, টিভি অন কৰিবই নোৱাৰো, খালি ৰিভাইজড্ স্কে’লৰ বতাহজাকে কোবাই যোৱাৰ খবৰ। বঢ়িয়া।
পৃথিৱীখন সুন্দৰ হৈ পৰিল। আকাশখন নিৰ্মল হৈ পৰিল। বতাহজাক মৃদু হৈ পৰিল। মিছেচৰ মাতষাৰ আগতকৈ বহুত, বহুত, বহুত কোমল হৈ পৰিল। বহুত দিন ৰোহঘৰত সোমাই থকা “ৰোমাণ্টিচিজ্ম” নামৰ মায়াবী নাচনীজনীয়েও আকৌ পাখি মেলি উৰি আহি আমাৰ শোৱনি কোঠাত লাস্যময় নৃত্যানুষ্ঠানৰ আয়োজন কৰিলেহি। জীৱনৰ ছন্দ দ্ৰুতৰ পৰা দ্ৰুততৰ হ’ল।
“ল’ৰা এটা, | আমাৰ আটাইকেইজনী বাইভনীৰে.......”
“মনে মনে থাকা। জানে শুনিলে দিবহি ঠিক্চে.....”
মিছেচৰ মুখ বন্ধ কৰি দিলো। লাজ পাই, আঙুলি কামুৰি কামুৰি পিছ হুঁহুকি গৈ গৈ হঠাৎ ৰূমৰ পৰা ওলাই লৰ মৰা সৰু ছোৱালী এজনীৰ দৰে “ৰোমাণ্টিচিজ্ম” পলাই ফাঁট মাৰিলে। দি এ’ণ্ড। ড্ৰপচিন নামিল।
পিছ দিনা জানক সুধিলো,
“কিবা লাগিব নেকি?”
“ভাইটি এটা....”
মিছেচক মন কৰা নাছিলো। হঠাৎ “সোঁহ” কৈ শব্দ এটা কাণত পৰাত বুজিলো তেওঁ মোৰ পাছফালে ৰৈ আছিল। এতিয়া উচাট মাৰি আতৰি গৈছে।
জানলৈ বেয়া লাগিল। সৰু ছোৱালী। তাই কি জানে? কি বুজে?