পৃষ্ঠা:মুখামুখি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিছু চিন্তাই না কৰ্‌বে মেডাম.....”

 এই ঘৰটো এই অঞ্চলত কিমান এটা ব্যতিক্ৰমী ঘৰ হ’ব তাৰ এট মোটামোটি ধাৰণা দিবলৈ সি চেষ্টা কৰে। কিন্তু ভিনদেউ ওচৰ চাপি আহিলেই সি অলপ সেমেনা-সেমেনি কৰি আতৰি যায়। যাওঁতে সি এনেকুৱা এটা আভাস দিবলৈ চেষ্টা কৰে যেন মেডাম থিকেই আছে, কিন্তু ছাৰহে.....।

 অপৰাজিতা বাইদেউৰ হেনো ঘৰ এটা সজোৱাৰ কথা ভাৱিবলৈয়ো উপায় নাই।

 কিয়?

 এইবোৰ হেনো বহুত কথা।

 আজি পোন্ধৰ বছৰে চাকৰি কৰা অপৰাজিতা বাইদেউৰ লাখ লাখ টকাই বেঙ্কত সোমাই কান্দি আছে। ওলাই আহিবলৈ বাট বিচাৰি পোৱা নাই। আজি বিশ বছৰে ইউ-বি-আইত মেনেজাৰগিৰি কৰি অহা ভিনদেউৰো লাখ লাখ টকা বেঙ্কৰ লকাৰত সোমাই “অথিৰ ধনজন” বুলি বিলাপ কৰি চকুলো বোৱাই আছে। অথচ বাহিৰলৈ উলিয়াই আনোতা নাই। এটা সুন্দৰ বিল্ডীং দৃশ্যপটত আবিৰ্ভাৱ হ'বলৈ অনুমতি পোৱা নাই। নাই বোলে কমচে কম এটা দ্ৰয়িং ৰূমো....! কিন্তু কিয়?

 “এ কিনো কওঁ..... আমাৰ এখেতৰ কথাই সুকীয়া নহয়.....”।

 এটা নিস্তেজ হাঁহি সৰকি আহে বাইদেউৰ ওঁঠৰ ফাঁকেদি।

 পিতৃ ভক্তিত গদ্‌গদ্‌ হৈ থকা ভিনদেৱে হেনো পিতৃ গৃহটো না এৰিবলৈ মন কৰে, না নতুন এটা বনাবলৈ।

 “তুমি নাজানা, কিমান আশা কৰি, কিমান প্লেন-প্ৰগ্ৰেম কৰি, কিমান কষ্ট কৰি দেউতাই এই ঘৰটো মোৰ বাবেই সজাই থৈ গৈছে। হ'ব পাৰে ঘৰটো পুৰণি মডেলৰ, কিন্তু এই ঘৰটোত এটা মোহ আছে। এটা এৰাব নোৱাৰা মায়া আছে। এতিয়া এই ঘৰটো মই কোন সতে ভাঙো বা এৰো কোৱাচোন.....।”

 ভিনদেউৰ সেই একেটাই কথা। অঁকৰা মৈত উঠা বুলি ইয়াকে কয় নেকি! গতিকে থাকা আৰু এতিয়া সেই ৱাৰ টাইমৰ মডেলৰ এল-পেটাৰ্ণৰ ঘৰটোতে সোমাই। ওচৰতে কিমান কেইটা ধুনীয়া ধুনীয়া বিল্ডীং হ’ল। বিকাশ

বৰুৱা নামৰ ইঞ্জিনিয়াৰ এজনৰ চাৰিমহলীয়া বিল্ডীংটোৱে ইতিমধ্যে বাইদেউহঁতৰ ৱাৰ টাইমৰ ঘৰটোক অজগৰে গিলাদি গিলি পেলাইছে!

॥ ২৮ ॥