পৃষ্ঠা:মুখামুখি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“এগৰাকী অসমীয়া লেখিকা হিচাপে আপুনি নিজক লৈ গৌৰৱ কৰে নে?”- আকৌ বৰগোহাঞি।

 দেখাতেই আঁজলী যেন লগা এজনী যুৱতীয়ে হাতৰ তলুৱাৰে মুখ ঢাকি উচুপি আছে। যেতিয়াই তেওঁ মুখখন ডাঙিছে তেতিয়াই মুখখন কম্পিউটাৰাইজড্‌ কৰি ঢাকি দিছে। তেওঁক আগুৰি ধৰি আছে কিছুসংখ্য ৰাইজ আৰু আৰক্ষীৰ লোক। কেমেৰাৰ সমুখত এইবাৰ যুৱতীয়ে মুখ খুলিলে, “সি বিয়া পতা বুলি সি মোক আগতে এবাৰো কোৱা নাছিল...। টাউনত তাৰ ডাঙৰ দোকান আছে বুলিহে কৈছিল। তাক মই ইমান বিশ্বাস কৰিছিলো। বিয়া পাতিম বুলি পলুৱাই নি গুৱাহাটীৰ এখন হোটেলত সি মোক তিনিদিন.... (এইখিনিতে আঁজলী যুৱতী গৰাকীয়ে হুক্‌হুকাই এসোঁতা কান্দিলে)।

 “সি বিয়া পতা বুলি তুমি কেতিয়া আৰু কেনেকৈ গম পালা?” - সংবাদদাতা চন্দন বৰবৰাৰ পোনপটিয়া প্ৰশ্ন।

 “তাৰ ঘৈনিয়েকে হেনো কথাবোৰ গম পাই থানাত কে’চ দিলে। তাৰ পিছত হোটেলৰ পৰাই পুলিচে আমাক......”

 চাল্লা ইডিয়ত! প্ৰেম কৰ!

 পঢ়া-শুনা নাই, সাহিত্য-সংগীতৰ চৰ্চা নাই, খেলা-ধূলাৰ নাম নাই, নিজক প্ৰতিষ্ঠা কৰাৰ চিন্তা নাই। ঘৰত দম-ভাবুকি দি ম’বাইল ফোন কিন। পিছে তাৰতো আৰু অন্য কাম নাই। খালি কথা পতাহে। কথানো আৰু কিমান ওলাব! অলপ আবোল-তাবোল বলকাৰ পিছতে দে প্ৰেমৰ প্ৰস্তাৱ।

 কিমাননো আৰু দূৰে দূৰে থাকি প্ৰেম কৰি থাকিবা, আহা ওচৰলৈ।

 ভয় নাই, মই আছো।

 ইমাননো বিশ্বাস নাইনে মোৰ ওপৰত? ইমানেই যদি ভয়, আগবাঢ়িছিলা কিয়?

 মানিছো আৰু দেই, আচৰিত।

 এইবোৰেই আৰু। তাৰ পিছৰখিনি হ’ব ব্ৰেকিং নিউজ। সমগ্ৰ দৃশ্য হ'ব কেমেৰাত বন্দী। এক্সক্লচিভ ফুটেজ। সবিশেষ সন্ধিয়া ৭ত। তাৰ পিছত চাই থাকক আৰু চোফাত বহি লৈ! বঢ়িয়া।

 ফোট-সেন্দুৰ লৈ অহা ছাত্ৰী কিছুমান আমিও দেখা পাওঁ। কিছুমানৰ বয়স ওঠৰ নহ'ব যেন লাগে। দেখাততো পোন্ধৰ-ষোল্ল। হায়াৰ চেকেণ্ডৰী

॥ ৯ ॥