কোনো কথাত আগ্ৰহ দেখুওৱাটো বৰুৱানীৰ স্বভাৱৰ পৰিপন্থী। লাগিলে সেই বস্তুটো পাবৰ বাবে মনে মনে তেওঁ যিমানেই হাহাকাৰ কৰি নাথাকক। গতিকে এক স্বভাৱসূলভ নিৰ্লিপ্ততাৰে মোখনি মাৰি থ'লে তেওঁ।
“কিন্তু দে....তা...., হঠাৎ যে গাড়ী লোৱাৰ কথা ভাৱিলে আপুনি!”
নন্দিনীৰ টোপনি যোৱা নাছিল। মাক-দেউতাকৰ টোপনি অহা বুলি নিশ্চিত নোহোৱালৈকে কোনো দিনেই টোপনি নাযায় তাইৰ। হয়, তাই মুখেৰে একো নামাতে। চকু মুদি পৰি থাকে। কাণ কিন্তু থিয় কৰি ৰাখে তাই। কি বা কয়! কি বা হয়!
এইবাৰ অৱশ্যে মাত নামাতি নোৱাৰিলে তাই। নিজৰ গাড়ী এখনত উঠাৰ হেঁপাহটো তাইৰ বহুদিনীয়া। গতিকে.........।
“কথা আছে অ’ মাজনী। পিছত কম।”
নন্দিনীক এক ৰহস্যৰ মাজত এৰি থৈ বৰুৱাই বেৰৰ ফালে মূৰ কৰি শুবলৈ চেষ্টা কৰিলে। নন্দিনীয়ে মূৰ ডাঙি দেউতাকক এবাৰ চাবৰ যত্ন কৰিলে। কিন্তু ডিম লাইটৰ পোহৰত, দুখন আঠুৱাৰ মাজেৰে, কোঠাটোৰ সিটো মূৰৰ বিচনাখনত শুই থকা দেউতাকৰ মুখৰ অভিব্যক্তি তাই দেখিবও নোৱাৰিলে, জানিবও নোৱাৰিলে।
মাত্ৰ দহটা দিন।
এখন ক্ৰীম ৰঙৰ ইণ্ডিগ’ কাৰ আহি ৰ’লহি বৰুৱাৰ গেইটৰ সমুখত। সমুখৰ আসনৰ পৰা নামি আহিল নন্দু। মানে নন্দন। বৰুৱাৰ বৰপুত্ৰ। ক্ষন্তেক পিছতে পিছফালৰ দুৱাৰখন খোল খালে। নামি আহিল বৰুৱা।
গাড়ীৰ হৰ্ণ শুনি নন্দিনী ঢপলিয়াই ওলাই আহিল।
“ৱাহ! দাদা.....তই চলাই আহিলি?”
“নহয়। ড্ৰাইভাৰ আহিছে। মই কিন্তু শিকি লম। তই তেতিয়া উঠিবি, বুজিলি?”
“ই-ই-স। তোৰ লগত নুঠিহে পাৰিছো, নহয় মা.....”
“এহ, ৰহচোন এইজনী। আহি পাওঁতেই চুপতি আৰম্ভ হ'লেই.....” মাতষাৰত এক আভিজাত্যৰ চাপ, এক গাম্ভীৰ্য্যৰ চাপ আনিবলৈ চেষ্টা কৰি বৰুৱানীয়ে জীয়েকক শাসন কৰিবলৈ বিচাৰিলে।
বৰুৱাৰ খোজ-কাটলত কিন্তু সামান্য চঞ্চলতা প্ৰকাশ পাইছে। “দেখিলা!
॥ ১০৫ ॥