পৃষ্ঠা:মুখামুখি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবলৈ ধৰিলে। খোৱাহে কথা।

 “কি কয় ছেত্ৰী? খাবনে টেঙাৰ ৰস?”

 “খাওঁ আৰু..........”

 ঠিক তেনেতে কাণত উফৰি পৰিলহি কোনোবা অচিনাকি কণ্ঠৰ এটা খবৰ। পাঁচ বজাত নিউ জলপাইগুৰিৰ পৰা এখন ট্ৰেইন আছে গুৱাহাটিলৈ। পৰৱতী ট্ৰেইনখন আছে ৰাতি ন–বজাত।

 এ হয়নি? সময়েই নাই দেখোন।

 “ছেত্ৰী ব’লক, দেৰি নকৰিব।”

 “এ ৰ’ব, চিমখন দি যাব লাগিব নহয়।”

 “চিমখন? অ’ ইয়েচ্, কল কৰি দিয়ক। সময় একেবাৰেই নাই।”

 ছেত্ৰীয়ে কল কৰাৰ বিশ মিনিটলৈকে ল’ৰাজনৰ দেখাদেখি নাই।

 আকৌ কল কৰিলে।

 আকৌ অপেক্ষাৰ দহ মিনিট।

 নাই, বেটাৰ নোম এডালো দেখিবলৈ নাই।

 অ’, এনেকৈ হ'লে নহ’ব নহয়।

 “চাওঁক ছেত্ৰী, চিমখনতো মইয়েই কিনিছিলো। অৱশ্যে অসমত এইখন চিমৰ কোনো কাম নাই। ল’ৰাজনক চিমখন দি গ’লে অৱশ্যে তেওঁৰ কামত আহিব। কিন্তু ইয়াত এনেকৈ ৰৈ থাকিলে আমাৰ ট্ৰেইন হেৰাব। প্ৰব্লেম হব। তাতকৈ চিমখন আপুনিয়েই ৰাখক। আপুনিতো নেপাললৈ আহিয়েই থাকে।”

 “হেই ৰব। আপোনাৰ মতে নহ'ব নহয়। এইখন নেপাল হয়। ইয়াত মোৰ মতেহে হ'ব, বুইছে?”

 এইখন মেচি নৈ। এই দলংখন পাৰ হৈ গলেই ভৰি দিমগৈ ভাৰতৰ মাটিত। মাথো পাঁচ মিনিটৰ বাট। ৰিক্সাতে হওঁক বা খোজকাঢ়িয়েই হওঁক। মনত মোৰ প্ৰচণ্ড লোভ জন্মিছিল ছেত্ৰীক এবাৰ জোকাই চাবলৈ। কিন্তু নোজোকালো। হয়তু ভদ্ৰতাৰ খাতিৰত। কিন্তু মোৰ ওঁঠৰ ফাঁকেদি সৰকি গ'ল এটা হাঁহি। অন্য মানুহে দেখিলে সেই হাঁহিটোক এটা “অঁকৰা হাঁহি” বুলিয়েই ক’ব। আনকি ছেত্ৰীয়েও।

 ধৈৰ্য্যৰ বান্ধ চিগো চিগো যেন হোৱাৰ মূহুৰ্ততে আহি ওলালহি ল’ৰাজন। চিমখন তেওঁৰ হাতত তুলি দি ধন্যবাদ জনাই চিধা জপিয়াই উঠিলো ৰিক্সা

॥ ৬১॥