পৃষ্ঠা:মুখামুখি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হ’ব আৰু। উপায়তো নাই। অগত্যা চাহ নাষ্টাকে খাই টেক্সীলৈ বুলি আগবাঢ়িলো। এইবাৰ টেক্সী দৌৰিল চিধা হনুমান-ঢোকালৈ বুলি। যাওঁচোন বাৰু। চাই লওঁ কিনো আছে, কিনো কাৰবাৰ।

 ‘হনুমান-ঢোকা’ হৈছে হনুমানে অনবৰতে পহৰা দি থকা এখন দুৱাৰ। এই দুৱাৰ আছে এক বিশাল ৰাজমহলৰ সমুখত। এই বিশাল ৰাজমহল আৰু দৰ্‌বাৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৬৭২ বিক্ৰমাব্দত। প্ৰতিষ্ঠাপক আছিল ৰজা পৃথ্বীনাৰায়ণ মাল্লা। পিছলৈ অৱশ্যে শ্বাহ ৰাজবংশৰ কেইবাজনো বিলাসী ৰজাৰ হাতৰ পৰশত কেইবাগুণেও উজ্জ্বল হৈ উঠিছিল এই ৰাজমহল আৰু এই উজ্জ্বল ৰূপ এতিয়া মোৰ চকুৰ সমুখত। (বৰ ভাল কৰিলো ইয়ালৈ ফুৰিবলৈ আহি। আৰু ছেত্ৰীও যে মোৰ লগত ওলাল! )

 পাঁচ একৰ ভূমি আগুৰি থকা এক বিশাল দৰ্‌বাৰ-স্কোয়াৰ। ৰজা বীৰেন্দ্ৰৰ ৰাজ অভিষেকো হৈছিল ইয়াতে, ১৯৭৫ চনত। পিছলৈ ৰাজপৰিয়ালটো অৱশ্যে উঠি যায় নাৰায়ণহাটীৰ ৰাজপ্ৰাসাদলৈ। এই দৰ্‌বাৰ হ’ল বৰ্তমান এটা মিউজিয়াম। আৰু মিউজিয়াম মানে একেবাৰে এনেকুৱা যে এবাৰ সোমালে ওলাই আহিবলৈ মন নাযায়। সময়বোৰ কেনেকৈ পাৰ হয় গমকে পোৱা নাযায়। ইমান বিলাসী জীৱন কটাইছিল নেপালৰ ৰজাসকলে! ৰাইজৰ কথা বাৰু চিন্তা কৰিছিলনে তেওঁলোকে?

 ‘বসন্তপুৰ-টাৱাৰ’নামেৰে কাঠেৰে নিৰ্মিত ন-মহলীয়া বিশাল ভৱনটোৰ একেবাৰে ওপৰৰ মহলাৰ পৰা তললৈ চাই পঠিয়ালো। স্বতঃফুৰ্ত ভাৱেই মুখৰ পৰা ওলাই আহিল, “ওৱাও! কি কাৰবাৰ!”

 ইয়াতে সংৰক্ষিত হৈ আছে মাল্লা ৰজাৰ সিংহাসনখন, শয়ন–কক্ষৰ বিচনাখন, আচবাব-পত্ৰবোৰ, অস্ত্ৰবোৰ। গোটেই ৰাজমহলটোৱেই যেন আমোদ- প্ৰমোদৰ কক্ষহে। কি দেখিলো কি কম! কি শুনিব ! অৱশ্যে নিজে নেদেখিলে বিশ্বাসেই নহ'ব। মই জানো। সেয়েহে কৈছো পাৰিলে এবাৰ যাব। চাবগৈ। ভাল লাগিব। বিশ্বাস কৰক, বৰ সুন্দৰ !

 এমাহ ধৰি চাই থাকিলেও য'ত হেঁপাহ নপলাব তাত মাত্ৰ দুঘণ্টামান সময় !

 পিছে কি কৰিম কওঁক। চাবলৈ যে ইমানবোৰ ঠাই আছে। সময় মিলাবলৈকে দিগ্‌দাৰ। গতিকে ইচ্ছা নাথাকিলেও নামি আহিছো। ওলাই

॥৫৪॥