ঠেলিবলৈ লগাই সেই পৰ্য্য়টকৰ বস্তুবাহানি লৈ ড্ৰাইভাৰ উধাও। আন এবাৰ খবৰ এটা পালো যে এক বিশেষ ড্ৰাইভাৰে চলাবলৈ লোৱা প্ৰতিখন গাড়ীয়েই চুৰি হয়।
কাকতালীয়? হয়তো হ’বও পাৰে।
কিন্তু বিশ্বাস কৰিবই বা কোনে?
কৰিবই বা কিয়?
বেয়া লাগে।
এনেবোৰ খবৰ চকুত পৰিলে, কাণত পৰিলে সঁচাই বেয়া লাগে।
মনত পৰে দুৰ্গেশ্বৰ বৰঠাকুৰদেৱৰ “জীৱন ড্ৰাইভাৰ”লৈ, যিখন নাটকে “ভাই-ভাই” নামেৰে কথাছবি হিচাপে দৰ্শকৰ মনত সাঁচ বহুৱাব পাৰিছিল। আকৌ, যেতিয়া দেখো আমাৰে বহুতো ভাই-ভতিজা, ভাগিন বন্ধুৱে জীৱন আৰু জীৱিকাৰ তাড়নাত ৰাস্তালৈ ওলাই গৈছে একোখন সৰু গাড়ী লৈ। ভাড়া মাৰিবৰ বাবে। তেতিয়াতো নিশ্চয় ওলত-পালত হৈ যায় আমাৰ চিন্তা-ভাৱনা। আমিতো তেতিয়া লওঁ এই ড্ৰাইভাৰ ল'ৰাবোৰৰ পক্ষ! বৰং তেতিয়া ভাড়াতীয়াবোৰহে হৈ পৰে আমাৰ বাবে ভয়, সন্দেহ আৰু আশংকাৰ উৎস! কেনেকুৱা বা ভাৰতীয়া? গাড়ীখন ভাড়ালৈ নি ক’ত বা কি ৰূপ ধাৰণ কৰে? গাড়ীয়েই কাঢ়ি লৈ যায় নে ল’ৰাটোকেই মাৰি পেলায়? ভয় লাগে। ব-হু-ত ভয় লাগে।
এতিয়া আমাৰ ধনেই! খুড়াই পোৱা ৰিটায়াৰমেণ্ট-বেনিফিটৰ টকাৰে তাক কিনি দিছে এখন মাৰুতি ভান। জীৱিকাৰ পথত নিতৌ দৌৰিব লাগিছে। তাৰ সেই সৰু গাড়ীখন।
নিচাও লাগিছে তাৰ গাড়ী চলাই।
ডেকা ল’ৰা। এনেয়ো গাড়ী-বাইক দৌৰাই ভাল পায়। তাতে একেবাৰে নতুন গাড়ী পাইছে। লাগে আৰু কি তাক!
পুৱাই গা-পা ধুই, পূজা-পাতল কৰি উলিয়াই নিয়ে সি গাড়ীখন।
ভাল ভাড়া দুই-এটা পালেই হয়। ক’তো জেঙত নফচিলেই হয়! বিশেষকৈ পুলিচৰ!
ইপিনে ঘৰত খুড়াৰ চিন্তাত তত্ নাথাকে। ক’ত বা গৈছে, কেনেকুৱা বা পেচেঞ্জাৰ পাইছে?
॥ ৮৫॥