পৃষ্ঠা:মুখামুখি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এৰা, এইসকলহে প্ৰকৃত ভাৰতীয়। ভোটাধিকাৰৰ প্ৰতি সদা-সজাগ, সদা-সচেতন। আমাৰ অসমীয়াখিনিৰ নিচিনা উদাসীন নহয়। আমাৰ মানুহখিনি কেনেকুৱা, শাৰীত দুঘণ্টা ৰ’বলৈকে ধৈৰ্য্য নাই। কাম, দায়িত্ব, লেঠা! যেন তেওঁ এক মিনিট আতৰি থাকিলেই তেওঁৰ ঘৰ গুচি বাঁহতল হ’ব। ভোটটোনো কি কথা? আছে নহয় বাকীবোৰ। দিব। হ’ব। আমাৰনো কি, ইয়াতে মাটিত গজা মানুহ। বিদেশী বুলিতো কোনেও নাভাৱে। চেহেৰা দেখিলেই জানিব যে আমি ইয়াৰে মানুহ। ক’ৰো বিদেশৰ পৰা ভগনীয়া হৈ অহা নাই নহয়। চেহেৰাৰ উপৰিও আমাৰ উপাধীবোৰতো আছেই। গতিকে ক’ত হেৰাব আমাৰ নাগৰিকত্ব? তাৰ পিছতো কোনোবাই কিবা ক’বলৈ আহকচোন, ঘুচিয়াই দাঁত-মুখ ভাঙি দিম, চিনি পোৱা নাই। কি আল্টু-ফাল্টু কথা ক’বলৈ আহাহে? মানুহ চিনি নোপোৱা? ক’ৰপৰা আহিছাহে তুমি? ক’ত ঘৰ তোমাৰ? কি নাম?

 কোনেনো বাৰু কদো বাহক জোকাই ল’ব? মুখখনৰ লগতে দাঁতকেইটাও মানুহৰ অতি প্ৰিয় সম্পদ। অনাহতক কোনেনো এইহেন অমূল্য সম্পদকেইটা হেৰুৱাবলৈ বিচাৰিব? গতিকে ভয় নাই। কোনো ভয় নাই। থাকা ঘৰতে ফষ্টি মাৰি। ভোট দিয়াই দি থাকিব, ৰজা হোৱাই হৈ থাকিব। আমাৰনো কি? নহয় জানো?

 থিক সাতমান বজাত ছেত্ৰীয়ে ফোন কৰিলে, “কাম কিমান আগবাঢ়িছে?

 কিমান আগবাঢ়িব আৰু! টাৰ্গেট পূৰা কৰিবলৈ হ'লে ৰাতি ১ বাজি যাবলৈয়ো আছে। ইফালে উঠিব লাগিব ৰাতিপুৱা ৪টাতে। টোপনিতো পূৰা নহ'লেও পিছদিনা গোটেই দিনটো কানীয়া কানীয়া লাগি থাকিব। ইফালে কামৰ হেঁচাতো পূৰা হ'ব। ভোটিং শেষ হোৱাৰ পিছতো ভোটিং মেটেৰিয়েলচ্‌ৰ লগতে বেডিং-পত্ৰখিনিও কঢ়িওৱা, বাচত তোলা, আকৌ নমোৱা, ৰিচেপ্শ্যন কাউণ্টাৰত হেঁচা-থেলাৰ মাজত মেটেৰিয়েলচ্ জমা দিয়া, কাউণ্টাৰৰ ওষ্টাড(!!) কেইজনৰ ওজৰ-আপত্তিৰ নিষ্পত্তি কৰা, আকৌ বেডিং-পত্ৰখিনি বাচলৈ কঢ়িওৱা। উসঃ কি শাস্তি।

 আশংকা কৰাটোৱেই হ'ল। মুঠ বাইশ শ মান বেলটত চহী কৰোতেই ৰাতি ডেৰ বাজিল। দুৱৰাৰতো কথাই নাই, চৌধুৰীৰেই চকু টানি আনিবলৈ ধৰিলে। নাই, নাই, নোৱাৰি আৰু। শোৱাহে কথা। ইপিনে, ভাতৰ ভাগৰটোতো গ’লেই। টোপনি যে আহিব মনে নধৰে। এনেই পৰি থকাহে হ’ব। হ’ব আৰু।

॥ ৭১॥