পৃষ্ঠা:মুখামুখি.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰূপালী ঘৰৰ চাল, ৰূপালী কোমোৰা,
ৰূপেৰে বোৱাই দিছে কচুৱনি ডৰা।...

 ঠিক কিমান সময় তেওঁ বাহিৰতে কটাই দিলে, তেওঁ খেয়ালেই কৰা নাছিল। হঠাৎ, দুৱৰাৰ মাতষাৰ শুনিহে তেওঁৰ সম্বিত ঘূৰি আহিল। প্ৰস্বাৱ কৰিবলৈকে উঠিছিল তেওঁ। তেওঁৰো টোপনি অহা নাছিল। হয়তো নাকৰ শব্দৰ বাবে, নহ'লে ভাতৰ ভাগৰটো গুচি যোৱা বাবে। নহ'লে, তেওঁৰ খং উঠিবও পাৰে কাৰণ যেতিয়া তেওঁলোক দুজনে চহী কৰা আৰু ষ্টাম্প মৰাৰ কামবোৰ কৰি আছিল তেতিয়া বাকি কেইজনে নাক বজাই শুই আছিল। ই কেনে ধৰণৰ টীম-ম্পিৰিট!

 “বাহিৰত কি কৰি আছে ছাৰ? ঠাণ্ডা লগা নাই?”

 লাগিছে। বহুত ঠাণ্ডা লাগিছে তেওঁৰ। কিন্তু লগতে যে তেওঁৰ বহুত ভালো লাগিছে। তেওঁৰ সমুখত এই মায়াভৰা জোনাক!

 ধেমালি কথা? এনেকুৱা পৰিৱেশতেই মানুহ কবি হৈ পৰে। হৈ পৰে সুন্দৰৰ উপাসক, প্ৰকৃতি প্ৰেমী আৰু,... আৰু কত কি! অঞ্জু বৰা হোৱা হ'লেতো লিখিয়েই পেলালেহেঁতেন এটা সুন্দৰ কবিতা। কিন্তু চৌধুৰীয়ে নোৱাৰে কবিতা লিখিব। হাত নাই তেওঁৰ।

 হঠাৎ তেওঁৰ ম'বাইলৰ ৰিংটনটো বাজি উঠিল। চৌধুৰী যেন উচপ খাই উঠিল।লগতে খং এটাও উঠি আহিল তেওঁৰ। কোনে বাৰু ফোন কৰিছে এই ৰাতিখন। খৰ খোজেৰে তেওঁ সোমাই আহিল ভিতৰলৈ। এক তীব্ৰ উষ্মাৰে ফোনটো ডাঙি ল’লে তেওঁ। যেন গালি দিব তেওঁ। সময় জ্ঞান নাই নেকি ইহঁতৰ? ইডিয়তসব ক'ৰবাৰ।

 কিন্তু ই কি! ফোনটো কোনেও কৰা নাই। এইয়াযে তেওঁয়েই অথনি চে’ট কৰি থোৱা এলাৰ্মৰ ৰিংটন। হাঃ। উচপ খাই উঠিল তেওঁ। মানে, চাৰে-চাৰি বাজিলেই? তাৰমানে তেওঁ তেন্তে শোৱা নহ'লেই। হাঃ কি কথাটো হ’ল আজি! কাইলৈ গোটেই দিনটো তেওঁৰ কানীয়া কানীয়া লাগিয়েই থাকিব। কথাটো ভাৱি ভাৱি তেওঁৰ খং এটাহে উঠি আহিল।

 ইচ্ ৰাম চোৱাচোন, কি মূৰ্খামীটো হ’ল! লৰা-লৰিৰ কোবত তেওঁ চাৰে-চাৰিৰ সলনি চাৰে-তিনিতে এলাৰ্মটো দি থ’লে নহয়। এনেকুৱা অঁকৰামীনো তেওঁ কৰিব লাগেনে বাৰু! এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু!

॥ ৭৪ ॥