পৃষ্ঠা:মুখামুখি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাই বুলিও, কমেও সাতত্ৰিশ শ। ধেমালি কথা!

 নিৰ্বাচনবোৰ নোহোৱা হ'লে কিহৰ গৰজত মাৰি ফুৰিলেহেঁতেন তেওঁ ইমানবোৰ চহী। দুই-এটা চহী কৰি অৱশ্যে তেওঁৰ বেয়া নালাগে। নিজৰ চহীটো কৰাৰ আনন্দ-তৃপ্তিয়েই সুকীয়া। নতুন কলম এটা কিনিও মানুহে কাগজ এখিলাত সৰ্ব–প্ৰথমে নিজৰ চহীটোৱেই মাৰি চায়। চৌধুৰীয়েও মাৰি চায়। ভাল লাগে তেওঁৰ এই চহীটো কৰি। আৰু এটা চহী কৰি তেওঁ বৰ আনন্দ পায়, দৰ্মহাটো বেঙ্কত সোমোৱাৰ পিছত একুইটেন্সত কৰা চহীটো। আস! কি চহী!

 কিন্তু এই বেলটৰ চহীবোৰ! ভাল নালাগে। আমনি লাগে। হাতখন টনটনাই যায়, আঙুলিবোৰ জঠৰ হৈ যায়। মাজে মাজে তেওঁ কলমটো থৈ হাতদুখন বহলকৈ মেলি দিয়ে, আঙুলিবোৰ টানি ফুটাই দিয়ে, ডিঙিটো ইফালে-সিফালে কৰি অলপ ব্যায়াম কৰে আৰু হামি এটাও মাৰে। একাপ চাহ পোৱা হ’লে!

 “কিমান হৈছেগৈ, দুৱৰা?”

 “ৰব, সাত-শ, ও ও ও অ’... সাতশ চ–ল্লি-চ খন, অ’ ইয়েচ, হয়। আপোনাৰ?”

 চৌধুৰীৰ কিমান হ'ব আৰু, এই ধৰক, পাঁচশ-বিশ-পচিশখন...।

 কিমান বাজিলে। সাত! অ’ এনেকৈ হ'লে দেখোন তেওঁৰ বাৰ বাজি যাব। মৰি যাব তেওঁ। কাইলৈ ভোটাৰে তেওঁৰ কলখোৱা ধাতু বাহিৰ কৰি দিব। শুনামতে, ভোটাৰবোৰে হেনো ইয়াত ৰাতিপুৱা চাৰে-পাঁচ বজাৰ পৰাই শাৰী পাতে। ৰাতি হৈ গলেও গুচি নাযায়। যেনেকৈয়ে নহওঁক, ভোট দি হে যাব। ভোট নাকচেই হওঁক বা বাকচেই হওঁক, ভোট কিন্তু দিবই। মাৰ্ক–কপিত সিহঁতৰ নামটো আণ্ডাৰলাইনড্ হ’বই লাগিব। আঙুলিত ইনডেলিবল ইঙ্কৰ চিন লাগিবই লাগিব। নহ'লে হেনো সিহঁতৰ নাগৰিকত্বই নাথাকিব।

 হাঃ, কি কাৰবাৰ! ক’ৰ মানুহ এইবোৰ? কি মানুহ? বাংলাদেশী নেকি?

 নাই, নাই। বাংলাদেশী হ’বই নোৱাৰে। ভাৰতীয় মানুহেই এইবোৰ। সিদিনা ধুবুৰীৰ নিৰ্বাচনী সভা এখনত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, “আমাৰ ইয়াত কোনো বাংলাদেশী নাই। আমি স–বে-ই ভাৰতীয়। মিছা ক’লে কিডাল হব?

ইয়াত সকলোৱে ভোট দিবলৈ পাব। পাবই লাগিব। ডেট ইজ অল্চ’ এন ইম্পৰটেণ্ট পইণ্ট......।”

॥ ৭০॥