পৃষ্ঠা:মুখামুখি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এবাৰতো, মই অকলে অকলে কথা পাতি থাকো বুলি মাকৰ ঘৰত ক’লেগৈ। অৰ্থটো কি হ’লগৈ? তাৰ পিছৰ দিনবোৰত মোৰ কি অৱস্থা হৈছিল কি কম, কি শুনিব! বাৰু বাদ দিয়ক এইবোৰ কথা। হোৱা কথা হৈ গ’ল আৰু। বৰা চাৰে মোক বুজায়, “পাষ্ট ইজ পাষ্ট, লিইভ ইট”। হয়তো তেখেতে থিকেই কয়।

 “অ’ সীমান্ত শেখৰ দেখোন। চেইঞ্জ নকৰিব দেই। কি গান গায় শুনিব লাগিব। ....বহি নলয়নো কিয়? থিয়ৈ থিয়ৈনো কি কৰিছে? বহি লওঁক...ওঁ চাহ লওঁক।”

 এৰা, বহিয়েই ল'ব পাৰিলোহেঁতেন। পাহৰিয়েই আছিলো।

 চাহৰ কাপটো লৈ চকীখনত গা-টো এৰি দিলো।

 “সন্ধিয়াৰ গান”চলি আছে। তাৰমানে ইমান দেৰি কথাটো মই মনেই কৰা নাছিলো। হঠাৎ সচেতন হ’লো। মোৰ অৱস্থাটো এওঁ বুজিব পাৰিলে কি মন্তব্য দিব থিক নাই। সহজ হ’বলৈ চেষ্টা কৰি এওঁলৈ চাই হাঁহি এটা মাৰিলো।

 “হাঁহিলে যে?”

 এৰা, থিকেই। হাঁহিলো যে। কিয়?

 কাৰণ এটাতো ক’বই লাগিব। নহ'লে এওঁ কি ভাবিব কি থিক! “নাই, এনেয়ে” বুলি এবাৰ কিবা এটা কথাত কৈ চাইছিলো। এওঁ পিছে যিটোহে মন্তব্য দিলে, শুনি মোৰ পেটতে হাত-ভৰি লুকাল। এনেয়ে বোলে পাগলেহে হাঁহে! সঁচা?

 হ’ব পাৰে।

 কি কওঁ, কি কওঁ, কি কওঁ?

 ৰ’বা, পাইছো। দিওঁ তোমাকো এখোচ্!

 “তোমাক আজি ইমান ধুনীয়া লাগিছে, কি ঘঁহিছা?”

 মাইকী মানুহৰ প্ৰধান দুৰ্বলতা কি মই জানো। ইহঁতক মূৰ্খ বুলি ক'লেও বেয়া নাপায় যদিহে আপুনি ইহঁতক ধুনীয়া বুলি কয়। আচৰিত!

 গতিকে এইপাট অস্ত্ৰকে অব্যৰ্থ বুলি ভাৱি নিক্ষেপ কৰিলো। এইবাৰ এওঁ নিশ্চয় ধৰাশায়ী হ’বই হ’ব। এওঁ মোক কি বুলি ভাৱে হাঃ। অঁকৰা পাইছে?

 নিজৰ উপস্থিত বুদ্ধিৰ বাবে নিজকে নিজেই শলাগিলো।

 অৱশ্যে ইয়াতো ৰিস্ক নথকা নহয়। এওঁৰ ৰূপ-সৌন্দৰ্য্যৰ বিষয়ে মই

॥৬॥