পৃষ্ঠা:মুখামুখি.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্ধ দুৱাৰখন খুলিব লাগে। মাত এষাৰ মাতিবলৈ,কথা এষাৰ ক’বলৈ, শুনিবলৈ ঘৰখনত মানুহ এজনী নাই। মৰমৰ মাত এষাৰ, মিঠা মাত এষাৰ, কোমল মাত এষাৰ শুনিবলৈ খুড়াই যেন আকৌ হাহাকাৰ কৰি উঠিল! গতিকে তেওঁক লাগে এতিয়া মাথো এজনী বোৱাৰী। লখিমী বোৱাৰী!

 ধনক অৱশ্যে নালাগে হেনো। সঁচা?

 মাহেকত মোটামোটি বিশহাজাৰ টকা উপাৰ্জন কৰা, মাক, আবিৱৈ বায়েক আদি ঘৰত নথকা, স্বাস্থ্যবান, বিশ-বাইশ বছৰীয়া ডেকাল’ৰা এটাৰ বাবে ছোৱালী এজনীৰ ইমান মহাৰ্ঘ হোৱা নাই আজিৰ যুগত। বৰ বেছি পঢ়া-শুনা কৰা ছোৱালী নহ'লেও হ'ব। খালি ধুনীয়া হ’ব লাগে, মানে সহজে চকুত পৰা হ'ব লাগে। ইন্টেলেক্‌চুৱেল বিউটীতো নালাগে। কি কৰিবগৈ হাইফাই ইন্টেলেক্‌চুৱেল এজনীয়ে আমাৰ ধনৰ লগত?

 “ই...ই...ইস, তেনেকুৱা কোনো কথা নাই দেই। কেলেই বিপুলৰ ভনীয়েকে কি কৰিলে? নিজৰ ঘৰৰে ড্ৰাইভাৰটোৰ লগতে পলাই যোৱা নাই? ছোৱালীবোৰৰ মানে পঢ়া-শুনা যিমানেই থাকক, এই প্ৰেম-পিৰিতিৰ কথাবোৰত সিহঁত একেবাৰে বুৰ্বকৰ ঘোঁৰা হৈ যায়। মানে, গাধ। বুজিলি?”

 “বুজিলো, কিন্তু প্ৰেম-পিৰিতিৰ ক্ষেত্ৰতহে। এইবোৰ ঘৰুৱাভাৱে ঠিক কৰা বিয়া বাৰুত সব চায়, সব বিচাৰে।”

 এদিন এইবোৰ কথাকে লৈ এখুন্দা লাগিলো আমাৰ মাহীৰ ল'ৰা জিতুৰ লগত। এনেয়ে। তাৰ লগত যুক্তি-তৰ্ক কৰি জিকিলেও লাভ নাই, হাৰিলেও নাই লোকচান। তথাপি কেতিয়াবা কামবন নাথাকিলে তাৰ লগতেই কেৰম খেলো। লগে লগে চলাই যাওঁ মুখ। নিৰ্দিষ্ট কোনো বিষয় নহ'লেও হয়। কিবা কিবি বিষয় এটাতো ওলায়েই। বচ্, চলি যায় আমাৰ বাকযুদ্ধ।

 পিছে এই যুদ্ধবোৰত জিকে সদায় সিহে। সি মানে সেই স্কুলত থাকোতে তাহানিতেই পঢ়া অলিভাৰ গল্ডচ্‌স্মিথৰ “ভিলেজ স্কুলমাষ্টাৰ” টোৰ নিচিনা। হাৰিলেও হাৰ নামানে। আঁচৰিত!

 আৰু তাৰ লগতেই এদিন আলোচনা কৰি আছিলো আমাৰ ধনৰ বাবে ছোৱালী এজনীৰ বিষয়টো।

 পাবনে ই ভাল ছোৱালী এজনী? ভাল মানে, মই ঘৰধৰা ছোৱালী এজনীৰ কথাহে কৈছিলো। চেম্পো কৰা চুলিৰ ঢৌ তুলি, লিপষ্টিক লৈ

॥ ৯০॥