পৃষ্ঠা:মুখামুখি.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বাৰু হ’ব। নামাতিলেই হ’ল সেইটো নামেৰে। মানুহজনী ৰোমান্টিক হলেই হ’ল। অৱশ্যে মোৰ লগতহে দেই। আনৰ লগত ৰোমাণ্টিক হলে নহ’ব। বিয়া পাতি অনাৰ পিছত কাইলৈ আনৰ লগত ৰোমাণ্টিকতা কৰিবলৈ গলে কোনেনো সহ্য কৰিব বাৰু! আৰু কৰবাত আগতে কিবা কিবি কৰি আহিলেও নহ'ব। মানে, একেবাৰে তুমি মোৰ মাথো মোৰ।

 আক’ বোলে অলপ ক’লীও।

 এইটো কথাহে বৰ ভাল নালাগিল। অৱশ্যে ভাল ভাৱ থাকিলে মানুহে আনক ক’লা বুলি নকয়। মিঠা বৰণৰ বুলিহে কয়। অৱশ্যে নিৰুমাই নবৌয়ে সকলোকে ক’লাই দেখে। কিজানি ইমান ক’লী নহয়েই।

 গঢ়টোতো অৱশ্যে ভাল বুলিয়েই কৈছে। গঢ়তো ভাল হ'লে ৰং টোনো কি কথা? মেক-আপতো কৰিবই।

 শৰৎদাই আক’ কয় এই গঢ়, এই ৰং এইবোৰ সব অদৰ্কাৰি কথা। আচল কথা হ’ল সহযোগিতা। হাচবেণ্ডৰ লগত প্ৰতিটো কথাতে সহযোগিতা কৰাজনীয়েই ভাল পত্নী। তোমাৰ লগত কথাইপতি ফেপেৰি পাতি ধৰা জনী বিশ্বসুন্দৰী হ'লেও তোমাৰ শান্তি নাই। দেখিছো নহয় কিমানে উপায় নাপাই মদতে ডুবি ডুবি মৰিছে। নহ'লে কৰিব কি? কাজিয়া কৰিবলৈ গ'লে নিজৰেই মান-সম্মান যায়।

 আচ্ছা, পদুমীয়েও আগলৈ মোৰ লগত কাজিয়া কৰিব নেকি বাৰু? মোৰতো চাকৰিটো হোৱাই নাই। পইচা-পাতিৰ অসুবিধা অলপতো থাকিবই। যদি.....।

 “শুলি নেকি? এ আহ, চাহ খাই ল হি। অথনিৰ পৰা মাতি আছো। শুনা নাই?”

 কি? মাতি আছিল মায়ে! শুনা নাছিলো মই।

 আৰে, কি হৈছে মোৰ! প্ৰেমত পৰিছো নেকি? এই বুঢ়াকালত।

 ধেৎ তেৰি। প্ৰেমত পৰিলেও এনেকুৱাই হয় নেকি? আগতেতো হোৱা নাছিল এনেকুৱা। কিয় বা হোৱা নাছিল? হয়তো যোগ পৰা নাছিল। মানে মানুহে দেখোন এনেকৈয়ে কয়। অৱশ্যে, মোৰ মুখত কথা শুনিলে লগৰবোৰে হাঁহিব। এনেকুৱা কথা শুনিলে মই মানে আগতে অন্ধবিশ্বাস বুলিয়েই কওঁ নহয়। এতিয়া সিহঁতে মোক নোজোকালেহে ৰক্ষা! অইনে নোজোকালেও

॥ ৯৪ ॥